বাংখেড়েত সংকটমোচক সূৰ্যকুমাৰ, বিস্ফোৰক ইনিংছেৰে উদ্ধাৰ কৰিলে দলক

বাংখেড়েত সংকটমোচক সূৰ্যকুমাৰ, বিস্ফোৰক বেটিঙেৰে উদ্ধাৰ কৰিলে দলক

ধাৰাবাহিকভাৱে উইকেটৰ পতন ঘটাৰ লগতে ৰানৰ হাৰ অবিশ্বাস্যভাৱে লেহেমীয়া হোৱাৰ বিপৰীতে অধিনায়ক সূৰ্যকুমাৰ যাদৱ দলৰ সংকটমোচকৰ ভূমিকাত অৱতীৰ্ণ হয় । মুম্বাইৰ ৱাংখেড়েত ষ্টেডিয়ামত আমেৰিকাৰ বলাৰে প্ৰতিগৰাকী ভাৰতীয়ক আচৰিত কৰি তোলে । বিস্ফোৰক বেটছমেনেৰে ভৰপূৰ টিম ইণ্ডিয়াই আমেৰিকাৰ বিৰুদ্ধে এটা এটা ৰান সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰা

ধাৰাবাহিকভাৱে উইকেটৰ পতন ঘটাৰ লগতে ৰানৰ হাৰ অবিশ্বাস্যভাৱে লেহেমীয়া হোৱাৰ বিপৰীতে অধিনায়ক সূৰ্যকুমাৰ যাদৱ দলৰ সংকটমোচকৰ ভূমিকাত অৱতীৰ্ণ হয় ।

মুম্বাইৰ ৱাংখেড়েত ষ্টেডিয়ামত আমেৰিকাৰ বলাৰে প্ৰতিগৰাকী ভাৰতীয়ক আচৰিত কৰি তোলে । বিস্ফোৰক বেটছমেনেৰে ভৰপূৰ টিম ইণ্ডিয়াই আমেৰিকাৰ বিৰুদ্ধে এটা এটা ৰান সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰা পৰিলক্ষিত হয় । ধাৰাবাহিকভাৱে উইকেটৰ পতন ঘটাৰ লগতে ৰানৰ হাৰ অবিশ্বাস্যভাৱে লেহেমীয়া হোৱাৰ বিপৰীতে অধিনায়ক সূৰ্যকুমাৰ যাদৱ দলৰ সংকটমোচকৰ ভূমিকাত অৱতীৰ্ণ হয় । প্ৰথম অৱস্থাত তেওঁ ইউ এছ এৰ বলাৰসকলক সন্মান দিছিল যদিও শেষত তেওঁ নিজৰ স্বাভাৱিক শ্বট খেলি দলটোৰ স্ক’ৰ ১৫০ৰ ওপৰলৈ লৈ যায় । এটা সময়ত টিম ইণ্ডিয়াই ১২৫ ৰানৰ স্ক’ৰতো উপনীত নহ’ব যেন ধাৰণা কৰা হৈছিল । কিন্তু সূৰ্যকুমাৰ যাদৱে অপৰাজিত ৮৪ ৰানেৰে ভাৰতৰ স্ক’ৰ ১৬১ ৰানলৈ লৈ যায় ।

ভাৰতীয় মূলৰ খেলুৱৈৰে গঠিত আমেৰিকাৰ দলটোৱে আশা কৰাতকৈ ভাল প্ৰদৰ্শন আগবঢ়ায় । এটা শক্তিশালী ভাৰতীয় দলৰ বিৰুদ্ধে তেওঁলোক যে সম্পূৰ্ণ সাজু হৈ আহিছে সেয়া স্পষ্ট হৈ পৰিছিল । শূণ্য ৰানতে ভাৰতৰ তাৰকা বেটছমেন অভিষেক শৰ্মাৰ উইকেটৰ পতন ঘটে । শিৱম ডুবেও একাউণ্ট খোলাত ব্যৰ্থ হয় । ৰিংকু সিঙে ১৪টা বলত ৬ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই ৬টা বলত ৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ।

পাৱাৰপ্লেৰ প্ৰথম ছয় অভাৰত চাৰিটা উইকেট হেৰুওৱা, বিস্ফোৰক বেটছমেনেৰে ভৰি থকা টিম ইণ্ডিয়াই ৭২ ৰানত পঞ্চমটো আৰু ৭৭ ৰানত ষষ্ঠ উইকেট হেৰুৱাই । সকলো তাৰকা বেটছমেন পেভিলিয়নলৈ উভতি আহিছিল যদিও সূৰ্যকুমাৰ যাদৱে দলক উদ্ধাৰৰ দায়িত্ব অকলেই কান্ধ পাতি লৈ ক্ৰীজত থাকে । মাত্ৰ ৪৯টা বলত ৮৪ ৰানৰ উল্লেখযোগ্য ইনিংছ খেলি সূৰ্যকুমাৰ যাদৱে । তেওঁৰ এই দায়িত্বশীল ইনিংছত ১০টা চাৰি আৰু ৪টা ছয় আছিল । অক্ষৰ পেটেলে দুটা চাৰিৰ সহায়ত ১১টা বলত ১৪ ৰান সংগ্ৰহ কৰে ।

লগতে পঢ়ক : টিম ইণ্ডিয়াত সালসলনি ! হৰ্ষিত ৰাণাৰ সলনি এতিয়া খেলিব এইজন স্পীডষ্টাৰ !

শেহতীয়া প্ৰৱন্ধসমূহ