আই পি এলত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰ তালিকাত যৌথভাৱে চতুৰ্থ স্থান দখল কৰিছে সঞ্জু চেমছনে।
আই পি এল ২০২৬ত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ অ’পেনাৰ সঞ্জু চেমছনে মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ বিৰুদ্ধে ৫৪ বলত ১০১ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল, য’ত ৬টা ছয় আৰু ১০টা চাৰি কোবাই।২০২৬ চনৰ আই পি এলত এইটো আছিল তেওঁৰ দ্বিতীয় শতক, যাৰ ফলত সঞ্জুৱে টি-২০ ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে।
৫৪টা বলত ধুমুহাময় অপৰাজিত শতকৰ বাবে তেওঁ এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে যিটো এতিয়ালৈকে আই পি এলৰ ইতিহাসত কেতিয়াও হোৱা নাছিল। হয়, আই পি এলৰ ইতিহাসত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে শতক অৰ্জন কৰা চেন্নাই ছুপাৰ কিংছৰ প্ৰথমজন বেটছমেন সঞ্জু চেমছন।
আই পি এল কেৰিয়াৰত সঞ্জু চেমছনে পঞ্চম শতক অৰ্জন কৰাৰ বিপৰীতে সোঁহাতৰ বেটছমেনগৰাকীয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তিনিটা শতক অৰ্জন কৰিছে। মুঠ ৮ টা শতক অৰ্জন কৰি সঞ্জুৱে এতিয়া ৰোহিত শৰ্মাৰ স্থান পাইছে।দুয়োগৰাকী খেলুৱৈয়ে টি-২০ ক্ৰিকেটত ৮টাকৈ শতক অৰ্জন কৰিছে।এই তালিকাত বিৰাট কোহলী আৰু অভিষেক শৰ্মাই যৌথভাৱে ‘১ নম্বৰ’ স্থান দখল কৰিছে।এই খেলুৱৈসকলে টি-২০ ক্ৰিকেটত ৯টাকৈ শতক।
আই পি এলত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰ তালিকাত যৌথভাৱে চতুৰ্থ স্থান দখল কৰিছে সঞ্জু চেমছনে।তেওঁৰ উপৰিও কে এল ৰাহুলে আই পি এলত ৫টা শতক অৰ্জন কৰিছে। এই তালিকাৰ শীৰ্ষস্থানত বিৰাট কোহলি আছে।
বৃহস্পতিবাৰে ৱানখেড়ে ষ্টেডিয়ামত টছত পৰাস্ত হৈ বেটিং কৰিবলৈ লোৱাৰ পিছত চেন্নাই ছুপাৰ কিংছে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২০৭ ৰান সংগ্ৰহ কৰে। সঞ্জু চেমছনে অধিনায়ক ৰুতুৰাজ গাইকৱাদৰ সৈতে প্ৰথম উইকেটৰ বাবে ৩২ ৰানৰ অংশীদাৰিত্ব ভাগ কৰে।
লগতে পঢ়ক: আই পি এলত ৰবীন্দ্ৰ জাদেজাৰ আলোড়ন; ভংগ কৰিব নেকি এম এছ ধোনীৰ অভিলেখ









