দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বাদ পৰিব নেকি অভিষেক শৰ্মা ? দুৰ্বল ফৰ্মক লৈ  অধিনায়ক সূৰ্যকুমাৰ যাদৱে দিলে প্ৰতিক্ৰিয়া

সংবাদমেলৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অভিষেক শৰ্মাৰ দুৰ্বল ফৰ্মৰ বিষয়ে সোধা হৈছিল । অভিষেক গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে শূন্যত আউট হৈছে ।

টি-২০ বিশ্বকাপ ২০২৬ৰ ভাৰতৰ প্ৰথমখন ছুপাৰ ৮ মেচ ২২ ফেব্ৰুৱাৰী দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে শনিবাৰৰ সংবাদমেলৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অভিষেক শৰ্মাৰ দুৰ্বল ফৰ্মৰ বিষয়ে সোধা হৈছিল । অভিষেক গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে শূন্যত আউট হৈছে । অৱশ্যে অধিনায়ক সূৰ্যই কয় যে তেওঁ অ’পেনিং বেটছমেনক লৈ চিন্তিত নহয়, বৰঞ্চ বিপক্ষৰ দলটোক চিন্তিত ।

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০ বিশ্বকাপ ২০২৬ ছুপাৰ ৮ৰ খেলখন । একেখন খেলপথাৰতে ভাৰতে নেদাৰলেণ্ডক পৰাস্ত কৰিছিল লগতে এই মেচতো একেৰাহে তৃতীয়বাৰৰ বাবে শূণ্যত আউট হৈছিল অভিষেক । ইয়াৰ পূৰ্বে তেওঁ আমেৰিকা আৰু পাকিস্তানৰ বিৰুদ্ধে শূণ্যত পেভিলিয়নমুখী হৈছিল । যদিও ভাৰত এতিয়ালৈকে প্ৰতিযোগিতাখনত পৰাস্ত হোৱা নাই, তথাপিও তেওঁৰ ফৰ্ম নিশ্চিতভাৱে চিন্তাৰ বিষয় । অৱশ্যে অধিনায়ক সূৰ্যকুমাৰ যাদৱে অভিষেকৰ ফৰ্মক লৈ চিন্তিত নহয় বুলি উল্লেখ কৰে ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে শনিবাৰে এখন সংবাদমেলত সূৰ্যকুমাৰে কয় যে, “অভিষেকক লৈ চিন্তিত হোৱাসকলৰ বাবে মই চিন্তিত । ভৱিষ্যতে অভিষেক শৰ্মাই কোনবোৰ দলৰ বিৰুদ্ধে খেলিব সেইবোৰৰ বাবে মই অধিক চিন্তিত । যোৱা বছৰ তেওঁ সকলো কৰিছিল, এতিয়া তেওঁৰ অৱদানৰ বাবে আমি তেওঁক পুৰস্কৃত কৰাৰ সময় আহি পৰিছে ।”

সূৰ্যকুমাৰ যাদৱে কয় যে প্ৰতিবাৰেই ২৫০ ৰান সংগ্ৰহ কৰাটো প্ৰয়োজনীয় নহয় । তেওঁ কয় যে উইকেটবোৰ অলপ বেলেগ । আগন্তুক মেচসমূহত আমি খেলপথাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ম । উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছুপাৰ ৮ৰ খেলখন অনুষ্ঠিত হ’বলগীয়া নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত । নেদাৰলেণ্ডৰ বিৰুদ্ধে এই খেলপথাৰতে ভাৰতে জয়লাভ কৰে । অৱশ্যে দক্ষিণ আফ্ৰিকাইও চলিত সংস্কৰণত এই খেলপথাৰত দুখন মেচ খেলি দুয়োখন খেলতে জয়লাভ কৰিছে ।

লগতে পঢ়ক : ঘৰৰ মাটিতে ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলা হেৰুৱালে অষ্ট্ৰেলিয়াই, স্মৃতি মন্ধানাই ভংগ কৰিলে ছবছৰীয়া অভিলেখ

হেণ্ডশ্বেকৰ পৰা অভিষেক শৰ্মালৈ… ভাৰত-পাকিস্তান মেচৰ পূৰ্বে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে অধিনায়ক সূৰ্যই

ভাৰত-পাকিস্তান খেলখনক লৈ চলা বিতৰ্ক সন্দৰ্ভত অধিনায়ক সূৰ্যকুমাৰে কয় যে ভাৰতীয় দলটোৱে নিজৰ সময়সূচী অনুসৰি প্ৰস্তুতি চলাইছে ।

চলিত টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তান মহাৰণৰ পূৰ্বে শনিবাৰে ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে সংবাদমেল সম্বোধন কৰে । সংবাদমেলত তেওঁ মেচখনৰ সৈতে জড়িত কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়ে । যাদৱে কয় যে দলটো যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ আছে আৰু এতিয়া তেওঁৰ মনোযোগ কেৱল ক্ৰিকেটতহে আছে ।

“আমি সাজু আছিলো, আমাৰ বিমানো বুকিং হৈছিল”

খেলখনক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত অধিনায়ক সূৰ্যকুমাৰে কয় যে ভাৰতীয় দলটোৱে নিজৰ সময়সূচী অনুসৰি প্ৰস্তুতি চলাইছে । তেওঁ কয়, “আমি সূচী অনুসৰি প্ৰস্তুতি চলাই আছিলো । আমাৰ বিমানো বুকিং হৈছিল । আমি পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু আছিলো ।”

কলম্বো পিটচৰ বিষয়ে কি ক’লে ?

লগতে তেওঁ কয় যে দলটোৱে শ্ৰীলংকাত বহু দ্বিপাক্ষিক শৃংখলা খেলিছে, গতিকে পৰিস্থিতি নতুন নহয় । সূৰ্যকুমাৰ যাদৱে কয় যে আমি ইয়াত বহুত ক্ৰিকেট খেলিছো, গতিকে পৰিস্থিতি আৰু পিটচৰ বিষয়ে আমি ভালদৰেই জানো । উল্লেখ্য যে, পাকিস্তানৰ দলটো শ্ৰীলংকাত থকা প্ৰায় এসপ্তাহ হ’ল । সেয়েহে পাকিস্তানে প্ৰস্তুতি চলাবলৈ অধিক সময় লাভ কৰিছে নেকি সেই লৈ প্ৰশ্ন উত্থাপন হৈছিল ।

অভিষেক শৰ্মাৰ লৈ দিলে উত্তৰ-

পাকিস্তানৰ অধিনায়কয়কে অভিষেক শৰ্মাক খেলোৱাৰ ইচ্ছা প্ৰকাশ কৰাক লৈ সূৰ্যকুমাৰে হাঁহি হাঁহি উত্তৰ দিয়ে । তেওঁ কয়, ‘যদি পাকিস্তানে বিচাৰে যে আমি কাইলৈ ​​অভিষেকক খেলাব লাগে তেন্তে ঠিকেই আছে, আমি তেওঁক খেলাম ।’

অতিৰিক্ত পেচাৰ নে স্পীনাৰ ?

দলৰ মূল একাদশ সন্দৰ্ভত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল দলটোৱে অতিৰিক্ত বেগী বলাৰক সুযোগ দিব নে অতিৰিক্ত স্পীনাৰক অন্তৰ্ভূক্ত কৰিব । অধিনায়কগৰাকীয়ে স্বীকাৰ কৰে যে এই সিদ্ধান্ত সহজ নহয় । তেওঁ কয়, “আমাৰ হাতত মানসম্পন্ন স্পীনাৰ আৰু মানসম্পন্ন পেচাৰ দুয়োটা আছে । অতিৰিক্ত পেচাৰ আৰু অতিৰিক্ত স্পীনাৰৰ মাজৰ পৰা এটা বাছনি কৰাটো সহজ নহয় । ই এক অতি কঠিন সিদ্ধান্ত ।”

কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ এই মেচখনে গ্ৰুপৰ শীৰ্ষ স্থান নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে । দলৰ গঠন আৰু কৌশল দুয়োটা গুৰুত্বপূৰ্ণ হ’ব । উছমান তাৰিকৰ বিষয়ে কোৱাৰ সময়ত সূৰ্যই কয় যে আমাৰ দলটো সম্পূৰ্ণৰূপে সাজু আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু ।’

হেণ্ডশ্বেক সম্পৰ্কে কি ক’লে সূৰ্যই ?

মেচৰ আগত আৰু পিছত হেণ্ডশ্বেক কৰা হ’ব নেকি বুলি সোধাত সূৰ্যকুমাৰ যাদৱে পৰিৱ্শটো লঘু কৰে । তেওঁ ক’য়, “মেচৰ ওপৰত এৰি দিয়ক । আজি ভালকৈ টোপনি যাওক আৰু চাওক কাইলৈ ​​কি হয় ।” সূৰ্যই হাঁহি হাঁহি এই কথা কয় ।

লগতে পঢ়ক : পাকিস্তানৰ বিৰুদ্ধে হাইভল্টেজ মেচৰ পূৰ্বে টীম ইণ্ডিয়ালৈ সুখবৰ; অভিষেক শৰ্মাক লৈ আহিল ডাঙৰ আপডেট

নামিবিয়াক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতীয় দলে… টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ঘটিল এই ঘটনা

চলিত প্ৰতিযোগিতাত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলৰ এয়া আছিল একেৰাহে দ্বিতীয়টো জয় । নামিবিয়াক৯৩ ৰানত পৰাস্ত কৰে দলটোৱে । লগে লগে দলটোৱে অৰ্জন কৰিলে আন এক কৃতিত্ব ।

আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতীয় দলৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে । দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ১২ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা গ্ৰুপ এ-ৰ এখন মেচত ভাৰতে নামিবিয়াক ৯৩ ৰানত পৰাস্ত কৰে । ভাৰতীয় দলটোৱে নামিবিয়াক জয়ৰ বাবে ২১০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও দলটোৱে ১৬.২ অভাৰত ১১৬ ৰান সংগ্ৰহ কৰি অল আউট হয় ।

চলিত প্ৰতিযোগিতাত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলৰ এয়া আছিল একেৰাহে দ্বিতীয়টো জয় । ইয়াৰ পূৰ্বে গ্ৰুপৰ প্ৰথমখন খেলত আমেৰিকাক ২৯ ৰাণত পৰাস্ত কৰিছিল ভাৰতীয় দলে । এই জয়ৰ পিছতে ভাৰতীয় দলটোৱে এতিয়া পাকিস্তানক অতিক্ৰম কৰি গ্ৰুপ এৰ স্থানত শীৰ্ষস্থান দখল কৰিছে । ভাৰতীয় দলটোৱে এতিয়া ১৫ ফেব্ৰুৱাৰী দেওবাৰে গ্ৰুপৰ তৃতীয়খন মেচত পাকিস্তানৰ বিৰুদ্ধে খেলিব । এই খেলখন কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

নামিবিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়ত হাৰ্দিক পাণ্ডিয়াই আলৰাউণ্ড প্ৰদৰ্শন আগবঢ়ায় । ৫২ ৰান সংগ্ৰহ কৰাৰ লগতে দুটা উইকেট দখল কৰি মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে তেওঁ । ভাৰতৰ এই জয়ত ঈশান কিষণ আৰু মিষ্ট্ৰী স্পীনাৰ বৰুণ চক্ৰৱৰ্তেও গুৰুত্বপূৰ্ণ ভূমিকা লয় । অ’পেনাৰ ঈশানে ২৪টা বলত ৬১ ৰানৰ বিস্ফোৰক ইনিংছ খেলাৰ বিপৰীতে বৰুণে ৭ ৰানত তিনিটা উইকেট দখল কৰে ।

ভাৰতীয় দলটোৱে নামিবিয়াৰ বিৰুদ্ধে ৯৩ ৰানত জয়লাভ কৰি টি-২০ বিশ্বকাপৰ ইতিহাসত ৰানৰ হিচাপত সৰ্বাধিক জয় লাভ কৰে । ইয়াৰ পূৰ্বে ২০১২ চনৰ টি-২০ বিশ্বকাপত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰতে ইংলেণ্ডক ৯০ ৰানত পৰাস্ত কৰিছিল । ভাৰতীয় দলটোৱে সেই অভিলেখ আৰু অধিক উন্নত কৰিছে ।

ভাৰতৰ সৰ্ববৃহৎ টি-২০ বিশ্বকাপ জয় (ৰাণত)

-৯৩ ৰান বনাম নামিবিয়া, দিল্লী, ২০২৬

-৯০ ৰান বনাম ইংলেণ্ড, কলম্বো আৰ পি এছ, ২০১২

-৭৩ ৰান বনাম অষ্ট্ৰেলিয়া, মিৰপুৰ, ২০১৪

-৭১ ৰান বনাম জিম্বাবুৱে, মেলবৰ্ণ, ২০২২

-৬৮ ৰান বনাম ইংলেণ্ড, প্ৰভিডেন্স, ২০২৪

এই কৃতিত্ব অৰ্জন কৰা ভাৰত প্ৰথমটো দল-

কেৱল এয়াই নহয়, টি-২০ বিশ্বকাপৰ ইতিহাসত একেৰাহে দহখন মেচত জয়ী হোৱা প্ৰথমটো দল হিচাবে পৰিগণিত হৈছে ভাৰত । ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ সময়ত ভাৰতীয় দলটোৱে একেৰাহে আঠখন মেচত জয়লাভ কৰিছিল । সেই সময়ত কানাডাৰ বিৰুদ্ধে খেলখন টছ নোহোৱাকৈ পৰিত্যক্ত হৈছিল । চলিত বিশ্বকাপত দুয়োখন মেচতে জয়লাভ কৰিছে ।

একেৰাহে সৰ্বাধিক টি-২০ বিশ্বকাপত জয়-

১০*- ভাৰত (২০২৪-২০২৬)

৮- দক্ষিণ আফ্ৰিকা (২০২৪)

৮- অষ্ট্ৰেলিয়া (২০২২-২০২৪)

৭- ইংলেণ্ড (২০১০-২০১২)

৭- ভাৰত (২০১২-২০১৪)

লগতে পঢ়ক : টি-২০ বিশ্বকাপত অপ্ৰতিৰোধ্য ভাৰত, নামিবিয়াৰ বিৰুদ্ধে ৯৩ ৰানৰ বৃহৎ জয়

জয়েৰে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ, ২৯ ৰানত ধূলিস্যাৎ আমেৰিকা

শনিবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত আমেৰিকাক ২৯ ৰাণত পৰাস্ত কৰে ভাৰতে । সূৰ্যকুমাৰ যাদৱে দলৰ দায়িত্ব অকলেই কান্ধ পাতি ৮৪ ৰানৰ অপৰাজিত ইনিংছ খেলে ।

বৃহৎ জয়েৰে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে ভাৰতীয় দলে । শনিবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত আমেৰিকাক ২৯ ৰাণত পৰাস্ত কৰে ভাৰতে । প্ৰথমে বেটিং কৰা ভাৰতীয় দলটোৱে ১৬১ ৰান সংগ্ৰহ কৰিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকা দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৩২ ৰানহে কৰিবলৈ সক্ষম হয় । অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৮৪ ৰানৰ মেচ বিজয়ী ইনিংছ খেলে ।

মেচখনত আমেৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । আমেৰিকান বলাৰসকলে ভাৰতীয় বেটছমেনসকলক সম্পূৰ্ণ চাপত ৰাখিবলৈ সক্ষম হয় । অভিষেক শৰ্মা আৰু শিৱম ডুবে শূণ্যতে পেভিলিয়নমুখী হয় । তিলক বাৰ্মাই ২৫ আৰু ঈশান কিষণে ২০ ৰান সংগ্ৰহ কৰে । ভাৰতীয় টপ অৰ্ডাৰৰ ব্যৰ্থাৰ পাছত অধিনায়ক সূৰ্যকুমাৰ যাদৱে দলৰ দায়িত্ব অকলেই কান্ধ পাতি ৮৪ ৰানৰ অপৰাজিত ইনিংছ খেলে । তেওঁ ৪৯টা বলত এই বিস্ফোৰক ইনিংছ খেলি দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে ।

ইউ এছ এৰ হৈ শ্বেডলী ভান শ্বাকৱিক জিলিকি উঠে । একেটা অভাৰতে ঈশান কিষণ, তিলক বাৰ্মা, আৰু শিৱম ডুবেক আউট কৰে তেওঁ । চাৰি অভাৰত ২৫ ৰানত ৪ উইকেট দখল কৰে তেওঁ । হৰমীত সিঙেও দুটা উইকেট দখল কৰে ।

ভাৰতৰ প্ৰথমটো জয়-

টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতীয় দলৰ এয়া প্ৰথমটো জয় । ইয়াৰ পূৰ্বে পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজেও প্ৰথমখন মেচত জয়লাভ কৰিছে । ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ মহম্মদ চিৰাজে ৪ অভাৰত মাত্ৰ ২৯ ৰানত ৩ উইকেট দখল কৰে । প্ৰথম অৱস্থাত ছিৰাজ ভাৰতৰ মূল দলৰ অংশ নাছিল যদিও আঘাতপ্ৰাপ্ত হৰ্ষিত ৰানাৰ ঠাইত তেওঁক অন্তৰ্ভূক্ত কৰা হয় ।

এই মেচত অৰ্শদীপ সিং আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট দখল কৰে । মিষ্ট্ৰী স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়েও এটা উইকেট দখল কৰে । ৪ অভাৰত ৩৪ ৰান দিয়া হাৰ্দিক পাণ্ডিয়া এই মেচৰ সৰ্বাধিক ব্যয়বহুল বলাৰ হিচাপে প্ৰমাণিত হয় ।

লগতে পঢ়ক : বাংখেড়েত সংকটমোচক সূৰ্যকুমাৰ, বিস্ফোৰক বেটিঙেৰে উদ্ধাৰ কৰিলে দলক

বাংখেড়েত সংকটমোচক সূৰ্যকুমাৰ, বিস্ফোৰক বেটিঙেৰে উদ্ধাৰ কৰিলে দলক

ধাৰাবাহিকভাৱে উইকেটৰ পতন ঘটাৰ লগতে ৰানৰ হাৰ অবিশ্বাস্যভাৱে লেহেমীয়া হোৱাৰ বিপৰীতে অধিনায়ক সূৰ্যকুমাৰ যাদৱ দলৰ সংকটমোচকৰ ভূমিকাত অৱতীৰ্ণ হয় ।

মুম্বাইৰ ৱাংখেড়েত ষ্টেডিয়ামত আমেৰিকাৰ বলাৰে প্ৰতিগৰাকী ভাৰতীয়ক আচৰিত কৰি তোলে । বিস্ফোৰক বেটছমেনেৰে ভৰপূৰ টিম ইণ্ডিয়াই আমেৰিকাৰ বিৰুদ্ধে এটা এটা ৰান সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰা পৰিলক্ষিত হয় । ধাৰাবাহিকভাৱে উইকেটৰ পতন ঘটাৰ লগতে ৰানৰ হাৰ অবিশ্বাস্যভাৱে লেহেমীয়া হোৱাৰ বিপৰীতে অধিনায়ক সূৰ্যকুমাৰ যাদৱ দলৰ সংকটমোচকৰ ভূমিকাত অৱতীৰ্ণ হয় । প্ৰথম অৱস্থাত তেওঁ ইউ এছ এৰ বলাৰসকলক সন্মান দিছিল যদিও শেষত তেওঁ নিজৰ স্বাভাৱিক শ্বট খেলি দলটোৰ স্ক’ৰ ১৫০ৰ ওপৰলৈ লৈ যায় । এটা সময়ত টিম ইণ্ডিয়াই ১২৫ ৰানৰ স্ক’ৰতো উপনীত নহ’ব যেন ধাৰণা কৰা হৈছিল । কিন্তু সূৰ্যকুমাৰ যাদৱে অপৰাজিত ৮৪ ৰানেৰে ভাৰতৰ স্ক’ৰ ১৬১ ৰানলৈ লৈ যায় ।

ভাৰতীয় মূলৰ খেলুৱৈৰে গঠিত আমেৰিকাৰ দলটোৱে আশা কৰাতকৈ ভাল প্ৰদৰ্শন আগবঢ়ায় । এটা শক্তিশালী ভাৰতীয় দলৰ বিৰুদ্ধে তেওঁলোক যে সম্পূৰ্ণ সাজু হৈ আহিছে সেয়া স্পষ্ট হৈ পৰিছিল । শূণ্য ৰানতে ভাৰতৰ তাৰকা বেটছমেন অভিষেক শৰ্মাৰ উইকেটৰ পতন ঘটে । শিৱম ডুবেও একাউণ্ট খোলাত ব্যৰ্থ হয় । ৰিংকু সিঙে ১৪টা বলত ৬ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই ৬টা বলত ৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ।

পাৱাৰপ্লেৰ প্ৰথম ছয় অভাৰত চাৰিটা উইকেট হেৰুওৱা, বিস্ফোৰক বেটছমেনেৰে ভৰি থকা টিম ইণ্ডিয়াই ৭২ ৰানত পঞ্চমটো আৰু ৭৭ ৰানত ষষ্ঠ উইকেট হেৰুৱাই । সকলো তাৰকা বেটছমেন পেভিলিয়নলৈ উভতি আহিছিল যদিও সূৰ্যকুমাৰ যাদৱে দলক উদ্ধাৰৰ দায়িত্ব অকলেই কান্ধ পাতি লৈ ক্ৰীজত থাকে । মাত্ৰ ৪৯টা বলত ৮৪ ৰানৰ উল্লেখযোগ্য ইনিংছ খেলি সূৰ্যকুমাৰ যাদৱে । তেওঁৰ এই দায়িত্বশীল ইনিংছত ১০টা চাৰি আৰু ৪টা ছয় আছিল । অক্ষৰ পেটেলে দুটা চাৰিৰ সহায়ত ১১টা বলত ১৪ ৰান সংগ্ৰহ কৰে ।

লগতে পঢ়ক : টিম ইণ্ডিয়াত সালসলনি ! হৰ্ষিত ৰাণাৰ সলনি এতিয়া খেলিব এইজন স্পীডষ্টাৰ !

‘আমাৰ টিকট বুক হৈ গৈছে,আমি কলম্বোলৈ যাম’; IND vs PAK ৰ মেচক লৈ সূৰ্যকুমাৰ যাদৱৰ প্ৰথম প্ৰতিক্ৰিয়া

ভাৰত আৰু পাকিস্তানৰ হ’বলগীয়া মেচখনক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে। তেওঁ কৈছে যে, আমি কলম্বোলৈ যাম।

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ ২০২৬,য’ত এইবাৰ ভাৰত আৰু শ্ৰীলংকাৰ যৌথ আয়োজনৰ অধীনত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে।

৫ ফেব্ৰুৱাৰীত অধিনায়কসকলৰ এখন সংবাদমেল আয়োজন কৰা হয় য’ত টিম ইণ্ডিয়াৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱেও অংশগ্ৰহণ কৰে।

ইয়াত তেওঁক ১৫ ফেব্ৰুৱাৰীত কলম্বো খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া পাকিস্তানৰ বিৰুদ্ধে গ্ৰুপ মেচখনৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল যাৰ সন্দৰ্ভত সূৰ্যকুমাৰ যাদৱে কৈছিল যে আমাৰ চিন্তাধাৰা অতি স্পষ্ট।

আমি পাকিস্তানৰ সৈতে খেলিবলৈ অস্বীকাৰ কৰা নাই, তেওঁলোকেহে নাকচ কৰিছে।আমাৰ বিমান বুকিং হৈ গৈছে আৰু আমি কলম্বোলৈ যাম।

আমাৰ মেচবোৰ ঠিক হৈ আছে,প্ৰথমে আমেৰিকা, তাৰ পিছত নেদাৰলেণ্ড আৰু তাৰ পিছত আমি কলম্বোলৈ যাম।

ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে কয় যে,পাকিস্তানৰ সিদ্ধান্তৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই।আমাক কোৱা হৈছে যে আমি ১৫ ফেব্ৰুৱাৰীত খেলখন খেলিম।আমি এছিয়া কাপতো খেলিছিলো আৰু যদি মেচখন হয় তেন্তে ১৫ তাৰিখেও খেলিম।

লগতে অধিনায়ক গৰাকীয়ে টিম ইণ্ডিয়াৰ উৎকৃষ্ট ফৰ্মৰ বিষয়ে কয় যে,আমি ড্ৰেছিং ৰুমৰ পৰিৱেশটো পাতল কৰি ৰাখিবলৈ চেষ্টা কৰোঁ,য’ত ব্যক্তিগত মাইলৰ খুঁটিৰ পৰিৱৰ্তে দলৰ প্ৰয়োজন অনুসৰি খেলখন খেলা হয়।

আপোনালোকে নিশ্চয় দেখিছে যে ঈশান কিষাণ ৯০ ৰানত আছিল আৰু তেওঁ ছয় মাৰি ১০০ ৰান সম্পূৰ্ণ কৰিছিল।খেলপথাৰত থকা খেলুৱৈ দুজনক নিজৰ ইচ্ছামতে খেলাৰ সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে।

লগতে পঢ়ক: মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ মহাৰণঃ ট্ৰফী দখলৰ যুঁজত আজি মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু আৰু দিল্লী কেপিটেলছ

টি-২০ বিশ্বকাপৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল, জানক নিৰ্বাচিত খেলুৱৈসকলৰ বিগত এটা বছৰৰ প্ৰদৰ্শন

টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ লগে লগে বাছনি সন্দৰ্ভত বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে । জানক নিৰ্বাচিত সকলৰ বিগত এবছৰৰ প্ৰদৰ্শন ।

বি চি চি আইয়ে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ লগে লগে বাছনি সন্দৰ্ভত বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে । যিসকল খেলুৱৈক সুযোগ দিয়া হৈছে আৰু যিসকলক সুযোগ দিয়া হোৱা নাই তেওঁলোকৰ পৰিসংখ্যাৰ পাৰ্থক্যৰ বিষয়ে অনুৰাগীসকলে আলোচনা কৰিছে । এই বিতৰ্ক স্বাভাৱিক যদিও যিকোনো দল নিৰ্বাচনৰ প্ৰকৃত মাপকাঠী আৱেগ নহয়, পৰিসংখ্যা আৰু শেহতীয়া প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে । যদি ভাৰতে টি-২০ বিশ্বকাপৰ খিতাপ ৰক্ষা কৰিব বিচাৰে তেন্তে এই ১৫ জন খেলুৱৈয়ে নিজৰ সকলোখিনি দিব লাগিব ।

যদি আমি ২০২৪ চনৰ ২০ ডিচেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ সামগ্ৰিক প্ৰদৰ্শন চাওঁ, তেন্তে স্পষ্ট যে নিৰ্বাচকসকলে দ্ৰুত স্ক’ৰিং ক্ষমতা, ইমপেক্ট খেলুৱৈ, অল-ৰাউণ্ড অৱদানকাৰী আৰু উইকেট লোৱাৰ ক্ষমতা থকা খেলুৱৈক অগ্ৰাধিকাৰ দিছে । যোৱা এটা বছৰত বিশ্বকাপ দলৰ বাবে নিৰ্বাচিত খেলুৱৈসকলৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ প্ৰদৰ্শন চাওঁ আহক । ইয়াৰ ভিতৰত আই পি এল, ঘৰুৱা প্ৰতিযোগিতা, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁলোকৰ প্ৰদৰ্শন অন্তৰ্ভুক্ত আছে ।

শীৰ্ষ ক্ৰম : দ্ৰুত আৰম্ভণিৰ নিশ্চিতি

ভাৰতীয় দলৰ টপ অৰ্ডাৰত থকা আগ্ৰাসন স্পষ্টকৈ দেখা গৈছে ।

অভিষেক শৰ্মাঃ বিগত এটা বছৰত ভাৰতীয় দলৰ অন্যতম বিপজ্জনক টি-২০ বেটছমেন হিচাপে পৰিগণিত হৈছে অভিষেক শৰ্মা । ৪১খন মেচত ১৬০২ ৰান, গড় ৪১.০৭ আৰু ২০২ ৰ ওপৰৰ ষ্ট্ৰাইক ৰেটে তেওঁৰ পাৱাৰপ্লে’ক সম্পূৰ্ণৰূপে নিজৰ পক্ষত ঘূৰাই অনাৰ ক্ষমতাক সূচায় । তিনিটা শতক আৰু নটা অৰ্ধশতকত তেওঁৰ উদ্দেশ্য স্পষ্টকৈ প্ৰমাণিত হৈছে ।

সঞ্জু চেমছনঃ সঞ্জু চেমছনকো শীৰ্ষত ক্ৰমত স্থান দিয়া হৈছে । ৩০খন মেচত তেওঁৰ ৭৪০ ৰান আৰু গড় ৩২.১৭য়ে তেওঁৰ অভিজ্ঞতাক প্ৰতিফলিত কৰে । যদিও তেওঁৰ ষ্ট্ৰাইক ৰেট ১৩৫ৰ ওচৰত থাকে, তথাপিও তেওঁৰ ধাৰাবাহিকতা আৰু মেচ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাই তেওঁক উপযোগী কৰি তোলে ।

ঈশান কিষনঃ ভাৰতীয় দলত ঈশান কিষনৰ বাছনি তেওঁৰ পৰিসংখ্যাই অধিক শক্তিশালী কৰি তুলিছে । ২৪খন মেচত তেওঁৰ ৮৭১ ৰান, গড় ৪৫.৮৫ আৰু ১৭৬.৩১ ষ্ট্ৰাইক ৰেটৰ লগতে তিনিটা শতকে তেওঁৰ দ্ৰুত আৰম্ভণি আৰু ডাঙৰ স্ক’ৰ গঢ়ি তোলাৰ ক্ষমতা প্ৰমাণ কৰিছে । এই ৰান আই পি এল আৰু ঘৰুৱা প্ৰতিযোগিতাতৰ পৰা আহিছে ।

মধ্য ক্ৰম : স্থিৰতা আৰু চাপৰ মাজত ৰান

মিডল অৰ্ডাৰৰ দায়বদ্ধতা সেইসকল বেটছমেনৰ বাবে থাকে যিয়ে ইনিংছ চম্ভালিব পাৰে আৰু প্ৰয়োজনত ৰান সংগ্ৰহৰ গতি বৃদ্ধি কৰিব পাৰে ।

সূৰ্যকুমাৰ যাদৱঃ ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৪৪খন খেলত ১০৯৯ ৰান সংগ্ৰহ কৰিছে । ১৫২ ওপৰৰ ষ্ট্ৰাইক ৰেট আৰু পাঁচটা অৰ্ধশতকে দেখুৱাইছে যে তেওঁ শতক অৰ্জন নকৰাকৈয়ো ধাৰাবাহিকভাৱে প্ৰভাৱ পেলাবলৈ সক্ষম ।

তিলক বাৰ্মাঃ তিলক বাৰ্মাই ৩৬খন খেলত ৯১০ ৰান সংগ্ৰহ কৰিছে । ৩৯.৫৬ গড়ে তেওঁৰ কঠিন পৰিস্থিতিত অটল থকাৰ ক্ষমতা দেখুৱাইছে, যিটো বিশ্বকাপৰ দৰে প্ৰতিযোগিতাত অতি গুৰুত্বপূৰ্ণ ।

ফিনিচাৰ আৰু অল-ৰাউণ্ডাৰ: শেষ অভাৰৰ অস্ত্ৰ

হাৰ্দিক পাণ্ডিয়াঃ ভাৰতীয় দলৰ এটা মূল শক্তি হাৰ্দিক পাণ্ডিয়া । ৩২খন মেচত ৬১৩ ৰান, ১৬০ৰ ওপৰত ষ্ট্ৰাইক ৰেট, ২৮ উইকেটৰ সৈতে তেওঁৰ অৱদান দুয়োটা বিভাগতে গুৰুত্বপূৰ্ণ ।

শিৱম ডুবেঃ শিৱম ডুবেই ৩৫ খন মেচত, ২৮.৭১ গড়ে ৬০৩ ৰান সংগ্ৰহ কৰাৰ ল গতে ১৭টা উইকেট দখল কৰি নিজৰ যোগ্যতা প্ৰমাণ কৰিছে । তেওঁৰ নামত ২টা অৰ্ধ শতক আছে ।

অক্ষৰ পেটেলঃ অক্ষৰ পেটেলে ৩১ খন মেচত ৪৪৬ ৰান আৰু ২২ টা উইকেটেৰে দলটোক ভাৰসাম্য প্ৰদান কৰাৰ বিপৰীতে তেওঁৰ ৭.৫৮ ইকনমি দলৰ বাবে এক ডাঙৰ শক্তি । তেওঁৰ গড় ২৩.৪৭ ।

ৰিংকু সিং : বিস্ফোৰক বেটছমেন ৰিংকু সিঙে ২৫খন মেচত ৪২১ ৰান সংগ্ৰহ কৰি ফিনিছাৰৰ ভূমিকাত আত্মবিশ্বাস প্ৰদৰ্শন কৰিছে । তেওঁৰ গড় ২৬.৩১ আৰু তেওঁৰ নামত এটা অৰ্ধ শতক আছে ।

ৱাশ্বিংটন সুন্দৰঃ যোৱা এবছৰত টি-২০ৰ ১২খন মেচত ১৫৬.৯৪ ষ্ট্ৰাইক ৰেটত ২২৬ ৰান সংগ্ৰহ কৰি অৰিহণা যোগোৱাৰ লগতে ৬টা উইকেটো দখল কৰিছে ৱাশ্বিংটন সুন্দৰে । যাৰ জৰিয়তে তেওঁ নিম্ন ক্ৰমৰ এগৰাকী উপযোগী বেটছমেন আৰু বিকল্প স্পীনাৰ হিচাপে দলৰ ভাৰসাম্য ৰক্ষা কৰিছে ।

বলিং- ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি

বলিং বিভাগে ভাৰতক খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী কৰি তুলিছে ।

যশপ্ৰীত বুমৰাহঃ মাত্ৰ ৬.৮৮ ৰ ইকনমি ৰেটত ২৫খন মেচত ৩২টা উইকেট দখল কৰি নিজৰ যোগ্যতা প্ৰমাণ কৰিছে বুমৰাহে । টি-২০ত তেওঁৰ সৰ্বশ্ৰেষ্ঠ বলিং ২২/৪ ।

বৰুণ চক্ৰৱৰ্তীঃ বৰুণ চক্ৰৱৰ্তীয়ে ৩৭খন মেচত ৫৫টা উইকেটৰে সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হৈছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ বলিং ২৪/৫ আৰু ইকনমি ৭.৬২ ।

কুলদীপ যাদৱঃ ভাৰতীয় দলৰ এগৰাকী অভিজ্ঞ বলাৰ কুলদীপ যাদৱে বহু সময়ত নিজৰ স্পীন যাদুৰে সক্ষমতা প্ৰদৰ্শন কৰিছে । তেওঁ ২৪ খন মেচত ৩৬ টা উইকেট দখল কৰিছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ বলিং ৭/৪ আৰু ইকনমি ৭.০৬ ।

অৰ্শদীপ সিং- ভাৰতীয় দলৰ আন এগৰাকী নিৰ্ভৰযোগ্য বলাৰ হৈছে অৰ্শদীপ সিং । ২৯ খন মেচত তেওঁ ৩৬ টা উইকেট দখল কৰিছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ বলিং ১৬/৩ ।

হৰ্ষিত ৰাণাঃ হৰ্ষিত ৰাণাই ১৯খন মেচত ২২টা উইকেট দখল কৰি ভৱিষ্যতৰ বিকল্প হিচাপে দৃষ্টি আকৰ্ষণ কৰিছে যদিও তেওঁৰ ইকনমি নিয়ন্ত্ৰণৰ প্ৰয়োজন ।

লগতে পঢ়ক : ৪ বেটছমেন, ৪ অল ৰাউণ্ডাৰ, ২ উইকেটকীপাৰ… টি-২০ বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াৰ কম্বিনেচন

নিউ চণ্ডীগড়ত আজি ভাৰত–দক্ষিণ আফ্রিকাৰ দ্বিতীয় টি–২০ গিল, সূর্যকুমাৰৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট

পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাৰ দ্বিতীয়খন মেচত আজি মুখামুখি হ’ব ভাৰত-দক্ষিণ আফ্রিকা । তাৰকা বেটাৰ শুভমন গিল আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট ৷

ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব ৷ শৃংখলাৰ প্রথমখন মেচত সহজ বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে আজিৰ মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছে ৷

মঙলবাৰে কটকত অনুষ্ঠিত মেচখনত ভাৰতীয় দলটোৱে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰিলেও তাৰকা বেটাৰ শুভমন গিল আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট ৷ চলিত বর্ষত গিলে এতিয়ালৈকে ১৩খন মেচ খেলিছে যদিও এখনতো অর্ধশতক কৰিবলৈ সক্ষম হোৱা নাই ৷ গিলৰ সর্বোচ্চ ৰান হ’ল ৪৭ ৷

ইফালে, অধিনায়ক সূর্যকুমাৰে চলিত বর্ষত ১৮খন মেচ খেলিছে যদিও অর্ধশতকৰ মুখ দেখা নাই ৷ অধিনায়কগৰাকীৰ সর্বোচ্চ ৰান হ’ল অপৰাজিত ৪৭ ৷ এই দুয়োগৰাকী তাৰকা বেটাৰৰ দুর্বল ফর্মক লৈ সম্প্রতি চিন্তিত হৈ পৰিছে দলীয় মেনেজমেণ্ট ৷ অৱশ্যে আজিৰ মেচত দুয়োগৰাকী বেটাৰে নিজৰ ছন্দ ঘূৰাই আনিব পাৰিব বুলি আশাবাদী দলীয় মেনেজমেণ্ট ৷

ইফালে, আজিৰ মেচখনৰ মূল একাদশত স্থান লাভৰ বাবে যুঁজ চলিব অর্শদীপ সিং আৰু কুলদীপ যাদৱৰ মাজত ৷ বেটিং ক্রমৰ অষ্টম স্থানটো শক্তিশালী কৰাৰ বাবে আজিৰ মেচখনত কুলদীপে মূল একাদশত স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে ৷

লগতে পঢ়ক : আই চি চিৰ ৰেংকিঙত ৰোহিত-কোহলীৰ দপদপনি… বুমৰাহ-বৰুণ-অভিষেকৰো আধিপত্য

অষ্ট্ৰেলিয়াত মেন ইন ব্লুৰ পৰাক্ৰম; ২-১ ব্যৱধানত শৃংখলা দখল ভাৰতীয় দলৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ভাৰতীয় দলৰ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ পঞ্চম আৰু অন্তিমখন খেল শনিবাৰে (৮ নৱেম্বৰ) ব্রিজবেনৰ গাব্বাত অনুষ্ঠিত হয় ৷ অৱশ্যে বৰষুণৰ বাবে মেচখন পৰিত্যক্ত ঘোষণা কৰা হয় । ধাৰাসাৰ বৰষুণৰ পূৰ্বে ভাৰতে ৪.৫ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৫২ ৰান সংগ্ৰহ কৰে । মেচখন পৰিত্যক্ত হোৱাৰ লগে লগে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-১ ব্যৱধানত টি-২০ শৃংখলাটো দখল কৰে ।

দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা কেনবেৰা টি-২০ মেচখনো বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল । ইয়াৰ পিছতে মেলবৰ্ণ টি-২০ মেচত অষ্ট্ৰেলিয়াই ৪ উইকেটত জয়লাভ কৰে । ভাৰতীয় দলটোৱে হোবাৰ্ট (৫ উইকেট) আৰু গোল্ড কোষ্ট (৪৮ ৰান) টি-২০ মেচত কেংগাৰু দলক পৰাস্ত কৰি শৃংখলাত শক্তিশালী প্ৰত্যাৱৰ্তন কৰে । উল্লেখ্য যে, ২০০৮ চনৰ পিছত অষ্ট্ৰেলিয়াই ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত জয়ী হোৱা নাই, যিটো ধাৰা এই ছিজনতো অব্যাহত থাকে ।

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতে শুভমন গীল আৰু অভিষেক শৰ্মাৰ সৈতে বিস্ফোৰক আৰম্ভণি কৰে । দুয়োৰে মাজত অৰ্ধ শতকীয় অংশীদাৰিত্ব গঢ়ে । অভিষেকে চাৰি অভাৰত দুবাৰকৈ জীৱনদান পাইছিল ঠিকেই, কিন্তু শুভমনক আৰম্ভণিৰে পৰাই বিস্ফোক ৰূপত দেখা গৈছিল । অৱশ্যে বৰষুণে তেওঁলোকৰ প্ৰচেষ্টাত ব্যাঘাত জন্মায় ।

এই মেচৰ বাবে ভাৰতীয় দলৰ মূল একাদশত এটা পৰিৱৰ্তন কৰা হৈছিল । মেচখনত মিডল অৰ্ডাৰ বেটছমেন ৰিংকু সিঙক অন্তৰ্ভূক্ত কৰি তিলক বাৰ্মাক জিৰণি দিয়া হৈছিল । ইফালে, আয়োজক অষ্ট্ৰেলিয়া দলে গোল্ড কোষ্ট টি-২০ মেচত খেলা মূল একাদশ লৈয়ে খেলপথাৰত প্ৰৱেশ কৰিছিল ।

উল্লেখ্য যে, ভাৰত আৰু অষ্ট্ৰেলিয়াই এই পৰ্যন্ত ৩৭ খন টি-২০ মেচ খেলিছে । এই সময়ছোৱাত ভাৰতীয় দলে ২২খন মেচত জয়লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়ান দলটোৱে মাত্ৰ ১২খন খেলত জয়লাভ কৰিছে । তদুপৰি তিনিখন মেচ কোনো ফলাফল নোহোৱাকৈয়ে শেষ হয় । অৰ্থাৎ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অষ্ট্ৰেলিয়াতকৈ ভাৰতীয় দল যথেষ্ট আগবাঢ়ি আছে ।

লগতে পঢ়ক : বিবাদ নিস্পত্তিৰ বাবে সন্মতি ! ভাৰতে শীঘ্ৰেই লাভ কৰিব এছিয়া কাপৰ ট্ৰফী