গুজৰাটৰ বিৰুদ্ধে তিলক বাৰ্মাৰ বেটিং ধুমুহা, আই পি এল কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন

গুজৰাটৰ বিৰুদ্ধে তিলক বাৰ্মাৰ বেটিং ধুমুহা, আই পি এল কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন

ইনিংছৰ অন্তিম বলত চাৰি কোবাই ৪৫টা বলত শতক অৰ্জন কৰে তিলক বাৰ্মাই । তেওঁৰ পূৰ্বে ২০০৮ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ ৪৫টা বলত শতক অৰ্জন কৰিছিল সনথ জয়সূৰিয়াই । আই পি এল কেৰিয়াৰৰ প্ৰথম শতক অৰ্জন কৰিছে তিলক বাৰ্মাই । আহমেদাবাদত অনুষ্ঠিত হোৱা এখন মেচত আজি

ইনিংছৰ অন্তিম বলত চাৰি কোবাই ৪৫টা বলত শতক অৰ্জন কৰে তিলক বাৰ্মাই । তেওঁৰ পূৰ্বে ২০০৮ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ ৪৫টা বলত শতক অৰ্জন কৰিছিল সনথ জয়সূৰিয়াই ।

আই পি এল কেৰিয়াৰৰ প্ৰথম শতক অৰ্জন কৰিছে তিলক বাৰ্মাই । আহমেদাবাদত অনুষ্ঠিত হোৱা এখন মেচত আজি গুজৰাট টাইটানছৰ বিৰুদ্ধে ৪৫টা বলত শতক সম্পূৰ্ণ কৰে মুম্বাইৰ বিস্ফোৰক বেটছমেনজনে । ইয়াৰ লগে লগে তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত মুম্বাই ইণ্ডিয়ানছৰ হৈ দ্ৰুততম শতক অৰ্জনৰ অভিলেখো স্পৰ্শ কৰিছে । এই বিস্ফোৰক ইনিংছত তেওঁ ৪৫টা বলত ১০১ ৰান সংগ্ৰহ কৰে ।

ইনিংছৰ অন্তিম বলত চাৰি কোবাই ৪৫টা বলত শতক অৰ্জন কৰে তিলক বাৰ্মাই । তেওঁৰ পূৰ্বে ২০০৮ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ ৪৫টা বলত শতক অৰ্জন কৰিছিল সনথ জয়সূৰিয়াই । এতিয়া ১৮ বছৰৰ পাছত মুম্বাইৰ হৈ দ্ৰুততম শতক অৰ্জনৰ এই অভিলেখ স্পৰ্শ কৰিছে তিলক বাৰ্মাই ।

৪৫ বল – তিলক বাৰ্মা

৪৫ বল – সনথ জয়সূৰিয়া

৪৭ বল – কেমেৰুন গ্ৰীণ

৪৯ বল – সূৰ্য্যকুমাৰ যাদৱ

মুম্বাই ইণ্ডিয়ানছ ইনিংছৰ আৰম্ভণিতে বিপৰ্যয়ৰ গৰাহত পৰিছিল । ৪৪ ৰানত তিনিটা উইকেট হেৰুৱাই বিপদত পৰিছিল দলটো । ইয়াৰ পিছতে তিলক বাৰ্মাই ইনিংছৰ দায়িত্ব গ্ৰহণ কৰে আৰু এটা পৰ্যায়ত ২২ বলত ১৯ ৰানত বেটিং কৰি আছিল । অৱশ্যে তাৰ পিছতে তেওঁ বিধ্বংসী ৰূপ ধাৰণ কৰি পৰৱৰ্তী ২৩টা বলত ৮২ ৰান সংগ্ৰহ কৰে ।

মুম্বাই ইণ্ডিয়ানছে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়ায় । এটা সময়ত দলটোৱে ১৪ অভাৰত ১০৩ ৰান সংগ্ৰহ কৰিছিল যদিও তিলক বাৰ্মাৰ ধুমুহাত মুম্বাইয়ে অন্তিম ছয় অভাৰত ৯৮ ৰান সংগ্ৰহ কৰে । হাৰ্দিক পাণ্ডিয়াৰ দুৰ্বল ফৰ্ম আজিৰ মেচতো পৰিলক্ষিত হয় । ১৩ নং অভাৰত বেটিং কৰিবলৈ আহে হাৰ্দিক । হাৰ্দিকে ১৬টা বল অপচয় কৰি মাত্ৰ ১৫ ৰানহে কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : এদিনীয়া বিশ্বকাপ ২০২৭লৈ অব্যাহত থাকিব আগাৰকাৰ যুগ, বিচিচিআইয়ে দিব উপহাৰ