ক্ৰিকেটাৰ বন্ধু অমনপ্ৰীত সিং গিলৰ মৃত্যুত বিৰাট কোহলী আৱেগিক পোষ্ট

ক্ৰিকেটাৰ বন্ধু অমনপ্ৰীত সিং গিলৰ মৃত্যুত বিৰাট কোহলী আৱেগিক পোষ্ট

টিম ইণ্ডিয়াৰ ১৯ বছৰ অনুৰ্ধ আৰু পঞ্জাৱৰ বেগী বলাৰ অমনপ্ৰীত সিং গিলৰ ৩৬ বছৰ বয়সত দেহাৱসান ঘটিছে। অমনপ্ৰীত সিঙৰ মৃত্যুত বিৰাট কোহলী ছ’চিয়েল মিডিয়াত আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় ক্ৰিকেটৰ জগতৰ পৰা এক অত্যন্ত মৰ্মান্তিক খবৰ আহিছে। ১৯ বছৰ অনুৰ্ধ পৰ্যায়ত টিম ইণ্ডিয়াৰ হৈ খেলা

টিম ইণ্ডিয়াৰ ১৯ বছৰ অনুৰ্ধ আৰু পঞ্জাৱৰ বেগী বলাৰ অমনপ্ৰীত সিং গিলৰ ৩৬ বছৰ বয়সত দেহাৱসান ঘটিছে। অমনপ্ৰীত সিঙৰ মৃত্যুত বিৰাট কোহলী ছ’চিয়েল মিডিয়াত আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ভাৰতীয় ক্ৰিকেটৰ জগতৰ পৰা এক অত্যন্ত মৰ্মান্তিক খবৰ আহিছে। ১৯ বছৰ অনুৰ্ধ পৰ্যায়ত টিম ইণ্ডিয়াৰ হৈ খেলা ক্ৰিকেটাৰ অমনপ্ৰীত সিং (অমনপ্ৰীত সিং গিল)ৰ ৩৬ বছৰ বয়সত মৃত্যু হৈছে।৬ মে’ বুধবাৰে চণ্ডীগড়ত শেষ নিশ্বাস ত্যাগ কৰে।তেওঁৰ বিয়োগত ক্ৰিকেট জগতত শোকৰ ছাঁ পৰিছে।

পঞ্জাৱ ক্ৰিকেটত অমনপ্ৰীত গিল আছিল এক সুপৰিচিত নাম।তেওঁ বিৰাটৰ সৈতে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলত খেলিছিল।সোঁহাতৰ বেগী বলাৰ অমনপ্ৰীতে পঞ্জাৱৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল আৰু প্ৰথম শ্ৰেণীৰ ৬খন খেলত ১১টা উইকেট দখল কৰিছিল।

২০০৮ চনত আই পি এলৰ প্ৰথম ছিজনত কিংছ একাদশ পঞ্জাৱ দলৰ অংশ আছিল অমনপ্ৰীত সিং।পিছলৈ তেওঁ পঞ্জাৱ ক্ৰিকেটত নিৰ্বাচক হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে জ্যেষ্ঠ বাছনি সমিতিৰ সদস্যও আছিল। বিৰাট কোহলীয়েও অমনপ্ৰীত গিলৰ মৃত্যুৰ খবৰ পাই আৱেগিক হৈ পৰিছিল। তেওঁ অমনপ্ৰীতক সুঁৱৰি সামাজিক মাধ্যমত লিখিছে যে, অমনপ্ৰীত গিলৰ মৃত্যুৰ খবৰ পাই গভীৰ মৰ্মাহত হৈ পৰিছো। তেওঁলোকৰ পৰিয়াল আৰু আপোনজনক প্ৰাৰ্থনা আৰু শক্তি প্ৰেৰণ কৰা।তেওঁ আত্মাই শান্তি লাভ কৰক,ঔম শান্তি।

ছ’চিয়েল মিডিয়াত শোক বাৰ্তা জাৰি কৰি পঞ্জাৱ ক্ৰিকেট সন্থাই লিখিছে অমনপ্ৰীত গিলে সম্পূৰ্ণ নিষ্ঠা আৰু আবেগেৰে পঞ্জাৱ ক্ৰিকেট সেৱা আগবঢ়াইছিল।ব’ৰ্ডে তেওঁৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

লগতে পঢ়ক: ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ