‘এখন ফটোৰ বাবে ১০০ টকা দিব লাগিব’; অনুৰাগীক দাবী বৈভৱ সূৰ্য্যবংশীৰ, ভিডিঅ’ ভাইৰেল

‘এখন ফটোৰ বাবে ১০০ টকা দিব লাগিব’; অনুৰাগীক দাবী বৈভৱ সূৰ্য্যবংশীৰ, ভিডিঅ’ ভাইৰেল

আই পি এল ২০২৬ত বৈভৱ সূৰ্য্যবংশীৰ বেটে ধুমুহাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ তেওঁ ৩৬টা বলত শতক অৰ্জন কৰিছিল। ধুমুহাময় প্ৰদৰ্শনৰ মাজতে বৈভৱ সূৰ্য্যবংশীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ৰাজস্থান ৰয়েলছৰ অ’পেনাৰ বৈভৱ সূৰ্য্যবংশীৰ বেটে আই পি এল ২০২৬ত গৰ্জন কৰি আছে।সামাজিক মাধ্যমত তেওঁৰ বিস্ফোৰক বেটিংৰ ভিডিঅ’ই খলকনি

আই পি এল ২০২৬ত বৈভৱ সূৰ্য্যবংশীৰ বেটে ধুমুহাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ তেওঁ ৩৬টা বলত শতক অৰ্জন কৰিছিল। ধুমুহাময় প্ৰদৰ্শনৰ মাজতে বৈভৱ সূৰ্য্যবংশীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

ৰাজস্থান ৰয়েলছৰ অ’পেনাৰ বৈভৱ সূৰ্য্যবংশীৰ বেটে আই পি এল ২০২৬ত গৰ্জন কৰি আছে।সামাজিক মাধ্যমত তেওঁৰ বিস্ফোৰক বেটিংৰ ভিডিঅ’ই খলকনি তুলিছে।  অৱশ্যে এই সকলোবোৰৰ মাজতে বৈভৱৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, ভিডিঅ’টোত বৈভৱ সূৰ্য্যবংশীক বিমানবন্দৰত দুজন শিশু অনুৰাগীৰ সৈতে ধেমালি কৰা দেখা গৈছে।খেলুৱৈ গৰাকীয়ে শিশুদুটিক এখন ফটোৰ বাবে ১০০ টকা লাগিব বুলি কৈছে।ৰাজস্থান ৰয়েলছে এই ভিডিঅ’টো তেওঁলোকৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে, বৈভৱ সূৰ্য্যবংশীৰ সৈতে এখন ফটো উঠিবৰ বাবে দুটা শিশুৱে তেওঁৰ কাষ চাপি আহিছে।শিশু দুটাই বৈভৱক এখন ফটোৰ বাবে অনুৰোধ কৰিছে। কিন্তু বৈভৱে কয় যে, ভাই মই বিনামূলীয়াকৈ ফটো উঠিব নোৱাৰিম। মোক পইচা লাগিব। মই সঁচাকৈ কৈছো, এখন ফটোৰ বাবদ মোক ১০০ টকাকৈ দিব লাগিব। ইয়াৰ পিছত শিশু অনুৰাগী দুজনে ২০০ টকা লৈ উভতি আহে আৰু ফটো বৈভৱক পইচাটো দি ফঠো তুলিবলৈ কয়।লগে লগে কৌতুকটোৰ অন্ত পেলাই বৈভৱে প্ৰকাশ কৰে যে সেইটো এটা প্ৰেংক আছিল।ইয়াৰ পিছত তেওঁলোকৰ সৈতে কিছু ফটোৰ বাবে পোজ দিয়ে খেলুৱৈ গৰাকীয়ে। বৈভৱ সূৰ্য্যবংশীৰ এই ধেমেলিয়া ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

লগতে পঢ়ক: “তেওঁ মোৰ নতুন প্ৰিয় খেলুৱৈ”; বৈভৱ সূৰ্য্যবংশীৰ প্ৰশংসাত পঞ্চমুখ পেট কামিন্স

শেহতীয়া প্ৰৱন্ধসমূহ