মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছ ৫ বাৰকৈ আই পি এল চেম্পিয়ন হৈছিল।আজি আই পি এল ২০২৬ত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত এখন মেচ হ’ব। বিশ্বাস কৰা হৈছে যে এইখন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ কেৰিয়াৰৰ অন্তিমখন মেচ বুলি প্ৰমাণিত হ’ব।
এই পৰ্যন্ত আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ) ২০২৬ ছিজনত এখনো মেচ খেলিব নোৱাৰা মহেন্দ্ৰ সিং ধোনীয়ে চৰ্চা লাভ কৰিছে। সোমবাৰে (১৮ মে’) চেপাউকত চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন এতিয়া কেৱল প্লে অফৰ যুঁজ হৈ থকা নাই। বৰং ই সম্পূৰ্ণৰূপে ধোনীৰ উভতি অহাৰ আশা আৰম্ভ হৈছে।
অনুৰাগীৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল আজি চেন্নাই খেলপথাৰত হালধীয়া জাৰ্চি পিন্ধি ‘কেপ্তেইন কুল’ক আকৌ এবাৰ দেখা যাব নেকি? ছিজন আৰম্ভ হোৱাৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্ৰকাশ কৰিছিল যে এম এছ ধোনীয়ে ষ্ট্ৰেইনৰ সৈতে যুঁজি আছে আৰু তেওঁ প্ৰাৰম্ভিক মেচবোৰ খেলিব নোৱাৰিব, কিন্তু লাহে লাহে এই অপেক্ষা দীঘলীয়া হৈ থাকিল।বিষয়টো কেৱল বেটিংতে সীমাবদ্ধ নাছিল।
এতিয়া টিম ইণ্ডিয়াৰ প্ৰাক্তন স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ এক বক্তব্যই সমগ্ৰ ক্ৰিকেট জগতত আলোড়নৰ সৃষ্টি কৰিছে।নিজৰ ইউটিউব চেনেলত ভাষণ দি অশ্বিনে কয়: মই ভাবো যে ধোনীয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলাৰ সম্ভাৱনা আছে।শুনা মতে তেওঁ যোৱা ২-৩ মেচ খেলিবলৈও সাজু আছিল।’
২০২১ চনত ধোনীয়ে দিয়া এক বক্তব্যই এই মেচখনৰ পূৰ্বে নতুন আশাৰ সঞ্চাৰ কৰিছে।তেওঁ কৈছিল, “মই মোৰ ক্ৰিকেটৰ পৰিকল্পনা সদায় কৰি আহিছো।মোৰ শেষৰখন টি-২০ মেচ চেন্নাইত হ’ব।সেয়া লাগিলে অহা বছৰ হ’ব বা পাঁচ বছৰৰ পিছত হ’ব, মই নাজানো। ” এতিয়া প্ৰায় পাঁচ বছৰৰ মূৰত চেন্নাইত চি এছ কেৰ লীগৰ অন্তিমখন খেল অনুষ্ঠিত হৈছে আৰু গোটেই ছিজনটো ধোনী খেলপথাৰৰ পৰা আঁতৰত আছে।এই কাৰণেই অনুৰাগীসকলে এই মেচখনক সম্ভাৱ্য বিদায়ৰ খেল হিচাপে লৈছে, যদিও ধোনীয়ে অৱসৰৰ সন্দৰ্ভত একো কোৱা নাই।
লগতে পঢ়ক: ‘তেওঁ মোতকৈ ভাল খেলুৱৈ…’; বৈভৱ সূৰ্য্যবংশীৰ বেটিঙত মন্ত্ৰমুগ্ধ ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক









