একেৰাহে চাৰিখন মেচত পৰাজয়ৰ পাছত শক্তিশালী প্ৰত্যাৱৰ্তন মুম্বাইৰ, ৯৯ ৰানত পৰাস্ত গুজৰাট

একেৰাহে চাৰিখন মেচত পৰাজয়ৰ পাছত শক্তিশালী প্ৰত্যাৱৰ্তন মুম্বাইৰ, ৯৯ ৰানত পৰাস্ত গুজৰাট

তিলক বাৰ্মাৰ বিস্ফোৰক শতকৰ সহায়ত প্ৰথমে বেটিং কৰি মুম্বাইয়ে গুজৰাটক ২০০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে সোমবাৰে আই পি এল ২০২৬ত অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ মেচত মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছক ৯৯ ৰানত পৰাস্ত কৰে । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলখন অনুষ্ঠিত হয় । টছত জয়ী

তিলক বাৰ্মাৰ বিস্ফোৰক শতকৰ সহায়ত প্ৰথমে বেটিং কৰি মুম্বাইয়ে গুজৰাটক ২০০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে

সোমবাৰে আই পি এল ২০২৬ত অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ মেচত মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছক ৯৯ ৰানত পৰাস্ত কৰে । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলখন অনুষ্ঠিত হয় । টছত জয়ী হৈ গুজৰাটে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । তিলক বাৰ্মাৰ বিস্ফোৰক শতকৰ সহায়ত প্ৰথমে বেটিং কৰি মুম্বাইয়ে গুজৰাটক ২০০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে গুজৰাটে ১৬ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১০০ ৰানহে কৰিবলৈ সক্ষম হয় ।

অশ্বনী কুমাৰৰ ৪ উইকেট-

২০০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইনিংছৰ আৰম্ভণিতে বিপৰ্যয়ৰ সন্মুখীন হয় গুজৰাট । প্ৰথমটো বলতে যশপ্ৰীত বুমৰাহে ছাই সুদৰ্শনক আউট কৰে । এইটো আছিল বুমৰাহৰ চলিত ছিজনৰ প্ৰথমটো উইকেট । ইয়াৰ পিছতে পৰৱৰ্তী অভাৰত হাৰ্দিকে বাটলাৰক আউট কৰে । ইয়াৰ পিছতে ১৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় অধিনায়ক শুভমন গীল । ইয়াৰ পিছতে সুন্দৰে ২৬ ৰানৰ ন’কেৰে ইনিংছটো সুস্থিৰ কৰিবলৈ চেষ্টা কৰে যদিও ছেণ্টনাৰে তেওঁক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছতে গুজৰাটৰ বেটিং লাইআপ মুম্বাইৰ শক্তিশালী বলিং আক্ৰমণত তচনচ হৈ পৰে আৰু ১৬ অভাৰত মাত্ৰ ১০০ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে ।

পইন্ট তালিকাত সপ্তম স্থানলৈ মুম্বাই-

এই জয়ৰ লগে লগে মুম্বাই এতিয়া পইণ্ট টেবুলৰ দশম স্থানৰ পৰা সপ্তম স্থানলৈ উন্নীত হৈছে । মুম্বাই দলে এতিয়া ৬খন খেলৰ পৰা ৪ পইণ্ট লাভ কৰিছে । অৱশ্যে দলটোৰ নেট ৰান ৰেট চি এছ কে আৰু লক্ষ্ণৌতকৈ ভাল, যাৰ বাবে সপ্তম স্থানলৈ উন্নীত হৈছে দলটো । ইফালে ৬খন খেলৰ পৰা ৬ পইণ্ট লাভ কৰি ষষ্ঠ স্থানত আছে গুজৰাট ।

মুম্বাইৰ ইনিংছ-

প্ৰথমে বেটিং কৰা মুম্বাইৰ এই মেচতো আৰম্ভণি শোচনীয় আছিল । পূৰ্বৰ মেচত শতক অৰ্জন কৰা কুইণ্টন ডি কক ১৩ ৰানত আউট হয় । সূৰ্যকুমাৰ যাদৱো পুনৰ ব্যৰ্থ হয় আৰু মাত্ৰ ১৫ ৰানহে কৰিবলৈ সক্ষম হয় । কিন্তু তিলক বাৰ্মা আৰু নমন ধীৰে অৰ্ধশতকৰ অংশীদাৰিত্ব গঢ়ি ইনিংছটো স্থিৰ কৰে ।

কিন্তু ১৩ নং অভাৰত ৪৫ ৰানত নমন ধীৰৰ উইকেটৰ পতনৰ পিছত মুম্বাইয়ে চতুৰ্থটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । নমনে নিজৰ ইনিংছত ৬টা চাৰি আৰু এটা ছয় কোবাই । ইয়াৰ পিছতে তিলক বাৰ্মাই আগ্ৰাসী ৰূপ ধাৰণ কৰি ৩৩টা বলতে অৰ্ধ শতক অৰ্জন কৰে । অৱশ্যে ইয়াৰ পিছতো তিলক বাৰ্মাই থমকি নৰ’ল । তিলকে খেল অব্যাহত ৰাখি মাত্ৰ ৪৫টা বলত শতক অৰ্জন কৰে । ২০ অভাৰৰ শেষৰ বলত চাৰি কোবাই তেওঁ শতক সম্পূৰ্ণ কৰে । তিলকে নিজৰ ইনিংছত ৮টা চাৰি আৰু ৭টা ছয় কোবাই ।

লগতে পঢ়ক : গুজৰাটৰ বিৰুদ্ধে তিলক বাৰ্মাৰ বেটিং ধুমুহা, আই পি এল কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন