ঘোষণা হ’ল আইপিএল২০২৬ৰ উদ্বোধনী মেচ; এইটো দিনৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতা

ঘোষণা হ’ল আই পি এল২০২৬ৰ উদ্বোধনী মেচ;  এইটো দিনৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতা

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচৰ মাজতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আগন্তুক ছিজনৰ উদ্বোধনী মেচৰ তাৰিখ ঘোষণা কৰা হৈছে।অহা ২৮ মাৰ্চত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ প্ৰথমখন খেল। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ সূচী সন্দৰ্ভত আহিছে এটা ডাঙৰ আপডেট পোহৰলৈ আহিছে।আই পি এলৰ আগন্তুক ছিজনৰ উদ্বোধনী

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচৰ মাজতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আগন্তুক ছিজনৰ উদ্বোধনী মেচৰ তাৰিখ ঘোষণা কৰা হৈছে।অহা ২৮ মাৰ্চত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ প্ৰথমখন খেল।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ সূচী সন্দৰ্ভত আহিছে এটা ডাঙৰ আপডেট পোহৰলৈ আহিছে।আই পি এলৰ আগন্তুক ছিজনৰ উদ্বোধনী মেচৰ দিন ঘোষণা কৰা হৈছে।এই ছিজনৰ প্রথমখন খেল ২৮ মাৰ্চত অনুষ্ঠিত হ’ব।

সম্প্ৰচাৰক ষ্টাৰ স্প’ৰ্টছে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই তথ্য শ্বেয়াৰ কৰিছে।ইয়াৰ পূৰ্বে যোৱা বছৰ আবুধাবিত মিনি নিলাম অনুষ্ঠিত হোৱাৰ সময়ত কোৱা হৈছিল যে ২৬ মাৰ্চৰ পৰা আই পি এল ২০২৬ আৰম্ভ হ’ব।

অৱশ্যে এই সময়সূচী এতিয়াও আইপিএলে প্ৰকাশ কৰা নাই।কিন্তু আশা কৰা হৈছে যে টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল শেষ হোৱাৰ লগে লগে ইয়াক ঘোষণা কৰা হ’ব। আপোনালোকক জনাওঁ যে এইবাৰ সূচী দুটা ভাগত মুকলি কৰা হ’ব।

এই কাৰণেই অনুৰাগীসকলে ইয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।বেংগালুৰুৰ এম চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামত হ’ব আই পি এল ২০২৬ৰ উদ্বোধনী মেচ।

আপোনালোকক জনাওঁ যে সময়সূচী অনুসৰি এইবাৰ ২ দিনৰ পলম কৰি আইপিএল আৰম্ভ হ’ব।আচলতে আই পি এল গভৰ্নিং কাউন্সিল আৰু বি চি চি আইয়ে কিছুমান ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰালৈ অপেক্ষা কৰি আছিল,কিন্তু নিৰ্বাচন আয়োগে এতিয়াও তাৰিখ ঘোষণা কৰা নাই ।যাৰ বাবে সূচী প্ৰকাশ কৰাত পলম হৈছে।বিধানসভা নিৰ্বাচনৰ বাবে আই পি এলৰ সূচী দুটা ভাগত প্ৰকাশ কৰা হ’ব।

লগতে পঢ়ক: তৃতীয়বাৰৰ বাবে খিতাপ দখলৰ লক্ষ্য টিম ইণ্ডিয়াৰ, হেঙাৰ হ’ব পাৰে এই তিনিগৰাকী কিৱি তাৰকা

শেহতীয়া প্ৰৱন্ধসমূহ