সূৰ্যকুমাৰ যাদৱৰ এটি ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। য’ত সূৰ্যকুমাৰ যাদৱক ধুৰন্ধৰৰ ছবিখনৰ অক্ষয় খান্নাৰ জনপ্ৰিয় গীতত আইকনিক ষ্টেপ কৰা দেখিবলৈ পোৱা গৈছে।
ক্ৰিকেট আৰু বলীউডৰ মাজৰ সংযোগ অনুৰাগীয়ে সদায় ভাল পাই আহিছে।খেলপথাৰত যেতিয়া খেলুৱৈসকলে ফিল্মী ষ্টাইলত দেখা দিয়ে, তেতিয়া অনুৰাগীৰ উৎসাহ আৰু বৃদ্ধি পায়। আজিকালি ‘ধুৰন্ধৰ ২’ ছবিখনৰ যাদু সকলোতে দেখা পোৱা যায়।ছবিখনৰ গীতৰ লগতে ইয়াৰ নৃত্যও জনসাধাৰণৰ মাজত ব্যাপকভাৱে ট্ৰেণ্ডিং হৈ আছে।
ইফালে ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন সূৰ্যকুমাৰ যাদৱকো এক সুকীয়া শৈলীত দেখা গৈছে।শেহতীয়াকৈ তেওঁ এটা অনুষ্ঠানত ধুৰন্ধৰৰ দৰে প্ৰৱেশ কৰিছিল, যাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
মুম্বাই ইণ্ডিয়ানছৰ এক অনুষ্ঠানত মঞ্চত সূৰ্যকুমাৰ যাদৱে এক নাটকীয় শৈলীৰে প্ৰৱেশ কৰে।ধুৰন্ধৰ ছবিখনৰ জনপ্ৰিয় গীত ‘Fa9la ‘ত নৃত্য কৰি অক্ষয় খান্নাৰ আইকনিক ষ্টেপ পুনৰ সৃষ্টি কৰে।তেওঁৰ নৃত্যশৈলী দেখি তাত উপস্থিত ৰাইজ আনন্দিত হৈছিল।
শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছে ইনষ্টাগ্ৰামত ইয়াৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যিটো এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।ক্ৰিকেট আৰু বলীউডৰ এই কল্পনাতীত সংমিশ্ৰণ অনুৰাগীসকলে যথেষ্ট ভাল পাইছে।
লগতে পঢ়ক: আই পি এল ২০২৬ত ছানৰাইজাৰ্ছৰ প্ৰথমটো জয়, ৬৫ ৰানত পৰাস্ত কলকাতা









