টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতে জয় কৰাৰ পাছত এমএছ ধোনীয়ে ছ’চিয়েল মিডিয়াত এক বিশেষ পোষ্ট কৰি দল আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক প্ৰশংসা কৰে।
আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতে তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰাৰ পিছতেই ভাৰতীয় প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিছে।যিটো এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে।তেওঁ প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু ‘য়োৰকাৰ কিং’ যশপ্ৰীত বুমৰাহৰ বাবে হৃদয়স্পৰ্শী কথা কৈছে।
ভাৰত আৰু নিউজিলেণ্ডৰ এই ফাইনেলৰ সাক্ষী হ’বলৈ ধোনী নিজেই ষ্টেডিয়ামত উপস্থিত আছিল।এই জয়ৰ পিছত ধোনীয়ে ইনষ্টাগ্ৰামত এটা অতি আৱেগিক পোষ্ট শ্বেয়াৰ কৰে। তেওঁ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ বহু প্ৰশংসা কৰে।

ধোনীয়ে পোষ্টটোত লিখিছে-‘আহমেদাবাদত ইতিহাসৰ ৰচনা হ’ল।ভাৰতীয় টীম, সহযোগী কৰ্মচাৰী আৰু সমগ্ৰ বিশ্বৰ ভাৰতীয় অনুৰাগীলৈ অভিনন্দন।আপোনালোক সকলোৰে খেল চাই ভাল লাগিল।কোচ চাহাব (গৌতম গম্ভীৰ),আপোনাৰ হাঁহিটো ভাল লাগে। হাঁহিৰ লগতে আপোনাৰ তীব্ৰতাও এটা ‘কিলাৰ কম্বো’।বৰ ভাল লাগিল, উপভোগ কৰক’।









