আজি টি-২০ বিশ্বকাপৰ ফাইনেলৰ মহাৰণ, ইতিহাস সৃষ্টিৰ লক্ষ্যৰে কিৱিৰ বিৰুদ্ধে নামিব সূৰ্য বাহিনী

আজি টি-২০ বিশ্বকাপৰ ফাইনেলৰ মহাৰণ, ইতিহাস সৃষ্টিৰ লক্ষ্যৰে কিৱিৰ বিৰুদ্ধে নামিব সূৰ্য বাহিনী

ৰোহিত শৰ্মাৰ মতে, ‘হিষ্ট্ৰী ৰিপিট’ৰ অৰ্থ ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পুনৰাবৃত্তি । টি-২০ বিশ্বকাপৰ ইতিহাসত থিয় দি থকা পুৰণি অভিলেখ ভংগ কৰাটোক ‘History Defeat’ বুলি কোৱা হয় । দেওবাৰে অনুষ্ঠিত হ’ব চলিত টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেলৰ মহাৰণ । আমহেদাবাদত আজি ইতিহাস সৃষ্টিৰ লক্ষ্যৰে নিউজীলেণ্ডৰ

ৰোহিত শৰ্মাৰ মতে, ‘হিষ্ট্ৰী ৰিপিট’ৰ অৰ্থ ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পুনৰাবৃত্তি । টি-২০ বিশ্বকাপৰ ইতিহাসত থিয় দি থকা পুৰণি অভিলেখ ভংগ কৰাটোক ‘History Defeat’  বুলি কোৱা হয় ।

দেওবাৰে অনুষ্ঠিত হ’ব চলিত টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেলৰ মহাৰণ । আমহেদাবাদত আজি ইতিহাস সৃষ্টিৰ লক্ষ্যৰে নিউজীলেণ্ডৰ বিৰুদ্ধে নামিব ভাৰতীয় দল । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব এই হাই ভল্টেজ মেচখন । ফাইনেলৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ এটা মন্তব্য পুনৰ চৰ্চালৈ আহিছে- আমি ইতিহাসৰ পুনৰাবৃত্তি কৰিম, ইতিহাসক পৰাস্ত কৰিম ।’

এই শাৰীটো টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰচাৰৰ ভিডিঅ’ আৰু প’ডকাষ্টৰ সাক্ষাৎকাৰত প্ৰকাশ পাইছিল । ৰোহিত শৰ্মাই কৈছিল যে ক্ৰিকেটত ইতিহাসে বহু কথাই কয়, কিন্তু খেলপথাৰত সদায় নতুন ইতিহাস সৃষ্টি কৰিব পৰা যায় ।

দৰাচলতে ৰোহিতৰ এই বক্তব্য কেৱল সংলাপ নহয় বৰঞ্চ দলৰ মানসিকতাৰ প্ৰতিফলন ঘটায় । ইয়াত দুটা গুৰুত্বপূৰ্ণ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে : এটা হৈছে ইতিহাসৰ পুনৰাবৃত্তি আৰু আনটো হৈছে ইতিহাসক পৰাস্ত কৰা । তেতিয়া প্ৰশ্ন হয় সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টিম ইণ্ডিয়াই এই বিশ্বকাপৰ আৰম্ভণিতে ৰোহিতে প্ৰকাশ কৰা সপোন পূৰণ কৰিবলৈ সক্ষম হ’বনে ?  ইতিহাসৰ পুনৰাবৃত্তি হ’বনে আৰু ইতিহাস পৰাজিত হ’বনে ?

ৰোহিত শৰ্মাৰ মতে, ‘হিষ্ট্ৰী ৰিপিট’ৰ অৰ্থ ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পুনৰাবৃত্তি । অৰ্থাৎ ২০২৬ চনৰ খিতাপ জয় কৰিলে ভাৰতে পূৰ্বৰ খিতাপ ৰক্ষা কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ চেম্পিয়ন হ’ব ।

টি-২০ বিশ্বকাপৰ ইতিহাসত থিয় দি থকা পুৰণি অভিলেখ ভংগ কৰাটোক ‘History Defeat’  বুলি কোৱা হয় । যেনে : কোনো দলেই ডিফেণ্ডিং চেম্পিয়ন হিচাপে টি-২০ বিশ্বকাপত জয়ী হোৱা নাই । আয়োজক হিচাপেও কোনো দলেই টি-২০ বিশ্বকাপত জয়ী হোৱা নাই । ভাৰতত অনুষ্ঠিত হোৱা ২০২৬ চনৰ টি-২০ বিশ্বকাপত এই অভিলেখ ভংগ হ’ব পাৰে ।

আইচিচি পুৰুষ টি-২০ বিশ্বকাপ বিজয়ী-

২০০৭ – দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত প্ৰথম টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰে ।

২০০৯ – ইংলেণ্ডত পাকিস্তানে খিতাপ দখল কৰে ।

২০১০ – ইংলেণ্ডে ৱেষ্ট ইণ্ডিজত টি-২০ বিশ্বকাপ জয় কৰে ।

২০১২ – শ্ৰীলংকাত ৱেষ্ট ইণ্ডিজে খিতাপ দখল কৰে ।

২০১৪ – বাংলাদেশত শ্ৰীলংকাই খিতাপ দখল কৰে ।

২০১৬ – ভাৰতত অনুষ্ঠিত দ্বিতীয়খন টি-২০ বিশ্বকাপত ৱেষ্ট ইণ্ডিজে জয়লাভ কৰে ।

২০২১ – ওমান আৰু ইউ এ ইত অনুষ্ঠিত প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াই জয়লাভ কৰে ।

২০২২ – অষ্ট্ৰেলিয়াত ইংলেণ্ডে খিতাপ দখল কৰি দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয় ।

২০২৪ – আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰে ।

লগতে পঢ়ক : আহমেদাবাদত অগ্নিপৰীক্ষাঃ ভাৰতীয় বেটছমেন বনাম নিউজীলেণ্ডৰ বলিং যুঁজ