অজিত আগৰকাৰ মুখ্য নিৰ্বাচক হোৱাৰ পিছত টিম ইণ্ডিয়াই আইচিচিৰ তিনিটা ট্ৰফী লাভ কৰিছে- ২০২৪ চনৰ টি-২০ বিশ্বকাপ, ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০২৬ চনৰ টি-২০ বিশ্বকাপ
ভাৰতীয় পুৰুষ দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ পৰা লাভ কৰিব এক উল্লেখযোগ্য উপহাৰ । জানিব পৰা মতে আগৰকাৰৰ চুক্তিৰ ম্যাদ বৃদ্ধি হ’ব পাৰে । আগৰকাৰ নিৰ্বাচক হোৱাৰ পিছত টিম ইণ্ডিয়াই আইচিচিৰ তিনিটা ট্ৰফী লাভ কৰাৰ ফলত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে তেওঁক এই পুৰস্কাৰ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে ।
আগৰকাৰৰ বৰ্তমানৰ চুক্তিৰ ম্যাদ ২০২৬ চনৰ জুন মাহত শেষ হ’ব । ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আগৰকাৰৰ চুক্তি এবছৰৰ বাবে বৃদ্ধি কৰা হ’ব । ২০২৭ চনৰ জুনলৈকে তেওঁৰ এই চুক্তিৰ ম্যাদ বৃদ্ধি কৰা হ’ব পাৰে বুলি প্ৰকাশ পাইছে । অৱশ্যে বৰ্তমানো বিচিচিআইয়ে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ।
উল্লেখ্য য়ে, আগৰকাৰ মুখ্য নিৰ্বাচক হোৱাৰ পিছত টিম ইণ্ডিয়াই আইচিচিৰ তিনিটা ট্ৰফী লাভ কৰিছে- ২০২৪ চনৰ টি-২০ বিশ্বকাপ, ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০২৬ চনৰ টি-২০ বিশ্বকাপ । ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলো খেলিছিল মেন ইন ব্লু দলে ।
বিচিচিআইৰ এজন বিষয়াৰ উদ্ধৃতিৰে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, “আগৰকাৰৰ কাৰ্যকালত দলৰ পৰিৱৰ্তন মসৃণ আছিল আৰু তেওঁ সাহসী সিদ্ধান্ত লোৱাত কোনো সংকোচ দেখুওৱা নাছিল । ব’ৰ্ডে অনুভৱ কৰিছিল যে তেওঁ নিজৰ স্থানত আগবাঢ়িব লাগে । বিচিচিআইৰ বিষয়াসকলে আইপিএলৰ মেচৰ সময়ত তেওঁৰ সৈতে মত বিনিময় কৰিব আৰু তেওঁক বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব ।”
আগৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ কথা ক’বলৈ গ’লে তেওঁ ২৬খন টেষ্ট, ১৯১খন এদিনীয়া আৰু ৪খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল । ৪৬খন টেষ্ট ইনিংছত তেওঁ ৫৮টা উইকেট দখল কৰিছে, মেচ বেষ্ট ৮/১৬০ । ১৮৮টা এদিনীয়া ইনিংছত আগৰকাৰে ২৮৮টা উইকেট দখল কৰিছে, সৰ্বশ্ৰেষ্ঠ ৬/৪২ । টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত আগৰকাৰে ৩টা উইকেট দখল কৰিছে । বেটিং কৰাৰ সময়ত আগৰকাৰে টেষ্টত ৫৭১ ৰান, এদিনীয়াত ১২৬৯ ৰান আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১৫ ৰান সংগ্ৰহ কৰিছে । টেষ্টত ১ টা শতক আৰু এদিনীয়াত ৩টা অৰ্ধশতক অৰ্জন কৰিছে তেওঁ ।
লগতে পঢ়ক : ৰোমাঞ্চকৰ মেচত ছানৰাইজাৰ্ছৰ হাতত ১০ ৰানত পৰাস্ত চেন্নাই চুপাৰ কিংছ









