২০২৬ৰ আই পি এলত প্ৰথমটো শতক অৰ্জন কৰিছে সঞ্জু চেমছনে
আই পি এল ২০২৬ৰ সংস্কৰণত শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে সঞ্জু চেমছন । শনিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচত তেওঁ এই কৃতিত্ব অৰ্জন কৰে । চেমছনে ৫২টা বলত শতক অৰ্জন কৰে, যিটো তেওঁৰ আই পি এল কেৰিয়াৰৰ আটাইতকৈ দ্ৰুততম শতক । আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলি থকাৰ সময়ত এইবাৰ প্ৰথমবাৰৰ বাবে শতক অৰ্জন কৰিছে তেওঁ ।
আই পি এল ২০২৬ৰ প্ৰথমটো শতক-
২০২৬ৰ আই পি এলত প্ৰথমটো শতক অৰ্জন কৰিছে সঞ্জু চেমছনে । পূৰ্বতে চলিত ছিজনৰ সৰ্বোচ্চ স্ক’ৰ অৰ্জন কৰিছিল দিল্লী কেপিটেলছৰ কে এল ৰাহুলে, যিয়ে ৯২ ৰান সংগ্ৰহ কৰিছিল । দিল্লীৰ সমীৰ ৰিজভিয়েও ৯০ ৰান সংগ্ৰহ কৰিছিল যদিও এতিয়া চেমছনে প্ৰথমটো শতক অৰ্জন কৰি অভিলেখ গঢ়িছে ।
দ্ৰুততম শতকৰ অভিলেখ-
দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত ৫২টা বলত শতক অৰ্জন কৰে সঞ্জু চেমছনে । ব্যক্তিগতভাৱে এইটোৱেই তেওঁৰ আই পি এলৰ আটাইতকৈ দ্ৰুততম শতক । তেওঁৰ পূৰ্বৰ আটাইতকৈ দ্ৰুততম শতক ৫৪টা বলত আছিল যিটো তেওঁ ২০১৯ৰ ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ খেলি থকাৰ সময়তে পঞ্জাব কিংছৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল ।
আই পি এলত চেন্নাই ছুপাৰ কিংছৰ বাবেও এয়া পঞ্চমটো দ্ৰুততম শতক । ২০১০ চনত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৪৬টা বলত শতক অৰ্জন কৰা মুৰালী বিজয়ে চি এছ কেৰ হৈ দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল । বিগত ১৬ বছৰে এই অভিলেখ মুৰালী বিজয়ৰ হাতত আছে ।
উল্লেখ্য যে, আই পি এল ২০২৬ত চেন্নাই ছুপাৰ কিংছৰ হৈ তিনিটা ইনিংছত ৬, ৭, আৰু ৯ ৰান সংগ্ৰহ কৰি সেই তিনিটা ইনিংছত মাত্ৰ ২২ ৰান সংগ্ৰহ কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল সঞ্জু চেমছন । অৱশ্যে দিল্লী কেপিটেলছৰ বিৰুদ্ধে তেওঁৰ বিস্ফোৰক শতকে তেওঁৰ সমালোচকসকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয় ।
১৮ কোটিত চেন্নাইলৈ-
চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ পৰা চেন্নাই চুপাৰ কিংছলৈ ১৮ কোটি টকাত ট্ৰেডিং কৰা হৈছিল সঞ্জু চেমছনক । ইয়াৰ বিনিময়ত চি এছ কেয়ে ৰবীন্দ্ৰ জাডেজা আৰু ছেম কাৰানক ৰাজস্থান ৰয়েলছৰ সৈতে ট্ৰেডিং কৰিছিল । প্ৰথম তিনিখন মেচত চেমছনৰ প্ৰদৰ্শন দুৰ্বল আছিল যদিও এই শতকৰ জৰিয়তে তেওঁ দেখুৱাই দিলে নিজৰ শক্তি আৰু প্ৰতিভাক ।
সঞ্জু চেমছনৰ আই পি এলৰ শতক-
–১০২ (৬৩) বনাম আৰ পি এছ, পুনে, ২০১৭
–১০২ (৫৫) বনাম এছ আৰ এইচ, হায়দৰাবাদ, ২০১৯
-১১৯ (৬৩) বনাম পিবিকেএছ, ৱাংখেড়ে, ২০২১
-১০২ (৫২) বনাম ডি চি, চেন্নাই, ২০২৬
উল্লেখ্য য়ে, আই পি এলৰ পূৰ্বে অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ২০২৬তো চেমছন বিস্ফোৰক ফৰ্মত আছিল । প্ৰথম অৱস্থাত প্ৰথম কোনো মেচত সুযোগ পোৱা নাছিল আৰু কিছু মেচত ৰান সংগ্ৰহ কৰিব পৰা নাছিল তেওঁ ।
কিন্তু নকআউট মেচত তেওঁ বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াইছিল । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৯৭*, ইংলেণ্ডৰ বিৰুদ্ধে ৮৯ আৰু ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে ৮৯ ৰান সংগ্ৰহ কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । পাঁচটা ইনিংছত ৩২১ ৰান সংগ্ৰহ কৰিছিল তেওঁ । তেওঁৰ ৮০.২৫ গড় আৰু ষ্ট্ৰাইক ৰেট আছিল ১৯৯.৩৭ । এই প্ৰতিযোগিতাত তেওঁ প্লেয়াৰ অব্ দ্য চিৰিজ সন্মান লাভ কৰিছিল ।
লগতে পঢ়ক : মুল্লনপুৰত শ্ৰেয়াছ আয়াৰৰ ধুমুহা, বৃহৎ লক্ষ্য দিও পঞ্জাৱৰ হাতত ধৰাশায়ী হায়দৰাবাদ









