১২ কোটিৰ লোকচানেৰে দিল্লীলৈ ঘূৰিল ঋষভ পন্ট, লক্ষ্ণৌলৈ যাব কুলদীপ যাদৱ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা উইকেটকীপাৰ-বেটাৰ ঋষভ পন্ট পুনৰ তেওঁৰ পুৰণি দল দিল্লী কেপিটেলছলৈ প্ৰত্যাৱৰ্তন কৰাটো নিশ্চিত হৈছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত এক অভূতপূৰ্ব খেলুৱৈ সালসলনি দেখিবলৈ পোৱা গৈছে । লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা উইকেটকীপাৰ-বেটাৰ ঋষভ পণ্ট পুনৰ তেওঁৰ পুৰণি দল দিল্লী কেপিটেলছলৈ প্ৰত্যাৱৰ্তন কৰাটো নিশ্চিত হৈছে । আনহাতে, দিল্লীৰ অন্যতম সফল স্পীনাৰ কুলদীপ যাদৱে অহা ছিজনৰ পৰা লক্ষ্ণৌৰ হৈ খেলিব । আইপিএল কৰ্তৃপক্ষই এক আনুষ্ঠানিক বিবৃতি যোগে এই ‘ব্লকবাষ্টাৰ ট্ৰেড’ৰ কথা ঘোষণা কৰিছে ।

১২ কোটি টকাৰ দৰমহা হ্ৰাস পণ্টৰ, একেই থাকিব কুলদীপৰ মাচুল

এই ট্ৰেডৰ পিছত ঋষভ পন্টৰ আইপিএল দৰমহা উল্লেখনীয়ভাৱে হ্ৰাস পাব । ২০১৫ চনৰ মেগা নিলামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে পণ্টক আইপিএল ইতিহাসৰ সৰ্বোচ্চ ২৭ কোটি টকাৰ অভিলেখ মূল্যত ক্ৰয় কৰিছিল । কিন্তু এই ট্ৰেডৰ পিছত তেওঁ ১৫ কোটি টকাৰ এক সংশোধিত চুক্তিতহে দিল্লী কেপিটেলছত যোগ দিব । অৰ্থাৎ, পুৰণি দললৈ ঘূৰি আহিবলৈ পণ্টে ১২ কোটি টকাৰ এক বৃহৎ আৰ্থিক লোকচান ভৰিবলগীয়া হৈছে ।

ইফালে, বাওঁহতীয়া ৰিষ্ট-স্পীনাৰ কুলদীপ যাদৱে তেওঁৰ বৰ্তমানৰ ১৩.৫০ কোটি টকাৰ মাচুলতে লক্ষ্ণৌস্থিত ফ্ৰেঞ্চাইজীটোত অন্তৰ্ভুক্ত হ’ব ।

আপোন ঘৰলৈ প্ৰত্যাৱৰ্তন পণ্টৰ

আইপিএলে জাৰি কৰা বিবৃতিত ঋষভ পন্টৰ দিল্লী দলৰ সৈতে থকা পুৰণি আৰু গভীৰ সম্পৰ্কৰ কথা সোঁৱৰাই দিয়া হৈছে । ২০১৬ চনৰ পৰা ২০২৪ চনৰ ভিতৰত পণ্টে দিল্লী কেপিটেলছৰ হৈ একেৰাহে ৯টা ছিজন খেলিছিল । তেওঁ ফ্ৰেঞ্চাইজীটোৰ হৈ সৰ্বাধিক ১১ খন মেচত অংশগ্ৰহণ কৰা খেলুৱৈ । কেৱল এয়াই নহয়, ২০২১ চনৰ পৰা ২০২৪ চনলৈকে চাৰিটা ছিজনৰ মুঠ ৪৩ খন মেচত তেওঁ দিল্লী দলক অধিনায়ক হিচাপে নেতৃত্বও দিছিল । প্ৰায় এটা দশক ধৰি দিল্লী ক্ৰিকেটৰ আটাইতকە পৰিচিত মুখ আছিল পণ্ট ।

দিল্লীৰ হৈ সফল আছিল কুলদীপ যাদৱ

অন্যহাতে, লক্ষ্ণৌত যোগ দিয়া স্পীনাৰ কুলদীপ যাদৱৰ বাবে দিল্লী কেপিটেলছৰ সৈতে কটোৱা সময়ছোৱা অতি সফল আছিল । ২০২২ চনত দিল্লী দললৈ অহাৰ পিছৰে পৰা কুলদীপে ৬৫ খন মেচত ৭২ টা উইকেট দখল কৰি টুৰ্নামেণ্টখনৰ অন্যতম মাৰাত্মক উইকেট চিকাৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে । ভাৰতীয় দলৰ এই প্ৰধান হোৱাইট-বল বলাৰগৰাকীৰ আগমনৰ ফলত লক্ষ্ণৌৰ স্পীন বিভাগ অধিক শক্তিশালী হৈ পৰিব বুলি আশা কৰা হৈছে ।

ঋষভ পণ্ট : ২৭ কোটি (LSG মূল্য)- ১৫ কোটি (DC সংশোধিত মূল্য)। দিল্লীৰ হৈ সৰ্বাধিক ১১১ খন মেচ খেলাৰ ৰেকৰ্ড ।

কুলদীপ যাদৱ : ১৩.৫০ কোটি (একে থাকিব)- নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ।  দিল্লীৰ হৈ ৬৫ মেচত ৭২ টা উইকেট ।

উল্লেখ্য যে, শেহতীয়া আইপিএল ছিজনৰ সমাপ্তিৰ পিছৰে পৰা এই দুই খেলুৱৈৰ সালসলনিক লৈ বিভিন্ন চৰ্চা চলি আছিল । আচলতে, ২০২৫ চনৰ মেগা নিলামত ২৭ কোটি টকাৰ বিশাল মূল্য লাভ কৰা পণ্টে যোৱা দুটা ছিজনত লক্ষ্ণৌৰ হৈ নিজৰ শ্ৰেষ্ঠ ফৰ্ম প্ৰদৰ্শন কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল ।

লগতে পঢ়ক : ৰোহিত-বিৰাটৰ সন্মুখত অগ্নিপৰীক্ষা! ইংলেণ্ড ভ্ৰমণেই নিৰ্ধাৰণ কৰিব ২০২৭ বিশ্বকাপৰ ভৱিষ্যত ?

আই পি এল ২০২৬ত লক্ষ্ণৌৰ দুৰ্বল প্ৰদৰ্শন; ঋষভ পণ্টে এৰিলে অধিনায়কৰ পদ

২০২৬ চনৰ আই পি এল ছিজনৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক পদ এৰিলে ঋষভ পণ্টে। শুকুৰবাৰে ফ্ৰেঞ্চাইজিটোৱে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই খবৰ শ্বেয়াৰ কৰিছে।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ঋষভ পণ্টে ফ্ৰেঞ্চাইজিৰ অধিনায়ক পদৰ এৰিবলৈ অনুৰোধ জনাইছে। ফ্ৰেঞ্চাইজিয়ে তেওঁলোকৰ এই অনুৰোধ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰি গ্ৰহণ কৰিছে।অধিনায়কৰ পদৰ পৰা সকাহ দিবলৈ পণ্টে নিজেই ফ্ৰেঞ্চাইজিক অনুৰোধ কৰিছিল। এল এছ জিৰ পৰিচালনা সমিতিয়ে অধিনায়ক হিচাপে ঋষভ পণ্টৰ অৱদানৰ শলাগ লৈছে, তেওঁৰ নেতৃত্ব আৰু দলৰ প্ৰতি নিষ্ঠাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ক্ৰিকেটৰ সঞ্চালক টম মুডীয়ে কয়, এই বিষয়টো সন্দৰ্ভত ঋষভে ফ্ৰেঞ্চাইজিৰ সৈতে যোগাযোগ কৰিছিল, আৰু আমি তেওঁৰ অনুৰোধ সন্মানেৰে গ্ৰহণ কৰিছো। এনে সিদ্ধান্ত লোৱা কেতিয়াও সহজ নহয়। অধিনায়ক হিচাপে এই ড্ৰেছিং ৰুমত ঋষভে যি অৰিহণা যোগাইছিল, তাৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ। আমাৰ গুৰুত্ব এতিয়া দলটোৰ সামূহিক পুন নিৰ্মাণ আৰু উচ্চতম মানদণ্ডত উপনীত হ’বলৈ পুনৰ্গঠনৰ ওপৰত হ’ব।

টিম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনক লৈ দুখ প্ৰকাশ ঋষভ পণ্টৰ; সামাজিক মাধ্যমত আৱেগিক পোষ্ট

টিম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনক লৈ দুখ প্ৰকাশ ঋষভ পণ্টৰ

ঘৰুৱা ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা দুখন মেচৰ টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে ক্লীন ছুইপৰ সন্মুখীন হৈছিল।

এই শৃংখলাত ভাৰতীয় বেটছমেনসকলে অতি বেয়া প্ৰদৰ্শন আগবঢ়াইছিল, য’ত ভাৰতীয় দলটোৱে ৪০৮ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ঘৰতে ভাৰতীয় দলৰ এই লজ্জাজনক প্ৰদৰ্শনৰ পিছত অনুৰাগীসকলক অতি হতাশ হোৱা দেখা গৈছে যদিও টীম ইণ্ডিয়াৰ বহু খেলুৱৈয়ে দুৰ্বল প্ৰদৰ্শনৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে।

এতিয়া অব্যাহত থকা সমালোচনাৰ মাজতে গুৱাহাটী টেষ্টত শুভমান গিলৰ অনুপস্থিতিত টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰা উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট কৰিছে,য’ত কঠোৰ পৰিশ্ৰম কৰি তেওঁ সকলোকে পুনৰ ঘূৰি অহাৰ আশ্বাস দিছে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২খন মেচৰ টেষ্ট ছিৰিজত ক্লিন ছুইপৰ সন্মুখীন হোৱাৰ পিছত ঋষভ পণ্টে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি লিখিছিল যে,’এই টেষ্ট শৃংখলাত আমি যে একেবাৰে ভাল খেলিব পৰা নাছিলো সেই কথা স্বীকাৰ কৰিবলৈ কোনো লাজ নাই’।

‘দল হিচাপে আৰু খেলুৱৈ হিচাপে আমি সকলোৱে এই পৰ্যায়ত ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰো যাতে সকলো অনুৰাগীয়ে সুখী হ’ব পাৰে’।

‘আমি আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো যে আপোনালোকৰ আশা সম্পূর্ণৰূপে পূৰণ কৰিব নোৱাৰিলো,কিন্তু খেলে আমাক শিকাইছে যে আপুনি অহৰহ শিকি শিকি আগবাঢ়ি যাব লাগে’।

‘ভাৰতীয় দলৰ হৈ খেলাটো আমাৰ সকলোৰে বাবে সদায় এক বৃহৎ সন্মানৰ বিষয়।এই দলটোৰ সম্ভাৱনা আমি সকলোৱে জানো আৰু আমি পুনৰ কঠোৰ পৰিশ্ৰম কৰিম আৰু শক্তিশালী হৈ ঘূৰি আহিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম।অবিৰত সহযোগিতা আৰু মৰমৰ বাবে সকলোকে ধন্যবাদ জয় হিন্দ’।

লগতে পঢ়ক: ICCৰ এদিনীয়া বেটাৰৰ ৰেংকিঙৰ শীৰ্ষত পুনৰ ‘হিটমেন’ ৰোহিত শৰ্মা

টেষ্ট শৃংখলাৰ বাবে সাজু ঋষভ পন্ট; আত্মবিশ্বাসী ৰাহুল-জয়ছোৱাল আৰু জুৰেল

টেষ্ট শৃংখলাৰ বাবে সাজু ঋষভ পন্ট

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে মঙলবাৰে ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াই জোৰদাৰ অনুশীলন কৰে । সম্পূৰ্ণ ফৰ্মত দেখা গ’ল উইকেটকীপাৰ-বেটছমেন ঋষভ পন্টক । দীৰ্ঘদিনৰ বিৰতিৰ অন্তত টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিবলৈ সাজু হোৱা পণ্টে নিজৰ সাধাৰণ নিৰ্ভীক শ্বটবোৰ নেটত খেলা দেখা যায় ।

জুলাই মাহত মানচেষ্টাৰ টেষ্টৰ সময়ত ইংলেণ্ডৰ ক্ৰীছ ৱ’কেছৰ বলত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে পণ্ট খেলপথাৰৰ বাহিৰত আছিল । বাংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এ বনাম দক্ষিণ আফ্ৰিকা এ অনানুষ্ঠানিক টেষ্ট শৃংখলাৰ সময়ত তেওঁ পুনৰ প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি আহে । প্ৰথমখন অনানুষ্ঠানিক টেষ্টত তেওঁ ৯০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয়খন টেষ্টত ১৭ ৰানত আঘাতপ্ৰাপ্ত হৈ ক্ৰীজ এৰাৰ পাছত পুনৰ উভতি ৬৫ ৰানৰ ইনিংছ খেলে । এই প্ৰদৰ্শনে তেওঁৰ ফৰ্ম আৰু ফিটনেছ দুয়োটাৰে শক্তিশালী ইংগিত দিয়ে ।

নেট অনুশীলনৰ সময়ত পণ্টে আত্মবিশ্বাসেৰে ফাষ্ট আৰু স্পীন দুয়োটাৰে মুখামুখি হয় । প্ৰায় এঘণ্টা ধৰি বেটিং কৰিছিল তেওঁ আৰু  ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজাৰ দৰে স্পীনাৰৰ বিৰুদ্ধে সুন্দৰ ষ্ট্ৰ’ক খেলিছিল । তেওঁ শ্লীপৰ ওপৰত ৰিভাৰ্ছ ৰেম্প, ফাইন লেগৰ ওপৰত স্কুপ, স্পীনাৰৰ বিৰুদ্ধে ইনছাইড-আউট ড্ৰাইভ আৰু ছুইপ শ্বট খেলিছিল । তেওঁৰ ফুটৱৰ্ক আৰু টাইমিং দুয়োটা অতি উত্তম দেখা গৈছিল ।

বেটিং কৰাৰ পূৰ্বে পণ্টে প্ৰায় ১৫ মিনিট উইকেটকিপিঙৰো অনুশীলন কৰিছিল । দলটোৰ এই পূৰ্ণাংগ অনুশীলনত যশস্বী জয়ছোৱাল, কে এল ৰাহুল আৰু ধ্ৰুৱ জুৰেলেও দীঘলীয়া নেট অধিবেশন কৰিছিল । জয়ছোৱাল আৰু ৰাহুলে পাল পাতি ফাষ্ট আৰু স্পীন বলাৰৰ সন্মুখীন হোৱাৰ বিপৰীতে জুৰেলে বিশেষজ্ঞ বেটছমেন হিচাপে নেটত নিজৰ কৌশলৰ কাম কৰিছিল । ঋষভ পন্টৰ ছন্দ আৰু আত্মবিশ্বাসৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত টিম ইণ্ডিয়াৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ তেওঁ সম্পূৰ্ণ সাজু ।

লগতে পঢ়ক : ভাৰতীয় দলৰ অংশ হ’বলৈ কৰিব লাগিব এই কাম! ৰোহিত-বিৰাটক বিচিচিআইৰ নিৰ্দেশ

ঋষভ পণ্টৰ বিৰুদ্ধে আই চি চিয়ে ল’লে এই ব্যৱস্থা; লীডছত আম্পায়াৰক কৰিছিল বেয়া ব্যৱহাৰ !

ঋষভ পণ্টৰ বিৰুদ্ধে আই চি চিয়ে ল’লে এই ব্যৱস্থা

ইংলেণ্ডৰ বিৰুদ্ধে লীডছত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টৰ তৃতীয়টো দিনত আম্পায়াৰৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰা ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্টক আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে সমালোচনা কৰিছে । লীডছ টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰি ঋষভ পণ্টে শিৰোনাম দখল কৰিছিল যদিও ইংলেণ্ডৰ প্ৰথম ইনিংছত খেলপথাৰত কৰা আচৰণৰ বাবে তেওঁক ধমক দিয়া হৈছে ।

২৭ বছৰীয়া পণ্টক আই চি চিৰ আচৰণ বিধিৰ লেভেল ১ উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হয় । আই চি চিয়ে নিজৰ বিবৃতিত কয় যে, ‘ঋষভ পণ্টক খেলুৱৈ আৰু তেওঁলোকৰ সহায়ক কৰ্মচাৰীৰ সৈতে জড়িত আই চি চিৰ আচৰণ বিধিৰ ২.৮ ধাৰা উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে, যিটো আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত আম্পায়াৰৰ সিদ্ধান্তৰ সৈতে মতানৈক্য প্ৰকাশ কৰাৰ সৈতে জড়িত ।’ ইয়াৰ উপৰিও পণ্টৰ অনুশাসনমূলক ৰেকৰ্ডত এটা ডিমেৰিট পইণ্টো সংযোজন কৰা হৈছে, যিটো যোৱা ২৪ মাহত তেওঁৰ প্ৰথম উলংঘা আছিল ।

ইংলেণ্ডৰ ইনিংছৰ ৬১ নং অভাৰত হেৰী ব্ৰুক আৰু বেন ষ্ট’কে বেটিং কৰি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা । ইয়াৰ পিছতে পণ্টে বলৰ অৱস্থাক লৈ আম্পায়াৰৰ সৈতে তৰ্ক কৰা দেখা গৈছিল ।

বল জোখা যন্ত্ৰৰ সহায়ত বলটো পৰীক্ষা কৰি আম্পায়াৰসকলে বল সলনি কৰিবলৈ অস্বীকাৰ কৰাত উইকেটকীপাৰজনে বলটো মাটিত পেলাই দি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে ।

যিহেতু পণ্টে নিজৰ দোষ স্বীকাৰ কৰিছিল আৰু আই চি চিৰ মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনে প্ৰস্তাৱ কৰা অনুমোদন গ্ৰহণ কৰিছিল, সেয়েহে কোনো অনুশাসনমূলক শুনানি হোৱা নাছিল ।

এই অভিযোগ উত্থাপন কৰে অন-ফিল্ড আম্পায়াৰ ক্ৰীছ গাফানী আৰু পল ৰেইফেলৰ লগতে তৃতীয় আম্পায়াৰ শ্বাৰাফুদ্দুল্লাহ ইবনে শ্বাহিদ আৰু চতুৰ্থ আম্পায়াৰ মাইক বাৰ্নছে ।

আই চি চিৰ আচৰণ বিধি লেভেল ১ ভংগ কৰিলে নূন্যতম শাস্তি হ’ল আনুষ্ঠানিক সমালোচনা, আনহাতে সৰ্বোচ্চ শাস্তি হ’ল খেলুৱৈৰ মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা আৰু এটা বা দুটা ডিমেৰিট পইণ্ট ।

লগতে পঢ়ক : দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ; টেষ্ট কেৰিয়াৰৰ নৱমটো শতক অৰ্জন কে এল ৰাহুলৰ

প্ৰথম ইনিংছত ৪৭১ ৰানত অল আউট ভাৰতীয় দল; যশস্বী, গীল আৰু ঋষভৰ দৰ্শনীয় শতক

প্ৰথম ইনিংছত ৪৭১ ৰানত অল আউট ভাৰতীয় দল

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা ৩৫৯/৩ ৰ পৰা খেলি ভাৰতীয় দলে ৪৭১ ৰান সংগ্ৰহ কৰি অল আউট হয় । ভাৰতৰ হৈ প্ৰথম দিনাই শতক অৰ্জন কৰে যশস্বী জয়ছোৱাল (১০১) আৰু শুভমন গীলে (১৪৭) । দ্বিতীয় দিনা ঋষভ পন্টে (১৩৪) এই শতকৰ ক্লাবত যোগদান কৰে । দ্বিতীয় দিনা ভাৰতৰ ইনিংছ শেষ হোৱাৰ পাছত বৰষুণৰ বাবে মেচখন বাধাগ্ৰস্ত হয় । ইয়াৰ বাবে কিছু সময়ৰ বাবে খেল বন্ধ কৰিব লগা হয় । উল্লেখ্য যে, ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এই ৫খনীয়া মেচৰ শৃংখলা জয় কৰা দলটোক এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী দিয়া হ’ব । প্ৰথম দিনাই ভাৰতীয় দলে ষ্টাম্পলৈকে তিনি উইকেটত ৩৫৯ ৰান সংগ্ৰহ কৰিছিল । বৰ্তমান ইংলেণ্ড ক্ৰীজত নামিছে ।

৪৭১ ৰানত অল আউট ভাৰতীয় দল-

প্ৰথম দিনাৰ খেল ৩৫৯/৩ স্ক’ৰত শেষ হয় । যশস্বী জয়ছোৱালে প্ৰথম দিনাই ১৫৯ বলত ১০১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দিনটোৰ খেলৰ শেষলৈকে শুভমন গীলে ১৬ চাৰি আৰু এটা ছয়ৰ সহায়ত ১৭৫ টা বলত ১২৭ ৰান সংগ্ৰহ কৰি ক্ৰীজত উপস্থিত থাকে আৰু সহ-অধিনায়ক ঋষভ পণ্টে ছটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ১০২ টা বলত ৬৫ ৰান সংগ্ৰহ কৰি ক্ৰীজত থাকে । শনিবাৰে ১১২ ৰান সংযোজন কৰি বাকী ৭টা উইকেট হেৰুৱাই ভাৰতীয় দলে । ইয়াৰ লগে লগে দলটোৱে ৪৭১ ৰানত অল আউট হয় ।

ইংলেণ্ডৰ হৈ জোছ টংগ আৰু বেন ষ্ট’কে চাৰিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ব্ৰাইডন কাৰ্ছ আৰু শ্বোৱেইব বছিৰে এটাকৈ উইকেট লাভ কৰে ।

এই অবাঞ্চিত ক্লাবত যোগদান ভাৰতীয় দলৰ-

ইয়াৰ লগে লগে ভাৰতীয় দলে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ অবাঞ্চিত ক্লাবত যোগদান কৰে । প্ৰকৃততে এই তিনিটা দলে তিনিশ ৰান কৰাৰ পিছতো ৫০০ ৰানৰ ঘৰ স্পৰ্শ কৰিব পৰা নাছিল । ভাৰতীয় দল এতিয়া এই ক্লাবত যোগদান কৰে । উল্লেখ্য যে, ভাৰতীয় দলৰ তিনিজন বেটছমেনে শতক অৰ্জন কৰিছিল যদিও দলটোৱে ৫০০ ৰান স্পৰ্শ কৰাত ব্যৰ্থ হয় ।

সুদৰ্শন-নায়াৰৰ ব্যৰ্থতা-

ভাৰতৰ হৈ ৰাহুল আৰু যশস্বীয়ে ভাল আৰম্ভণি কৰি প্ৰথম উইকেটত ৯১ ৰান সংযোজন কৰে । টেষ্টত অভিষেক ঘটোৱা ছাই সুদৰ্শন, আঠ বছৰৰ মূৰত টেষ্টত প্ৰত্যাৱৰ্তন কৰা কৰুণ নায়ায়ৰ আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহে প্ৰথম ইনিংছত একাউণ্টো খোলাত ব্যৰ্থ হয় । এই তিনিওজন বেটছমেন কোনো ৰান সংগ্ৰহ নকৰাকৈ পেভিলিয়নমুখী হয় । একে সময়তে জাডেজাই ১১ ৰান আৰু প্ৰসিদ্ধ কৃষ্ণই এক ৰান সংগ্ৰহ কৰে । দ্বিতীয় অধিবেশনৰ আৰম্ভণিতে ভাৰতীয় দলে বাকী থকা উইকেট হেৰুৱাই । ভাৰতৰ বাবে হতাশাজনক কথাটো হ’ল তিনিজন বেটছমেনে শতক অর্জন কৰাৰ পাছতো দলটোৱে ৫০০ ৰানৰ সীমা স্পর্শ কৰাত ব্যৰ্থ হয় ৷

অভিষেক অধিনায়কত্বত শতক অৰ্জন কৰা চতুৰ্থজন খেলুৱৈ শুভমন গীল

অধিনায়ক হিচাপে প্ৰথমখন মেচ খেলি প্ৰথম ইনিংছত শতক অৰ্জন কৰা দেশৰ চতুৰ্থ অধিনায়ক হিচাপে পৰিগণিত হৈছে শুভমন গীল । তেওঁৰ পূৰ্বে এই কৃতিত্ব লিপিবদ্ধ হৈছিল প্ৰাক্তন ক্ৰিকেটাৰ বিজয় হাজাৰে, সুনীল গাভাস্কাৰ আৰু বিৰাট কোহলীৰ নামত । এতিয়া শতক অৰ্জন কৰি গীলেও এই বিশেষ তালিকাত যোগদান কৰিছে ।

যশস্বী জয়ছোৱালৰ ডাঙৰ কৃতিত্ব-

হেডিংলিৰ লীডছত ইনিংছ মুকলি কৰি শতক অৰ্জন কৰা দেশৰ প্ৰথমজন অ’পেনাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী জয়ছোৱাল । প্ৰথমখন টেষ্ট মেচৰ প্ৰথম ইনিংছত ভাৰতৰ হৈ ইনিংছ মুকলি কৰাৰ সময়তে মুঠ ১৫৯টা বলৰ মুখামুখি হয় তেওঁ । এই সময়ছোৱাত ৬৩.৫২ ষ্ট্ৰাইক ৰেটত ১০১ ৰান কৰিবলৈ সক্ষম হয় তেওঁ । তেওঁৰ বেটৰ পৰা ১৬টা চাৰি আৰু এটা ছয় আহে ।

লগতে পঢ়ক : লীডছত ঋষভ পন্টৰ দৰ্শনীয় শতক; ভংগ কৰিলে এই অভিলেখ

লক্ষ্ণৌত ঋষভ পণ্টৰ ধুমুহা… বেংগালুৰুৰ বিৰুদ্ধে ৫৪ টা বলত অৰ্জন কৰিলে শতক

ঋষভ পণ্টৰ বিস্ফোৰক শতক

আই পি এল কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰিছে ঋষভ পণ্টে । ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত তেওঁ ৫৪টা বলত শতক সম্পূৰ্ণ কৰে । ইয়াৰ জৰিয়তে আই পি এলত এল এছ জিৰ হৈ আটাইতকৈ দ্ৰুততম শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে ঋষভ পণ্ট । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত পণ্টৰ এয়া দ্বিতীয়টো শতক, যাৰ বাবে তেওঁ ২৫৭৪ দিন অপেক্ষা কৰিবলগীয়া হৈছিল । পণ্টে শতক সম্পূৰ্ণ হোৱালৈ নিজৰ ইনিংছত ১০টা চাৰি আৰু ৬টা বিশাল ছয় কোবাই ।

আৰ চি বিৰ বিৰুদ্ধে মেচখনৰ পূৰ্বে চলিত আই পি এলত ঋষভ পন্টৰ ১২ টা ইনিংছত মাত্ৰ ১৫১ ৰানহে আহিছে । বেংগালুৰুৰ বিৰুদ্ধে মেচখনত তৃতীয় স্থানত বেটিং কৰিবলৈ আহিছিল পণ্ট । তেওঁ মিচেল মাৰ্ছৰ সৈতে ১৫২ ৰানৰ এক উজ্জ্বল অংশীদাৰিত্ব গঢ়ি তুলিছিল । ইয়াৰ পিছত তেওঁ নিকোলাছ পুৰাণৰ সৈতে ৪৯ ৰান সংযোজন কৰে । ৬১টা বলত ১১৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে পণ্ট, এই ইনিংছত তেওঁ ১১টা চাৰি আৰু ৮টা ছয় কোবাই ।

২৫৭৪ দিনৰ পিছত শতক-

২০১৮ চনৰ ১০ মে’ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আই পি এলত ঋষভ পণ্টে প্ৰতিযোগিতাখনৰ প্ৰথমটো শতক অৰ্জন কৰিছিল । কিন্তু ইয়াৰ পিছত ২৫৭৪ দিন পাৰ হৈ গ’ল আৰু অৱশেষত প্ৰায় ৭ বছৰ অপেক্ষা কৰাৰ অন্তত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত দ্বিতীয়টো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে পন্ট । এই শতকটো অতি বিশেষ কাৰণ আৰ চি বিৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে ২০২৫ চনৰ আই পি এলত পণ্টৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৬৩ ৰান আৰু এতিয়ালৈকে তেওঁ ছিজনটোত মাত্ৰ এটাহে অৰ্ধ শতক কৰিছে ।

এল এছ জিৰ বাবে আটাইতকৈ দ্ৰুততম শতক-

এতিয়ালৈকে এল এছ জিৰ হৈ দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ আছিল কে এল ৰাহুলৰ নামত, যিয়ে ২০২৩ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলখনত ৫৬টা বলত শতক সম্পূৰ্ণ কৰিছিল । এতিয়া ঋষভ পণ্টে ৫৪টা বলত শতক অৰ্জন কৰি নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

ঋষভ পন্ত- ৫৪ বল

কে এল ৰাহুল- ৫৬ বল

মাৰ্কাছ ষ্টয়নিছ- ৫৬ বল

মিচেল মাৰ্ছ- ৫৬ বল

কুইণ্টন ডি কক- ৫৯ বল

ইতিমধ্যে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে ঋষভ পন্টৰ অধিনায়কত্বত থকা লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । উল্লেখ্য যে, যে এল এছ জিয়ে ২৭ কোটি টকাত পণ্টক নিলামত ক্ৰয় কৰিছিল যদিও চলিত ছিজনত তেওঁৰ প্ৰদৰ্শনে অনুৰাগীক হতাশ কৰি তোলাৰ লগতে বেটছমেনজনক চোকা সমালোচনা কৰিছিল । অৱশ্যে চলিত ছিজনৰ দলৰ অন্তিমখন মেচত তেওঁ অপৰাজিত শতক অৰ্জন কৰি ফৰ্মলৈ ঘূৰি অহাৰ ইংগিত দিয়াৰ লগতে সমালোচনাৰো উত্তৰ দিয়ে । ইফালে জুনত ইংলেণ্ড ভ্ৰমণ কৰিবলগা ভাৰতীয় টেষ্ট দললৈ নিৰ্বাচিত হৈছে ঋষভ পন্ট । দলৰ সহ-অধিনায়কৰ দায়িত্ব হৈছে তেওঁক । এই টেষ্ট শৃংখলাৰ পূৰ্বে বিস্ফোৰক বেটছমেনগৰাকী ফৰ্মলৈ ঘূৰি অহাটো ভাৰতীয় দলৰ বাবে আশা ব্যঞ্জক খবৰ ।

লগতে পঢ়ক : ‘অপাৰেচন সিন্দুৰ’ৰ নামত আই পি এলৰ সামৰণি অনুষ্ঠান… বি চি চি আইৰ উদ্যোগত ভাৰতীয় সেনাৰ বাবে বিশেষ অনুষ্ঠান

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক হ’ব ঋষভ পন্ট, সঞ্জীৱ গোৱেংকাই কৰিলে ঘোষণা

২১ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ তথা আই পি এল ২০২৫ । আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পূর্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে (এল এছ জি) এটা ডাঙৰ সিদ্ধান্ত লৈছে ৷ লক্ষ্ণৌৰ দলটোৱে ঋষভ পন্টক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা এক বাৰ্তালাপত এই কথা নিশ্চিত কৰিছে ।

পন্টৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিলে গোৱেংকাই-

ঋষভ পন্টক অধিনায়ক হিচাপে নিযুক্তি দিয়াটো নিশ্চিত কৰি সঞ্জীৱ গোৱেংকাই কয়, ‘যিবোৰ কৌশল তৈয়াৰ কৰা হৈছিল, সেইবোৰ সকলো ঋষভৰ কাষত আছে । এই সকলোবোৰ তেওঁক মনত ৰাখিয়েই কৰা হৈছিল ।‘

সঞ্জীৱ গোৱেংকাক যেতিয়া সোধা হৈছিল যে কেৱল ঋষভ পন্ট কিয়, গোৱেংকাই কৈছিল- মই ভাবো সময়ে প্ৰমাণ কৰিব । কেৱল আই পি এলৰ আটাইতকৈ দামী খেলুৱৈয়েই নহয় আই পি এলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ । মানুহে ধোনী আৰু ৰোহিতক আই পি এলৰ সফল অধিনায়কৰ তালিকাত ৰাখে । মোৰ কথা মনত ৰাখক,  ১০-১২ বছৰৰ পাছত ধোনী আৰু ৰোহিতৰ লগতে এই তালিকাত ঋষভ পন্টো থাকিব ।

অধিনায়ক হোৱাৰ পিছত পণ্টে এই কথা কয়-

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক হোৱাৰ পাছত ঋষভ পণ্টে কয়, ‘মোৰ বিষয়ে তেওঁ যি ক’লে, সেই কথাই মোক আপ্লুত কৰিছে ।‘ ঋষভ পন্টৰ মতে লক্ষ্ণৌ দললৈ নিৰ্বাচিত হোৱাৰ পিছত গোৱেংকাৰ সৈতে হোৱা সকলো কথা-বতৰাৰ পৰা তেওঁ অনুভৱ কৰিছিল যে ফ্ৰেঞ্চাইজিত তেওঁক মুকলি মনেৰে আদৰণি জনোৱা হৈছে ।

আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ ঋষভ পন্ট । আই পি এল ২০২৫ৰ নিলামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)য়ে ২৭ কোটি টকাত ক্ৰয় কৰিছিল পণ্টক । পণ্ট যোৱা ছিজনত দিল্লী কেপিটেলছৰ অধিনায়ক আছিল । দিল্লীৰ দলে তেওঁক ৰিটেইন কৰা নাছিল । এনে পৰিস্থিতিত ২০১৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে নিলামত প্ৰৱেশ কৰে পণ্ট । যদিও দিল্লীৰ দলে পন্টৰ বাবে আৰ টি এম কাৰ্ডৰ নিয়ম ব্যৱহাৰ কৰিছিল, কিন্তু শেষত লক্ষ্ণৌৰ দলে ডাঙৰ বিড দি পণ্টক ক্ৰয় কৰে ।

উল্লেখ্য যে ঋষভ পণ্টে দিল্লী কেপিটেলছৰ অধিনায়কত্ব কৰিছিল ৪৩খন মেচত, য’ত দলটোৱে ২৩খন খেলত জয়লাভ কৰিছিল । আনহাতে দিল্লী দলে ১৯খনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এখন মেচ টাই আছিল ।

ৰোহিতৰ পিছত কোনে ল’ব টিম ইণ্ডিয়াৰ নেতৃত্ব ? এই ৩ জনেই পৰৱৰ্তী অধিনায়ক হোৱাৰ প্ৰতিদ্বন্দ্বী…

বৰ্তমানৰ এদিনীয়া আৰু টিম ইণ্ডিয়াৰ টেষ্ট অধিনায়ক ৰোহিত শৰ্মাৰ অধিনায়কত্ব এতিয়া আগৰ দৰে সজীৱ হৈ থকা নাই । বেটছমেন হিচাপেও ৰোহিত শৰ্মাই অতি দুৰ্বল প্ৰদৰ্শন আগবঢ়াইছে । যদিহে ভাৰতে আই চি চি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰে তেন্তে ৰোহিত শৰ্মাৰ টেষ্ট অধিনায়কত্ব বিপদত পৰিব পাৰে । আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ প্ৰতিযোগিতা এতিয়া বহু দূৰত নহয় । ২০২৫ চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ প্ৰতিযোগিতা ।

ৰোহিতৰ পিছত কোনে ল’ব টিম ইণ্ডিয়াৰ কমাণ্ড ?

৫০ অভাৰৰ বিশ্বকাপৰ পিছত পৰৱৰ্তী সৰ্বোচ্চ ট্ৰফী হৈছে আই চি চি চেম্পিয়নছ ট্ৰফী । এক প্ৰকাৰে ইয়াক মিনি বিশ্বকাপ বুলিও কোৱা হয় । আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পাছতো ৰোহিত শৰ্মাৰ বাবে এদিনীয়া আৰু টেষ্টৰ অধিনায়ক হৈ থকাটো অতি কঠিন হ’ব বুলি ধাৰণা কৰা হৈছে । দীৰ্ঘদিন ধৰি টিম ইণ্ডিয়াৰ অধিনায়ক হোৱাটো সম্ভৱ নহ’ব ৩৭ বছৰীয়া ৰোহিত শৰ্মাৰ বাবে । গতিকে এনে পৰিস্থিতিত তিনিগৰাকী খেলুৱৈয়ে এদিনীয়া আৰু টেষ্ট ফৰ্মেটত ৰোহিত শৰ্মাৰ ঠাইত অধিনায়ক হিচাপে দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে ।

ঋষভ পন্ট-

ভাৰতৰ পৰৱৰ্তী এদিনীয়া আৰু টেষ্ট অধিনায়ক হোৱাৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী ঋষভ পণ্ট । উইকেটকীপাৰ বেটছমেন হিচাপে ঋষভ পন্টৰ এক আশ্চৰ্যকৰ আৰু উৎকৃষ্ট অভিলেখ আছে । খেলপথাৰৰ যিকোনো খেলুৱৈতকৈ উইকেটকীপাৰে খেলখন বেছি বুজি পায়, গতিকে ঋষভ পণ্টে এদিনীয়া আৰু টেষ্টৰ অধিনায়কত্বত সফল বুলি প্ৰমাণ কৰিব পাৰে । অধিনায়ক হোৱাৰ সকলো গুণ আছে ঋষভ পন্টৰ । শিকাৰ ক্ষেত্ৰত ঋষভ পন্ট বৰ স্মাৰ্ট । ঋষভ পন্টৰ অধিনায়কত্বৰ স্ফুলিংগ, যিটো ভৱিষ্যতে জ্বলন্ত জুইলৈ পৰিণত হ’ব পাৰে । ঋষভ পন্টৰো এম এছ ধোনীৰ দৰে শক্তি আছে যেন বোধ হয় ।

শুভমন গীল-

ষ্টাইলিছ বেটছমেন শুভমন গীল ভাৰতৰ পৰৱৰ্তী এদিনীয়া আৰু টেষ্টৰ অধিনায়ক হোৱাৰ অন্যতম শক্তিশালী প্ৰতিদ্বন্দ্বী । ২৫ বছৰীয়া শুভমন গীল নিৰ্ভীক বেটিং শৈলীৰ বাবে পৰিচিত । বিৰাট কোহলীৰ বেটিঙৰ আভাস শুভমন গীলৰ ক্ষেত্ৰত দেখা যায় । শুভমন গীল কেনেধৰণৰ বেটছমেন সেই কথা বিবেচনা কৰিলে তেওঁ অহা ১০ৰ পৰা ১৫ বছৰলৈ ভাৰতৰ হৈ ক্ৰিকেট খেলিব পাৰিব । শুভমন গীলৰ ভৱিষ্যত অতি উজ্জ্বল, গতিকে তেওঁ টিম ইণ্ডিয়াৰ হৈ দীৰ্ঘদিন খেলিব পাৰে আৰু অধিনায়কৰ ভূমিকাও পালন কৰিব পাৰে । ইতিমধ্যে শুভমন গীলক এদিনীয়া আৰু টি-২০ ফৰ্মেটত টিম ইণ্ডিয়াৰ সহ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । বি চি চি আইৰ এই সংকেতসমূহে দেখুৱাইছে যে তেওঁলোকৰ শুভমন গীলৰ ওপৰত কিমান আস্থা আছে ।

যশপ্ৰীত বুমৰাহ-

যদি ভাৰতে এদিনীয়া আৰু টেষ্টৰ নতুন অধিনায়ক নিযুক্তি দিবলগীয়া হয় তেন্তে যশপ্ৰীত বুমৰাহ এটা উত্তম বিকল্প । যশপ্ৰীত বুমৰাহ টিম ইণ্ডিয়াৰ অবিচ্ছেদ্য অংগ । কেৱল ভাৰতৰেই নহয়, বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ যশপ্ৰীত বুমৰাহ । এজন অধিনায়ক হিচাপে যশপ্ৰীত বুমৰাহে টিম ইণ্ডিয়াৰ হৈ ডাঙৰ ভূমিকা ল’ব পাৰে । বিশ্বৰ যিকোনো খেলপথাৰতে উইকেট লোৱাৰ ক্ষমতা আছে যশপ্ৰীত বুমৰাহৰ । ২০১৬ চনৰ ২৩ জানুৱাৰীৰ পৰা আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল যশপ্ৰীত বুমৰাহে । ৪৩ খন টেষ্ট মেচত ১৯৪ টা উইকেট দখল কৰিছে ৩১ বছৰীয়া যশপ্ৰীত বুমৰাহে । ৮৯ খন এদিনীয়া মেচত ১৪৯ টা উইকেট দখল কৰিছে যশপ্ৰীত বুমৰাহে । ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৭০ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৮৯ টা উইকেট দখল কৰিছে ।