গুজৰাট টাইটানছৰ বেটিং বিপৰ্যয়; দ্বিতীয়টো খিতাপৰ বাবে ১৫৬ ৰানৰ লক্ষ্যৰ আৰ চি বি

গুজৰাট টাইটানছৰ বেটিং বিপৰ্যয়; দ্বিতীয়টো খিতাপৰ বাবে ১৫৬ ৰানৰ লক্ষ্য আৰ চি বি ৰ

ফাইনেলত প্ৰথমে বেটিং কৰি গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সন্মুখত ১৫৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলি থকা আই পি এল ২০২৬ ৰ ফাইনেল মেচখনত গুজৰাট টাইটানছে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৫৫ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ

ফাইনেলত প্ৰথমে বেটিং কৰি গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সন্মুখত ১৫৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলি থকা আই পি এল ২০২৬ ৰ ফাইনেল মেচখনত গুজৰাট টাইটানছে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৫৫ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ৱাশ্বিংটন সুন্দৰে আটাইতকৈ ডাঙৰ ইনিংছ খেলি ৩৭ টা বলত ৫ টা চাৰিৰ সহায়ত ৫০ ৰাণ সংগ্ৰহ কৰে। দলৰ তাৰকা বেটছমেন শুভমন গিল, জছ বাটলাৰ আৰু ছাই সুদৰ্শন সম্পূৰ্ণৰূপে ফ্লপ প্ৰমাণিত হয়। এই খেলখনত বেংগালুৰুৰ হৈ ৰাশিখ ছালাম দাৰে সৰ্বাধিক ৩ টা উইকেট দখল কৰে।

মেচখনত বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ পোৱা গুজৰাটৰ আৰম্ভণি একেবাৰেই ভাল নহ’ল। দলটোৱে ২২ ৰাণৰ স্ক’ৰতে প্ৰথমটো উইকেট হেৰুৱায়, যেতিয়া অধিনায়ক শুভমন গিল মাত্ৰ ১০ ৰাণ কৰি পেভিলিয়নলৈ উভতি যায়।

ইয়াৰ পিছত দলটোৱে ২৬ ৰাণত দ্বিতীয়টো উইকেট, ৫৫ ৰাণত তৃতীয়টো উইকেট, ৭৩ ৰাণত চতুৰ্থটো উইকেট, ৯৯ ৰাণত পঞ্চমটো উইকেট, ১১৫ ৰাণত ষষ্ঠটো উইকেট,১৪২ ৰাণত সপ্তমটো উইকেট আৰু ১৫১ ৰাণত অষ্টমটো উইকেট হেৰুৱায়।

আটাইতকৈ ডাঙৰ ইনিংছ খেলা সুন্দৰৰ বাহিৰে দলটোৰ হৈ ছাই সুদৰ্শনে ১২ ৰাণ, অধিনায়ক শুভমন গিলে ১০ ৰাণ, নিশাম্ব সিন্ধুৱে ২০ ৰাণ, জছ বাটলাৰে ১৯ ৰাণ, আৰ্শদ খানে ১৫ ৰাণ, ৰাহুল টেৱাটিয়াই ০৭ ৰাণ, জেছন হ’ল্ডাৰে ০৭ ৰাণ, ৰাছিদ খানে ০৭ ৰাণ আৰু কাগিছ’ ৰাবাডাই ০৩ ৰাণ সংগ্ৰহ কৰে।

বেংগালুৰুৱে নিশ্চিতভাৱে দ্বিতীয়টো খিতাপ অৰ্জন কৰিব বিচাৰিব। দলটোৱে যোৱা ছিজনত অর্থাৎ ২০২৫ চনত নিজৰ প্ৰথমটো খিতাপ জয় কৰিছিল। এতিয়া অধিনায়ক ৰজত পাটিদাৰৰ নেতৃত্বত বেংগালুৰুৱে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে ট্ৰফীত নিজৰ নাম খোদিত কৰিব পাৰে।

বেংগালুৰুৱে দ্বিতীয়টো ট্ৰফী লাভ কৰিবলৈ ১৫৬ ৰাণ কৰিব লাগিব। এতিয়া দলটোৱে এই লক্ষ্য খেদি কেনে প্ৰদৰ্শন কৰে, সেয়া চোৱাটো আকৰ্ষণীয় হ’ব।

ছেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ পিছত ধাৰাবাহিকভাৱে দুখন ট্ৰফী জয় কৰা তৃতীয়টো দল হোৱাৰ সুযোগ আছে বেংগালুৰুৰ সন্মুখত।

লগতে পঢ়ক: বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; ইণ্ডিয়া এ টীমৰ পৰা বাদ পৰিল ৰিয়ান পৰাগ