১২ কোটিৰ লোকচানেৰে দিল্লীলৈ ঘূৰিল ঋষভ পন্ট, লক্ষ্ণৌলৈ যাব কুলদীপ যাদৱ

১২ কোটিৰ লোকচানেৰে দিল্লীলৈ ঘূৰিল ঋষভ পন্ট, লক্ষ্ণৌলৈ যাব কুলদীপ যাদৱ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা উইকেটকীপাৰ-বেটাৰ ঋষভ পন্ট পুনৰ তেওঁৰ পুৰণি দল দিল্লী কেপিটেলছলৈ প্ৰত্যাৱৰ্তন কৰাটো নিশ্চিত হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত এক অভূতপূৰ্ব খেলুৱৈ সালসলনি দেখিবলৈ পোৱা গৈছে । লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা উইকেটকীপাৰ-বেটাৰ ঋষভ পণ্ট পুনৰ তেওঁৰ পুৰণি

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা উইকেটকীপাৰ-বেটাৰ ঋষভ পন্ট পুনৰ তেওঁৰ পুৰণি দল দিল্লী কেপিটেলছলৈ প্ৰত্যাৱৰ্তন কৰাটো নিশ্চিত হৈছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত এক অভূতপূৰ্ব খেলুৱৈ সালসলনি দেখিবলৈ পোৱা গৈছে । লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা উইকেটকীপাৰ-বেটাৰ ঋষভ পণ্ট পুনৰ তেওঁৰ পুৰণি দল দিল্লী কেপিটেলছলৈ প্ৰত্যাৱৰ্তন কৰাটো নিশ্চিত হৈছে । আনহাতে, দিল্লীৰ অন্যতম সফল স্পীনাৰ কুলদীপ যাদৱে অহা ছিজনৰ পৰা লক্ষ্ণৌৰ হৈ খেলিব । আইপিএল কৰ্তৃপক্ষই এক আনুষ্ঠানিক বিবৃতি যোগে এই ‘ব্লকবাষ্টাৰ ট্ৰেড’ৰ কথা ঘোষণা কৰিছে ।

১২ কোটি টকাৰ দৰমহা হ্ৰাস পণ্টৰ, একেই থাকিব কুলদীপৰ মাচুল

এই ট্ৰেডৰ পিছত ঋষভ পন্টৰ আইপিএল দৰমহা উল্লেখনীয়ভাৱে হ্ৰাস পাব । ২০১৫ চনৰ মেগা নিলামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে পণ্টক আইপিএল ইতিহাসৰ সৰ্বোচ্চ ২৭ কোটি টকাৰ অভিলেখ মূল্যত ক্ৰয় কৰিছিল । কিন্তু এই ট্ৰেডৰ পিছত তেওঁ ১৫ কোটি টকাৰ এক সংশোধিত চুক্তিতহে দিল্লী কেপিটেলছত যোগ দিব । অৰ্থাৎ, পুৰণি দললৈ ঘূৰি আহিবলৈ পণ্টে ১২ কোটি টকাৰ এক বৃহৎ আৰ্থিক লোকচান ভৰিবলগীয়া হৈছে ।

ইফালে, বাওঁহতীয়া ৰিষ্ট-স্পীনাৰ কুলদীপ যাদৱে তেওঁৰ বৰ্তমানৰ ১৩.৫০ কোটি টকাৰ মাচুলতে লক্ষ্ণৌস্থিত ফ্ৰেঞ্চাইজীটোত অন্তৰ্ভুক্ত হ’ব ।

আপোন ঘৰলৈ প্ৰত্যাৱৰ্তন পণ্টৰ

আইপিএলে জাৰি কৰা বিবৃতিত ঋষভ পন্টৰ দিল্লী দলৰ সৈতে থকা পুৰণি আৰু গভীৰ সম্পৰ্কৰ কথা সোঁৱৰাই দিয়া হৈছে । ২০১৬ চনৰ পৰা ২০২৪ চনৰ ভিতৰত পণ্টে দিল্লী কেপিটেলছৰ হৈ একেৰাহে ৯টা ছিজন খেলিছিল । তেওঁ ফ্ৰেঞ্চাইজীটোৰ হৈ সৰ্বাধিক ১১ খন মেচত অংশগ্ৰহণ কৰা খেলুৱৈ । কেৱল এয়াই নহয়, ২০২১ চনৰ পৰা ২০২৪ চনলৈকে চাৰিটা ছিজনৰ মুঠ ৪৩ খন মেচত তেওঁ দিল্লী দলক অধিনায়ক হিচাপে নেতৃত্বও দিছিল । প্ৰায় এটা দশক ধৰি দিল্লী ক্ৰিকেটৰ আটাইতকە পৰিচিত মুখ আছিল পণ্ট ।

দিল্লীৰ হৈ সফল আছিল কুলদীপ যাদৱ

অন্যহাতে, লক্ষ্ণৌত যোগ দিয়া স্পীনাৰ কুলদীপ যাদৱৰ বাবে দিল্লী কেপিটেলছৰ সৈতে কটোৱা সময়ছোৱা অতি সফল আছিল । ২০২২ চনত দিল্লী দললৈ অহাৰ পিছৰে পৰা কুলদীপে ৬৫ খন মেচত ৭২ টা উইকেট দখল কৰি টুৰ্নামেণ্টখনৰ অন্যতম মাৰাত্মক উইকেট চিকাৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে । ভাৰতীয় দলৰ এই প্ৰধান হোৱাইট-বল বলাৰগৰাকীৰ আগমনৰ ফলত লক্ষ্ণৌৰ স্পীন বিভাগ অধিক শক্তিশালী হৈ পৰিব বুলি আশা কৰা হৈছে ।

ঋষভ পণ্ট : ২৭ কোটি (LSG মূল্য)- ১৫ কোটি (DC সংশোধিত মূল্য)। দিল্লীৰ হৈ সৰ্বাধিক ১১১ খন মেচ খেলাৰ ৰেকৰ্ড ।

কুলদীপ যাদৱ : ১৩.৫০ কোটি (একে থাকিব)- নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ।  দিল্লীৰ হৈ ৬৫ মেচত ৭২ টা উইকেট ।

উল্লেখ্য যে, শেহতীয়া আইপিএল ছিজনৰ সমাপ্তিৰ পিছৰে পৰা এই দুই খেলুৱৈৰ সালসলনিক লৈ বিভিন্ন চৰ্চা চলি আছিল । আচলতে, ২০২৫ চনৰ মেগা নিলামত ২৭ কোটি টকাৰ বিশাল মূল্য লাভ কৰা পণ্টে যোৱা দুটা ছিজনত লক্ষ্ণৌৰ হৈ নিজৰ শ্ৰেষ্ঠ ফৰ্ম প্ৰদৰ্শন কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল ।

লগতে পঢ়ক : ৰোহিত-বিৰাটৰ সন্মুখত অগ্নিপৰীক্ষা! ইংলেণ্ড ভ্ৰমণেই নিৰ্ধাৰণ কৰিব ২০২৭ বিশ্বকাপৰ ভৱিষ্যত ?