১২ কোটিৰ লোকচানেৰে দিল্লীলৈ ঘূৰিল ঋষভ পন্ট, লক্ষ্ণৌলৈ যাব কুলদীপ যাদৱ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা উইকেটকীপাৰ-বেটাৰ ঋষভ পন্ট পুনৰ তেওঁৰ পুৰণি দল দিল্লী কেপিটেলছলৈ প্ৰত্যাৱৰ্তন কৰাটো নিশ্চিত হৈছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত এক অভূতপূৰ্ব খেলুৱৈ সালসলনি দেখিবলৈ পোৱা গৈছে । লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা উইকেটকীপাৰ-বেটাৰ ঋষভ পণ্ট পুনৰ তেওঁৰ পুৰণি দল দিল্লী কেপিটেলছলৈ প্ৰত্যাৱৰ্তন কৰাটো নিশ্চিত হৈছে । আনহাতে, দিল্লীৰ অন্যতম সফল স্পীনাৰ কুলদীপ যাদৱে অহা ছিজনৰ পৰা লক্ষ্ণৌৰ হৈ খেলিব । আইপিএল কৰ্তৃপক্ষই এক আনুষ্ঠানিক বিবৃতি যোগে এই ‘ব্লকবাষ্টাৰ ট্ৰেড’ৰ কথা ঘোষণা কৰিছে ।

১২ কোটি টকাৰ দৰমহা হ্ৰাস পণ্টৰ, একেই থাকিব কুলদীপৰ মাচুল

এই ট্ৰেডৰ পিছত ঋষভ পন্টৰ আইপিএল দৰমহা উল্লেখনীয়ভাৱে হ্ৰাস পাব । ২০১৫ চনৰ মেগা নিলামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে পণ্টক আইপিএল ইতিহাসৰ সৰ্বোচ্চ ২৭ কোটি টকাৰ অভিলেখ মূল্যত ক্ৰয় কৰিছিল । কিন্তু এই ট্ৰেডৰ পিছত তেওঁ ১৫ কোটি টকাৰ এক সংশোধিত চুক্তিতহে দিল্লী কেপিটেলছত যোগ দিব । অৰ্থাৎ, পুৰণি দললৈ ঘূৰি আহিবলৈ পণ্টে ১২ কোটি টকাৰ এক বৃহৎ আৰ্থিক লোকচান ভৰিবলগীয়া হৈছে ।

ইফালে, বাওঁহতীয়া ৰিষ্ট-স্পীনাৰ কুলদীপ যাদৱে তেওঁৰ বৰ্তমানৰ ১৩.৫০ কোটি টকাৰ মাচুলতে লক্ষ্ণৌস্থিত ফ্ৰেঞ্চাইজীটোত অন্তৰ্ভুক্ত হ’ব ।

আপোন ঘৰলৈ প্ৰত্যাৱৰ্তন পণ্টৰ

আইপিএলে জাৰি কৰা বিবৃতিত ঋষভ পন্টৰ দিল্লী দলৰ সৈতে থকা পুৰণি আৰু গভীৰ সম্পৰ্কৰ কথা সোঁৱৰাই দিয়া হৈছে । ২০১৬ চনৰ পৰা ২০২৪ চনৰ ভিতৰত পণ্টে দিল্লী কেপিটেলছৰ হৈ একেৰাহে ৯টা ছিজন খেলিছিল । তেওঁ ফ্ৰেঞ্চাইজীটোৰ হৈ সৰ্বাধিক ১১ খন মেচত অংশগ্ৰহণ কৰা খেলুৱৈ । কেৱল এয়াই নহয়, ২০২১ চনৰ পৰা ২০২৪ চনলৈকে চাৰিটা ছিজনৰ মুঠ ৪৩ খন মেচত তেওঁ দিল্লী দলক অধিনায়ক হিচাপে নেতৃত্বও দিছিল । প্ৰায় এটা দশক ধৰি দিল্লী ক্ৰিকেটৰ আটাইতকە পৰিচিত মুখ আছিল পণ্ট ।

দিল্লীৰ হৈ সফল আছিল কুলদীপ যাদৱ

অন্যহাতে, লক্ষ্ণৌত যোগ দিয়া স্পীনাৰ কুলদীপ যাদৱৰ বাবে দিল্লী কেপিটেলছৰ সৈতে কটোৱা সময়ছোৱা অতি সফল আছিল । ২০২২ চনত দিল্লী দললৈ অহাৰ পিছৰে পৰা কুলদীপে ৬৫ খন মেচত ৭২ টা উইকেট দখল কৰি টুৰ্নামেণ্টখনৰ অন্যতম মাৰাত্মক উইকেট চিকাৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে । ভাৰতীয় দলৰ এই প্ৰধান হোৱাইট-বল বলাৰগৰাকীৰ আগমনৰ ফলত লক্ষ্ণৌৰ স্পীন বিভাগ অধিক শক্তিশালী হৈ পৰিব বুলি আশা কৰা হৈছে ।

ঋষভ পণ্ট : ২৭ কোটি (LSG মূল্য)- ১৫ কোটি (DC সংশোধিত মূল্য)। দিল্লীৰ হৈ সৰ্বাধিক ১১১ খন মেচ খেলাৰ ৰেকৰ্ড ।

কুলদীপ যাদৱ : ১৩.৫০ কোটি (একে থাকিব)- নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ।  দিল্লীৰ হৈ ৬৫ মেচত ৭২ টা উইকেট ।

উল্লেখ্য যে, শেহতীয়া আইপিএল ছিজনৰ সমাপ্তিৰ পিছৰে পৰা এই দুই খেলুৱৈৰ সালসলনিক লৈ বিভিন্ন চৰ্চা চলি আছিল । আচলতে, ২০২৫ চনৰ মেগা নিলামত ২৭ কোটি টকাৰ বিশাল মূল্য লাভ কৰা পণ্টে যোৱা দুটা ছিজনত লক্ষ্ণৌৰ হৈ নিজৰ শ্ৰেষ্ঠ ফৰ্ম প্ৰদৰ্শন কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল ।

লগতে পঢ়ক : ৰোহিত-বিৰাটৰ সন্মুখত অগ্নিপৰীক্ষা! ইংলেণ্ড ভ্ৰমণেই নিৰ্ধাৰণ কৰিব ২০২৭ বিশ্বকাপৰ ভৱিষ্যত ?

শৈশৱৰ লগৰী বংশিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব কুলদীপ যাদৱ…

চলিত মাহতে বিবাহ পাশত আৱদ্ধ হ’ব টিম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ কুলদীপ যাদৱ। শৈশৱৰ বান্ধৱী বংশিকাৰ সৈতে সাত ফেৰে ল’ব কুলদীপে।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পিনাৰ কুলদীপ যাদৱে শীঘ্ৰে নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে। চলিত বৰ্ষৰ ১৪ মাৰ্চত বংশিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব কুলদীপ যাদৱ।

জানিব পৰা মতে, উত্তৰাখণ্ডৰ ধুনীয়া পাহাৰীয়া চহৰ মুছুৰীৰ এখন বিলাসী ৰিজ’ৰ্টত অনুষ্ঠিত হ’ব এই বিবাহ অনুষ্ঠান।দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ আত্মীয় আৰু নিৰ্বাচিত অতিথিসকলেহে এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিব।

বিয়াৰ এদিন আগতে অৰ্থাৎ ১৩ মাৰ্চত হালধী আৰু মেহেন্দী অনুষ্ঠান অনুষ্ঠিত হ’ব।উল্লেখ্য যে, ২০২৫ চনৰ ৪ জুনত লক্ষ্ণৌৰ এখন হোটেলত কুলদীপ যাদৱ আৰু বংশিকাৰ এংগেজমেণ্ট হৈছিল।

প্ৰথম অৱস্থাত তেওঁলোকৰ বিবাহ ২০২৫ চনৰ নৱেম্বৰ মাহত হোৱাৰ কথা আছিল, কিন্তু ভাৰতীয় দলৰ ব্যস্ত ক্ৰিকেট কেলেণ্ডাৰ আৰু টি-২০ বিশ্বকাপত কুলদীপৰ নিৰ্বাচনৰ বাবে বিয়াৰ তাৰিখ পিছুৱাই দিয়া হ’ল। বিয়াৰ পিছত ১৭ মাৰ্চত লক্ষ্ণৌৰ হোটেল চেণ্ট্ৰমত এক গ্ৰেণ্ড ৰিচেপচন অনুষ্ঠিত হ’ব।

বিবাহৰ অভ্যৰ্থনা  অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাৰ বিষয়াসকল,ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমান আৰু প্ৰাক্তন ক্ৰিকেটাৰ আৰু অন্যান্য অতিথিসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।কুলদীপৰ পিতৃ ৰাম সিং যাদৱে বিবাহৰ অভ্যৰ্থনা  অনুষ্ঠানৰ বাবে মুখ্যমন্ত্ৰী যোগীক নিমন্ত্ৰণ জনাইছে।

কুলদীপ যাদৱৰ হ’বলগীয়া পত্নী বংশিকা কানপুৰৰ শ্যাম নগৰৰ বাসিন্দা আৰু এল আই চিত কাম কৰে। কুলদীপ আৰু বংশিকাই ইজনে সিজনক সৰুৰে পৰা চিনি পাই।

লগতে পঢ়ক: আইচিচিৰ শ্ৰেষ্ঠ দল ঘোষণা, তালিকাত চাৰিগৰাকী ভাৰতীয় খেলুৱৈ…

BCCI ৰ ডাঙৰ সিদ্ধান্ত;T-20 দলৰ পৰা ৰিলিজ কৰি দিলে কুলদীপ যাদৱক…

T-20 দলৰ পৰা ৰিলিজ কৰি দিলে কুলদীপ যাদৱক

ভাৰতীয় দলটো বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে, য’ত ৫খন খেলৰ টি-২০ ছিৰিজ খেলি আছে,তৃতীয়খন মেচ ২ নৱেম্বৰত হোবাৰ্ট খেলপথাৰত অনুষ্ঠিত হৈছিল,য’ত টিম ইণ্ডিয়াই ৫ উইকেটত জয়লাভ কৰিছিল।

ইফালে এই শৃংখলাত টিম ইণ্ডিয়াৰ দলৰ অংশ হৈ থকা বাওঁহাতৰ স্পিন বলাৰ কুলদীপ যাদৱক য’ত তৃতীয় টি-২০ত প্লেইং ১১ৰ পৰা আঁতৰাই ৰখা হৈছিল,এতিয়া তেওঁক দলৰ পৰাও ৰিলিজ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে, যাৰ বাবে তেওঁ এতিয়া পুনৰ ভাৰতলৈ উভতি আহিব।

এতিয়া অষ্ট্ৰেলিয়া ভ্ৰমণৰ ভাৰতীয় দলটোক লৈ ডাঙৰ খবৰ ওলাইছে।বাকী দুখন খেলৰ বাবে বলাৰ কুলদীপ যাদৱক টি-২০ দলৰ পৰা ৰিলিজ কৰি দিয়া হৈছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড(BCCI) এ এই তথ্য প্ৰদান কৰিছে।ভাৰতীয় দল পৰিচালনা সমিতিয়ে বিচিচিআইক কুলদীপক মুকলি কৰি দিবলৈ অনুৰোধ জনাইছিল।

দল পৰিচালনাই এই সিদ্ধান্ত লৈছিল কাৰণ,যাতে কুলদীপ যাদৱে ৰেডবল ক্ৰিকেটৰ বাবে সাজু হোৱাৰ সুযোগ পাব পাৰে।এতিয়া দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে কুলদীপে দ্বিতীয়খন প্ৰথম শ্ৰেণীৰ মেচত ভাৰত এৰ হৈ খেলিব।

এই মেচখন ৬ নৱেম্বৰৰ পৰা বেংগালুৰুৰ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ত অনুষ্ঠিত হ’ব।এই মেচৰ জৰিয়তে কুলদীপে ১৪ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব।

লগতে পঢ়ক: মহিলা ক্ৰিকেট বিশ্বকাপঃ চেম্পিয়ন দলৰ ওপৰত হ’ব টকাৰ বৰষুণ…

কুলদীপ যাদৱ হ’ব নেকি শুভমান গীলৰ ট্ৰাম্প কাৰ্ড? প্লেয়িং একাদশত থাকিব কোন?

কুলদীপ যাদৱ হ’ব নেকি ট্ৰাম্প কাৰ্ড?

ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট মেচ এডগবাষ্টনত অনুষ্ঠিত হ’ব। এই মেচখন ২ জুলাইৰ পৰা আৰম্ভ হ’ব ।এই মেচ আৰম্ভ হোৱাৰ আগতে ভাৰতীয় দলৰ প্লেয়িং একাদশক লৈ বহু চৰ্চা চলিছে।

কোৱা হৈছে যে এই টেষ্ট মেচৰ বাবে ভাৰতৰ প্লেয়িং একাদশৰ পৰিৱৰ্তন হ’ব পাৰে।হয়টো ৱৰ্কলোড মেনেজমেণ্টৰ বাবে দ্বিতীয়খন টেষ্ট মেচ খেলিব নোৱাৰিবও পাৰে দ্ৰুত বলাৰ জসপ্ৰীত বুমৰাহে।

তেওঁৰ ঠাইত আৰ্শদীপ সিঙে সুযোগ পাব পাৰে।আনহাতে কুলদীপ যাদৱেও প্লেয়িং একাদশত প্ৰৱেশ কৰিব পাৰে। বহু প্ৰাক্তন ক্ৰিকেটাৰে এই ষ্টাৰ স্পিনাৰ গৰাকীক প্লেয়িং একাদশত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাইছে।

ইংলেণ্ডত কুলদীপ যাদৱৰ টেষ্ট অভিলেখ কেনেকুৱা?

কুলদীপ যাদৱে এতিয়ালৈকে ইংলেণ্ডত মাত্ৰ এখন হে টেষ্ট মেচ খেলাৰ সুযোগ পাইছে।২০১৮ চনত লৰ্ডছত এই মেচখন খেলিছিল।

সেই মেচত কুলদীপে মাত্ৰ ৯ অভাৰত বলিং কৰিছিল, য’ত তেওঁ ৪৪ ৰান দি এটাও উইকেট ল’ব পৰা নাছিল।সেই মেচত ইংলেণ্ডে মাত্ৰ এবাৰহে বেটিং কৰিছিল।

সেই মেচত ভাৰতে এটা ইনিংছ আৰু ১৫৯ ৰানেৰে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।তাৰ পিছত কুলদীপে এতিয়ালৈকে ইংলেণ্ডত টেষ্ট মেচ খেলাৰ সুযোগ পোৱা নাই।

ইংলেণ্ডৰ বিৰুদ্ধে কুলদীপৰ প্ৰদৰ্শন যথেষ্ট ভাল

ইংলেণ্ডৰ বিৰুদ্ধে এই পৰ্যন্ত ৬ খন টেষ্ট মেচ খেলি কুলদীপে তাত ২১ টা উইকেট দখল কৰিছে।এই সময়ছোৱাত তেওঁৰ গড় ২২.২৮ আৰু ষ্ট্ৰাইক ৰেট ৩৮.৭। এই ৬ খন টেষ্ট মেচৰ ভিতৰত ৫ খন ভাৰতত অনুষ্ঠিত হৈছে।

এই সময়ছোৱাত তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হৈছে ৭২ ৰানত ৫টা উইকেট।কুলদীপে ২০২৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত চাৰিখন টেষ্ট খেলি এই সময়ছোৱাত ১৯টা উইকেট দখল কৰিছিল।

এতিয়া লক্ষ্যণীয় যে অধিনায়ক শুভমন গীলে তেওঁক এডগবাষ্টন টেষ্টত সুযোগ দিব নে নিদিয়ে।দ্বিতীয়খন টেষ্ট মেচত যদি কুলদীপে সুযোগ পায় তেন্তে তাত বলিংত প্ৰভাৱ পেলাব বিচাৰিব।

লগতে পঢ়ক: ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ জয়ৰ ওপৰত চকু জ’কভিচৰ; সোমবাৰৰ পৰা আৰম্ভ হ’ব উইম্বলডন

“কুলদীপ যাদৱক বাদ দিয়ক…”; ফাইনেলৰ পূৰ্বে আকাশ চোপ্ৰাই কিয় কৰিলে এই মন্তব্য

ভাৰতীয় দলটোৱে ৯ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেল খেলিবলৈ সাজু হৈছে। খেলখন ডুবাইত অনুষ্ঠিত হ’ব।চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পূৰ্বে দুয়োটা দলৰ প্ৰস্তুতি চলি আছে।

ইফালে, আকাশ চোপ্ৰাই কৈছে যে ভাৰতীয় দলত কুলদীপ যাদৱৰ ঠাইত ৱাশ্বিংটন সুন্দৰক অনা উচিত কিয়নো নিউজিলেণ্ড দলৰ বেছিভাগ বেটছমেন বাওঁহতীয়া।

আকাশ চোপ্ৰাই কৈছিল, “ৱাশ্বিংটন সুন্দৰক কিয় বাছনি কৰা হৈছিল? এইটোৱেই ডাঙৰ প্ৰশ্ন। তেওঁক এইকাৰমেই বাছনি কৰা হৈছিল কিয়নো ইয়াৰ ফলত আপোনালোকক অফ-স্পিন তাৰতম্য উপলব্ধ হ’ব।

অফ-স্পিন তাৰতম্যৰ কিয় প্ৰয়োজন? ইয়াৰ প্ৰয়োজন তেতিয়া হ’ব যেতিয়া বিপক্ষত বহুতো বাওঁহাতৰ খেলুৱৈ থাকে, আৰু কোনটো দলত আটাইতকৈ বাওঁহাতৰ খেলুৱৈ থাকে? সেই দলটো হৈছে নিউজিলেণ্ড।

আকাশ চোপ্ৰাই আৰু কৈছিল,  “কুলদীপ যাদৱৰ সলনি ৱাশ্বিংটন সুন্দৰক খেলাব পাৰিবনে ? কাৰণ মই ভাবো সেইটো কৰিব পাৰে। যদি কোনোবাই মোক পৰিৱৰ্তন কৰিবলৈ কয়, মই কেৱল এই পৰিৱৰ্তনটো কৰিম।

মই এই এখন খেলৰ বাবে কুলদীপ যাদৱৰ ঠাইত ৱাশ্বিংটন সুন্দৰক খেলাম। এইটো কুলদীপৰ বলিংৰ ওপৰত মন্তব্য নহয়। অৱশ্যে, কৌশলগতভাৱে ই এটা ভাল বিকল্প হ’ব পাৰে।

আকাশে কয়, “ৱাশ্বিংটন সুন্দৰে ইতিমধ্যে এই দলটোৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিছে, সেয়া পুনে খেলপথাৰ হওঁক বা ৱানখেডে ষ্টেডিয়াম হওঁক।”

ৱাশ্বিংটন সুন্দৰৰ যাত্ৰাও এই দলটোৰ বিৰুদ্ধে আৰম্ভ হৈছিল। আপুনি একেটা দলৰ সৈতে যাব লাগিব বুলি কোনো কঠোৰ নিয়ম নাই।