আজি ৪৫ বছৰত ভৰি দিলে কোটি কোটি ভাৰতীয়ৰ হৃদয়ৰ ‘মাহী’য়ে!

ৰেলৱে ষ্টেচনৰ পৰা ক্ৰিকেটৰ শিখৰলৈ… টিকট কলেক্টৰৰ পৰা কেপ্তেইন কুল হোৱাৰ যাত্ৰা । আজি ৪৫ সংখ্যক ওপজা দিন উদযাপন কৰিলে মহেন্দ্ৰ সিং ধোনীয়ে ।

যেতিয়াই ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত ত্যাগ, নীৰৱতা আৰু অবিস্মৰণীয় সফলতাৰ কথা উথাপন হ’ব, তেতিয়াই এটা নাম কোটি কোটি অনুৰাগীৰ মুখত প্ৰথমেই ভাঁহি উঠিব- তেওঁ হ’ল মহেন্দ্ৰ সিং ধোনী (Mahendra Singh Dhoni) । আজি ৭ জুলাই । ১৯৮১ চনৰ এই বিশেষ দিনটোতে ঝাৰখণ্ডৰ ৰাঁচীত জন্মগ্ৰহণ কৰা ধোনীয়ে আজি তেওঁৰ ৪৫ সংখ্যক জন্মদিন উদযাপন কৰিছে । অনুৰাগীৰ মৰমৰ ‘কেপ্তেইন কুল’ তথা চেন্নাইৰ ‘থালা’ৰ এই ওপজা দিনটোত সমগ্ৰ দেশতে এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

ফুটবলৰ গ’লৰক্ষকৰ পৰা ক্ৰিকেটৰ ‘উইকেটকীপাৰ’লৈ: এক সপোনৰ যাত্ৰা

এটা অতি সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ওলাই আহি বিশ্ব ক্ৰিকেটৰ আটাইতকৈ সফল অধিনায়ক হোৱাৰ এই যাত্ৰা আছিল সংগ্ৰাম আৰু আৱেগেৰে ভৰা । স্কুলীয়া দিনত ধোনী আছিল ফুটবল দলৰ এজন পাকৈত গ’লৰক্ষক । কিন্তু নিয়তিৰ লিখনি আছিল বেলেগ! তেওঁৰ কোচে ফুটবলৰ গ’লপোষ্ট এৰি ক্ৰিকেট পিটচত উইকেটকিপিং কৰিবলৈ পৰামৰ্শ দিছিল । কোচৰ সেই এটা সিদ্ধান্তই কেৱল ধোনীৰে নহয়, সমগ্ৰ ভাৰতীয় ক্ৰিকেটৰ ভাগ্য সলনি কৰি দিছিল ।

জীৱনৰ সংগ্ৰাম ইমানতে শেষ হোৱা নাছিল । ক্ৰিকেটৰ প্ৰতি থকা নিচা আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰাখিবলৈ তেওঁ ভাৰতীয় ৰেলৱেৰ খড়গপুৰ ষ্টেচনত ট্ৰেভেলিং টিকট এক্সামিনায়ী (TTE) হিচাপেও চাকৰি কৰিছিল । হাতত টিকট পৰীক্ষা কৰা ক’লা কোটটো লৈ ফুৰা সেই ল’ৰাজনৰ চকুযুৰিত আছিল নীলা জাৰ্ছী পিন্ধাৰ এক অপূৰ্ব সপোন ।

২০০৪ চনৰ অভিষেক আৰু ‘থালা’ৰ উত্থান

২০০৪ চনত বাংলাদেশৰ বিৰুদ্ধে ধোনীয়ে ভাৰতীয় দলত অভিষেক ঘটায় । প্ৰথমখন মেচত শূন্য ৰানতে ৰান আউট হৈ খেলপথাৰ এৰিবলগীয়া হোৱা ধোনীৰ আৰম্ভণি সুখকৰ নাছিল । কিন্তু তেওঁ হাৰ মনা নাছিল । ২০০৫ চনত পাকিস্তানৰ বিৰুদ্ধে ১৪৮ ৰান আৰু একে বছৰতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলা অপৰাজিত ১৮৩ ৰানৰ সেই ঐতিহাসিক বিধ্বংসী ইনিংছে বিশ্ব ক্ৰিকেটক এক নতুন তাৰকাৰ উপহাৰ দিলে । ধোনীৰ মূৰৰ দীঘল চুলি, আকাশলংঘী ছিক্সাৰ আৰু আক্ৰমণাত্মক বেটিঙে মুহূৰ্ততে কোটি কোটি ভাৰতীয়ৰ হৃদয় জয় কৰি ল’লে ।

ইতিহাসৰ সোণালী পৃষ্ঠা: তিনিখনকৈ আইচিচি ট্ৰফী বিজয়ী একমাত্ৰ অধিনায়ক

২০০৭ চন আছিল ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট । ছিনিয়ৰ খেলুৱৈসকলৰ অনুপস্থিতিত তেনেই যুৱ ধোনীৰ কান্ধত অৰ্পণ কৰা হৈছিল টি-২০ বিশ্বকাপৰ দায়িত্ব । কোনেও ভবা নাছিল এই অনভিজ্ঞ দলটোৱে ইতিহাস ৰচিব পাৰিব বুলি । কিন্তু ধোনীৰ সেই শান্ত মগজু, অন্তিম অভাৰত যোগীন্দৰ শৰ্মাক বল তুলি দিয়াৰ দৰে আচৰিত সিদ্ধান্তই ভাৰতক প্ৰথমখন টি-২০ বিশ্বকাপৰ খিতাপ আনি দিছিল । সমগ্ৰ বিশ্বই স্তব্ধ হৈ চাই ৰৈছিল ‘কেপ্তেন কুল’ৰ যাদু ।

ইয়াৰ পিছত ২০১১ চনৰ সেই ঐতিহাসিক ২ এপ্ৰিলৰ নিশাটো কোনে পাহৰিব পাৰে ? শ্ৰীলংকাৰ বিৰুদ্ধে ফাইনেলত খেলা অপৰাজিত ৯১ ৰানৰ ইনিংছ আৰু ৱাংখেড়ে ষ্টেডিয়ামত মৰা সেই বিজয়ী ছিক্সাৰে ভাৰতবাসীক ২৮ বছৰৰ মূৰত এদিনীয়া বিশ্বকাপৰ সোৱাদ দিছিল । ২০১৩ চনত তেওঁৰ নেতৃত্বতে ভাৰতে জিকিছিল আইচিচি চেম্পিয়নছ ট্ৰফী ।

এম এছ ধোনী আজিও বিশ্বৰ একমাত্ৰ অধিনায়ক যিয়ে আইচিচিৰ তিনিওটা ডাঙৰ খিতাপ (টি-২০ বিশ্বকাপ, এদিনীয়া বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী) জয় কৰিবলৈ সক্ষম হৈছে ।

ধোনীৰ কেৰিয়াৰৰ পৰিসংখ্যা-

ৱিকেটকীপাৰ হিচাপে তেওঁৰ বিজুলীসদৃশ ক্ষিপ্ৰতা আৰু খেলখনক শেষলৈ লৈ গৈ ফিনিচিং কৰাৰ শৈলী আছিল অনন্য । তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ:

টেষ্ট মেচ: ৯০ (৪,৮৭৬ ৰান)

এদিনীয়া মেচ : ৩৫০ (১০,৭৭৩ ৰান)

টি-২০ আন্তঃৰাষ্ট্ৰীয়: ৯৮ (১,৬১৭ ৰান)

মুঠ আন্তঃৰাষ্ট্ৰীয় ৰান: ১৭,০০০ তকৈও অধিক

উইকেটকীপিং চিকাৰ: ৮২৯ টা (কেচ আৰু ষ্টাম্পিং)

কেৱল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটেই নহয়, আই পি এলৰ মজিয়াতো চেন্নাই ছুপাৰ কিংছক ৫ বাৰকৈ চেম্পিয়ন কৰি ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ আটাইতকৈ সফল অধিনায়ক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে ধোনীয়ে । চেন্নাইৰ অনুৰাগীয়ে তেওঁক ভগৱানৰ দৰে পূজে আৰু মৰমেৰে মাতে ‘থালা’ (যাৰ অৰ্থ নেতা)।

হৃদয়ত সদায় জিলিকি থাকিব ৭ নম্বৰ জাৰ্ছীধাৰীজন

ক্ৰীড়া জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ধোনীক পদ্মশ্ৰী, পদ্মভূষণ আৰু দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘মেজৰ ধ্যানচান্দ খেলৰত্ন’ বঁটাৰে বিভূষিত কৰা হৈছে ।

২০২০ চনৰ ১৫ আগষ্টৰ সেই গধূলি সকলোৰে বাবে আছিল অত্যন্ত বেদনাদায়ক, যেতিয়া ইনষ্টাগ্ৰামত এটা চুটি ভিডিঅ’ আৰু ‘ম্যে পল দো পল কা ছায়ৰ হুঁ’ গানটোৰ সৈতে ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল । চকু চলচলীয়া হৈ পৰিছিল প্ৰতিজন ক্ৰীড়াপ্ৰেমীৰ ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এৰাৰ ইমান বছৰ পিছতো আজিও পথাৰত তেওঁক চাবলৈ অনুৰাগীয়ে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰে । ক্ৰিকেটৰ পৃথিৱীত বহুতৰে ৰেকৰ্ড ভাঙিব পাৰে, কিন্তু নীলা জাৰ্ছীৰ পিছফালে থকা সেই ‘৭ নম্বৰ’ আৰু কোটি কোটি ভাৰতীয়ৰ হৃদয়ত থকা ধোনীৰ স্থান কোনেও ল’ব নোৱাৰে ।

লগতে পঢ়ক : বিশ্বকাপৰ মঞ্চত আৰু কেতিয়াও দেখা নাযাব ৭ নম্বৰ জাৰ্চীধাৰী যাদুকৰজনক

অন্তিমবাৰৰ বাবে আই পি এলত খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে?  তীব্ৰতৰ হৈ পৰিছে অৱসৰৰ জল্পনা-কল্পনা

মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছ ৫ বাৰকৈ আই পি এল চেম্পিয়ন হৈছিল।আজি আই পি এল ২০২৬ত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত এখন মেচ হ’ব। বিশ্বাস কৰা হৈছে যে এইখন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ কেৰিয়াৰৰ অন্তিমখন মেচ বুলি প্ৰমাণিত হ’ব।

এই পৰ্যন্ত আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ) ২০২৬ ছিজনত এখনো মেচ খেলিব নোৱাৰা মহেন্দ্ৰ সিং ধোনীয়ে চৰ্চা লাভ কৰিছে। সোমবাৰে (১৮ মে’) চেপাউকত চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন এতিয়া কেৱল প্লে অফৰ যুঁজ হৈ থকা নাই। বৰং ই সম্পূৰ্ণৰূপে ধোনীৰ উভতি অহাৰ আশা আৰম্ভ হৈছে।

অনুৰাগীৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল আজি চেন্নাই খেলপথাৰত হালধীয়া জাৰ্চি পিন্ধি ‘কেপ্তেইন কুল’ক আকৌ এবাৰ দেখা যাব নেকি? ছিজন আৰম্ভ হোৱাৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্ৰকাশ কৰিছিল যে এম এছ ধোনীয়ে ষ্ট্ৰেইনৰ সৈতে যুঁজি আছে আৰু তেওঁ প্ৰাৰম্ভিক মেচবোৰ খেলিব নোৱাৰিব, কিন্তু লাহে লাহে এই অপেক্ষা দীঘলীয়া হৈ থাকিল।বিষয়টো কেৱল বেটিংতে সীমাবদ্ধ নাছিল।

এতিয়া টিম ইণ্ডিয়াৰ প্ৰাক্তন স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ এক বক্তব্যই সমগ্ৰ ক্ৰিকেট জগতত আলোড়নৰ সৃষ্টি কৰিছে।নিজৰ ইউটিউব চেনেলত ভাষণ দি অশ্বিনে কয়: মই ভাবো যে ধোনীয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলাৰ সম্ভাৱনা আছে।শুনা মতে তেওঁ যোৱা ২-৩ মেচ খেলিবলৈও সাজু আছিল।’

২০২১ চনত ধোনীয়ে দিয়া এক বক্তব্যই এই মেচখনৰ পূৰ্বে নতুন আশাৰ সঞ্চাৰ কৰিছে।তেওঁ কৈছিল, “মই মোৰ ক্ৰিকেটৰ পৰিকল্পনা সদায় কৰি আহিছো।মোৰ শেষৰখন টি-২০ মেচ চেন্নাইত হ’ব।সেয়া লাগিলে অহা বছৰ হ’ব বা পাঁচ বছৰৰ পিছত হ’ব, মই নাজানো। ” এতিয়া প্ৰায় পাঁচ বছৰৰ মূৰত চেন্নাইত চি এছ কেৰ লীগৰ অন্তিমখন খেল অনুষ্ঠিত হৈছে আৰু গোটেই ছিজনটো ধোনী খেলপথাৰৰ পৰা আঁতৰত আছে।এই কাৰণেই অনুৰাগীসকলে এই মেচখনক সম্ভাৱ্য বিদায়ৰ খেল হিচাপে লৈছে, যদিও ধোনীয়ে অৱসৰৰ সন্দৰ্ভত একো কোৱা নাই।

লগতে পঢ়ক: ‘তেওঁ মোতকৈ ভাল খেলুৱৈ…’; বৈভৱ সূৰ্য্যবংশীৰ বেটিঙত মন্ত্ৰমুগ্ধ ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক

“কোচ ছাৰ, আপোনাৰ ওপৰত ভাল হাঁহি”…; প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ এমএছ ধোনীৰ বিশেষ পোষ্ট

টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতে জয় কৰাৰ পাছত এমএছ ধোনীয়ে ছ’চিয়েল মিডিয়াত এক বিশেষ পোষ্ট কৰি দল আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক প্ৰশংসা কৰে।

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতে তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰাৰ পিছতেই ভাৰতীয় প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিছে।যিটো এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে।তেওঁ প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু ‘য়োৰকাৰ কিং’ যশপ্ৰীত বুমৰাহৰ বাবে হৃদয়স্পৰ্শী কথা কৈছে।

ভাৰত আৰু নিউজিলেণ্ডৰ এই ফাইনেলৰ সাক্ষী হ’বলৈ ধোনী নিজেই ষ্টেডিয়ামত উপস্থিত আছিল।এই জয়ৰ পিছত ধোনীয়ে ইনষ্টাগ্ৰামত এটা অতি আৱেগিক পোষ্ট শ্বেয়াৰ কৰে। তেওঁ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ বহু প্ৰশংসা কৰে।

ধোনীয়ে পোষ্টটোত লিখিছে-‘আহমেদাবাদত ইতিহাসৰ ৰচনা হ’ল।ভাৰতীয় টীম, সহযোগী কৰ্মচাৰী আৰু সমগ্ৰ বিশ্বৰ ভাৰতীয় অনুৰাগীলৈ অভিনন্দন।আপোনালোক সকলোৰে খেল চাই ভাল লাগিল।কোচ চাহাব (গৌতম গম্ভীৰ),আপোনাৰ হাঁহিটো ভাল লাগে। হাঁহিৰ লগতে আপোনাৰ তীব্ৰতাও এটা ‘কিলাৰ কম্বো’।বৰ ভাল লাগিল, উপভোগ কৰক’।

লগতে পঢ়ক: ‘এই বিজয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিলে’; টি-২০ বিশ্বকাপত ভাৰতৰ জয়ৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ পোষ্ট

নায়ক হ’ল মহেন্দ্ৰ সিং ধোনী! মাধৱনৰ সৈতে ঘটাব নেকি অভিষেক?

নায়ক হ’ল মহেন্দ্ৰ সিং ধোনী!

দেওবাৰৰ পুৱা এটা ভিডিঅ’ই সকলোকে আচৰিত কৰিছে। ৭ ছেপ্টেম্বৰত আৰ মাধৱনে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে,যাক তেওঁ ভাছন বালাৰ দ্য চেজৰ টিজাৰ বুলি অভিহিত কৰিছিল।

আটাইতকৈ আচৰিত কথাটো হ’ল যে ভিডিঅ’টোত মাধৱনৰ সৈতে মহেন্দ্ৰ সিং ধোনীয়েও পূৰ্ণাংগ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা গৈছে।

মহেন্দ্ৰ সিং ধোনীক টাস্ক ফ’ৰ্চৰ বিষয়া হিচাপে গুলীচালনা কৰি থকা দেখিবলৈ পোৱা গৈছিল।অৱশ্যে মাধৱনে এইটো কথা স্পষ্ট কৰা নাই যে এইখন ছবি,ৱেব ছিৰিজ নে আন কিবা।বৰ্তমান এই সন্দৰ্ভত সকলো তথ্য গোপনে ৰখা হৈছে।

টিজাৰত মাধৱন আৰু ধোনীক ‘দুজন সাহসী হৃদয়’ হিচাপে দেখুওৱা হৈছে।দুয়োজনেই ‘মিছন’ত ওলাইছে।দুয়োকে ইউনিফৰ্ম পৰিধান কৰা দেখা গৈছে।টিজাৰত দাবী কৰা হৈছে যে এইটো এটা একচন থ্ৰিলিং শ্ব’ হ’ব।

ক্লিপটো শ্বেয়াৰ কৰি মাধৱনে কেপচনত লিখিছে-“এটা মিছন। দুজন সাহসী মানুহ। সাজু হওক-এটা প্ৰচণ্ড আৰু বিস্ফোৰক আৰম্ভ হ’বলৈ ওলাইছে।দ্য চেজ – টিজাৰ আউট নাও।”

ইয়াক ভাসন বালাই পৰিচালনা কৰিছে।কিন্তু শেষত ক’তো লিখা হোৱা নাই যে যদি এইখন ছবি হয় তেন্তে কেতিয়া মুক্তি পাব। মাত্ৰ ‘কমিং ছুন’ বুলি হে লিখিছে।

লগতে পঢ়ক: পঞ্জাৱৰ বানপানীক লৈ দুখ প্ৰকাশ ছ’চিয়েল মিডিয়াৰ তাৰকা কিলি পলৰ…

ক্ৰিকেট অনুৰাগীৰ বাবে ভালখবৰ ; অসমলৈ আহি আছে মহেন্দ্ৰ সিং ধোনী

ৰাজ্যৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে আছে এটা ভালখবৰ। অসমলৈ আহি আছে মহেন্দ্ৰ সিং ধোনীৰ লগতে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান।

অতি কাষৰ পৰা অনুৰাগীসকলে চাব পাৰিব শ্বাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনীক। কাৰণ গুৱাহাটীত অনুষ্ঠিত হ’ব IPLৰ দুখন কৈ হাইভল্টেজ মেচ। ২৬ আৰু ৩০ মাৰ্চত অনুষ্ঠিত হ’ব খেল দুখন।

২৬ মাৰ্চত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৩০ মাৰ্চত চেন্নাই ছুপাৰকিংছ সন্মুখিন হ’ব ৰাজস্থান ৰয়েলছৰ।

উল্লেখ্য যে আই পি এলৰ ১৮ সংখ্যক ছিজন আৰম্ভ হ’বলৈ হৈছে। ইতিমধ্যে বিচিচিআইয়ে উদ্বোধনী খেলৰ স্থান সন্দৰ্ভত তথ্য প্ৰদান কৰিছিল। কিন্তু তাৰিখ আৰু দলৰ বিষয়ে একো কোৱা হোৱা নাছিল।

কিন্তু এতিয়া এই সকলো কথা পোহৰলৈ আহিছে। আই পি এল ২০২৫ৰ প্ৰথমখন খেল ২২ মাৰ্চ শনিবাৰে অনুষ্ঠিত হ’ব, যিখন খেলত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত আৰম্ভ হ’ব।

লীগৰ নিয়ম অনুসৰি এই অ’পেনাৰ খেলখন ডিফেণ্ডিং চেম্পিয়নৰ ঘৰত অৰ্থাৎ কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত হ’ব।

এতিয়া অসমলৈ শ্বাহৰুখ খানৰ লগতে মহেন্দ্ৰ সিং ধোনী আহিব বুলি জানিব পাৰি ক্ৰিকেট প্ৰেমীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে।