আই পি এলত ৰবীন্দ্ৰ জাদেজাৰ আলোড়ন; ভংগ কৰিব নেকি এম এছ ধোনীৰ অভিলেখ

আই পি এলত ৰবীন্দ্ৰ জাদেজাৰ আলোড়ন; ভংগ কৰিব নেকি এম এছ ধোনীৰ অভিলেখ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ ৩২ সংখ্যক মেচত ৰবীন্দ্ৰ জাদেজাই অল ৰাউণ্ডৰ প্ৰদৰ্শন আগবঢ়ায়।তেওঁ নিজৰ বেটিঙেৰে দলৰ হৈ ৰান সংগ্ৰহ কৰাৰ লগতে বলিঙৰ জৰিয়তেও উইকেট দখল কৰে। ৰাজস্থান ৰয়েলছৰ তাৰকা খেলুৱৈ ৰবীন্দ্ৰ জাডেজাই লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলখনত এক আলোড়নৰ সৃষ্টি কৰিছে।বেটিঙত শীৰ্ষ অৰ্ডাৰৰ ব্যৰ্থতাৰ পিছত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ ৩২ সংখ্যক মেচত ৰবীন্দ্ৰ জাদেজাই অল ৰাউণ্ডৰ প্ৰদৰ্শন আগবঢ়ায়।তেওঁ নিজৰ বেটিঙেৰে দলৰ হৈ ৰান সংগ্ৰহ কৰাৰ লগতে বলিঙৰ জৰিয়তেও উইকেট দখল কৰে।

ৰাজস্থান ৰয়েলছৰ তাৰকা খেলুৱৈ ৰবীন্দ্ৰ জাডেজাই লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলখনত এক আলোড়নৰ সৃষ্টি কৰিছে।বেটিঙত শীৰ্ষ অৰ্ডাৰৰ ব্যৰ্থতাৰ পিছত জাদেজাই ৰাজস্থানৰ হৈ দায়িত্ব লয় আৰু ২৯টা বলত ৪৩ ৰানৰ শক্তিশালী ইনিংছ খেলে।

এই ইনিংছত জাদেজাইও দুটা চাৰি আৰু এটা ছয় কোবাই।তেওঁৰ শক্তিশালী প্ৰদৰ্শনৰ বাবেই ৰাজস্থানৰ দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ১৫৯ ৰান সংগ্ৰহ কৰে।ইয়াৰ পাছতে যেতিয়া বলিঙৰ সময় আহিল, তেতিয়া তেওঁ নিকোলাছ পুৰণৰ উইকেট দখল কৰে, যাৰ ফলত ৰাজস্থানৰ জয় নিশ্চিত হয়।

ৰবীন্দ্ৰ জাডেজাক এই শক্তিশালী অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।এইবাৰৰ সৈতে ১৭ বাৰৰ বাবে আই পি এলত জাদেজাক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হৈছিল।ইফালে তেওঁৰ কেৰিয়াৰত এইটোৱেই আছিল ৰাজস্থানৰ বাবে প্ৰথমটো দৃষ্টান্ত।

ইয়াৰ পূৰ্বে জাদেজাই চেন্নাই ছুপাৰ কিংছৰ হৈ ১৬ বাৰকৈ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰিছিল।এইদৰে জাদেজাই যদি আৰু এবাৰ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে তেন্তে তেওঁ কিংবদন্তি মহেন্দ্ৰ সিং ধোনীৰ সমান হ’ব।আই পি এলত ১৮ বাৰকৈ খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ধোনীয়ে।

আই পি এলত সৰ্বাধিক ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা লাভ কৰা খেলুৱৈৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে কিংবদন্তি ক্ৰিকেটাৰ বিৰাট কোহলিয়ে।এই লীগত আৰ চি বিৰ হৈ খেলি বিৰাটে এতিয়ালৈকে মুঠ ২১ বাৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে।

লগতে পঢ়ক: একেৰাহে চাৰিখন মেচত পৰাজয়ৰ পাছত শক্তিশালী প্ৰত্যাৱৰ্তন মুম্বাইৰ, ৯৯ ৰানত পৰাস্ত গুজৰাট

শেহতীয়া প্ৰৱন্ধসমূহ