এই মেচত জয়লাভ কৰি চলিত ছিজনত তিনিখন মেচত পৰাজয়ৰ ধাৰাবাহিকতাৰ অন্ত পেলায় চেন্নাই চুপাৰ কিংছে
আই পি এল ২০২৬ত নিজৰ প্ৰথমটো জয় সাব্যস্ত কৰিছে চেন্নাই চুপাৰ কিংছে । শনিবাৰে অনুষ্ঠিত হোৱা এখন মেচত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক ২৩ ৰানত পৰাস্ত কৰে । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল মেচখন । এই মেচত জয়লাভ কৰি চলিত ছিজনত তিনিখন মেচত পৰাজয়ৰ ধাৰাবাহিকতাৰ অন্ত পেলায় চেন্নাই চুপাৰ কিংছে । মাত্ৰ ৫২টা বলত শতক অৰ্জন কৰা সঞ্জু চেমছন এই জয়ৰ নায়ক হিচাপে পৰিগণিত হয় । উল্লেখ্য যে, চলিত ছিজনত আই পি এলৰ এয়া তেওঁৰ প্ৰথম শতক আৰু কেৰিয়াৰৰ চতুৰ্থটো শতক ।
এই মেচত দিল্লীয়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । সঞ্জু আৰু মাহত্ৰেৰ উজ্জ্বল ইনিংছৰ বাবে চি এছ কেয়ে ২১২ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিল্লী কেপিটেলছ ১৮৯ ৰানতে অল আউট হয় । এয়া আছিল দিল্লী কেপিটেলছৰ একেৰাহে দ্বিতীয়টো পৰাজয় ।
দিল্লী কেপিটেলছৰ ইনিংছ-
২১৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি দিল্লী কেপিটেলছে শক্তিশালী আৰম্ভণি কৰে । কে এল ৰাহুল আৰু নিছাংকাই শক্তিশালী বেটিঙেৰে মাত্ৰ ৫ অভাৰতে ৬১ ৰান সংগ্ৰহ কৰে । অৱশ্যে এই স্ক’ৰত ৰাহুলৰ উইকেটৰ পতন ঘটে । পৰৱৰ্তী অভাৰত পাথুম নিছাংকাৰো উইকেটৰ পতন ঘটে । সপ্তম অভাৰৰ প্ৰথম বলত অধিনায়ক অক্ষৰ পেটেল আউট হোৱাৰ লগে লগে দিল্লীৰ ইনিংছ বিপদত পৰে ।
ইয়াৰ পিছত সমীৰ ৰিজৱীৰো উইকেটৰ পতন ঘটে । তাৰ পিছত ডেভিদ মিলাৰ আৰু ষ্টাবছে ইনিংছ আগবঢ়াই নিয়াৰ চেষ্টা কৰে । অৱশ্যে মিলাৰো ১৭ ৰানত আউট হয় । অৱশেষত আশুতোষ শৰ্মা আৰু ষ্টাবছে ইনিংছৰ দায়িত্ব লয় । অৱশ্যে ১৫ অভাৰত আশুতোষৰ উইকেটৰ পতন ঘটে । ষ্টাবছে ৬০ ৰানৰ ইনিংছ খেলিলেও নিজৰ দলটোক জয়ৰ দিশে আগুৱাই নিয়াত ব্যৰ্থ হয় । লগে লগে ১৮৯ ৰানত অল আউট হয় দিল্লী ।
চি এছ কেৰ বেটিং-
চি এছ কেৰ হৈ সঞ্জু চেমছন আৰু ৰুতুৰাজ গাইকোৱাডে প্ৰথমে ইনিংছ মুকলি কৰে । এই মেচখনত সঞ্জুক শক্তিশালী ছন্দত দেখা যায় । প্ৰথম বলৰ পৰাই তেওঁ আক্ৰমণাত্মক ভাৱে ৰান সংগ্ৰহ কৰিছিল । অৱশ্যে ৰুতুৰাজে দলীয় ৬২ ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে । ৰুতুৰাজে মাত্ৰ ১৫ ৰানহে সংগ্ৰহ কৰে । অৱশ্যে সঞ্জুৱে ক্ৰীজত খোপনি পুতি বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰে । আয়ুষ মাহাত্ৰেই তেওঁক যোগ্য সমৰ্থন আগবঢ়াই । ১১ নং অভাৰত চি এছ কেয়ে ১০০ ৰানৰ সীমা অতিক্ৰম কৰে ।
ইয়াৰ পিছতে সঞ্জুৱে মাহাত্ৰেৰ সৈতে শতকীয় অংশীদাৰিত্ব গঢ়ে । তেওঁ মাত্ৰ ৫২টা বলত ছিজনৰ প্ৰথমটো শতক অৰ্জন কৰে । মাহাত্ৰেও অৰ্ধশতক অৰ্জন কৰে যদিও তেওঁ আঘাতৰ বাবে পেভিলিয়নমুখী হয় । তাৰ পিছত শিৱম ডুবেই ইনিংছৰ দায়িত্ব লয় । কিন্তু সঞ্জুৱে শেষ বলটোলৈকে থাকি ৫৬টা বলত অপৰাজিত ১১৫ ৰান কৰে । নিজৰ ইনিংছত সঞ্জুৱে ১৫টা চাৰি আৰু ৪টা ছয় কোবাই । ইয়াৰ ফলত চি এছ কে ২০ অভাৰত ২ টা উইকেটত ২১২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : আই পি এল ২০২৬ৰ প্ৰথমটো শতক অৰ্জন সঞ্জু চেমছনৰ, গঢ়িলে দ্ৰুততম শতকৰ অভিলেখ









