জয়ৰ পিছত আৰ চি বি অনুৰাগীৰ তাণ্ডৱ; আৰক্ষীৰ লাঠিচাৰ্জ

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ ট্ৰফী জয়ৰ পিছত কেইবাখনো চহৰৰ পৰা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত আৰ চি বিৰ অনুৰাগীয়ে পথৰ মাজতে হুলস্থুলৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে লাঠি-চাৰ্জ কৰে।

আই পি এল ২০২৬ৰ খিতাপ দখল কৰাৰ পিছত হায়দৰাবাদকে ধৰি কিছুমান চহৰৰ পৰা আৰ চি বিৰ অনুৰাগীৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা ভিডিঅ’ পোহৰলৈ আহিছে। ভাইৰেল হৈ পৰা ভিডিঅ’সমূহত আৰক্ষী বাহিনীয়ে পথৰ ওপৰত আনন্দ-উল্লাস কৰা লোকসকলক লাঠীচালনা কৰা দেখা গৈছে। এইধৰণৰ উদযাপনে জনসাধাৰণৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ আৰু বেংগালুৰুৰ কিছু অংশৰ পৰা এই ভিডিঅ’সমূহ পোহৰলৈ আহিছে। কিছুমান ভিডিঅ’ত অনুৰাগীসকলে মাজ ৰাস্তাত ফটকা ফুটাই থকা দেখা গৈছে। ইয়াৰ উপৰিও আন কিছুমান ভিডিঅ’ত বহুলোকে আনন্দতে বেৰিকেড ভাঙিবলৈ চেষ্টা কৰা দেখা গৈছে। আনহাতে, একাংশ লোকে উদযাপনত ইমানেই মত্ত হৈ পৰিল যে তেওঁলোক গাড়ীৰ ওপৰত উঠিছিলে। এই সকলোবোৰ কাণ্ড-কাৰখানা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হয় আৰু ভিৰ নিয়ন্ত্ৰণ তথা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি লাঠীচালনা কৰে।

বেংগালুৰুৱে যোৱা ছিজন অৰ্থাৎ ২০২৫ চনত প্ৰথমটো খিতাপ অৰ্জন কৰিছিল। এই বিজয়ৰ পিছত বেংগালুৰুত এক বিজয় সমদল উলিওৱা হৈছিল, য’ত পদপৃষ্ট হৈ ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ উপৰিও বহু লোক আহত হৈছিল। এই ঘটনাৰ কথা মনত ৰাখিয়েই এইবাৰ নিৰাপত্তাৰ দিশটোত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰা হৈছে।

লগতে পঢ়ক: “মই গাখীৰ নাখাওঁ”; অৰেঞ্জ কেপ বিজয়ী বৈভৱে প্ৰকাশ কৰিলে পাৱাৰ হিটিঙৰ ৰহস্য

“মই গাখীৰ নাখাওঁ”; অৰেঞ্জ কেপ বিজয়ী বৈভৱে প্ৰকাশ কৰিলে পাৱাৰ হিটিঙৰ ৰহস্য

২০২৬ চনৰ আই পি এলত যদিও আৰ চি বিয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে ট্ৰফী দখল কৰিছিল, কিন্তু ইয়াৰ মাজত বৈভৱ সূৰ্যবংশীয়ে চৰ্চা লাভ কৰিছে।

আইপিএল ২০২৬ৰ খিতাপ দখলৰ যুঁজত আৰচিবিয়ে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে ট্ৰফী নিজৰ নামত কৰিলে। ফাইনেল মেচখনত আৰচিবিয়ে গুজৰাটক ৫ উইকেটত পৰাস্ত কৰি এক নতুন ইতিহাস ৰচনা কৰিলে।যদিও জয় আৰচিবিৰ আছিল, কিন্তু ইয়াৰ মাজত বৈভৱ সূৰ্যবংশীয়ে চৰ্চা লাভ কৰিছে। বহুতো বঁটা বুটলি লোৱাৰ পিছত তেওঁ নিজৰ সফলতাৰ ৰহস্য ফাদিল কৰিলে। সূৰ্যবংশীয়ে এই ছিজনত অভিলেখৰ বৰষুণ নমাই আনিলে। ১৫ বছৰীয়া বৈভৱৰ ফিটনেছক লৈ বহু চৰ্চা চলি থাকে, আৰু তেওঁ বঁটা বিতৰণী অনুষ্ঠানৰ সময়ত নিজৰ ফিটনেছৰ সন্দৰ্ভতো কথা পাতিলে।

বৈভৱ সূৰ্যবংশী আইপিএল ২০২৬ত আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে প্ৰমাণিত হ’ল। তেওঁ নিজৰ দ্বিতীয়টো ছিজনতে ‘অৰেঞ্জ কেপ’ অৰ্জন কৰিলে। ১৬ খন মেচত বৈভৱে ৭৭৬ ৰান সংগ্ৰহ কৰিলে, য’ত ৫ টা অৰ্ধশতক আৰু এটা শতকীয় ইনিংছ অন্তৰ্ভুক্ত আছিল। তেওঁ ‘ম’ষ্ট ভেলুৱেবল প্লেয়াৰ’ ৰ বঁটাও নিজৰ নামত কৰিলে। ইয়াৰ উপৰিও তেওঁ ‘ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজন’ (Super Striker of the Season) আৰু ‘ছুপাৰ ছিক্সাৰ বঁটা’ (Super Sixer Award)-ও লাভ কৰে।

তেওঁৰ শাৰীৰিক শক্তিৰ উৎস সম্পৰ্কে সোধা এটা ধেমেলীয়া প্ৰশ্নৰ উত্তৰত বৈভ সূৰ্যবংশীয়ে কয় “মই এতিয়া গাখীৰ নাখাও। কিন্তু হয়, মই কেৱল মোৰ খেলৰ ওপৰত বিশ্বাস ৰাখিবলৈ চেষ্টা কৰোঁ। যদি মোৰ অনুভৱ হয় যে প্ৰথমটো বল মোৰ জ’নত আছে আৰু মই তাক কোবাই পঠিয়াব পাৰোঁ, তেন্তে মই মোৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰোঁ আৰু সেইদৰেই খেলিবলৈ চেষ্টা কৰোঁ।”

তেওঁ লগতে কয়”এই ছিজনত মই শিকিলোঁ যে চাপ থকা পৰিস্থিতিত কেনেকৈ খেলিব লাগে আৰু পৰিস্থিতি অনুসৰি নিজৰ খেলত কেনেকৈ পৰিৱৰ্তন আনিব লাগে। আপুনি প্ৰতিখন মেচ একে মানসিকতাৰে খেলিব নোৱাৰে। আপুনি মেচৰ পৰিস্থিতিটো বুজিব লাগিব আৰু দলৰ প্ৰয়োজন অনুসৰি খেলিব লাগিব। মই এই বিষয়ে বহুত কথা শিকিলোঁ, আনকি প্লে-অফৰ মেচবোৰতো।”

বৈভৱে নিজৰ ফিটনেছ সন্দৰ্ভত কয়,”মই ইয়াৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লাগিব কাৰণ মই দীৰ্ঘদিন ধৰি খেলিব বিচাৰোঁ। মই আঘাত আৰু তেনেকুৱা অন্যান্য বস্তুৰ পৰা বাচি থাকিব লাগিব, গতিকে মই মোৰ ফিটনেছৰ ওপৰত কাম কৰিব লাগিব আৰু ভৱিষ্যতে ইয়াতকৈও অধিক গুৰুত্ব দিব লাগিব। দলৰ সকলোৱে মোক সহায় আৰু সমৰ্থন কৰে। সকলো জ্যেষ্ঠ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীয়ে মোক বহুত সমৰ্থন কৰে আৰু তেওঁলোকৰ পৰা মই বহুত কথা শিকিবলৈ পাওঁ।”

লগতে পঢ়ক: পৰাজয়ৰ পিছতেই বিপদ; চলন্ত অৱস্থাতে জ্বলি উঠিল গুজৰাট টাইটানছৰ বাছ

দ্বিতীয়বাৰৰ বাবে আৰ চি বিৰ শিৰত আই পি এলৰ ট্ৰফী ; গুজৰাট টাইটানছৰ স্বপ্নভংগ

দ্বিতীয়বাৰৰ বাবে আই পি এলৰ চেম্পিয়ন হ’ল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু। চেম্পিয়ন হোৱাৰ সপোন পূৰণ নহ’ল গুজৰাট টাইটানছৰ।

২৮ মাৰ্চৰ পৰা আৰম্ভ হোৱা আই পি এল ২০২৬ অৱশেষত অন্ত পৰিল।আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ  আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু মাজত  অনুষ্ঠিত হোৱা ফাইনেল মেচখনত পুনৰবাৰ চেম্পিয়ন হ’ল আৰ চি বি।

ফাইনেল মেচত গুজৰাট টাইটানছে আৰ চি বিৰ সন্মুখত ১৫৬ ৰাণৰ লক্ষ্য বান্ধি দিছিল। কিন্তু ৫ টা উইকেট হেৰুৱাই দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু।আৰচিবিৰ বলাৰসকলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। কিন্তু গুজৰাট টাইটানছৰ আৰম্ভণি ভাল নাছিল। ৰছিখ চালাম দাৰে সৰ্বাধিক তিনিটা উইকেট দখল কৰে।

গুজৰাট টাইটানছৰ বিৰুদ্ধে ফাইনেলত বিৰাট কোহলীয়ে নিজৰ আইপিএল কেৰিয়াৰৰ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰে। তেওঁ ২৫টা বলত ৫০ ৰাণ কোবায়। ১৫৬ ৰাণৰ লক্ষ্য খেদিবলৈ গৈ আৰচিবি ১৮ অভাৰত ৫টা উইকেট হেৰুৱাই ১৬১ ৰাণ সংগ্ৰহ কৰিছে।

লগতে পঢ়ক: গুজৰাট টাইটানছৰ বেটিং বিপৰ্যয়; দ্বিতীয়টো খিতাপৰ বাবে ১৫৬ ৰানৰ লক্ষ্য আৰ চি বি ৰ

গুজৰাট টাইটানছৰ বেটিং বিপৰ্যয়; দ্বিতীয়টো খিতাপৰ বাবে ১৫৬ ৰানৰ লক্ষ্য আৰ চি বি ৰ

ফাইনেলত প্ৰথমে বেটিং কৰি গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সন্মুখত ১৫৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলি থকা আই পি এল ২০২৬ ৰ ফাইনেল মেচখনত গুজৰাট টাইটানছে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৫৫ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ৱাশ্বিংটন সুন্দৰে আটাইতকৈ ডাঙৰ ইনিংছ খেলি ৩৭ টা বলত ৫ টা চাৰিৰ সহায়ত ৫০ ৰাণ সংগ্ৰহ কৰে। দলৰ তাৰকা বেটছমেন শুভমন গিল, জছ বাটলাৰ আৰু ছাই সুদৰ্শন সম্পূৰ্ণৰূপে ফ্লপ প্ৰমাণিত হয়। এই খেলখনত বেংগালুৰুৰ হৈ ৰাশিখ ছালাম দাৰে সৰ্বাধিক ৩ টা উইকেট দখল কৰে।

মেচখনত বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ পোৱা গুজৰাটৰ আৰম্ভণি একেবাৰেই ভাল নহ’ল। দলটোৱে ২২ ৰাণৰ স্ক’ৰতে প্ৰথমটো উইকেট হেৰুৱায়, যেতিয়া অধিনায়ক শুভমন গিল মাত্ৰ ১০ ৰাণ কৰি পেভিলিয়নলৈ উভতি যায়।

ইয়াৰ পিছত দলটোৱে ২৬ ৰাণত দ্বিতীয়টো উইকেট, ৫৫ ৰাণত তৃতীয়টো উইকেট, ৭৩ ৰাণত চতুৰ্থটো উইকেট, ৯৯ ৰাণত পঞ্চমটো উইকেট, ১১৫ ৰাণত ষষ্ঠটো উইকেট,১৪২ ৰাণত সপ্তমটো উইকেট আৰু ১৫১ ৰাণত অষ্টমটো উইকেট হেৰুৱায়।

আটাইতকৈ ডাঙৰ ইনিংছ খেলা সুন্দৰৰ বাহিৰে দলটোৰ হৈ ছাই সুদৰ্শনে ১২ ৰাণ, অধিনায়ক শুভমন গিলে ১০ ৰাণ, নিশাম্ব সিন্ধুৱে ২০ ৰাণ, জছ বাটলাৰে ১৯ ৰাণ, আৰ্শদ খানে ১৫ ৰাণ, ৰাহুল টেৱাটিয়াই ০৭ ৰাণ, জেছন হ’ল্ডাৰে ০৭ ৰাণ, ৰাছিদ খানে ০৭ ৰাণ আৰু কাগিছ’ ৰাবাডাই ০৩ ৰাণ সংগ্ৰহ কৰে।

বেংগালুৰুৱে নিশ্চিতভাৱে দ্বিতীয়টো খিতাপ অৰ্জন কৰিব বিচাৰিব। দলটোৱে যোৱা ছিজনত অর্থাৎ ২০২৫ চনত নিজৰ প্ৰথমটো খিতাপ জয় কৰিছিল। এতিয়া অধিনায়ক ৰজত পাটিদাৰৰ নেতৃত্বত বেংগালুৰুৱে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে ট্ৰফীত নিজৰ নাম খোদিত কৰিব পাৰে।

বেংগালুৰুৱে দ্বিতীয়টো ট্ৰফী লাভ কৰিবলৈ ১৫৬ ৰাণ কৰিব লাগিব। এতিয়া দলটোৱে এই লক্ষ্য খেদি কেনে প্ৰদৰ্শন কৰে, সেয়া চোৱাটো আকৰ্ষণীয় হ’ব।

ছেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ পিছত ধাৰাবাহিকভাৱে দুখন ট্ৰফী জয় কৰা তৃতীয়টো দল হোৱাৰ সুযোগ আছে বেংগালুৰুৰ সন্মুখত।

লগতে পঢ়ক: বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; ইণ্ডিয়া এ টীমৰ পৰা বাদ পৰিল ৰিয়ান পৰাগ

বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; অনুষ্ঠিত নকৰে আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান

২৮ মাৰ্চত এম চিন্নাস্বামী ষ্টেডিয়ামত আৰ চি বি আৰু এছ আৰ এইচৰ মাজত আই পি এলৰ ১৯ সংখ্যক সংস্কৰণৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব ।কিন্তু তাৰ পূৰ্বে বিচিচিআই এ আই পি এল ২০২৬ ক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰে।

আই পি এল ২০২৬ ৰ প্ৰথমখন মেচ ২৮ মাৰ্চত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব। এই খেলখন সন্ধিয়া ৭:৩০ বজাৰ পৰা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰম্ভ হ’ব।কিন্তু এইবাৰ আই পি এলত কোনোধৰণৰ উদ্বোধনী অনুষ্ঠান নাথাকিব। বিচিচিআইৰ সম্পাদন দেৱজিৎ শইকীয়াই এই কথা নিশ্চিত কৰিছে।

বিগত বৰ্ষৰ ৪ জুনত আৰ চি বিৰ বিজয় পেৰেডৰ সময়ত এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপৃষ্ট হৈ ১১ জন লোকৰ মৃত্যু হৈছিল।তেওঁলোকৰ প্ৰতি সংবেদনশীলতা, স্মৃতি, আৰু সন্মান প্ৰদৰ্শন কৰি বিচিচিআইয়ে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে।যোৱা বছৰ আৰ চি বিয়ে পঞ্জাব কিংছক পৰাস্ত কৰি প্ৰথমটো আই পি এল খিতাপ দখল কৰিছিল।

বি চি চি আইয়ে শনিবাৰে, আই পি এলৰ প্রথমখন খেলৰ পূর্বে কোনো ধৰণৰ উদযাপন নকৰাৰ সিদ্ধান্ত লোৱা হৈছে৷অৱশ্যে বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে বিচিচিআই আৰু আইপিএল গভৰ্নিং কাউন্সিলে আইপিএল ২০২৬ৰ ভৱ্য সামৰণি অনুষ্ঠানৰ পৰিকল্পনা কৰিছে।

দেৱজিৎ শইকীয়াই কয়, “যোৱা বছৰৰ ৪ জুনত সংঘটিত হোৱা কৰুণ ঘটনাৰ বাবে, আই পি এল ২০২৬ৰ মুকলি দিনটোত কোনো ধৰণৰ আনুষ্ঠানিক অনুষ্ঠান নাথাকিব।বিচিচিআইয়ে কোনো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা নাই। অৱশ্যে আই পি এলৰ ফাইনেলৰ দিনটোত বি চি চি আইয়ে এক বৃহৎ সামৰণি অনুষ্ঠানৰ পৰিকল্পনা কৰিবও পাৰে।

মন কৰিবলগীয়া যে অহা ৩১ মে’ত আই পি এল ২০২৬ৰ ফাইনেল অনুষ্ঠিত হ’ব।১০টা দলৰ এই লীগৰ বাবে বিচিচিআইয়ে এতিয়ালৈকে মাত্ৰ ২০খন খেলৰ সময়সূচীহে ঘোষণা কৰিছে।

লগতে পঢ়ক: ভাৰতৰ প্ৰস্তুতিৰ পৰা ৰোহিত-কোহলী ফেক্টৰলৈ… কেতিয়া, ক’ত আৰু কিয় বিশেষ হ’ব এদিনীয়া বিশ্বকাপ ?  

দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল আৰ চি বি; চতুৰ্থবাৰৰ বাবে স্বপ্নভংগ দিল্লী কেপিটেলছৰ

মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৬ৰ খিতাপ দ্বিতীয়বাৰৰ বাবে দখল কৰিলে আৰ চি বিয়ে। ফাইনেলত প্ৰৱেশ কৰি চতুৰ্থবাৰৰ বাবে নিৰাশ হ’ব লগা হ’ল দিল্লী কেপিটেলছৰ

স্মৃতি মান্ধনা নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰে।

৫ ফেব্ৰুৱাৰীত বাডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) ২০২৬ৰ ফাইনেল মেচখন দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হৈছিল।

প্ৰথমে বেটিং কৰি জয়ৰ হ’বৰ বাবে দিল্লীয়ে আৰ চি বিক ২০৪ ৰানৰ লক্ষ্য বান্ধি দিছিল,যিটো আৰ চি বিয়ে শেষ অভাৰৰ চতুৰ্থ বলত অৰ্জন কৰিছিল।

চতুৰ্থবাৰৰ বাবে খিতাপ দখলৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল দিল্লী।চাৰিওটা ছিজনতে দিল্লী কেপিটেলছ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও শেষত হতাশ হ’ব লগা হয়।

উল্লেখ্য যে, ২০২৩ আৰু ২০২৫ চনৰ ডব্লিউ পি এল ছিজনত মুম্বাই ইণ্ডিয়ানছ (এম আই)য়ে জয়লাভ কৰাৰ লগতে ২০২৪ চনত আৰ চি বিয়ে জয়লাভ কৰিছিল।

মেচখনত আৰচিবিৰ আৰম্ভণি বৰ ভাল নাছিল।বিস্ফোৰক অ’পেনাৰ গ্ৰেচ হেৰিক পেভিলিয়নলৈ উভতি যোৱাৰ সময়ত মুঠ স্ক’ৰত মাত্ৰ ৯ ৰান সংযোজন হয়।

ইয়াৰ পিছতে অধিনায়ক স্মৃতি মান্ধনাই জৰ্জিয়া ৱালৰ সৈতে যোগ দি ইনিংছটো সুস্থিৰ কৰি তুলিছিল। দুয়োগৰাকী বেটছমেনে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই দলটোক স্মৰণীয় জয়ৰ দিশে আগুৱাই লৈ যায়।জৰ্জিয়া ৱালে ৫৪টা বলত ৭৯ ৰান সংগ্ৰহ কৰে। আনহাতে ৮৭ ৰান সংগ্ৰহ কৰি আউট হয় স্মৃতি মান্ধনা।

লগতে পঢ়ক: ‘আমাৰ টিকট বুক হৈ গৈছে,আমি কলম্বোলৈ যাম’; IND vs PAK ৰ মেচক লৈ সূৰ্যকুমাৰ যাদৱৰ প্ৰথম প্ৰতিক্ৰিয়া

‘উদযাপনতকৈ জীৱন বেছি গুৰুত্বপূৰ্ণ…ৰোড শ্ব’ বন্ধ হ’ব লাগে’; বেংগালুৰু ঘটনাক লৈ গৌতম গম্ভীৰৰ মন্তব্য

উদযাপনতকৈ জীৱন বেছি গুৰুত্বপূৰ্ণ;গৌতম গম্ভীৰ

RCB এ আই পি এল ২০২৫ জয়ৰ উদযাপনৰ সময়ত বেংগালুৰুত কেইবাজনো লোক নিহত আৰু আহত হোৱাৰ মৰ্মান্তিক ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে

এখন সংবাদমেলত তেওঁ কয় যে উদযাপনতকৈ জীৱন বেছি গুৰুত্বপূৰ্ণ।উল্লেখযোগ্য যে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই আয়োজন কৰা বিজয় পেৰেডৰ পূৰ্বেই ষ্টেডিয়ামৰ বাহিৰত প্ৰায় ২.৫ লাখ অনুৰাগী সমবেত হৈছিল।

হঠাতে ৰাইজ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। যাৰ ফলত ১১জন লোকে প্ৰাণ হেৰুৱাইছিল।

ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ বেংগালুৰুত আৰ চি বিৰ উদযাপনৰ সময়ত হোৱা হুলস্থুলৰ সন্দৰ্ভত কয় যে তেওঁ কেতিয়াও বিজয় উদযাপনৰ বাবে ৰোড শ্ব’ আয়োজন কৰাৰ পক্ষত নাছিল কাৰণ এনে অনুষ্ঠানে জীৱন বিপন্ন কৰিব পাৰে।

ভাৰতীয় ক্ৰিকেট দল ইংলেণ্ড ভ্ৰমণলৈ যোৱাৰ পূৰ্বে মুম্বাইত টেষ্টৰ নতুন অধিনায়ক শুভমান গীল আৰু গৌতম গম্ভীৰে এক সংবাদমেল অনুষ্ঠিত কৰে।এই সময়ছোৱাত গম্ভীৰে বেংগালুৰু দুৰ্ঘটনাক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

জীৱনটো বেছি গুৰুত্বপূৰ্ণ

গম্ভীয়ে কয়, ‘জীৱনটো অধিক গুৰুত্বপূৰ্ণ আৰু ভৱিষ্যতেও এই কথা কৈ থাকিম। ভৱিষ্যতে আমি এই ৰোড শ্ব’বোৰৰ প্ৰতি অলপ সচেতন হোৱা উচিত’।

‘আমি হয়তো এই ৰোড শ্ব’বোৰ নকৰাৰ বাবে অলপ বেছি সচেতন হ’ব পাৰিলোঁহেঁতেন৷আমি এই কাম (উদযাপন) বন্ধ দুৱাৰৰ আঁৰত বা ষ্টেডিয়ামত কৰিব পাৰো। এইটো বৰ দুখৰ কথা’।

‘নিহতসকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।আগলৈ এনেকুৱা একো নহ’ব বুলি আশা কৰিলো। আমি এই কাম কৰা উচিত নাছিল।যিকোনো সময়তে ১১ জন লোকক হেৰুৱাব নোৱাৰি। মোৰ বিশ্বাস ৰোড শ্ব’টো হ’ব নালাগিছিল’।

গম্ভিৰে আয়োজকসকলক অধিক সাৱধান হ’বলৈ আহ্বান জনায়।তেওঁ কয়, ‘অনুৰাগীৰ সংখ্যা বৃদ্ধি হৈছে নে নাই ক’ব নোৱাৰো।মই মাত্ৰ ক’ব পাৰো যে আমি দায়িত্বশীল নাগৰিক হোৱাটো প্ৰয়োজন’।

‘আমি প্ৰতিটো দিশতে দায়বদ্ধ হোৱাটো প্ৰয়োজন, সেয়া ফ্ৰেঞ্চাইজি হওক বা আন যিকোনো কামেই হওক।প্ৰতিটো জীৱনেই গুৰুত্বপূৰ্ণ। যদি আপুনি ৰোড শ্ব’ কৰিবলৈ সাজু নহয় তেন্তে কৰিব নালাগে। যিমান পাৰি সিমান সহজ।’

লগতে পঢ়ক: ছালত লগাই নেকি আলু ? সমাধান কৰিব ছালৰ সকলো সমস্যা

অনুমতি অবিহনে অনুষ্ঠিত কৰিছিল বিজয় পেৰেড,বিনামূলীয়া প্ৰৱেশৰ কথা কৰিছিল ঘোষণা; বেংগালুৰু ঘটনাৰ নতুন মোৰ

অনুমতি অবিহনে অনুষ্ঠিত কৰিছিল বিজয় পেৰেড

আই পি এল ২০২৫ৰ ফাইনেল খেলৰ পূৰ্বে ৩ জুনত আৰ চি বিৰ পৰিচালনা সমিতিয়ে বিজয়ৰ পেৰেডৰ বাবে বেংগালুৰু চহৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ বাবে অনুমতি বিচাৰিছিল।

জানিব পৰা মতে, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ পৰিচালনা সমিতিয়ে আৰক্ষীৰ পৰা অনুমতি পোৱাৰ পূৰ্বেই তেওঁলোকৰ বিজয় পেৰেডৰ কথা X ত এটা পোষ্টৰ জৰিয়তে এই তথ্য ৰাজহুৱা কৰিছিল। RCB ৰ একাউন্টৰ পৰা কৰা এই পোষ্টটো লগে লগে ভাইৰেল হৈ পৰিছিল।

বহুতে সন্দেহ কৰিছে যে, এই পোষ্টটোৰ পিছতেই ষ্টেডিয়ামত লাখ লাখ উপস্থিত হৈছিল। যাৰ ফলত পদপৃষ্ট হৈ ১১ জনকৈ লোকৰ মৃত্যু হয়।

বেংগালুৰু আৰক্ষীয়ে আৰচিবিক জনাইছিল যে তেওঁলোকে বিজয় পেৰেডৰ বাবে কোনো অনুমতি দিয়া হোৱা নাই।আৰক্ষীয়ে আৰচিবিৰ পৰিচালনা সমিতিক ইয়াক পিছুৱাই দিবলৈ আৰু ৪ জুনত বিজয়ৰ পেৰেড অনুষ্ঠিত নকৰিবলৈ কৈছিল।

কিন্তু ৪ জুনত আৰ চি বিৰ অফিচিয়েল হেণ্ডেলে আৰক্ষীৰ লগত পৰামৰ্শ নোলোৱাকৈ সময় আৰু স্থানৰ সৈতে বিজয় পেৰেড সন্দৰ্ভত এটা টুইট কৰিছিল।

এই বিজয় পেৰেডৰ বাবে এন্ট্ৰী বিনামূলীয়া বুলি জানিব পাৰি পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।ইয়াৰ পিছত আৰক্ষীয়ে দলটোক পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছিল।

আৰক্ষীয়ে আৰচিবিৰ মেনেজমেন্টক এই অনুষ্ঠানটো দেওবাৰে অনুষ্ঠিত কৰিবলৈ কৈছিল। কাৰণ ইয়াৰ ফলত যাতায়তত নূন্যতম ব্যাঘাত জন্মিব আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ যথেষ্ট সময় থাকিব।

কিন্তু ৰাজ্য চৰকাৰে আৰক্ষীৰ অনুৰোধক আওকাণ কৰি আই পি এলৰ বিজয়ৰ পেৰেডৰ বাবে আৰ চি বিক ৪ জুনৰ পৰিকল্পনা কৰাৰ সিদ্ধান্ত লৈছিল।

লগতে পঢ়ক: ভাৰতত নিৰ্মাণ কৰা হ’ব ৰাফেল;ফ্ৰান্সৰ ডাছল্টে টাটাৰ সৈতে মিলালে হাত

‘RCBৰ ইভেণ্টত আমাৰ কোনো ভূমিকা নাই, কিন্তু…; বেংগালুৰু ঘটনা সন্দৰ্ভত BCCI ৰ বিবৃতি

বেংগালুৰু ঘটনা সন্দৰ্ভত BCCI ৰ বিবৃতি

আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ (RCB) ঐতিহাসিক জয় উদযাপনৰ পূৰ্বে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত পদপৃষ্ট হৈ ১১ জন লোকৰ মৃত্যু হৈছে।

আনহাতে বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে। এই ঘটনা সন্দৰ্ভত এতিয়া BCCI এ সচিব দেৱজিৎ শইকীয়াই কয় যে, এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা।এনে ঘটনাৰ পৰা সকলোৱে শিক্ষা লব লাগে।

দেৱজিৎ শইকীয়াই লগতে কয় যে, ‘মই ভাবো এই ঘটনাত কিছু ভুল হৈছে।যদিও RCBৰ এই অনুষ্ঠানৰ সৈতে BCCIৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই,কিন্তু তথাপিও আমি ইয়াৰ পৰা শিক্ষা লোৱা উচিত।’

তেওঁ আৰু কয় যে BCCI এ এতিয়া এনে বিজয় উদযাপনৰ সন্দৰ্ভত কিছু নতুন নিয়ম প্ৰণয়নৰ কথা চিন্তা কৰিছে,যাতে ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিব পৰা যায়।

BCCIৰ উপ সভাপতি ৰাজীৱ শুক্লাৰ বক্তব্য

এই দুৰ্ঘটনা সন্দৰ্ভত বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কয় যে’ যি সহায় কৰিব পাৰি, আমি নিশ্চয় কৰিম।কৰ্ণাটক চৰকাৰৰ লগত মোৰ অহৰহ কথা-বতৰা হৈ আছে’।

‘ আমিও এই বিষয়ত গুৰুত্বসহকাৰে আলোচনা কৰি আছো।এই কৰুণ ঘটনাক লৈ ৰাজনীতি হ’ব নালাগে। এনে ঘটনা যিকোনো ঠাইতে হ’ব পাৰে, গতিকে ইয়াৰ সমাধান সামূহিক প্ৰচেষ্টাৰেহে সম্ভৱ’।

উপ-সভাপতি লগতে কয় যে, ‘ক্ৰিকেট এটা খেল,ইয়াত ৰাজনীতিৰ কোনো স্থান থাকিব নালাগে।আই পি এলৰ দৰে লীগত এনে ঘটনা ঘটিব, এই কথা কোনেও কল্পনা কৰা নাছিল। আমি সকলো ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে থিয় দিছো আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ’।

লগতে পঢ়ক: “অসমত আছে বাংলাদেশ আৰু পাকিস্তানৰ ফেচবুক ইউজাৰ”; মুখ্যমন্ত্ৰী