টিম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনক লৈ দুখ প্ৰকাশ ঋষভ পণ্টৰ; সামাজিক মাধ্যমত আৱেগিক পোষ্ট

টিম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনক লৈ দুখ প্ৰকাশ ঋষভ পণ্টৰ; সামাজিক মাধ্যমত আৱেগিক পোষ্ট

টিম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনক লৈ দুখ প্ৰকাশ ঋষভ পণ্টৰ ঘৰুৱা ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা দুখন মেচৰ টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে ক্লীন ছুইপৰ সন্মুখীন হৈছিল। এই শৃংখলাত ভাৰতীয় বেটছমেনসকলে অতি বেয়া প্ৰদৰ্শন আগবঢ়াইছিল, য’ত ভাৰতীয় দলটোৱে ৪০৮ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ঘৰতে ভাৰতীয় দলৰ

টিম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনক লৈ দুখ প্ৰকাশ ঋষভ পণ্টৰ

ঘৰুৱা ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা দুখন মেচৰ টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে ক্লীন ছুইপৰ সন্মুখীন হৈছিল।

এই শৃংখলাত ভাৰতীয় বেটছমেনসকলে অতি বেয়া প্ৰদৰ্শন আগবঢ়াইছিল, য’ত ভাৰতীয় দলটোৱে ৪০৮ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ঘৰতে ভাৰতীয় দলৰ এই লজ্জাজনক প্ৰদৰ্শনৰ পিছত অনুৰাগীসকলক অতি হতাশ হোৱা দেখা গৈছে যদিও টীম ইণ্ডিয়াৰ বহু খেলুৱৈয়ে দুৰ্বল প্ৰদৰ্শনৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে।

এতিয়া অব্যাহত থকা সমালোচনাৰ মাজতে গুৱাহাটী টেষ্টত শুভমান গিলৰ অনুপস্থিতিত টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰা উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট কৰিছে,য’ত কঠোৰ পৰিশ্ৰম কৰি তেওঁ সকলোকে পুনৰ ঘূৰি অহাৰ আশ্বাস দিছে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২খন মেচৰ টেষ্ট ছিৰিজত ক্লিন ছুইপৰ সন্মুখীন হোৱাৰ পিছত ঋষভ পণ্টে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি লিখিছিল যে,’এই টেষ্ট শৃংখলাত আমি যে একেবাৰে ভাল খেলিব পৰা নাছিলো সেই কথা স্বীকাৰ কৰিবলৈ কোনো লাজ নাই’।

‘দল হিচাপে আৰু খেলুৱৈ হিচাপে আমি সকলোৱে এই পৰ্যায়ত ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰো যাতে সকলো অনুৰাগীয়ে সুখী হ’ব পাৰে’।

‘আমি আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো যে আপোনালোকৰ আশা সম্পূর্ণৰূপে পূৰণ কৰিব নোৱাৰিলো,কিন্তু খেলে আমাক শিকাইছে যে আপুনি অহৰহ শিকি শিকি আগবাঢ়ি যাব লাগে’।

‘ভাৰতীয় দলৰ হৈ খেলাটো আমাৰ সকলোৰে বাবে সদায় এক বৃহৎ সন্মানৰ বিষয়।এই দলটোৰ সম্ভাৱনা আমি সকলোৱে জানো আৰু আমি পুনৰ কঠোৰ পৰিশ্ৰম কৰিম আৰু শক্তিশালী হৈ ঘূৰি আহিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম।অবিৰত সহযোগিতা আৰু মৰমৰ বাবে সকলোকে ধন্যবাদ জয় হিন্দ’।

লগতে পঢ়ক: ICCৰ এদিনীয়া বেটাৰৰ ৰেংকিঙৰ শীৰ্ষত পুনৰ ‘হিটমেন’ ৰোহিত শৰ্মা

শেহতীয়া প্ৰৱন্ধসমূহ