হেণ্ডশ্বেকৰ পৰা অভিষেক শৰ্মালৈ… ভাৰত-পাকিস্তান মেচৰ পূৰ্বে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে অধিনায়ক সূৰ্যই

হেণ্ডশ্বেকৰ পৰা অভিষেক শৰ্মালৈ… ভাৰত-পাকিস্তান মেচৰ পূৰ্বে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে অধিনায়ক সূৰ্যই

ভাৰত-পাকিস্তান খেলখনক লৈ চলা বিতৰ্ক সন্দৰ্ভত অধিনায়ক সূৰ্যকুমাৰে কয় যে ভাৰতীয় দলটোৱে নিজৰ সময়সূচী অনুসৰি প্ৰস্তুতি চলাইছে । চলিত টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তান মহাৰণৰ পূৰ্বে শনিবাৰে ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে সংবাদমেল সম্বোধন কৰে । সংবাদমেলত তেওঁ মেচখনৰ সৈতে জড়িত কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়ে । যাদৱে

ভাৰত-পাকিস্তান খেলখনক লৈ চলা বিতৰ্ক সন্দৰ্ভত অধিনায়ক সূৰ্যকুমাৰে কয় যে ভাৰতীয় দলটোৱে নিজৰ সময়সূচী অনুসৰি প্ৰস্তুতি চলাইছে ।

চলিত টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তান মহাৰণৰ পূৰ্বে শনিবাৰে ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে সংবাদমেল সম্বোধন কৰে । সংবাদমেলত তেওঁ মেচখনৰ সৈতে জড়িত কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়ে । যাদৱে কয় যে দলটো যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ আছে আৰু এতিয়া তেওঁৰ মনোযোগ কেৱল ক্ৰিকেটতহে আছে ।

“আমি সাজু আছিলো, আমাৰ বিমানো বুকিং হৈছিল”

খেলখনক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত অধিনায়ক সূৰ্যকুমাৰে কয় যে ভাৰতীয় দলটোৱে নিজৰ সময়সূচী অনুসৰি প্ৰস্তুতি চলাইছে । তেওঁ কয়, “আমি সূচী অনুসৰি প্ৰস্তুতি চলাই আছিলো । আমাৰ বিমানো বুকিং হৈছিল । আমি পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু আছিলো ।”

কলম্বো পিটচৰ বিষয়ে কি ক’লে ?

লগতে তেওঁ কয় যে দলটোৱে শ্ৰীলংকাত বহু দ্বিপাক্ষিক শৃংখলা খেলিছে, গতিকে পৰিস্থিতি নতুন নহয় । সূৰ্যকুমাৰ যাদৱে কয় যে আমি ইয়াত বহুত ক্ৰিকেট খেলিছো, গতিকে পৰিস্থিতি আৰু পিটচৰ বিষয়ে আমি ভালদৰেই জানো । উল্লেখ্য যে, পাকিস্তানৰ দলটো শ্ৰীলংকাত থকা প্ৰায় এসপ্তাহ হ’ল । সেয়েহে পাকিস্তানে প্ৰস্তুতি চলাবলৈ অধিক সময় লাভ কৰিছে নেকি সেই লৈ প্ৰশ্ন উত্থাপন হৈছিল ।

অভিষেক শৰ্মাৰ লৈ দিলে উত্তৰ-

পাকিস্তানৰ অধিনায়কয়কে অভিষেক শৰ্মাক খেলোৱাৰ ইচ্ছা প্ৰকাশ কৰাক লৈ সূৰ্যকুমাৰে হাঁহি হাঁহি উত্তৰ দিয়ে । তেওঁ কয়, ‘যদি পাকিস্তানে বিচাৰে যে আমি কাইলৈ ​​অভিষেকক খেলাব লাগে তেন্তে ঠিকেই আছে, আমি তেওঁক খেলাম ।’

অতিৰিক্ত পেচাৰ নে স্পীনাৰ ?

দলৰ মূল একাদশ সন্দৰ্ভত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল দলটোৱে অতিৰিক্ত বেগী বলাৰক সুযোগ দিব নে অতিৰিক্ত স্পীনাৰক অন্তৰ্ভূক্ত কৰিব । অধিনায়কগৰাকীয়ে স্বীকাৰ কৰে যে এই সিদ্ধান্ত সহজ নহয় । তেওঁ কয়, “আমাৰ হাতত মানসম্পন্ন স্পীনাৰ আৰু মানসম্পন্ন পেচাৰ দুয়োটা আছে । অতিৰিক্ত পেচাৰ আৰু অতিৰিক্ত স্পীনাৰৰ মাজৰ পৰা এটা বাছনি কৰাটো সহজ নহয় । ই এক অতি কঠিন সিদ্ধান্ত ।”

কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ এই মেচখনে গ্ৰুপৰ শীৰ্ষ স্থান নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে । দলৰ গঠন আৰু কৌশল দুয়োটা গুৰুত্বপূৰ্ণ হ’ব । উছমান তাৰিকৰ বিষয়ে কোৱাৰ সময়ত সূৰ্যই কয় যে আমাৰ দলটো সম্পূৰ্ণৰূপে সাজু আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু ।’

হেণ্ডশ্বেক সম্পৰ্কে কি ক’লে সূৰ্যই ?

মেচৰ আগত আৰু পিছত হেণ্ডশ্বেক কৰা হ’ব নেকি বুলি সোধাত সূৰ্যকুমাৰ যাদৱে পৰিৱ্শটো লঘু কৰে । তেওঁ ক’য়, “মেচৰ ওপৰত এৰি দিয়ক । আজি ভালকৈ টোপনি যাওক আৰু চাওক কাইলৈ ​​কি হয় ।” সূৰ্যই হাঁহি হাঁহি এই কথা কয় ।

লগতে পঢ়ক : পাকিস্তানৰ বিৰুদ্ধে হাইভল্টেজ মেচৰ পূৰ্বে টীম ইণ্ডিয়ালৈ সুখবৰ; অভিষেক শৰ্মাক লৈ আহিল ডাঙৰ আপডেট

শেহতীয়া প্ৰৱন্ধসমূহ