দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বাদ পৰিব নেকি অভিষেক শৰ্মা ? দুৰ্বল ফৰ্মক লৈ  অধিনায়ক সূৰ্যকুমাৰ যাদৱে দিলে প্ৰতিক্ৰিয়া

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বাদ পৰিব নেকি অভিষেক শৰ্মা ? দুৰ্বল ফৰ্মক লৈ  অধিনায়ক সূৰ্যকুমাৰ যাদৱে দিলে প্ৰতিক্ৰিয়া

সংবাদমেলৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অভিষেক শৰ্মাৰ দুৰ্বল ফৰ্মৰ বিষয়ে সোধা হৈছিল । অভিষেক গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে শূন্যত আউট হৈছে । টি-২০ বিশ্বকাপ ২০২৬ৰ ভাৰতৰ প্ৰথমখন ছুপাৰ ৮ মেচ ২২ ফেব্ৰুৱাৰী দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে শনিবাৰৰ সংবাদমেলৰ

সংবাদমেলৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অভিষেক শৰ্মাৰ দুৰ্বল ফৰ্মৰ বিষয়ে সোধা হৈছিল । অভিষেক গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে শূন্যত আউট হৈছে ।

টি-২০ বিশ্বকাপ ২০২৬ৰ ভাৰতৰ প্ৰথমখন ছুপাৰ ৮ মেচ ২২ ফেব্ৰুৱাৰী দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে শনিবাৰৰ সংবাদমেলৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অভিষেক শৰ্মাৰ দুৰ্বল ফৰ্মৰ বিষয়ে সোধা হৈছিল । অভিষেক গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে শূন্যত আউট হৈছে । অৱশ্যে অধিনায়ক সূৰ্যই কয় যে তেওঁ অ’পেনিং বেটছমেনক লৈ চিন্তিত নহয়, বৰঞ্চ বিপক্ষৰ দলটোক চিন্তিত ।

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০ বিশ্বকাপ ২০২৬ ছুপাৰ ৮ৰ খেলখন । একেখন খেলপথাৰতে ভাৰতে নেদাৰলেণ্ডক পৰাস্ত কৰিছিল লগতে এই মেচতো একেৰাহে তৃতীয়বাৰৰ বাবে শূণ্যত আউট হৈছিল অভিষেক । ইয়াৰ পূৰ্বে তেওঁ আমেৰিকা আৰু পাকিস্তানৰ বিৰুদ্ধে শূণ্যত পেভিলিয়নমুখী হৈছিল । যদিও ভাৰত এতিয়ালৈকে প্ৰতিযোগিতাখনত পৰাস্ত হোৱা নাই, তথাপিও তেওঁৰ ফৰ্ম নিশ্চিতভাৱে চিন্তাৰ বিষয় । অৱশ্যে অধিনায়ক সূৰ্যকুমাৰ যাদৱে অভিষেকৰ ফৰ্মক লৈ চিন্তিত নহয় বুলি উল্লেখ কৰে ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে শনিবাৰে এখন সংবাদমেলত সূৰ্যকুমাৰে কয় যে, “অভিষেকক লৈ চিন্তিত হোৱাসকলৰ বাবে মই চিন্তিত । ভৱিষ্যতে অভিষেক শৰ্মাই কোনবোৰ দলৰ বিৰুদ্ধে খেলিব সেইবোৰৰ বাবে মই অধিক চিন্তিত । যোৱা বছৰ তেওঁ সকলো কৰিছিল, এতিয়া তেওঁৰ অৱদানৰ বাবে আমি তেওঁক পুৰস্কৃত কৰাৰ সময় আহি পৰিছে ।”

সূৰ্যকুমাৰ যাদৱে কয় যে প্ৰতিবাৰেই ২৫০ ৰান সংগ্ৰহ কৰাটো প্ৰয়োজনীয় নহয় । তেওঁ কয় যে উইকেটবোৰ অলপ বেলেগ । আগন্তুক মেচসমূহত আমি খেলপথাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ম । উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছুপাৰ ৮ৰ খেলখন অনুষ্ঠিত হ’বলগীয়া নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত । নেদাৰলেণ্ডৰ বিৰুদ্ধে এই খেলপথাৰতে ভাৰতে জয়লাভ কৰে । অৱশ্যে দক্ষিণ আফ্ৰিকাইও চলিত সংস্কৰণত এই খেলপথাৰত দুখন মেচ খেলি দুয়োখন খেলতে জয়লাভ কৰিছে ।

লগতে পঢ়ক : ঘৰৰ মাটিতে ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলা হেৰুৱালে অষ্ট্ৰেলিয়াই, স্মৃতি মন্ধানাই ভংগ কৰিলে ছবছৰীয়া অভিলেখ

শেহতীয়া প্ৰৱন্ধসমূহ