ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দল আৰু তেওঁলোকৰ আই পি এল দল

ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দল আৰু তেওঁলোকৰ আই পি এল দল

টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি টিম ইণ্ডিয়া বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে চলিত বছৰৰ ৮ মাৰ্চত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি টিম ইণ্ডিয়া বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে । ইয়াৰ মাত্ৰ তিনি সপ্তাহৰ পিছতে আৰম্ভ হ’ব আই

টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি টিম ইণ্ডিয়া বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে

চলিত বছৰৰ ৮ মাৰ্চত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি টিম ইণ্ডিয়া বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে । ইয়াৰ মাত্ৰ তিনি সপ্তাহৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৬ । ২৮ মাৰ্চত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ । উদ্বোধনী মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি হ’ব ।

টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোত আছিল সঞ্জু চেমছন, ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহৰ দৰে তাৰকা খেলুৱৈ । টি-২০ বিশ্বকাপ বিজয়ী দলৰ প্ৰতিগৰাকী খেলুৱৈয়ে আই পি এল ২০২৬ত কোনটো দলৰ হৈ খেলিব জানক ।

কোন দলৰ হৈ কোনে খেলিব ?

মুম্বাই ইণ্ডিয়ানছ– সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, তিলক বাৰ্মা, যশপ্ৰীত বুমৰাহ

চেন্নাই চুপাৰ কিংছ- সঞ্জু চেমচন, শিৱম ডুবে

ছানৰাইজাৰ্ছ হায়দৰাবাদ- অভিষেক শৰ্মা, ঈশান কিষণ

কলকাতা নাইট ৰাইডাৰ্ছ – ৰিংকু সিং, বৰুণ চক্ৰৱৰ্তী

গুজৰাট টাইটানছ – ৱাশ্বিংটন সুন্দৰ, মহম্মদ চিৰাজ

দিল্লী কেপিটেলছ – কুলদীপ যাদৱ, অক্ষৰ পেটেল

পঞ্জাৱ কিংছ – অৰ্শদীপ সিং

ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দলত মুঠ ১৫ জন খেলুৱৈ আছিল যদিও ইয়াৰে ১৪ গৰাকীয়ে আই পি এল ২০২৬ত পূৰ্বৰ দলত আছে । এইবাৰ দল সলনি কৰা একমাত্ৰ খেলুৱৈ হৈছে সঞ্জু চেমছন । তেওঁ ৰাজস্থান ৰয়েলছ এৰি চেন্নাই ছুপাৰ কিংছত যোগদান কৰিছে । ৰবীন্দ্ৰ জাডেজা আৰু ছেম কাৰানৰ ঠাইত চেমছনে বাণিজ্যিক চুক্তিৰ অংশ হিচাপে চি এছ কেত যোগদান কৰে ।

ইফালে আই পি এল ২০২৬ত হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল আৰু ঈশান কিষণ যিয়ে নিজৰ নিজৰ দলৰ অধিনায়কত্ব কৰিব । হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক আৰু অক্ষৰ পেটেল দিল্লী কেপিটেলছৰ অধিনায়ক । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নিয়মীয়া অধিনায়ক পেট কামিন্স আঘাতপ্ৰাপ্ত হৈ প্ৰথম কেইখনমান মেচৰ পৰা আঁতৰি থকাৰ বাবে ঈশান কিষনক অস্থায়ী অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক : পি এছ এলত সন্ত্ৰাসবাদী আক্ৰমণৰ আতংক! বিদেশী খেলুৱৈয়ে লাভ কৰিছে ভাবুকি

শেহতীয়া প্ৰৱন্ধসমূহ