'অপাৰেচন সিন্দুৰ'ৰ নামত আই পি এলৰ সামৰণি অনুষ্ঠান

‘অপাৰেচন সিন্দুৰ’ৰ নামত আই পি এলৰ সামৰণি অনুষ্ঠান… বি চি চি আইৰ উদ্যোগত ভাৰতীয় সেনাৰ বাবে বিশেষ অনুষ্ঠান

‘অপাৰেচন সিন্দুৰ’ৰ নামত আই পি এলৰ সামৰণি অনুষ্ঠান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ সামৰণি অনুষ্ঠান ভাৰতীয় সশস্ত্ৰ বাহিনীৰ নামত উৎসৰ্গা কৰা হ’ব । এই অনুষ্ঠানত ‘অপাৰেচন সিন্দুৰ’ৰ নায়কসকলক সন্মান জনোৱা হ’ব । ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সন্মানত আগন্তুক আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান উচৰ্গা কৰা হ’ব

‘অপাৰেচন সিন্দুৰ’ৰ নামত আই পি এলৰ সামৰণি অনুষ্ঠান

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ সামৰণি অনুষ্ঠান ভাৰতীয় সশস্ত্ৰ বাহিনীৰ নামত উৎসৰ্গা কৰা হ’ব । এই অনুষ্ঠানত ‘অপাৰেচন সিন্দুৰ’ৰ নায়কসকলক সন্মান জনোৱা হ’ব । ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সন্মানত আগন্তুক আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান উচৰ্গা কৰা হ’ব বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে ।

৩ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান । ইয়াতে অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল । এই পদক্ষেপৰ লক্ষ্য হৈছে ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত সন্ত্ৰাসবাদী আত্মগোপন স্থানৰ বিৰুদ্ধে ভাৰতীয় সেনাই গ্ৰহণ কৰা সফল পদক্ষেপক সন্মান জনোৱা ।

বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই কয়- বি চি চি আইৰ হৈ আমাৰ বীৰ জোৱানসকলৰ বীৰত্ব, সাহস আৰু নিস্বাৰ্থ সেৱাক প্ৰণাম জনাইছো । ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত আমাৰ জোৱানসকলে যি সাহস দেখুৱাইছে, সেই সাহসে দেশখনক সুৰক্ষিত ৰখাই নহয়, আমাৰ সকলোকে অনুপ্ৰাণিত কৰিছে । এই সন্মানত আমি আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান সেনাবাহিনীক উৎসৰ্গা কৰাৰ লগতে আমাৰ জোৱানসকলক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছো । ক্ৰিকেট হয়তো দেশৰ প্ৰিয় খেল, কিন্তু দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু নিৰাপত্তা প্ৰথম ।

উল্লেখযোগ্য যে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল ।

এই আক্ৰমণৰ পিছত আই পি এল এসপ্তাহৰ বাবে পিছুৱাই দিয়া হয় । প্ৰতিযোগিতাখন পুনৰ আৰম্ভ হোৱাৰ পিছতে বিভিন্ন মেচত খেলুৱৈয়ে ৰাষ্ট্ৰীয় সংগীত গোৱাৰ লগতে ষ্টেডিয়ামত “ধন্যবাদ, সশস্ত্ৰ বাহিনী” আদি বাৰ্তা প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক : ইংলিছ-প্ৰিয়াংশৰ বিস্ফোৰক ইনিংছৰ সন্মুখত মুম্বাইৰ আত্মসমৰ্পণ… পইণ্ট টেবুলৰ শীৰ্ষত পঞ্জাৱ

শেহতীয়া প্ৰৱন্ধসমূহ