'তেওঁ মোতকৈ ভাল খেলুৱৈ...'; বৈভৱ সূৰ্য্যবংশীৰ বেটিঙত মন্ত্ৰমুগ্ধ ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক

‘তেওঁ মোতকৈ ভাল খেলুৱৈ…’; বৈভৱ সূৰ্য্যবংশীৰ বেটিঙত মন্ত্ৰমুগ্ধ ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক

১৫ বছৰ বয়সত বৈভৱ সূৰ্যবংশীয়ে যি আত্মবিশ্বাস আৰু আক্ৰমণাত্মকতাৰে বেটিং কৰি আছে, যিয়ে ভাৰতীয় ক্ৰিকেটত তেওঁক সৰ্বাধিক চৰ্চিত যুৱ খেলুৱৈ হিচাপে গঢ়ি তুলিছে। ২০২৬ চনৰ আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ)ত যদি কোনো খেলুৱৈয়ে সৰ্বাধিক শিৰোনাম দখল কৰিছে, তেন্তে সেয়া হ’ল ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ

১৫ বছৰ বয়সত বৈভৱ সূৰ্যবংশীয়ে যি আত্মবিশ্বাস আৰু আক্ৰমণাত্মকতাৰে বেটিং কৰি আছে, যিয়ে ভাৰতীয় ক্ৰিকেটত তেওঁক সৰ্বাধিক চৰ্চিত যুৱ খেলুৱৈ হিচাপে গঢ়ি তুলিছে।

২০২৬ চনৰ আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ)ত যদি কোনো খেলুৱৈয়ে সৰ্বাধিক শিৰোনাম দখল কৰিছে, তেন্তে সেয়া হ’ল ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিস্ফোৰক বেটছমেন বৈভৱ সূৰ্য্যবংশী।মাত্ৰ ১৫ বছৰ বয়সতে বৈভৱে যি নিৰ্ভীকভাৱে বেটিং কৰে, তাক দেখি ক্ৰিকেট জগতখনৰ সকলো স্তম্ভিত হৈ পৰে।বৈভৱ সূৰ্য্যবংশীয়ে এই ছিজনত নিজৰ বাবে এক সুকীয়া পৰিচয়ও খোদিত কৰিছে।

এতিয়া ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক তথা শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাইও যুৱ বেটছমেনগৰাকীক প্ৰশংসা কৰিছে।ইমান কম বয়সতে এনে পৰিপক্ক খেলুৱৈক দেখা পোৱাটো বিৰল বুলি মন্তব্য কৰে সাংগককাৰাই।বৈভৱ সূৰ্য্যবংশীক চলিত ছিজনৰ আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক বেটিং কৰা দেখা গৈছে। তেওঁ বলাৰসকলক থিতাপি লোৱাৰ সুযোগ নিদিয়ে আৰু পাৱাৰপ্লেৰ সময়ত ধাৰাবাহিকভাৱে ডাঙৰ ডাঙৰ শ্বট খেলে।যাৰ বাবে ৰাজস্থান ৰয়েলছে কেইবাখনো মেচত প্ৰথম ছয় অভাৰৰ ভিতৰতে ৬০–৭০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

বৈভৱ সূৰ্য্যবংশীক প্ৰশংসা কৰি কুমাৰ সাংগাকাৰাই কয়-“বৈভৱক অলপ সহায়ৰ প্ৰয়োজন, কিন্তু বেছি নহয়।সঁচা কথা ক’বলৈ গ’লে তেওঁ মোতকৈও ভাল খেলুৱৈ।তেওঁৰ লগত ক্ৰিকেটৰ বিষয়ে বৰ বেছি দীঘলীয়া কথা-বতৰা নহয়।বৈভৱক মই মাত্ৰ শিথিল হৈ থাকি বেটিং কৰিবলৈ দিব বিচাৰো।”

লগতে পঢ়ক: বিৰাট কোহলীৰ নতুন ইতিহাস; ডেভিদ ৱাৰ্নাৰক চেৰ পেলাই শীৰ্ষত স্থান লাভ