“অসাধাৰণ,এই বয়সত আমি টাং গুটিও খেলিব পৰা নাছিলো”; বৈভৱ সূৰ্যবংশীৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্চন

আই পি এলৰ পৰা ৰাজস্থান ৰয়েলছ বাহিৰ হোৱাৰ পিছত ১৫ বছৰীয়া তাৰকা ক্ৰিকেটাৰ বৈভৱ সূৰ্য্যবংশী যথেষ্ট আৱেগিক হৈ পৰা দেখা গৈছিল। বৈভৱৰ খেলি দেখি প্ৰশংসা অমিতাভ বচ্চনৰ

আইপিএলৰ কোৱালিফায়াৰ-২ ত শুকুৰবাৰে ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ হাতত পৰাস্ত হয়। এই পৰাজয়ৰ সৈতে দলটো টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈ পৰে, কিন্তু এই মেচখনত ১৫ বছৰীয়া যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। অৱশ্যে, মেচৰ পৰাজয়ৰ পিছত বৈভৱ আৱেগিক হৈ পৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, যাক লৈ বলীউডৰ মহানায়ক অমিতাভ বচ্চনে তেওঁক সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়।

১৫ বছৰীয়া যুৱ বেটাৰ বৈভৱ সূৰ্যবংশীয়ে নিজৰ ধাৰাবাহিক বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁ ৪৭টা বলত ৯৬ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি দলটোক প্ৰতিযোগিতাত বৰ্তাই ৰাখিবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিল।

মেচখন শেষ হোৱাৰ পিছত বৈভৱক ডাগআউটত হতাশ আৰু আৱেগিক দেখা গৈছিল। ছ’চিয়েল মিডিয়াত তেওঁৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছিল, য’ত দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বেদনা তেওঁৰ মুখত স্পষ্টকৈ দেখা গৈছিল। ক্ৰিকেট অনুৰাগীসকলেও যুৱ খেলুৱৈগৰাকীৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰি তেওঁৰ সাহস বঢ়ায়। এই তালিকাত অমিতাভ বচ্চনৰ নামো অন্তৰ্ভুক্ত হৈছে।

বৈভৱক আৱেগিক হোৱা দেখি এতিয়া বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে তেওঁক সমৰ্থন আৰু মনোবল বৃদ্ধিৰ বাবে আগবাঢ়িছে।বৈভৱ সূৰ্যবংশীৰ সমৰ্থনত অমিতাভে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে।বৈভৱক প্ৰশংসা কৰি বিগ বিয়ে মন্তব্য কৰে যে সেই বয়সত তেওঁ নিজেও টাং গুটিও ভালকৈ খেলিবও নোৱাৰিলে।

বৈভৱ সূৰ্য্যবংশীৰ সমৰ্থনত অমিতাভ বচ্চনে লিখিছে—অসাধাৰণ ১৫ বছৰীয়া সূৰ্য্য। সেই বয়সত আমি মাৰ্বল বা টাং গুটিও সঠিকভাৱে খেলিব পৰা নাছিলো।

লগতে পঢ়ক: মুক্তিৰ বাবে সাজু মুখ্যমন্ত্ৰী বিজয়ৰ পুত্ৰ জেছন সঞ্জয়ৰ প্ৰথম ছবি ‘চিগমা’

‘তেওঁ মোতকৈ ভাল খেলুৱৈ…’; বৈভৱ সূৰ্য্যবংশীৰ বেটিঙত মন্ত্ৰমুগ্ধ ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক

১৫ বছৰ বয়সত বৈভৱ সূৰ্যবংশীয়ে যি আত্মবিশ্বাস আৰু আক্ৰমণাত্মকতাৰে বেটিং কৰি আছে, যিয়ে ভাৰতীয় ক্ৰিকেটত তেওঁক সৰ্বাধিক চৰ্চিত যুৱ খেলুৱৈ হিচাপে গঢ়ি তুলিছে।

২০২৬ চনৰ আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ)ত যদি কোনো খেলুৱৈয়ে সৰ্বাধিক শিৰোনাম দখল কৰিছে, তেন্তে সেয়া হ’ল ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিস্ফোৰক বেটছমেন বৈভৱ সূৰ্য্যবংশী।মাত্ৰ ১৫ বছৰ বয়সতে বৈভৱে যি নিৰ্ভীকভাৱে বেটিং কৰে, তাক দেখি ক্ৰিকেট জগতখনৰ সকলো স্তম্ভিত হৈ পৰে।বৈভৱ সূৰ্য্যবংশীয়ে এই ছিজনত নিজৰ বাবে এক সুকীয়া পৰিচয়ও খোদিত কৰিছে।

এতিয়া ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক তথা শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাইও যুৱ বেটছমেনগৰাকীক প্ৰশংসা কৰিছে।ইমান কম বয়সতে এনে পৰিপক্ক খেলুৱৈক দেখা পোৱাটো বিৰল বুলি মন্তব্য কৰে সাংগককাৰাই।বৈভৱ সূৰ্য্যবংশীক চলিত ছিজনৰ আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক বেটিং কৰা দেখা গৈছে। তেওঁ বলাৰসকলক থিতাপি লোৱাৰ সুযোগ নিদিয়ে আৰু পাৱাৰপ্লেৰ সময়ত ধাৰাবাহিকভাৱে ডাঙৰ ডাঙৰ শ্বট খেলে।যাৰ বাবে ৰাজস্থান ৰয়েলছে কেইবাখনো মেচত প্ৰথম ছয় অভাৰৰ ভিতৰতে ৬০–৭০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

বৈভৱ সূৰ্য্যবংশীক প্ৰশংসা কৰি কুমাৰ সাংগাকাৰাই কয়-“বৈভৱক অলপ সহায়ৰ প্ৰয়োজন, কিন্তু বেছি নহয়।সঁচা কথা ক’বলৈ গ’লে তেওঁ মোতকৈও ভাল খেলুৱৈ।তেওঁৰ লগত ক্ৰিকেটৰ বিষয়ে বৰ বেছি দীঘলীয়া কথা-বতৰা নহয়।বৈভৱক মই মাত্ৰ শিথিল হৈ থাকি বেটিং কৰিবলৈ দিব বিচাৰো।”

লগতে পঢ়ক: বিৰাট কোহলীৰ নতুন ইতিহাস; ডেভিদ ৱাৰ্নাৰক চেৰ পেলাই শীৰ্ষত স্থান লাভ

‘এখন ফটোৰ বাবে ১০০ টকা দিব লাগিব’; অনুৰাগীক দাবী বৈভৱ সূৰ্য্যবংশীৰ, ভিডিঅ’ ভাইৰেল

আই পি এল ২০২৬ত বৈভৱ সূৰ্য্যবংশীৰ বেটে ধুমুহাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ তেওঁ ৩৬টা বলত শতক অৰ্জন কৰিছিল। ধুমুহাময় প্ৰদৰ্শনৰ মাজতে বৈভৱ সূৰ্য্যবংশীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

ৰাজস্থান ৰয়েলছৰ অ’পেনাৰ বৈভৱ সূৰ্য্যবংশীৰ বেটে আই পি এল ২০২৬ত গৰ্জন কৰি আছে।সামাজিক মাধ্যমত তেওঁৰ বিস্ফোৰক বেটিংৰ ভিডিঅ’ই খলকনি তুলিছে।  অৱশ্যে এই সকলোবোৰৰ মাজতে বৈভৱৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, ভিডিঅ’টোত বৈভৱ সূৰ্য্যবংশীক বিমানবন্দৰত দুজন শিশু অনুৰাগীৰ সৈতে ধেমালি কৰা দেখা গৈছে।খেলুৱৈ গৰাকীয়ে শিশুদুটিক এখন ফটোৰ বাবে ১০০ টকা লাগিব বুলি কৈছে।ৰাজস্থান ৰয়েলছে এই ভিডিঅ’টো তেওঁলোকৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে, বৈভৱ সূৰ্য্যবংশীৰ সৈতে এখন ফটো উঠিবৰ বাবে দুটা শিশুৱে তেওঁৰ কাষ চাপি আহিছে।শিশু দুটাই বৈভৱক এখন ফটোৰ বাবে অনুৰোধ কৰিছে। কিন্তু বৈভৱে কয় যে, ভাই মই বিনামূলীয়াকৈ ফটো উঠিব নোৱাৰিম। মোক পইচা লাগিব। মই সঁচাকৈ কৈছো, এখন ফটোৰ বাবদ মোক ১০০ টকাকৈ দিব লাগিব। ইয়াৰ পিছত শিশু অনুৰাগী দুজনে ২০০ টকা লৈ উভতি আহে আৰু ফটো বৈভৱক পইচাটো দি ফঠো তুলিবলৈ কয়।লগে লগে কৌতুকটোৰ অন্ত পেলাই বৈভৱে প্ৰকাশ কৰে যে সেইটো এটা প্ৰেংক আছিল।ইয়াৰ পিছত তেওঁলোকৰ সৈতে কিছু ফটোৰ বাবে পোজ দিয়ে খেলুৱৈ গৰাকীয়ে। বৈভৱ সূৰ্য্যবংশীৰ এই ধেমেলিয়া ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

লগতে পঢ়ক: “তেওঁ মোৰ নতুন প্ৰিয় খেলুৱৈ”; বৈভৱ সূৰ্য্যবংশীৰ প্ৰশংসাত পঞ্চমুখ পেট কামিন্স