‘আমাৰ টিকট বুক হৈ গৈছে,আমি কলম্বোলৈ যাম’; IND vs PAK ৰ মেচক লৈ সূৰ্যকুমাৰ যাদৱৰ প্ৰথম প্ৰতিক্ৰিয়া

‘আমাৰ টিকট বুক হৈ গৈছে,আমি কলম্বোলৈ যাম’; IND vs PAK ৰ মেচক লৈ সূৰ্যকুমাৰ যাদৱৰ প্ৰথম প্ৰতিক্ৰিয়া

ভাৰত আৰু পাকিস্তানৰ হ’বলগীয়া মেচখনক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে। তেওঁ কৈছে যে, আমি কলম্বোলৈ যাম। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ ২০২৬,য’ত এইবাৰ ভাৰত আৰু শ্ৰীলংকাৰ যৌথ আয়োজনৰ অধীনত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। ৫ ফেব্ৰুৱাৰীত অধিনায়কসকলৰ এখন সংবাদমেল আয়োজন কৰা

ভাৰত আৰু পাকিস্তানৰ হ’বলগীয়া মেচখনক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে। তেওঁ কৈছে যে, আমি কলম্বোলৈ যাম।

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ ২০২৬,য’ত এইবাৰ ভাৰত আৰু শ্ৰীলংকাৰ যৌথ আয়োজনৰ অধীনত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে।

৫ ফেব্ৰুৱাৰীত অধিনায়কসকলৰ এখন সংবাদমেল আয়োজন কৰা হয় য’ত টিম ইণ্ডিয়াৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱেও অংশগ্ৰহণ কৰে।

ইয়াত তেওঁক ১৫ ফেব্ৰুৱাৰীত কলম্বো খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া পাকিস্তানৰ বিৰুদ্ধে গ্ৰুপ মেচখনৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল যাৰ সন্দৰ্ভত সূৰ্যকুমাৰ যাদৱে কৈছিল যে আমাৰ চিন্তাধাৰা অতি স্পষ্ট।

আমি পাকিস্তানৰ সৈতে খেলিবলৈ অস্বীকাৰ কৰা নাই, তেওঁলোকেহে নাকচ কৰিছে।আমাৰ বিমান বুকিং হৈ গৈছে আৰু আমি কলম্বোলৈ যাম।

আমাৰ মেচবোৰ ঠিক হৈ আছে,প্ৰথমে আমেৰিকা, তাৰ পিছত নেদাৰলেণ্ড আৰু তাৰ পিছত আমি কলম্বোলৈ যাম।

ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে কয় যে,পাকিস্তানৰ সিদ্ধান্তৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই।আমাক কোৱা হৈছে যে আমি ১৫ ফেব্ৰুৱাৰীত খেলখন খেলিম।আমি এছিয়া কাপতো খেলিছিলো আৰু যদি মেচখন হয় তেন্তে ১৫ তাৰিখেও খেলিম।

লগতে অধিনায়ক গৰাকীয়ে টিম ইণ্ডিয়াৰ উৎকৃষ্ট ফৰ্মৰ বিষয়ে কয় যে,আমি ড্ৰেছিং ৰুমৰ পৰিৱেশটো পাতল কৰি ৰাখিবলৈ চেষ্টা কৰোঁ,য’ত ব্যক্তিগত মাইলৰ খুঁটিৰ পৰিৱৰ্তে দলৰ প্ৰয়োজন অনুসৰি খেলখন খেলা হয়।

আপোনালোকে নিশ্চয় দেখিছে যে ঈশান কিষাণ ৯০ ৰানত আছিল আৰু তেওঁ ছয় মাৰি ১০০ ৰান সম্পূৰ্ণ কৰিছিল।খেলপথাৰত থকা খেলুৱৈ দুজনক নিজৰ ইচ্ছামতে খেলাৰ সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে।

লগতে পঢ়ক: মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ মহাৰণঃ ট্ৰফী দখলৰ যুঁজত আজি মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু আৰু দিল্লী কেপিটেলছ

শেহতীয়া প্ৰৱন্ধসমূহ