ফাইনেললৈ গুজৰাট টাইটানছ;অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দুৰ্দান্ত বেটিং

ফাইনেললৈ গুজৰাট টাইটানছ; অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দুৰ্দান্ত বেটিং

আই পি এল ২০২৬ৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰি গুজৰাট টাইটানছে আৰ চি বিৰ বিৰুদ্ধে ফাইনেলত স্থান নিশ্চিত কৰিছে। আইপিএল ২০২৬ৰ কোৱালিফায়াৰ ২ত শুকুৰবাৰে মুলানপুৰৰ মহাৰাজা যাদবিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত সংঘৰ্ষ হয়। আইপিএল ২০২৬ৰ কোৱালিফায়াৰ

আই পি এল ২০২৬ৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰি গুজৰাট টাইটানছে আৰ চি বিৰ বিৰুদ্ধে ফাইনেলত স্থান নিশ্চিত কৰিছে।

আইপিএল ২০২৬ৰ কোৱালিফায়াৰ ২ত শুকুৰবাৰে মুলানপুৰৰ মহাৰাজা যাদবিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত সংঘৰ্ষ হয়। আইপিএল ২০২৬ৰ কোৱালিফায়াৰ ২-ত ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰি ফাইনেলক প্ৰৱেশ কৰে গুজৰাট টাইটানছৰ। মোলানপুৰৰ মহাৰাজা যাদবেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় মেচখন। মেচখনত ৰিয়ান পৰাগে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয়।

এই খেলখনত ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২১৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বৈভৱ সূৰ্যবংশীয়ে পুনৰ এবাৰ ধাৰাবাহিক প্ৰদৰ্শন আগবঢ়াই ৯৬ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে যদিও দলটোক ফাইনেললৈ নিয়াত ব্যৰ্থ হ’ল। অৱশ্যে, তেওঁ একেৰাহে দ্বিতীয়বাৰৰ বাবে শতক অৰ্জন কৰাৰ পৰা বঞ্চিত হয় বৈভৱ। ডোনোবেন ফৰেৰাই মাত্ৰ ১১টা বলত ৩৮ ৰানৰ এক বিধ্বংসী ইনিংছ খেলে।

গুজৰাটৰ তাৰকা স্পিনাৰ ৰছিদ খান এই মেচখনত যথেষ্ট ব্যয়বহুল প্ৰমাণিত হয়। তেওঁ ২ অভাৰত ২২.৫০ ইকনমি ৰেটত ৪৫ ৰান খৰচ কৰে। ৰাজস্থানৰ হৈ ৰবীন্দ্ৰ জাদেজাইও ৪৫ ৰানৰ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। অহা ৩১ মে’ত আহমেদাবাদত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে গুজৰাট টাইটানছে আই পি এল ২০২৬ৰ ফাইনেল খেলিব ।

লগতে পঢ়ক: আই পি এলৰ মাজতে বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; খেলপথাৰত নিষিদ্ধ হ’ল স্মাৰ্ট ছানগ্লাছ