তৃতীয়বাৰৰ বাবে খিতাপ দখলৰ লক্ষ্য টিম ইণ্ডিয়াৰ, হেঙাৰ হ’ব পাৰে এই তিনিগৰাকী কিৱি তাৰকা

তৃতীয়বাৰৰ বাবে খিতাপ দখলৰ লক্ষ্য টিম ইণ্ডিয়াৰ, হেঙাৰ হ’ব পাৰে এই তিনিগৰাকী কিৱি তাৰকা

টিম ইণ্ডিয়া আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগা ফাইনেলৰ যুঁজৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট প্ৰেমীয়ে আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচৰ বাবে সাজু ক্ৰিকেট অনুৰাগী । দেওবাৰে টিম ইণ্ডিয়া আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগা এই মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে

টিম ইণ্ডিয়া আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগা ফাইনেলৰ যুঁজৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট প্ৰেমীয়ে

আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচৰ বাবে সাজু ক্ৰিকেট অনুৰাগী । দেওবাৰে টিম ইণ্ডিয়া আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগা এই মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট প্ৰেমীয়ে । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব এই হাই ভল্টেজ মেচখন । ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে নিউজীলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

উল্লেখ্য যে, ২০২৩ চনৰ ১৯ ​​নৱেম্বৰত অষ্ট্ৰেলিয়াই এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰি, ঠিক এই মাটিতে  লাখ লাখ ভাৰতীয় অনুৰাগীৰ হৃদয় ভাঙিছিল । সেইদিনা অধিনায়ক ৰোহিত শৰ্মা আৰু সমগ্ৰ ভাৰতীয় দলটো গভীৰ হতাশ হৈ পৰিছিল আৰু প্ৰায় ৯৩ হাজাৰ দৰ্শকেৰে ভৰি থকা ষ্টেডিয়ামখন নিস্তব্ধ হৈ পৰিছিল । কিন্তু ভাৰতে ২০২৪ চনত টি-২০ বিশ্বকাপ জয় কৰি সেই যন্ত্ৰণা কিছু পৰিমাণে লাঘৱ কৰিছিল ।

এতিয়া সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টিম ইণ্ডিয়াই ইতিহাস ৰচনা কৰাৰ সুযোগ লাভ কৰিছে । এই ফাইনেলত যদি ভাৰতে জয়লাভ কৰে তেন্তে টি-২০ বিশ্বকাপৰ খিতাপ সফলতাৰে ৰক্ষা কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হ’ব । তদুপৰি যদি এই মেচত জয়লাভ কৰে তেন্তে ভাৰতে তৃতীয়বাৰৰ বাবে এই ট্ৰফী লাভ কৰিব । উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০০৭ আৰু ২০২৪ চনত ভাৰতে টি-২০ বিশ্বকাপ জয় কৰিছিল ।

ইফালে ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি নিউজীলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে । কিৱি দলত ফিন এলেন, গ্লেন ফিলিপছ, অধিনায়ক ছেণ্টনাৰৰ দৰে বিপদজনক খেলুৱৈ আছে, যিয়ে যিকোনো সময়তে মেচৰ গতিপথ সলনি কৰিব পাৰে ।

আনহাতে এই মেচখনত ভাৰতৰ সৰ্ববৃহৎ সম্পদ হ’ব পাৰে বেগী বলাৰ যশপ্ৰীত বুমৰাহ । তেওঁৰ চাৰিটা অভাৰে ফাইনেলৰ ফলাফল নিৰ্ণয় কৰিব পাৰে । ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধেও বুমৰাহে নিয়ন্ত্ৰিত বলিঙেৰে দলটোৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে অভিষেক শৰ্মা উৎকৃষ্ট ফৰ্মত আছিল যদিও বিশ্বকাপত তেওঁৰ প্ৰদৰ্শন আশানুৰূপ হোৱা নাই । যদিহে তেওঁ ফাইনেলত সুযোগ পায় তেন্তে নিউজীলেণ্ডৰ অফ স্পীনাৰ ক’ল মেককনচিয়ে তেওঁৰ বিৰুদ্ধে সোনকালে বলিং কৰিব পাৰে ।

আনহাতে ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়েও শেহতীয়া মেচসমূহত আশাপ্ৰদ প্ৰদৰ্শনত ব্যৰ্থ হৈছে । তেওঁৰ মিষ্ট্ৰী স্পীনে এতিয়া বেটছমেনসকলক শলঠেকত পেলাব পৰা নাই । গতিকে ফাইনেলত তেওঁৰ ঠাইত ভাৰতে কুলদীপ যাদৱক অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : আজি টি-২০ বিশ্বকাপৰ ফাইনেলৰ মহাৰণ, ইতিহাস সৃষ্টিৰ লক্ষ্যৰে কিৱিৰ বিৰুদ্ধে নামিব সূৰ্য বাহিনী