শুভমন গীলক বছৰৰ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ আৰু স্মৃতি মন্ধানাক বছৰৰ শ্ৰেষ্ঠ মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হয়
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শুভমন গীলক বছৰৰ পুৰুষৰ ক্ৰিকেটাৰ অব্ দ্য ইয়েৰ বঁটাৰে সন্মানিত কৰিবলৈ সাজু হৈছে । শনিবাৰে ২০২৬ চনৰ বিচিচিআই নমন বঁটাৰ বিজয়ীসকলৰ তালিকা প্ৰকাশ কৰি শুভমন গীলক বছৰৰ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ আৰু স্মৃতি মন্ধানাক বছৰৰ শ্ৰেষ্ঠ মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হয় । ১৫ মাৰ্চ দেওবাৰে অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান ।
বিগত বছৰৰ ভিতৰত সৰ্বাধিক অসাধাৰণ প্ৰদৰ্শন আগবঢ়োৱা ক্ৰিকেটাৰসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ২০০৬-০৭ বৰ্ষৰ ছিজনত বিচিচিআই নমন বঁটাৰ প্ৰতিষ্ঠা কৰা হৈছিল । পুৰুষৰ শাখাত বছৰৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বঁটাক পলি উমৰিগৰ বঁটা বুলিও জনা যায় ।
শুভমন গীল বৰ্তমান ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক আৰু সামগ্ৰিকভাৱে দ্বিতীয়বাৰৰ বাবে তেওঁক পলি উমৰিগৰ বঁটাৰে সন্মানিত কৰা হ’ব । ২০২৫ চনত তেওঁ ৯খন টেষ্ট মেচত ৯৮৩ ৰান সংগ্ৰহ কৰি যোৱা বছৰ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল । এই সময়ছোৱাত ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ শৃংখলাত ৭৫৪ ৰান সংগ্ৰহ কৰে তেওঁ । ইয়াৰ উপৰিও তেওঁ ১১খন এদিনীয়া মেচত ৪৯০ ৰান সংগ্ৰহ কৰে ।
আনহাতে, স্মৃতি মন্ধানাই একেৰাহে দ্বিতীয় বছৰৰ বাবে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ বঁটা লাভ কৰিবলৈ সাজু হৈছে । পঞ্চমবাৰৰ বাবে মন্ধানাক এই সন্মানীয় বঁটাৰে সন্মানিত কৰা হ’ব ।
২০২৬ চনৰ টি-২০ বিশ্বকাপ দলৰ পৰা বাদ দিয়া হৈছিল শুভমন গীলক । ২০২৫ চনৰ আৰম্ভণিৰ পৰাই টি-২০ত ভাল ইনিংছ খেলিব নোৱাৰাৰ বাবে তেওঁক বাদ দিয়া হৈছিল ।
লগতে পঢ়ক : ব্যস্ত আন্তঃৰাষ্ট্ৰীয় সূচীৰ মাজতে অধিক এদিনীয়া খেলিব ভাৰতীয় দলে, কেইবাখনো দেশে আগবঢ়াইছে প্ৰস্তাৱ









