আইচিচিৰ ডাঙৰ সিদ্ধান্ত; সলনি হ’ল ২০২৭ ৰ এদিনীয়া বিশ্বকাপৰ ফৰ্মেট

আইচিচিয়ে এদিনীয়া আৰু টি-২০ বিশ্বকাপৰ ফৰ্মেটত বৃহৎ পৰিৱৰ্তনৰ বাবে অনুমোদন জনাইছে।আগন্তুক এদিনীয়া বিশ্বকাপত ১৪টা দলে অংশগ্ৰহণ কৰিব, য’ত সৰ্বনিম্ন ৰেংকিঙৰ তিনিটা দলৰ ভিতৰত ‘ছুপাৰ ছিৰিজ’ অনুষ্ঠিত হ’ব আৰু মাত্ৰ এটা দলেহে মূল ৰাউণ্ডলৈ আগবাঢ়িব।

আইচিচিয়ে বিশ্বব্যাপী প্ৰতিযোগিতাসমূহক অধিক ৰোমাঞ্চকৰ, প্ৰতিযোগিতামূলক, আৰু দৰ্শকৰ বাবে আকৰ্ষণীয় কৰি তুলিবলৈ এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ এডিনবাৰ্গত অনুষ্ঠিত আইচিচিৰ বাৰ্ষিক বৈঠকত ক্ৰিকেটৰ দুখন বৃহৎ প্ৰতিযোগিতা  ক্ৰমে এদিনীয়া বিশ্বকাপ আৰু টি-২০ বিশ্বকাপৰ ফৰ্মেটত বৃহৎ পৰিৱৰ্তনৰ অনুমোদন জনোৱা হয়। এই পৰিৱৰ্তনসমূহৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰতিযোগিতাসমূহৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই মেচৰ ‘তাৎপৰ্য্য আৰু তীব্ৰতা’ বৃদ্ধি কৰা, যাতে কোনো মেচ নিস্তেজ নহয়।

আগন্তুক এদিনীয়া বিশ্বকাপত দলৰ সংখ্যা ১৪টা হৈ থাকিব যদিও প্ৰতিযোগিতাখনৰ ফৰ্মেট সম্পূৰ্ণৰূপে সলনি কৰা হৈছে। আইচিচিয়ে আৰম্ভণিৰে পৰাই দলসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা নিশ্চিত কৰাৰ বাবে এক নতুন মঞ্চৰ ব্যৱস্থা কৰিছে। প্ৰতিযোগিতাখনৰ আৰম্ভণি হ’ব ‘ছুপাৰ ছিৰিজ’, য’ত আটাইতকৈ নিম্ন ৰেংকিঙৰ তিনিটা দলে মুখামুখি হৈ মূল গ্ৰুপ পৰ্যায়ত স্থান নিশ্চিত কৰিব। এই তিনিটা দলৰ ভিতৰত এটা দলে মূল ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে বাকী দুটা দলে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ব।ছুপাৰ ছিৰিজৰ পৰা যোগ্যতা অৰ্জন কৰা এটা দল আৰু পূৰ্বৰে পৰা থকা ১১ টা দলকে ধৰি মুঠ ১২ টা দলে দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়িব।এই ১২টা দলক ছয়জনীয়া দুটা গ্ৰুপত ভাগ কৰা হ’ব।

চুপাৰ ৭ ষ্টেজ

দুয়োটা গ্ৰুপৰ শীৰ্ষ তিনিটা দলে পোনপটীয়াকৈ পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িব। ইয়াৰ উপৰিও নিজ নিজ গ্ৰুপত চতুৰ্থ স্থান দখল কৰাসকলৰ মাজত উন্নত প্ৰদৰ্শন কৰা দলটোৱে (চতুৰ্থ স্থানৰ শ্ৰেষ্ঠ দল)ও আগবাঢ়ি যাবলৈ স্থান অৰ্জন কৰিব। এইদৰে মুঠ ৭টা দলে ‘ছুপাৰ ৭’ পৰ্যায়ত প্ৰৱেশ কৰিব।

ছেমিফাইনেলৰ পথ

ছুপাৰ ৭ পৰ্যায়ত সকলো দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, আৰু পইণ্ট টেবুলৰ শীৰ্ষ চাৰিটা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিব। ইয়াৰ পিছতে নকআউট মেচ অনুষ্ঠিত হ’ব।

এই সন্দৰ্ভত আইচিচিয়ে কয় যে, ” মেচৰ ক্ৰমবৰ্ধমান গুৰুত্ব আৰু প্ৰতিযোগিতামূলক তীব্ৰতাই অনুৰাগীৰ অভিজ্ঞতা বহু পৰিমাণে উন্নত কৰিব।একে সময়তে এই নতুন ব্যৱস্থাই উদীয়মান দলসমূহক ক্ৰিকেটৰ বৃহত্তম মঞ্চত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগো প্ৰদান কৰি যাব।

এদিনীয়া ফৰ্মেটৰ লগতে টি-২০ বিশ্বকাপৰ ফৰ্মেটকো নতুন ৰূপ দিয়া হৈছে। আইচিচিয়ে এই চুটি ফৰ্মেটত নকআউট পৰ্যায়ৰ ঠিক আগতেই ‘এলিমিনেটৰ’ৰ প্ৰৱৰ্তন কৰিছে, যিটো পদক্ষেপে প্ৰতিযোগিতাখনৰ উত্তেজনাক নতুন উচ্চতালৈ লৈ যাব। টি-২০ বিশ্বকাপত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিব। চাৰিটাকৈ দলৰ পাঁচটা পৃথক গ্ৰুপত ভাগ কৰা হ’ব। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িব, অৰ্থাৎ মুঠ ১০টা দল আগবাঢ়িব। ইয়াৰ পিছত এই ১০টা যোগ্যতা অৰ্জনকাৰী দলক পাঁচজনীয়া দুটা গ্ৰুপত (গ্ৰুপ এ আৰু গ্ৰুপ বি) বিভক্ত কৰা হ’ব। এই ‘ছুপাৰ ১০’ পৰ্যায়ত দলসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা দেখা যাব।

ছুপাৰ ১০ পৰ্যায়ৰ সামৰণিত নিজ নিজ গ্ৰুপৰ শীৰ্ষত স্থান দখল কৰা দল দুটাই ছেমি ফাইনেলত প্ৰত্যক্ষ স্থান নিশ্চিত কৰিব। বাকী দুটা ছেমি ফাইনেল বাৰ্থৰ বাবে এটা নতুন টুইষ্ট প্ৰৱৰ্তন কৰা হৈছে: দুয়োটা গ্ৰুপত দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা চাৰিটা দলে ‘এলিমিনেটৰ’ খেলিব লাগিব।

লগতে পঢ়ক: ফুটবলপ্ৰেমীৰ বাবে সাৰে থাকিব মহানগৰী! কিন্তু কিয়?

‘আইচিচিতকৈ কোনো দেশ ডাঙৰ নহয়’; পাকিস্তান আৰু বাংলাদেশক তীব্ৰ সমালোচনা জয় শ্বাহৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহে টি-২০ বিশ্বকাপ ২০২৬ ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিছে। তেওঁ কয় ‘আইচিচিতকৈ কোনো দেশ ডাঙৰ নহয়’

টি-২০ বিশ্বকাপ ২০২৬ ক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহে।জয় শ্বাহে কয় যে কোনো দেশ বা দল আইচিচিতকৈ ডাঙৰ নহয়।আইচিচিয়ে সকলো সদস্য দলৰ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে কাম কৰে।

বঁটা বিতৰণী অনুষ্ঠানত জয় শ্বাহে কয় যে বিশ্বকাপৰ পূৰ্বে কিছুমান বিশেষ দলে অংশগ্ৰহণ কৰিব নে নকৰে সেই সন্দৰ্ভত বহু জল্পনা-কল্পনা চলিছিল।কিন্তু আই চি চিৰ অধ্যক্ষ হিচাপে মই নিশ্চিতভাৱে ক’ব পাৰো যে কোনো দল সংগঠনতকৈ ডাঙৰ নহয়।কেৱল কোনো এটা দলেই সংগঠন গঠন নকৰে।বৰঞ্চ সকলো দলৰ সামূহিক প্ৰচেষ্টাৰ দ্বাৰাহে সংস্থাটোৱে কাম কৰে।

জয় শ্বাহে উল্লেখ কৰে যে এই টি-২০ বিশ্বকাপে দৰ্শকৰ ক্ষেত্ৰত ইতিহাসৰ সৃষ্টি কৰিছে। মুঠ দৰ্শকৰ পূৰ্বৰ সকলো অভিলেখও ভংগ হৈছিল।সহযোগী দলসমূহে এক দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়।আমেৰিকাই ভাৰতক , নেদাৰলেণ্ডে পাকিস্তানক প্ৰত্যাহ্বান জনাইছিল, নেপালেও ইংলেণ্ডক কঠিন যুঁজ দিছিল।আনহাতে জিম্বাবুৱেৰ দৰে সৰু দল এটায়ো অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলে।

লগতে পঢ়ক: পিতৃ হ’বলৈ ওলাইছে সূৰ্যকুমাৰ যাদৱ;  পত্নীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ ওপৰত ধনৰ বৰষুণ; বিচিচিআইয়ে দিব ১৩১ কোটি টকাৰ পুৰস্কাৰ

ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ ২০২৬ খিতাপ দখল কৰাৰ পিছত এতিয়া বিচিচিআইয়ে এক ডাঙৰ ঘোষণা কৰিছে। বিচিচিআইয়ে ভাৰতীয় দলটোলৈ ১৩১ কোটি টকাৰ পুৰস্কাৰ দিছে।

২০২৬ চনৰ আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত ঐতিহাসিক জয়ৰ পাছত ভাৰতীয় দলটোৰ ওপৰত ধনৰ বৰষুণ হৈছে।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টিম ইণ্ডিয়াক ১৩১ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে।১০ মাৰ্চত (মঙলবাৰ)বিচিচিআইয়ে এই কথা ঘোষণা কৰিছিল।

ইয়াৰ পূৰ্বে ভাৰতীয় দলটোৱে ৰোহিত শৰ্মাৰ অধিনায়কত্বত টি-২০ বিশ্বকাপ ২০২৪ খিতাপ দখল কৰিছিল,তেতিয়া বিচিচিআইয়ে খেলুৱৈসকলক ১২৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

উল্লেখ্য যে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দেওবাৰে (৮ মাৰ্চ) অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ভাৰতে নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি খিতাপ দখল কৰে। এই জয়েৰে ভাৰতে সফলতাৰে নিজৰ টি-২০ বিশ্বকাপৰ চেম্পিয়ন হয়।

বিচিচিআইয়ে এক বিবৃতিত কয় যে, “আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত তেওঁলোকৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) টিম ইণ্ডিয়াৰ বাবে ১৩১ কোটিৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে।আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এই  ট্ৰফী অৰ্জন কৰে, সফলতাৰে খিতাপ ৰক্ষা কৰি প্ৰতিযোগিতাখনৰ ইতিহাসত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ অক্ষুণ্ণ ৰখা প্ৰথমটো দল হিচাপে পৰিগণিত হয়।এই জয়ৰ জৰিয়তে ভাৰতেও আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ তিনিবাৰকৈ জয়ী হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয়”।

লগতে পঢ়ক: শৈশৱৰ লগৰী বংশিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব কুলদীপ যাদৱ…

‘বেক টু বেক বিশ্বকাপ জয়’ ;লণ্ডনৰ পৰা টিম ইণ্ডিয়াৰ বাবে বিশেষ পোষ্ট অনুষ্কা শৰ্মাৰ

অনুষ্কা শৰ্মাই যদিও বৰ্তমান লণ্ডনত বাস কৰে, কিন্তু তেওঁৰ সমগ্ৰ মনোযোগ টি-২০ বিশ্বকাপৰ ফাইনেল মেচত আছিল । বিশ্বকাপৰ খিতাপ লাভ কৰাৰ পিছতেই অনুষ্কা শৰ্মাই টিম ইণ্ডিয়াৰ বাবে দিলে বিশেষ পোষ্ট।

ভাৰতৰ ঐতিহাসিক বিজয়ৰ উদযাপন কেৱল দেশৰ সীমান্ততে সীমাবদ্ধ হৈ থকা নাই। ইয়াৰ প্ৰতিধ্বনি সাত সাগৰৰ সিপাৰে লণ্ডনৰ ৰাজপথটো শুনা গৈছে।

এই জয়ৰ পিছতেই লণ্ডনত বাস কৰা অনুষ্কা শৰ্মাই ভাৰতীয় দলৰ এই জয়ক লৈ এক অতি বিশেষ পোষ্ট কৰিছে,যিটো ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অনুষ্কাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে টিম ইণ্ডিয়াৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা প্ৰকাশ কৰে।

সুখ প্ৰকাশ কৰি অনুষ্কা শৰ্মাই লিখিছে,’এই দুৰ্দান্ত জয়ৰ বাবে আকৰ্ষণীয় দলটোক আন্তৰিক অভিনন্দন!বেক টু বেক বিশ্বকাপ জয়!’ এই পোষ্টটোত অনুষ্কাই ভাৰতৰ পতাকাৰ ইমোজিও ব্যৱহাৰ কৰিছে।

বেক টু বেক বিশ্বকাপৰ কথা উল্লেখ কৰি তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতীয় ক্ৰিকেট দলটোৱে বৰ্তমান সোণালী সময়েৰে পাৰ কৰিছে।আৰু বিশ্বৰ মঞ্চত আধিপত্য বিস্তাৰ কৰি আছে। অনুষ্কা শৰ্মাই এই পোষ্টটো দিয়াৰ পিছতেই সামাজিক মাধ্যমত এইটো ভাইৰেল হৈ পৰিছে।  

লগতে পঢ়ক: ‘যেতিয়াৰ পৰা মোৰ জীৱনলৈ মাহিকা আহিছে…’; খিতাপ জয়ৰ পিছতে হাৰ্দিক পাণ্ডিয়াই প্ৰেয়সীক ক’লে সৰ্বস্ব

‘যেতিয়াৰ পৰা মোৰ জীৱনলৈ মাহিকা আহিছে…’; খিতাপ জয়ৰ পিছতে হাৰ্দিক পাণ্ডিয়াই প্ৰেয়সীক ক’লে সৰ্বস্ব

টি-২০ বিশ্বকাপ ২০২৬ জয় কৰাৰ পিছত হাৰ্দিক পাণ্ডিয়াই কয় তেওঁ আৰু ১০টা খিতাপ জয় কৰাৰ লক্ষ্য লৈছে। যেতিয়াৰ পৰা প্ৰেমিকা মাহিকা তেওঁৰ জীৱনলৈ আহিছে তেতিয়াৰ পৰা সকলোবোৰ সহজ হৈ পৰিছে।

টি-২০ বিশ্বকাপ ২০২৬ জয় কৰাৰ পিছত ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই কয় যে তেওঁ নিজৰ কেৰিয়াৰত আৰু ১০টা ট্ৰফী লাভ কৰিব বিচাৰিছে।

হাৰ্দিকে কয় যে তেওঁ এতিয়ালৈকে তিনিটা আইচিচি ট্ৰফী লাভ কৰিছে আৰু অহা ১০ বছৰত আইচিচি আৰু আইপিএল দুয়োটাকে ধৰি আৰু ১০টা খিতাপ জয় কৰাৰ লক্ষ্য লৈছে।ইয়াৰ মাজতে তেওঁ প্ৰেমিকা মাহিকাৰ কথাও উল্লেখ কৰে।

দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত জয়লাভ কৰাৰ পিছত ভাৰতীয় দলৰ এই অল-ৰাউণ্ডাৰজনে কয় যে তেওঁৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য হৈছে ট্ৰফী জয় কৰা।

খেলুৱৈ গৰাকীয়ে কয় যে,’এইটোৱেই সেইটো জয় যাৰ বাবে মই সদায় জীয়াই আহিছো।এই কাৰণেই মই ক্ৰিকেট খেলো।মই ট্ৰফী জিকিব বিচাৰো।যিমান ট্ৰফী জয় কৰিব পাৰো, সিমানেই ভাল।আনকি ২০২৪ চনতো মই কৈছিলোঁ যে মই যি ট্ৰফীৰ বাবে খেলিম, আৰু তাত জয় হমেই।আৰু তাৰ বাবে মোৰ বিশ্বাস আছে।এই ট্ৰফীটোৱেই তাৰ নিশ্চয়তা।’

হাৰ্দিক পাণ্ডিয়াই আৰু কয়- সফলতা কেৱল শব্দৰেই নহয় কঠোৰ পৰিশ্ৰমৰ কৰিব লাগিব।কঠোৰ পৰিশ্ৰম কৰক, শান্ত হৈ থাকক আৰু এজন ভাল মানুহ হওক।যেতিয়াৰ পৰা মাহিকা মোৰ জীৱনলৈ আহিছে,তেতিয়াৰে পৰা মই কেৱল জয় কৰি আছো। মাহিকা অহাৰ পিছত মোৰ জীৱনৰ কথাবোৰ সহজ হৈ পৰিছে।তাই মোক বহুত সমৰ্থন কৰে আৰু মোক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে।

হাৰ্দিক পাণ্ডিয়াই লগতে কয় যে, এতিয়া যদিও মই ছিনিয়ৰ, যদিও এইটো শুনি ভাল লাগে কিন্তু মই মোৰ নিজৰ কেৰিয়াৰ মাত্ৰ আধা অংশ হে খেলিছো বাকী এতিয়াও ১০ বছৰ ক্ৰিকেট বাকী আছে।  

লগতে পঢ়ক: ‘ধুৰন্ধৰ ২’ৰ বাবে অপেক্ষা কৰিছে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবে; কৰিলে প্ৰশংসা

“কোচ ছাৰ, আপোনাৰ ওপৰত ভাল হাঁহি”…; প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ এমএছ ধোনীৰ বিশেষ পোষ্ট

টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতে জয় কৰাৰ পাছত এমএছ ধোনীয়ে ছ’চিয়েল মিডিয়াত এক বিশেষ পোষ্ট কৰি দল আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক প্ৰশংসা কৰে।

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতে তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰাৰ পিছতেই ভাৰতীয় প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিছে।যিটো এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে।তেওঁ প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু ‘য়োৰকাৰ কিং’ যশপ্ৰীত বুমৰাহৰ বাবে হৃদয়স্পৰ্শী কথা কৈছে।

ভাৰত আৰু নিউজিলেণ্ডৰ এই ফাইনেলৰ সাক্ষী হ’বলৈ ধোনী নিজেই ষ্টেডিয়ামত উপস্থিত আছিল।এই জয়ৰ পিছত ধোনীয়ে ইনষ্টাগ্ৰামত এটা অতি আৱেগিক পোষ্ট শ্বেয়াৰ কৰে। তেওঁ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ বহু প্ৰশংসা কৰে।

ধোনীয়ে পোষ্টটোত লিখিছে-‘আহমেদাবাদত ইতিহাসৰ ৰচনা হ’ল।ভাৰতীয় টীম, সহযোগী কৰ্মচাৰী আৰু সমগ্ৰ বিশ্বৰ ভাৰতীয় অনুৰাগীলৈ অভিনন্দন।আপোনালোক সকলোৰে খেল চাই ভাল লাগিল।কোচ চাহাব (গৌতম গম্ভীৰ),আপোনাৰ হাঁহিটো ভাল লাগে। হাঁহিৰ লগতে আপোনাৰ তীব্ৰতাও এটা ‘কিলাৰ কম্বো’।বৰ ভাল লাগিল, উপভোগ কৰক’।

লগতে পঢ়ক: ‘এই বিজয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিলে’; টি-২০ বিশ্বকাপত ভাৰতৰ জয়ৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ পোষ্ট

‘এই বিজয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিলে’; টি-২০ বিশ্বকাপত ভাৰতৰ জয়ৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ পোষ্ট

ঘৰুৱা মাটিত টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। এই জয়ৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলটোক অভিনন্দন জনাইছে।

তৃতীয়বাৰৰ বাবে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ চেম্পিয়ন হ’ল ভাৰত। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰতে বিপুল ৯৬ ৰানত জয়লাভ কৰে।ভাৰতৰ বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টিম ইণ্ডিয়াক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰি লিখিছে, ‘চেম্পিয়ন।আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় দললৈ আন্তৰিক অভিনন্দন।এই দৰ্শনীয় বিজয় অসাধাৰণ দক্ষতা, দৃঢ়তা আৰু দলীয় কামৰ প্ৰতীক।সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁলোকে উৎকৃষ্ট সাহস প্ৰদৰ্শন কৰিছিল।এই বিজয়ে প্ৰতিজন ভাৰতীয়ৰ হৃদয় গৌৰৱ আৰু আনন্দৰে ভৰাই তুলিছে।চেল্যুট, টীম ইণ্ডিয়া।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ভাৰতীয় ক্ৰিকেট দলক বিশ্বকাপ ২০২৬ খিতাপ দখল কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।এক্সত পোষ্ট কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয়-‘কি আচৰিত জয়… বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়ালৈ চেল্যুট।সমগ্ৰ প্ৰতিযোগিতাখনত আপোনাৰ ব্যতিক্ৰমী প্ৰদৰ্শন আৰু দৃঢ়তাই দেশলৈ গৌৰৱ আৰু সন্মান কঢ়িয়াই আনিছে।প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰাৰ বাবে সমগ্ৰ দলটোক অভিনন্দন।’

লগতে পঢ়ক: হাতত বিশ্বকাপৰ ট্ৰফী; জয় শ্বাহসহ খোজকাঢ়ি হনুমান মন্দিৰ পালেগৈ টীম ইণ্ডিয়া…

হাতত বিশ্বকাপৰ ট্ৰফী; জয় শ্বাহসহ খোজকাঢ়ি হনুমান মন্দিৰ পালেগৈ টীম ইণ্ডিয়া…

টি-২০ বিশ্বকাপ ২০২৬ জয় কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে অধিনায়ক সূৰ্য্যকুমাৰ যাদৱ, প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু আই চি চিৰ অধ্যক্ষ জয় শ্বাহে ট্ৰফী লৈ আহমেদাবাদৰ হনুমান টেকৰি মন্দিৰত উপস্থিত হয়।

আহমেদাবাদত ইতিহাস ৰচনা কৰি আই চি চি পুৰুষ টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰাৰ কিছু ঘণ্টাৰ পিছত ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু আই চি চিৰ অধ্যক্ষ জয় শ্বাহে হাতত ট্ৰফী লৈ আহমেদাবাদৰ হনুমান টেকৰি মন্দিৰত উপস্থিত হয়।

ইয়াত তেওঁলোকে হনুমানজীক দৰ্শন কৰি দলৰ ঐতিহাসিক জয়ৰ বাবে আশীৰ্বাদ বিচাৰে।ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে। দলটোৰ আটাইকেইজন সদস্যই খোজ কাঢ়ি গৈ হনুমান জীৰ আশিৰ্বাদ লয়।

ভাৰতীয় দলটোৱে ৮ মাৰ্চ দেওবাৰে ফাইনেলত নিউজিলেণ্ডক ৯৬ ৰানৰ বিপুল ব্যৱধানত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে।এই জয়ৰ লগতে ভাৰতে কেৱল খিতাপ অক্ষুণ্ণ ৰখাই নহয়, আয়োজক দেশ হিচাপে টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।

লগতে পঢ়ক: ইতিহাস সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰত;  পুনৰ খিতাপ জয়ৰ পৰা বঞ্চিত কিৱি বাহিনী

ইতিহাস সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰত;  পুনৰ খিতাপ জয়ৰ পৰা বঞ্চিত কিৱি বাহিনী

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত টি-২০ বিশ্বকাপৰ ফাইনেলত ৯৬ ৰানত জয়লাভ কৰে টিম ইণ্ডিয়াই।এই মহান বিজয়ৰ জৰিয়তে টিম ইণ্ডিয়াই একেৰাহে তৃতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে।

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ খিতাপ দখল কৰিলে টিম ইণ্ডিয়াই। দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত ভাৰতে ৯৬ ৰানত জয়লাভ কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰে।এই মেচখনত টছত জয়ী হোৱাৰ পাছত নিউজিলেণ্ডৰ দলটোৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিউজিলেণ্ডৰ দলটোৱে ১৫৯ ৰান সংগ্ৰহ কৰি পতন ঘটায়।

ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। লগতে প্ৰথমবাৰৰ বাবে আয়োজক দলে টি-২০ বিশ্বকাপৰ ট্ৰফী লাভ কৰিছে।একে সময়তে নিউজিলেণ্ডৰ দলটোৱে পুনৰবাৰ খিতাপ জয়ৰ পৰা বঞ্চিত হৈছে।

লগতে পঢ়ক: ঘোষণা হ’ল আই পি এল২০২৬ৰ উদ্বোধনী মেচ;  এইটো দিনৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতা