টি-২০ৰ অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে! দৌৰত আছে ৫ তাৰকা খেলুৱৈ

এক প্ৰতিবেদন অনুসৰি ব’ৰ্ডে বৰ্তমানৰ টি-২০ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অধিনায়কত্বৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে

ভাৰতীয় টি-২০ ক্ৰিকেট দলত এক ডাঙৰ সালসলনি হোৱাৰ সম্ভাৱনা দেখা দিছে । আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ বাবে টীম ইণ্ডিয়াই এজন নতুন টি-২০ অধিনায়ক লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ব’ৰ্ডে বৰ্তমানৰ টি-২০ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অধিনায়কত্বৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে ।

বাছনি সমিতি আৰু হেড কোচ গৌতম গম্ভীৰে মিলি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । জানিব পৰা মতে, সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টীম ইণ্ডিয়াই টি-২০ বিশ্বকাপ জয় কৰিছিল যদিও, তেওঁৰ সাম্প্ৰতিক ফৰ্ম আৰু ভৱিষ্যতৰ পৰিকল্পনাক লক্ষ্য কৰি এতিয়া এজন নতুন অধিনায়ক বাছনি কৰাৰ সময় আহি পৰিছে ।

বৰ্তমান টীম ইণ্ডিয়াৰ ক্ৰিকেট টিমৰ নেতৃত্ব ল’বলৈ ৫ গৰাকী শক্তিশালী দাবীদাৰ খেলুৱৈৰ নাম চৰ্চালৈ আহিছে :

শ্ৰেয়াছ আয়াৰ (আটাইতকৈ আগশাৰীৰ দাবীদাৰ)

নতুন টি-২০ অধিনায়ক হোৱাৰ দৌৰত শ্ৰেয়াছ আয়াৰৰ নাম আটাইতকৈ আগত আছে । আয়াৰে পূৰ্বতে নিজৰ নেতৃত্বত কলকাতা নাইট ৰাইডাৰ্ছ (KKR)-ক চেম্পিয়ন কৰাইছিল আৰু দিল্লী কেপিটেলছকো প্ৰথমবাৰৰ বাবে ফাইনেললৈ লৈ গৈছিল । আনকি ২০২৫ চনৰ ফাইনেলতো পঞ্জাব কিংছে তেওঁৰ অধিনায়কত্বত চমকপ্ৰদ প্ৰদৰ্শন কৰিছিল । উল্লেখ্য যে, যেতিয়া KKR-এ খিতাপ জিকিছিল, তেতিয়া বৰ্তমানৰ হেড কোচ গৌতম গম্ভীৰ সেই দলৰ মেণ্টৰ আছিল । শেহতীয়াকৈ এদিনীয়া দলৰ সহ-অধিনায়কৰ দায়িত্ব পোৱা আয়াৰে সূৰ্যকুমাৰৰ স্থানত চতুৰ্থ নম্বৰতো বেটিং কৰিব পাৰে ।

শুভমন গীল-

ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গীলো এই দৌৰৰ এজন অন্যতম বলীষ্ঠ প্ৰাৰ্থী । তেওঁৰ অধিনায়কত্বতে গুজৰাট টাইটানছ আইপিএল ২০২৬-ৰ ফাইনেলত উপনীত হৈছিল । টি-২০ ফৰ্মেটত নিয়মীয়াকৈ খেলা গীল অলপতে সমাপ্ত হোৱা আইপিএলত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন আছিল ।

ৰজত পাটিদাৰ-

সকলোকে আচৰিত কৰি এই দৌৰত নতুনকৈ সংযোজিত হৈছে ৰজত পাটিদাৰৰ নাম । যদিও তেওঁ এতিয়ালৈকে কোনো আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলা নাই, তথাপিও আইপিএলত আৰচিবী (RCB)-ক তেওঁৰ প্ৰথম বছৰতে চেম্পিয়ন কৰাই ইতিহাস ৰচনা কৰিছিল । এইবাৰো বেংগালুৰু তেওঁৰ নেতৃত্বতে চেম্পিয়ন হৈ একেৰাহে দুবাৰকৈ খিতাপ দখল কৰা ইতিহাসৰ তৃতীয়টো দল হিচাপে পৰিগণিত হৈছে ।

তিলক বাৰ্মা-

অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষতা প্ৰমাণ কৰা যুৱ খেলুৱৈ তিলক বাৰ্মাও মেনেজমেণ্টৰ বাবে এক আকৰ্ষণীয় বিকল্প হ’ব পাৰে । যদিও তেওঁক দায়িত্ব দিয়াটো এক বিপদাশংকা হ’ব পাৰে, কিন্তু গৌতম গম্ভীৰ এনেধৰণৰ সাহসী সিদ্ধান্ত ল’বলৈ জনাজাত । চাপৰ সময়ত সূক্ষ্মতাৰে খেলা তিলকক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিব পাৰে মেনেজমেণ্টে ।

হাৰ্দিক পাণ্ডিয়া-

ৰোহিত শৰ্মাৰ অৱসৰৰ পিছত হাৰ্দিক পাণ্ডিয়া অধিনায়কত্বৰ প্ৰথম পছন্দ আছিল যদিও পৰৱৰ্তী সময়ত সূৰ্যকুমাৰক দায়িত্ব দিয়া হৈছিল । হাৰ্দিকৰ ফিটনেছ আৰু কৰ্মভাৰ মেনেজমেণ্টৰ বাবে তেওঁক পূৰ্ণকালীন অধিনায়ক কৰাটো অলপ কঠিন হ’ব পাৰে, তথাপিও তেওঁৰ দাবীদাৰীক সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি । বিগত আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে তেওঁৰ প্ৰদৰ্শন যথেষ্ট হতাশাজনক আছিল ।

এতিয়া সমগ্ৰ দেশৰে চকু থাকিব বিচিচিআইৰ আনুষ্ঠানিক ঘোষণাৰ ওপৰত, যে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণত টীম ইণ্ডিয়াক কোনে নেতৃত্ব প্ৰদান কৰে ।

লগতে পঢ়ক : প্ৰথমে ফিটনেছ, তাৰ পিছতহে দলত স্থান! হাৰ্দিক পাণ্ডিয়া-ৰোহিত শৰ্মাক BCCI-ৰ আল্টিমেটাম

আই পি এলৰ মাজতে কন্যা সন্তানৰ পিতৃ হ’ল সূৰ্যকুমাৰ যাদৱ

ভাৰতীয় টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ ঘৰলৈ এটি দেৱশিশুৰ আগমন হৈছে।তেওঁৰ পত্নী দেৱীশা শ্বেট্টীয়ে এটি কন্যা সন্তান জন্ম দিছে।

২০২৬ চনৰ আই পি এল ছিজনৰ মাজতে ভাৰতীয় টি-২০ দলৰ অধিনায়ক তথা মুম্বাই ইণ্ডিয়ানছৰ তাৰকা বেটছমেন সূৰ্যকুমাৰ যাদৱৰ ঘৰত সুখে টোকৰ মাৰিছে।   সূৰ্যকুমাৰৰ পত্নী দেৱীশা শেট্টীয়ে এটি কন্যা সন্তান জন্ম দিছে।

প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হৈছে এই তাৰকা দম্পতী। সূৰ্য্যই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন মৰমলগা ছবি পোষ্ট কৰি অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে। ২০১৬ চনত সূৰ্য্যই দেৱীশা শ্বেট্টীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।এই খবৰটো বিয়পি পৰাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগী আৰু ক্ৰিকেটাৰে সূৰ্য্যক অভিনন্দন জনাইছে।

সূৰ্যকুমাৰ যাদৱে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো শ্বেয়াৰ কৰিছে। এই ফটোখনত তেওঁৰ কণমানি কন্যাৰ আঙুলিত ধৰি আছে। এই মৰমলগা ফটোখনৰ লগতে সূৰ্য্যই কেপচনত লিখিছে, ‘হাঁহি, প্ৰেম আৰু অগণন সপোনেৰে—আমি আমাৰ সৰু দেৱদূতক আদৰণি জনাইছো।’  

লগতে পঢ়ক: ক্ৰিকেটাৰ বন্ধু অমনপ্ৰীত সিং গিলৰ মৃত্যুত বিৰাট কোহলী আৱেগিক পোষ্ট

ধুৰন্ধৰ মুডত সূৰ্যকুমাৰ যাদৱ; অক্ষয় খান্নাৰ জনপ্ৰিয় গীতত আইকনিক ষ্টেপ

সূৰ্যকুমাৰ যাদৱৰ এটি ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। য’ত সূৰ্যকুমাৰ যাদৱক ধুৰন্ধৰৰ ছবিখনৰ অক্ষয় খান্নাৰ জনপ্ৰিয় গীতত আইকনিক ষ্টেপ কৰা দেখিবলৈ পোৱা গৈছে।

ক্ৰিকেট আৰু বলীউডৰ মাজৰ সংযোগ অনুৰাগীয়ে সদায় ভাল পাই আহিছে।খেলপথাৰত যেতিয়া খেলুৱৈসকলে ফিল্মী ষ্টাইলত দেখা দিয়ে, তেতিয়া অনুৰাগীৰ উৎসাহ আৰু বৃদ্ধি পায়। আজিকালি ‘ধুৰন্ধৰ ২’ ছবিখনৰ যাদু সকলোতে দেখা পোৱা যায়।ছবিখনৰ গীতৰ লগতে ইয়াৰ নৃত্যও জনসাধাৰণৰ মাজত ব্যাপকভাৱে ট্ৰেণ্ডিং হৈ আছে।

ইফালে ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন সূৰ্যকুমাৰ যাদৱকো এক সুকীয়া শৈলীত দেখা গৈছে।শেহতীয়াকৈ তেওঁ এটা অনুষ্ঠানত ধুৰন্ধৰৰ দৰে প্ৰৱেশ কৰিছিল, যাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

মুম্বাই ইণ্ডিয়ানছৰ এক অনুষ্ঠানত মঞ্চত সূৰ্যকুমাৰ যাদৱে এক নাটকীয় শৈলীৰে প্ৰৱেশ কৰে।ধুৰন্ধৰ ছবিখনৰ জনপ্ৰিয় গীত ‘Fa9la ‘ত নৃত্য কৰি অক্ষয় খান্নাৰ আইকনিক ষ্টেপ পুনৰ সৃষ্টি কৰে।তেওঁৰ নৃত্যশৈলী দেখি তাত উপস্থিত ৰাইজ আনন্দিত হৈছিল।

শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছে ইনষ্টাগ্ৰামত ইয়াৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যিটো এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।ক্ৰিকেট আৰু বলীউডৰ এই কল্পনাতীত সংমিশ্ৰণ অনুৰাগীসকলে যথেষ্ট ভাল পাইছে।

লগতে পঢ়ক: আই পি এল ২০২৬ত ছানৰাইজাৰ্ছৰ প্ৰথমটো জয়, ৬৫ ৰানত পৰাস্ত কলকাতা

ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দল আৰু তেওঁলোকৰ আই পি এল দল

টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি টিম ইণ্ডিয়া বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে

চলিত বছৰৰ ৮ মাৰ্চত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি টিম ইণ্ডিয়া বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে । ইয়াৰ মাত্ৰ তিনি সপ্তাহৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৬ । ২৮ মাৰ্চত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ । উদ্বোধনী মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি হ’ব ।

টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোত আছিল সঞ্জু চেমছন, ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহৰ দৰে তাৰকা খেলুৱৈ । টি-২০ বিশ্বকাপ বিজয়ী দলৰ প্ৰতিগৰাকী খেলুৱৈয়ে আই পি এল ২০২৬ত কোনটো দলৰ হৈ খেলিব জানক ।

কোন দলৰ হৈ কোনে খেলিব ?

মুম্বাই ইণ্ডিয়ানছ– সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, তিলক বাৰ্মা, যশপ্ৰীত বুমৰাহ

চেন্নাই চুপাৰ কিংছ- সঞ্জু চেমচন, শিৱম ডুবে

ছানৰাইজাৰ্ছ হায়দৰাবাদ- অভিষেক শৰ্মা, ঈশান কিষণ

কলকাতা নাইট ৰাইডাৰ্ছ – ৰিংকু সিং, বৰুণ চক্ৰৱৰ্তী

গুজৰাট টাইটানছ – ৱাশ্বিংটন সুন্দৰ, মহম্মদ চিৰাজ

দিল্লী কেপিটেলছ – কুলদীপ যাদৱ, অক্ষৰ পেটেল

পঞ্জাৱ কিংছ – অৰ্শদীপ সিং

ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দলত মুঠ ১৫ জন খেলুৱৈ আছিল যদিও ইয়াৰে ১৪ গৰাকীয়ে আই পি এল ২০২৬ত পূৰ্বৰ দলত আছে । এইবাৰ দল সলনি কৰা একমাত্ৰ খেলুৱৈ হৈছে সঞ্জু চেমছন । তেওঁ ৰাজস্থান ৰয়েলছ এৰি চেন্নাই ছুপাৰ কিংছত যোগদান কৰিছে । ৰবীন্দ্ৰ জাডেজা আৰু ছেম কাৰানৰ ঠাইত চেমছনে বাণিজ্যিক চুক্তিৰ অংশ হিচাপে চি এছ কেত যোগদান কৰে ।

ইফালে আই পি এল ২০২৬ত হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল আৰু ঈশান কিষণ যিয়ে নিজৰ নিজৰ দলৰ অধিনায়কত্ব কৰিব । হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক আৰু অক্ষৰ পেটেল দিল্লী কেপিটেলছৰ অধিনায়ক । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নিয়মীয়া অধিনায়ক পেট কামিন্স আঘাতপ্ৰাপ্ত হৈ প্ৰথম কেইখনমান মেচৰ পৰা আঁতৰি থকাৰ বাবে ঈশান কিষনক অস্থায়ী অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক : পি এছ এলত সন্ত্ৰাসবাদী আক্ৰমণৰ আতংক! বিদেশী খেলুৱৈয়ে লাভ কৰিছে ভাবুকি

আই পি এলৰ পিছতেই পুনৰ এক্সনত দেখা যাব টিম ইণ্ডিয়াক, নতুন শৃংখলাৰ সময় সূচী প্ৰকাশ

আয়াৰলেণ্ড ভ্ৰমণত টিম ইণ্ডিয়াৰ প্ৰথমখন মেচ ২৬ জুনত বেলফাষ্টত অনুষ্ঠিত হ’ব

২৮ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এল ২০২৬ৰ প্ৰস্তুতি তুংগত । এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ । ইয়াৰ পূৰ্বে শনিবাৰে বিচিচিআইয়ে আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ সময়সূচী ঘোষণা কৰে । সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় পুৰুষ দলটোৱে আয়াৰলেণ্ড ভ্ৰমণ কৰিব, দুয়োখন মেচ বেলফাষ্টত অনুষ্ঠিত হ’ব ।

আয়াৰলেণ্ড ভ্ৰমণত টিম ইণ্ডিয়াৰ প্ৰথমখন মেচ ২৬ জুনত বেলফাষ্টত অনুষ্ঠিত হ’ব । এই মেচখন ভাৰতীয় সময় অনুসৰি ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব । ২৮ জুনত অনুষ্ঠিত হ’ব ভাৰত বনাম আয়াৰলেণ্ডৰ দ্বিতীয়খন খেল । এই খেলখন বেলফাষ্টৰ চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাবত অনুষ্ঠিত হ’ব । এই খেলপথাৰত এইখন হ’ব টিম ইণ্ডিয়াৰ প্ৰথম টি-২০ মেচ, আনহাতে ভাৰতীয় দলটোৱে শেষবাৰৰ বাবে ইয়াত ২০০৭ চনত এদিনীয়া মেচ খেলিছিল ।

১ জুলাইৰ পৰা ভাৰত বনাম ইংলেণ্ডৰ টি-২০ শৃংখলা

২৮ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে চূড়ান্ত টি-২০ মেচৰ পিছত ভাৰতীয় ক্ৰিকেট দল ইংলেণ্ডলৈ ৰাওনা হ’ব, য’ত ১ জুলাইৰ পৰা পাঁচখন খেলৰ টি-২০ শৃংখলা আৰম্ভ হ’ব । ১১ জুলাইত দ্য এজিয়াছ বাউলত অনুষ্ঠিত হ’ব টি-২০ শৃংখলাৰ অন্তিমখন খেল । অৰ্থাৎ ১৩ দিনত টিম ইণ্ডিয়াই ৭ খন টি-২০ খেলিব ।

শেহতীয়াকৈ ভাৰতে তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ খিতাপ দখল কৰে । আহমেদাবাদত অনুষ্ঠিত হোৱা চূড়ান্ত মেচত নিউজীলেণ্ডক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰে ভাৰতীয় দলে । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ইতিহাস ৰচে আৰু ঘৰুৱা ক্ষেত্ৰত এই খিতাপ দখল কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ভাৰত । তদুপৰি ভাৰতে একেৰাহে দুখন টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক : বৰ্ষাপাৰাত আই পি এলৰ মহাৰণ, ৩০ মাৰ্চত ৰাজস্থান বমান চেন্নাইক লৈ ব্যাপক উৎসাহ

পিতৃ হ’বলৈ ওলাইছে সূৰ্যকুমাৰ যাদৱ;  পত্নীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

ভাৰতীয় ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱ আৰু তেওঁৰ পত্নী দেৱীশা শ্বেট্টীৰ বেবী শ্বাৱাৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন তথা টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে শেহতীয়াকৈ নিজৰ ব্যক্তিগত জীৱনক লৈ শিৰোনাম দখল কৰিছে।কাৰণ শীঘ্ৰেই পিতৃ হ’ব সূৰ্যকুমাৰ যাদৱ। তেওঁ আৰু পত্নী দেৱীশা শ্বেট্টীৰ এটা ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ’টোত সূৰ্যকুমাৰ যাদৱ পত্নী দেৱীশাৰ সৈতে এটা হলত প্ৰৱেশ কৰা দেখা গৈছে, দুয়োজনেই পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি।ভিডিঅ’টোত দেৱীশাৰ  বেবী বাম্পটো স্পষ্টকৈ দেখা যায়।

এই ভিডিঅ’ টো ভাইৰেল হোৱাৰ পিছতে তেওঁলোকৰ অনুৰাগী সকল আনন্দিত হৈছে আৰু সকলোৱে তেওঁলোকক অভিনন্দন জনাইছে। অৱশ্যে সূৰ্যকুমাৰ যাদৱে এতিয়ালৈকে এই ভাল খবৰটো অনুৰাগীৰ লগত শ্বেয়াৰ কৰা নাই।

লগতে পঢ়ক: শুভমন গীললৈ বিচিচিআইৰ বিশেষ বঁটা, তালিকাত নাই ৰোহিত-কোহলী

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সূৰ্যকুমাৰ যাদৱৰ ৫ বছৰ;  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে আৱেগিক ভিডিঅ’

টিম ইণ্ডিয়াৰ টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। আজি সূৰ্যকুমাৰ যাদৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাঁচ বছৰ সম্পূৰ্ণ কৰিছে।

সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে।তাৰ পিছৰে পৰা সূৰ্য্যই বিৰতিত আছে আৰু এতিয়া কিছুদিনৰ পিছত ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব।

ইফালে,  ১৪ মাৰ্চৰ দিনা সূৰ্যকুমাৰ যাদৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে,যিটো যথেষ্ট ভাইৰেল হৈ পৰিছে। দৰাচলতে সূৰ্য্যকুমাৰৰ আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাঁচ বছৰ সম্পূৰ্ণ হ’ল। এই ভিডিঅ’টোত তেওঁ পাঁচ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ বিষয়ে কৈছে।

সূৰ্যকুমাৰ যাদৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত তেওঁ এতিয়ালৈকে কৰা যাত্ৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।সূৰ্যকুমাৰ যাদৱে পোষ্টটোৰ কেপচনত লিখিছে যে- পাঁচ বছৰ আগতে এটা সপোন বাস্তৱত পৰিণত হৈছিল।ভাৰতীয় জাৰ্চি পিন্ধাটো এনে এক অনুভৱ যিটো, আজিও মই সম্পূৰ্ণৰূপে শব্দৰে প্ৰকাশ কৰিব নোৱাৰো, দলটোৰ বাবে আমি আগলৈ আৰু বহুতো স্মৰণীয় মুহূৰ্তৰ সৃষ্টি কৰিম।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ পাছৰে পৰা সূৰ্যকুমাৰ যাদৱে এই পৰ্যন্ত মুঠ ৩৭খন এদিনীয়া মেচ ,১১৩ খন টি-২০ আৰু মাত্ৰ এখন টেষ্ট মেচ খেলিছে।এই সময়ছোৱাত তেওঁ এদিনীয়াত ৭৭৩ ৰান, টি-২০ত ৩২৭২ ৰান আৰু টেষ্টত ৮ ৰান সংগ্ৰহ কৰিছে।

লগতে পঢ়ক: বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় মহিলা হকী দলৰ; ইটালীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ

আজি টি-২০ বিশ্বকাপৰ ফাইনেলৰ মহাৰণ, ইতিহাস সৃষ্টিৰ লক্ষ্যৰে কিৱিৰ বিৰুদ্ধে নামিব সূৰ্য বাহিনী

ৰোহিত শৰ্মাৰ মতে, ‘হিষ্ট্ৰী ৰিপিট’ৰ অৰ্থ ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পুনৰাবৃত্তি । টি-২০ বিশ্বকাপৰ ইতিহাসত থিয় দি থকা পুৰণি অভিলেখ ভংগ কৰাটোক ‘History Defeat’  বুলি কোৱা হয় ।

দেওবাৰে অনুষ্ঠিত হ’ব চলিত টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেলৰ মহাৰণ । আমহেদাবাদত আজি ইতিহাস সৃষ্টিৰ লক্ষ্যৰে নিউজীলেণ্ডৰ বিৰুদ্ধে নামিব ভাৰতীয় দল । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব এই হাই ভল্টেজ মেচখন । ফাইনেলৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ এটা মন্তব্য পুনৰ চৰ্চালৈ আহিছে- আমি ইতিহাসৰ পুনৰাবৃত্তি কৰিম, ইতিহাসক পৰাস্ত কৰিম ।’

এই শাৰীটো টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰচাৰৰ ভিডিঅ’ আৰু প’ডকাষ্টৰ সাক্ষাৎকাৰত প্ৰকাশ পাইছিল । ৰোহিত শৰ্মাই কৈছিল যে ক্ৰিকেটত ইতিহাসে বহু কথাই কয়, কিন্তু খেলপথাৰত সদায় নতুন ইতিহাস সৃষ্টি কৰিব পৰা যায় ।

দৰাচলতে ৰোহিতৰ এই বক্তব্য কেৱল সংলাপ নহয় বৰঞ্চ দলৰ মানসিকতাৰ প্ৰতিফলন ঘটায় । ইয়াত দুটা গুৰুত্বপূৰ্ণ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে : এটা হৈছে ইতিহাসৰ পুনৰাবৃত্তি আৰু আনটো হৈছে ইতিহাসক পৰাস্ত কৰা । তেতিয়া প্ৰশ্ন হয় সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টিম ইণ্ডিয়াই এই বিশ্বকাপৰ আৰম্ভণিতে ৰোহিতে প্ৰকাশ কৰা সপোন পূৰণ কৰিবলৈ সক্ষম হ’বনে ?  ইতিহাসৰ পুনৰাবৃত্তি হ’বনে আৰু ইতিহাস পৰাজিত হ’বনে ?

ৰোহিত শৰ্মাৰ মতে, ‘হিষ্ট্ৰী ৰিপিট’ৰ অৰ্থ ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পুনৰাবৃত্তি । অৰ্থাৎ ২০২৬ চনৰ খিতাপ জয় কৰিলে ভাৰতে পূৰ্বৰ খিতাপ ৰক্ষা কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ চেম্পিয়ন হ’ব ।

টি-২০ বিশ্বকাপৰ ইতিহাসত থিয় দি থকা পুৰণি অভিলেখ ভংগ কৰাটোক ‘History Defeat’  বুলি কোৱা হয় । যেনে : কোনো দলেই ডিফেণ্ডিং চেম্পিয়ন হিচাপে টি-২০ বিশ্বকাপত জয়ী হোৱা নাই । আয়োজক হিচাপেও কোনো দলেই টি-২০ বিশ্বকাপত জয়ী হোৱা নাই । ভাৰতত অনুষ্ঠিত হোৱা ২০২৬ চনৰ টি-২০ বিশ্বকাপত এই অভিলেখ ভংগ হ’ব পাৰে ।

আইচিচি পুৰুষ টি-২০ বিশ্বকাপ বিজয়ী-

২০০৭ – দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত প্ৰথম টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰে ।

২০০৯ – ইংলেণ্ডত পাকিস্তানে খিতাপ দখল কৰে ।

২০১০ – ইংলেণ্ডে ৱেষ্ট ইণ্ডিজত টি-২০ বিশ্বকাপ জয় কৰে ।

২০১২ – শ্ৰীলংকাত ৱেষ্ট ইণ্ডিজে খিতাপ দখল কৰে ।

২০১৪ – বাংলাদেশত শ্ৰীলংকাই খিতাপ দখল কৰে ।

২০১৬ – ভাৰতত অনুষ্ঠিত দ্বিতীয়খন টি-২০ বিশ্বকাপত ৱেষ্ট ইণ্ডিজে জয়লাভ কৰে ।

২০২১ – ওমান আৰু ইউ এ ইত অনুষ্ঠিত প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াই জয়লাভ কৰে ।

২০২২ – অষ্ট্ৰেলিয়াত ইংলেণ্ডে খিতাপ দখল কৰি দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয় ।

২০২৪ – আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰে ।

লগতে পঢ়ক : আহমেদাবাদত অগ্নিপৰীক্ষাঃ ভাৰতীয় বেটছমেন বনাম নিউজীলেণ্ডৰ বলিং যুঁজ

লক্ষ্য ছেমি ফাইনেল, ‘ডু অৰ ডাই মেচ‘ত আজি জিম্বাবুৱেৰ মুখামুখি হ’ব ভাৰতীয় দল

টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ মেচত জিম্বাবুৱেৰ বিৰুদ্ধে মৰণপণ যুঁজত মুখামুখি হ’ব ভাৰতীয় দল ।

আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ মেচত জিম্বাবুৱেৰ বিৰুদ্ধে মৰণপণ যুঁজত মুখামুখি হ’ব ভাৰতীয় দল । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭৬ ৰানৰ পৰাজয়ৰ পিছত এই মেচখন ভাৰতৰ বাবে ‘ডু অৰ ডাই’ পৰিস্থিতিত পৰিণত হৈছে । এনে পৰিস্থিতিত ভাৰতৰ টীম মেনেজমেন্টে মূল একাদশত যথেষ্ট পৰিৱৰ্তন কৰিব পাৰে ।

বাহিৰ হ’ব ৱাশ্বিংটন সুন্দৰ ?

শেষৰখন মেচত ৱাশ্বিংটন সুন্দৰক সুযোগ দিয়াৰ সিদ্ধান্ত দলটোৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হ’ল । বেট-বল কোনোধৰণেৰে উল্লেখযোগ্য অৱদান আগবঢ়াব নোৱাৰিলে সুন্দৰে । তেওঁ মাত্ৰ ১১ ৰান সংগ্ৰহ কৰে আৰু বলিঙতো প্ৰভাৱ পেলোৱাত ব্যৰ্থ হয় । ফলস্বৰূপে আজিৰ খেলখনৰ মূল একাদশলৈ সহ-অধিনায়ক অক্ষৰ পেটেলৰ প্ৰত্যাৱৰ্তন প্ৰায় নিশ্চিত । ধাৰণা কৰা হৈছে যে অক্ষৰে সুন্দৰৰ ঠাইত পোনপটীয়াকৈ দললৈ প্ৰত্যাৱৰ্তন ঘটাব পাৰে । কিয়নো তেওঁৰ বেটিং আৰু স্পীন বলিং দুয়োটাকে শক্তিশালী কৰিব পৰাৰ ক্ষমতা আছে ।

মধ্যম ক্ৰমতো পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা-

ভাৰতৰ মূল একাদশত মধ্যম ক্ৰমৰ ক্ষেত্ৰতো পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা প্ৰবল । এই বিশ্বকাপত ফিনিছাৰ হিচাপে প্ৰভাৱ পেলাব পৰা নাই ৰিংকু সিঙে । শেহতীয়াকৈ তেওঁৰ স্ক’ৰ ৬, ১, ১১*, ৬* আৰু ০, যাৰ ফলত দলটোৱে চূড়ান্ত অভাৰত দ্ৰুত ৰান সংগ্ৰহ কৰাটো কঠিন হৈ পৰিছে । তদুপৰি তিলক বাৰ্মা আৰু অভিষেক শৰ্মাৰ প্ৰদৰ্শনৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে । দুয়োজন বেটছমেনে ডাঙৰ স্ক’ৰ খেলিব পৰা নাই ৷ ফলস্বৰূপে এই তিনিজন খেলুৱৈৰ ভিতৰত অন্ততঃ দুজন খেলুৱৈ বাহিৰত বহিবলগীয়া হ’ব পাৰে ।

সঞ্জু চেমচনৰ প্ৰত্যাৱৰ্তন-

এই দৃশ্যপটত আজিৰ খেলখনত সঞ্জু চেমছনে সুযোগ পাব পাৰে । চেমছনে স্পীনৰ বিৰুদ্ধে ভাল বেটিং কৰে আৰু চেন্নাইৰ লেহেমীয়া খেলপথাৰত তেওঁৰ অভিজ্ঞতা দলটোৰ বাবে উপযোগী বুলি প্ৰমাণিত হ’ব পাৰে । তেওঁ ৩, ৪ বা ৫ নম্বৰত বেটিং কৰাৰ বিকল্পও আগবঢ়ায়, যিয়ে দলৰ সংমিশ্ৰণত নমনীয়তা যোগ কৰে ।

কুলদীপ যাদৱো হ’ব পাৰে ট্ৰাম্প কাৰ্ড-

তদুপৰি চেন্নাইৰ পিটচ বিবেচনা কৰিলে দলটোত অতিৰিক্ত স্পীনাৰো থাকিব পাৰে । এনে পৰিস্থিতিত কুলদীপ যাদৱে মূল একাদশত স্থান পাব পাৰে । কুলদীপৰ স্পীনে মাজৰ অভাৰত উইকেট লোৱাত সহায় কৰিব পাৰে ।

আজিৰ গুৰুত্বপূৰ্ণ খেলখনৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ-

সঞ্জু চেমচন, অভিষেক শৰ্মা, ঈশান কিষাণ (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ, ৰিংকু সিং, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপত এই দিনটোত হ’ব ভাৰত-পাকিস্তানৰ যুঁজ, জানক সম্পূৰ্ণ সূচী