এই মেচতে তাৰকা বেটছমেন স্মৃতি মন্ধানাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক উজ্জ্বল ইনিংছেৰে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ।
চলি থকা টি-২০ শৃংখলাত ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিছে অষ্ট্ৰেলিয়া দলে । শনিবাৰে অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয় তথা নিৰ্ণায়ক মেচত ১৭ ৰানত বিজয় সাব্যস্ত কৰে ভাৰতীয় দলে । ইফালে এই মেচতে ভাৰতীয় দলৰ তাৰকা বেটছমেন স্মৃতি মন্ধানাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক উজ্জ্বল ইনিংছেৰে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ।
২১ ফেব্ৰুৱাৰীত এডিলেইড অভেলত অনুষ্ঠিত হৈছিল এই মেচখন । প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই মাত্ৰ ১৫৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ভাৰতে ১৭ ৰানত খেলখনত জয়লাভ কৰি শৃংখলা হস্তগত কৰে ।
এই জয়েৰে টিম ইণ্ডিয়াই ঘৰুৱা মাটিত অষ্ট্ৰেলিয়াক ২-১ ব্যৱধানত পৰাস্ত কৰে । মন্ধানাই ৫৫টা বলত ৮২ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । তেওঁৰ এই ইনিংছত ৮টা চাৰি আৰু ৩টা ছয় আছিল । তেওঁৰ এই ইনিংছ দলটোৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয় ।
৬ বছৰীয়া অভিলেখ ভংগ মন্ধানাৰ-
অষ্ট্ৰেলিয়াত এগৰাকী ভাৰতীয় বেটছমেনে সৰ্বাধিক ব্যক্তিগত স্ক’ৰ সংগ্ৰহত মন্ধানাই ৬ বছৰীয়া অভিলেখ ভংগ কৰে । ইয়াৰ পূৰ্বে ২০২০ চনত মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত ৩৭টা বলত ৬৬ ৰান সংগ্ৰহ কৰিছিল তেওঁ । ৮২ ৰান সংগ্ৰহ কৰি এতিয়া অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতীয় মহিলা বেটছমেনৰ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ ৰেকৰ্ড কৰিছে মন্ধানাই ।
ইয়াৰ লগে লগে তেওঁ ৩৩ সংখ্যক টি-২০ আন্তঃৰাষ্ট্ৰীয় অৰ্ধশতকো সম্পূৰ্ণ কৰে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এইটোৱেই আছিল মন্ধানাৰ অষ্টমটো ৫০+ স্ক’ৰ, যিটো নিজৰ বাবেই এক অভিলেখ ।
অ’পেনিঙৰ চতুৰ্থ বলত এটা চাৰিৰে মন্ধানাই ইনিংছৰ আৰম্ভণি কৰে । তৃতীয় অভাৰত মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি শ্বেফালী বাৰ্মাক আউট হয় । ইয়াৰ পাছত মন্ধানাই দায়িত্বশীল ইনিংছেৰে জেমিমাহ ৰড্ৰিগোজৰ সৈতে ৮২টা বলত দ্বিতীয় উইকেটৰ বাবে ১২১ ৰানৰ এক উজ্জ্বল অংশীদাৰিত্ব গঢ়ে ।
পাৱাৰপ্লেৰ অন্তিম অভাৰত মন্ধানাই ছফী মলিনেক্সৰ বলত একেৰাহে তিনিটা চাৰি কোবাই । ৩৮ বলত এটা ছয়ৰে অৰ্ধশত সংগ্ৰহ কৰে মন্ধানাই ।
লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচৰ পূৰ্বে বিপদত ভাৰতীয় দল, আঘাতপ্ৰাপ্ত এইগৰাকী তাৰকা খেলুৱৈ









