দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচৰ পূৰ্বে বিপদত ভাৰতীয় দল, আঘাতপ্ৰাপ্ত এইগৰাকী তাৰকা খেলুৱৈ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচৰ পূৰ্বে বিপদত ভাৰতীয় দল, আঘাতপ্ৰাপ্ত এইগৰাকী তাৰকা খেলুৱৈ

দেওবাৰে ছুপাৰ এইটৰ নিজৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰতীয় দল চলিত টি-২০ বিশ্বকাপত গ্ৰুপ পৰ্য়ায়ৰ আটাইকেইখন মেচতে জয়লাভ কৰি ছুপাৰ এইটত প্ৰৱেশ কৰিছে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল । দেওবাৰে ছুপাৰ এইটৰ নিজৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰতীয় দল । কিন্তু

দেওবাৰে ছুপাৰ এইটৰ নিজৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰতীয় দল

চলিত টি-২০ বিশ্বকাপত গ্ৰুপ পৰ্য়ায়ৰ আটাইকেইখন মেচতে জয়লাভ কৰি ছুপাৰ এইটত প্ৰৱেশ কৰিছে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল । দেওবাৰে ছুপাৰ এইটৰ নিজৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰতীয় দল । কিন্তু গুৰুত্বপূৰ্ণ এই মেচখনৰ পূৰ্বে কিছু সমস্যাত পৰিছে দলটো । অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হৈছে দলৰ তাৰকা বলাৰ মহম্মদ চিৰাজ । চিৰাজৰ এই আঘাতে চিন্তা বৃদ্ধি কৰিছে মেনেজমেন্টৰ ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শুকুৰবাৰে অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হয় বেগী বলাৰগৰাকী । নেটত অনুশীলনৰ সময়ত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ এটা বলে তীব্ৰ বেগত চিৰাজক আঁঠুত আঘাত কৰে আৰু তেওঁ লগে লগে মাটিত বহি পৰে । আঘাতৰ পিছতে চিৰাজে খেলপথাৰো ত্যাগ কৰে । চিৰাজৰ এই আঘাতে এতিয়া দলৰ চিন্তা বৃদ্ধি কৰিছে ।

উল্লেখ্য যে, হৰ্ষিত ৰানা আঘাতপ্ৰাপ্ত হৈ বাহিৰ হোৱাৰ পিছত ভাৰতৰ টি-২০ বিশ্বকাপৰ দলত অন্তিম পৰ্যায়ত স্থান লাভ কৰিছিল মহম্মদ চিৰাজে । চলিত প্ৰতিযেগিতাখনত এতিয়ালৈকে চিৰাজে কেৱল এখন মেচ খেলিছে যদিও ছুপাৰ এইট পৰ্যায়ৰ বাবে তেওঁ সুস্থ হৈ উঠাটো অত্যন্ত জৰুৰী ।

ইউ এছ এৰ বিৰদ্ধে অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ খেলখনত দলত স্থান লাভ কৰা চিৰাজে মেচখনত ২৯ ৰানৰ বিনিময়ত তিনিটা উইকেট দখল কৰিছিল ।

লগতে পঢ়ক : অভিষেক শৰ্মা নে তিলক বৰ্মা? দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ প্লেইং ১১ৰ পৰা কাক দিয়া হ’ব বাদ?