৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ হাই-ভল্টেজ মেচ
ৰাজ্যত তীব্ৰতৰ হৈ পৰা নিৰ্বাচনী পৰিৱেশৰ মাজতে দেখা গৈছে আই পি এলৰ উন্মাদনা । ৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ হাই-ভল্টেজ মেচ । আই পি এলৰ এই হাই-ভল্টেজ মেচৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে । এই বহু প্ৰত্যাশিত মেচখনৰ ইতিমধ্যে ৭০ শতাংশ টিকট বিক্ৰী হৈছে, যাৰ পৰা স্পষ্ট হৈছে যে মেচৰ দিনটোত ষ্টেডিয়াম দৰ্শকেৰে ভৰি পৰিব ।
প্ৰায় ৪০,০০০ দৰ্শকক আদৰিবলৈ সাজু হোৱা অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখন ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ সমৰ্থকেৰে ভৰি পৰিব বুলি আশা কৰা হৈছে । আই পি এলৰ এই ছিজনৰ অন্যতম আকৰ্ষণীয় মেচ হিচাপে পৰিগণিত হ’বলগীয়া এই খেলখনে গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যৰ ক্ৰিকেট অনুৰাগীক আকৰ্ষিত কৰিছে ।
ইফালে এই মেচত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যৰে আয়োজকসকলে উজান বজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টত বিশেষ টিকট কাউণ্টাৰৰ ব্যৱস্থা কৰিছে । শিক্ষাৰ্থীৰ বাবে টিকটৰ মূল্য ৭৯৯ টকা আৰু সাধাৰণ টিকটৰ মূল্য ১,৪৯৯ টকা ধাৰ্য কৰা হৈছে । এই কাউণ্টাৰসমূহ ২১ আৰু ২২ মাৰ্চত বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ খোলা থাকিব । ৰেহাই মূল্যত টিকট লাভ কৰিবলৈ শিক্ষাৰ্থীসকলে বৈধ পৰিচয় পত্ৰ দেখুওৱাটো বাধ্যতামূলক ।
টিকটৰ উপলব্ধতা অধিক সহজ কৰি তুলিবলৈ অহা ২৪ মাৰ্চত ষ্টেডিয়ামৰ সমীপৰ ছাউথ পইণ্ট স্কুলত পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ আন এক অতিৰিক্ত কাউণ্টাৰ খোলা হ’ব ।
লগতে পঢ়ক : আই পি এলৰ পূৰ্বে বিপদত কলকাতা নাইট ৰাইডাৰ্ছ









