আই পি এলত সঞ্জু চেমছনৰ ইতিহাস; বিৰাট কোহলীৰ অভিলেখ স্পৰ্শ
চেন্নাই ছুপাৰ কিংছৰ (CSK) বিস্ফোৰক বেটছমেন সঞ্জু চেমছনে আই পি এলত বিৰাট কোহলীৰ এক অভিলেখৰ সমকক্ষতা অৰ্জন কৰিছে।
চেন্নাই ছুপাৰ কিংছৰ (CSK) বিস্ফোৰক বেটছমেন সঞ্জু চেমছনে এক ইতিহাস ৰচনা কৰিছে। সঞ্জু চেমছনে আই পি এলত অভিজ্ঞ বেটছমেন বিৰাট কোহলীৰ এক অভিলেখ স্পৰ্শ কৰিছে। মঙলবাৰে দিল্লী কেপিটেলছৰ (DC) বিৰুদ্ধে অনুষ্ঠিত আই পি এলৰ খেলখনত সঞ্জু চেমছনে ৫২ টা বলত ৮৭ ৰানৰ এক অপৰাজিত ইনিংছ খেলে। সঞ্জু চেমছনে ১৬৭.৩১ ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰি ৭ টা চাৰি আৰু ৬ টা ছিক্স কোবায়। এই ইনিংছটোৰ জৰিয়তে সঞ্জু চেমছনে IPL-ত এক অনন্য ‘দ্বিশতক’ অৰ্জন কৰিবলৈ সক্ষম হৈছে।
প্ৰকৃততে, সঞ্জু চেমছন আইপিএলৰ ইতিহাসত কোনো এটা ছিজনত কোনো নিৰ্দিষ্ট দলৰ বিৰুদ্ধে ২ খন মেচ মিলাই ২০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা তৃতীয়গৰাকী বেটছমেন হিচাপে পৰিগণিত হৈছে। সঞ্জু চেমছনে এই ক্ষেত্ৰত বিৰাট কোহলী আৰু কে এল ৰাহুলৰ অভিলেখৰ সমকক্ষতা অৰ্জন কৰিছে।
দিল্লী কেপিটেলছৰ (DC) বিৰুদ্ধে আই পি এল ২০২৬ ছিজনৰ প্ৰথমখন খেলত সঞ্জু চেমছনে শতক অৰ্জন কৰিছিল। সেই মেচখনত সঞ্জু চেমছনে অপৰাজিত ১১৫ ৰানৰ এটা ইনিংছ খেলিছিল। সঞ্জু চেমছনে দিল্লী কেপিটেলছৰ বিৰুদ্ধে আই পি এল ২০২৬ ছিজনৰ ২ খন খেল মিলাই সৰ্বমুঠ ২০২ ৰান সংগ্ৰহ কৰিছে।
সঞ্জু চেমছনৰ পূৰ্বে বিৰাট কোহলী আৰু কে এল ৰাহুলে এই বৃহৎ সাফল্য অৰ্জন কৰিছে। বিৰাট কোহলীয়ে আই পি এল ২০১৬ ত গুজৰাট লায়ন্সৰ বিৰুদ্ধে ২ খন খেলত শতক অৰ্জন কৰিছিল। বিৰাট কোহলীয়ে গুজৰাট লায়ন্সৰ বিৰুদ্ধে ২ খন খেলত অপৰাজিত ১০০ আৰু ১০৯ ৰানৰ ইনিংছ খেলি সৰ্বমুঠ ২০৯ ৰান সংগ্ৰহ কৰিছিল।
লগতে পঢ়ক: পৰাজয়ৰ চক্ৰবেহুত বন্দী মুম্বাই ইণ্ডিয়ানছ, অনিশ্চিত প্লে’ অফৰ পথ !