এদিনীয়াৰ শীৰ্ষত ‘হিটমেন’ ৰোহিত শৰ্মা
ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই পুনৰবাৰ আই চি চিৰ এদিনীয়া বেটিং ৰেংকিঙত প্ৰথম স্থান দখল কৰিছে । নিউজীলেণ্ডৰ বেটছমেন ডেৰিল মিচেলৰ ৰেটিং পইণ্ট হ্ৰাস হোৱা আৰু শেষৰ দুখন মেচত অংশ ল’ব নোৱৰাৰ বাবে তেওঁক অতিক্ৰম কৰিছে ৰোহিত শৰ্মাই । ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এদিনীয়া শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে হিটমেন ৰোহিত শৰ্মাই এদিনীয়াৰ এই স্থান পুনৰুদ্ধাৰ কৰিছে ।
নিউজীলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ খেলুৱৈৰ উত্থান-
যদিও মিচেলে শীৰ্ষস্থান হেৰুৱাইছে, তথাপিও নিউজীলেণ্ডৰ আন খেলুৱৈসকলৰ ৰেংকিঙত উত্থান ঘটিছে । ৰাচিন ৰবিন্দ্ৰই এটা স্থান আগুৱাই দ্বাদশ স্থান লাভ কৰিছে । ডেভন কনৱেই ১১টা স্থান আগুৱাই ৩১ নম্বৰ স্থানত আছে । ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাহী হোপ অপৰাজিত শতকৰ বাবে ৰেংকিঙত উত্থান ঘটাই এতিয়া ৮ম স্থানত আছে । বলাৰৰ ভিতৰত মিচেল ছেণ্টনাৰ আৰু মেট হেনৰীৰ প্ৰদৰ্শনৰ বাবে নিউজীলেণ্ডে আৰু অধিক লাভৱান হয় ।
টি-২০ৰ শীৰ্ষ স্থানৰ অল ৰাউণ্ডাৰ ছিকন্দৰ ৰাজা-
জিম্বাবুৱেৰ তাৰকা ছিকন্দৰ ৰাজাই প্ৰথমবাৰৰ বাবে টি-২০ৰ শীৰ্ষ স্থানৰ অল ৰাউণ্ডাৰ ৰেংকিং লাভ কৰি ইতিহাস ৰচনা কৰিছে । ট্ৰাই ছিৰিজৰ সময়ত তেওঁৰ অল ৰাউণ্ড প্ৰদৰ্শনক বহুল প্ৰশংসা কৰা হৈছে ।
টেষ্টত বলাৰ আৰু অলৰাউণ্ডাৰৰ উত্থান-
টেষ্ট ৰেংকিঙতো কিছু গতিশীলতা দেখা গৈছে । ইংলেণ্ডৰ অলি পোপে এতিয়া ২৪ নম্বৰ স্থান লাভ কৰিছে । বাংলাদেশৰ টাইজুল ইছলাম ১৫ নম্বৰ স্থানত । অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্ক এতিয়া টেষ্ট বলাৰৰ ভিতৰত পঞ্চম স্থানলৈ উন্নীত হৈছে । অল ৰাউণ্ডাৰ তালিকাত বেন ষ্ট’কছ দ্বিতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে ভাৰতৰ ৰবীন্দ্ৰ জাডেজা শীৰ্ষত আছে ।
লগতে পঢ়ক : ২০২৬ৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব; আই চি চিৰ অধ্যক্ষৰ ঘোষণা









