প্ৰথমবাৰলৈ আয়াৰলেণ্ডৰ হাতত পৰাস্ত টীম ইণ্ডিয়া; ১৭ বছৰীয়া আধিপত্যৰ অন্ত

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ভাৰতীয় টি-২০ ক্ৰিকেটত শ্ৰেয়াছৰ যুগ। অৱশ্যে ইয়াৰ আৰম্ভণি ভাল নহ’ল। শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে আয়াৰলেণ্ডৰ হাতত ৩৪ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা দুখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল শুকুৰবাৰে (২৬ জুন) অনুষ্ঠিত হয়। দুয়োটা দলৰ মাজত এই খেলখন বেলফাষ্টৰ চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাবত অনুষ্ঠিত হৈছিল। খেলখনত আয়াৰলেণ্ডে ভাৰতক ৩৪ ৰানত পৰাস্ত কৰিছে। টি-২০ ক্ৰিকেটৰ ইতিহাসত এইটো প্ৰথমবাৰৰ বাবে ঘটিছে যে আয়াৰলেণ্ডে টিম ইণ্ডিয়াক পৰাস্ত কৰিছে।

অধিনায়ক হিচাপে শ্ৰেয়স আয়াৰৰ আৰম্ভণি অতি বেয়া হৈছে, কাৰণ তেওঁ প্ৰথমবাৰৰ বাবে টি-২০ত ভাৰতীয় দলৰ নেতৃত্ব দিছিল।জয়ৰ বাবে আয়াৰলেণ্ডে দিয়া ১৮৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটো ১৪৮ ৰানতে অল-আউট হয়।আয়াৰলেণ্ডৰ জয়ত অভিষেককাৰী জে মুণ্ড্ৰা আৰু মেথিউ হালাৰ্ডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ভাৰতীয় দলৰ এই পৰাজয় অতি লজ্জাজনক, কাৰণ তেওঁলোকে সম্পূৰ্ণ ২০ অভাৰ বেটিং কৰিবও নোৱাৰিলে। ৭টা বল বাকী থাকোতেই ভাৰতীয় দলটো অল-আউট হৈ পেভেলিয়ান উভতি যায়। টিম ইণ্ডিয়াৰ হৈ কেৱল অভিষেক শৰ্মাই এটা ডাঙৰ ইনিংছ খেলিবলৈ সক্ষম হয়, যিয়ে ২০টা বলত ৫০ ৰানৰ এক ইনিংছ খেলে। অভিষেকে এই ইনিংছত ৭টা চাৰি আৰু ২টা ছয় কোবায়।

টি-২০ ক্ৰিকেটৰ ইতিহাসত ভাৰত আৰু আয়াৰলেণ্ডৰ প্ৰথমখন মেচ ২০০৯ চনত হৈছিল। তাৰ পিছৰ পৰা বিগত ১৭ বছৰত দুয়োটা দল ৮বাৰ মুখামুখি হৈছিল, কিন্তু প্ৰতিবাৰেই টিম ইণ্ডিয়াই একপক্ষীয়ভাৱে জয়লাভ কৰি আহিছিল। কিন্তু ২৬ জুন, ২০২৬ চনৰ দিনটো আয়াৰলেণ্ড দলে সদায় মনত ৰাখিব, কাৰণ এই দিনটোতেই টি-২০ত ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ পৰাজয়ৰ ধাৰাবাহিকতা ভংগ হ’ল।

লগতে পঢ়ক: টিম ইণ্ডিয়াৰ প্লেয়িং একাদশত স্থান নাপালে বৈভৱ সূৰ্যবংশীয়ে; অধিনায়ক শ্ৰেয়াছ আয়াৰে জনালে কাৰণ

আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টিম ইণ্ডিয়াৰ বৃহৎ জয়…

বুধবাৰে ভাৰত আৰু আফগানিস্তানৰ মাজত তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হয়। খেলখনত ভাৰতে আগানিস্তানৰ বিৰুদ্ধে ১৭০ ৰানত জয়ী হয়।

ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল বুধবাৰে (১৭ জুন) লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত খেলা হয়। এই খেলখনত ভাৰতীয় দলে ১৭০ ৰানৰ ব্যৱধানত এক বৃহৎ জয় সাব্যস্ত কৰে।

খেলখনত ভাৰতীয় দলে প্ৰথমে বেটিং কৰি ৪৯.৫ অভাৰত ৪০২ ৰান সংগ্ৰহ কৰি অল-আউট হয়। প্ৰত্যুত্তৰত ৪০৩ ৰানৰ লক্ষ্য খেদিবলৈ আফগানিস্তানৰ দলটোৱে ৪৪.৩ অভাৰত মাত্ৰ ২৩২ ৰানতে থমকি ৰয়। এই বিজয়ৰ সৈতে ভাৰতীয় দলে তিনিখনীয়া এদিনীয়া শৃংখলাটোত ২-০ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ অন্তিমখন খেল ২০ জুনত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

আফগান দলটোৰ আৰম্ভণি ভাল আছিল যদিও প্ৰয়োজনীয় ৰান ৰেট বেছি হোৱাৰ বাবে তেওঁলোকৰ ওপৰত চাপ বাঢ়ি গৈছিল। আফগানিস্তানৰ হৈ সৰ্বাধিক ৭৯ ৰান সংগ্ৰহ কৰে ৰহমত শ্বাহে। ৮৯ টা বলৰ ইনিংছত তেওঁ ৮ টা চাৰি কোবায়। আনহাতে, চেদিকুল্লাহ আটলে ৪২ ৰান আৰু ৰহমানুল্লাহ গুৰবাজে ৪১ ৰানৰ বৰঙণি যোগায়।

ভাৰতৰ হৈ অৰ্শদীপ সিং আৰু গুৰনুৰ ব্ৰাৰে ৩ টাকৈ উইকেট লাভ কৰে। অভিষেককাৰী প্ৰিন্স যাদৱে ২ টা সফলতা লাভ কৰাৰ বিপৰীতে ৱাশ্বিংটন সুন্দৰে ১ টা উইকেট দখল কৰে।

লক্ষ্ণৌত অনুষ্ঠিত এই খেলখনত যশস্বী জয়ছোৱাল আৰু কুলদীপ যাদৱে দললৈ প্ৰত্যাৱৰ্তন কৰে, আনহাতে প্ৰিন্স যাদৱৰো অভিষেক ঘটে। খেলখনত ভাৰতৰ আৰম্ভণি বেয়া আছিল। যশস্বী জয়ছোৱালে মহম্মদ চেলিম চাফীৰ বলত নাংগেয়ালিয়া খাৰোটিক কেচ দি মাত্ৰ ৪ ৰানতে বিদায় লয়। অৱশ্যে ইয়াৰ পিছত ৰোহিত শৰ্মা আৰু তৃতীয় স্থানত বেটিং কৰিবলৈ অহা শুভমন গিলে ধৈৰ্য্যসহকাৰে খেলিবলৈ আৰম্ভ কৰে। ৰোহিত শৰ্মা ৪৮ ৰানত ৰাছিদ খানৰ স্পিনৰ বলি হৈ ব’ল্ড হয়। ৰোহিত আউট হোৱাৰ লগে লগে ভাৰতৰ স্ক’ৰ ৯৬/২ হয়।

পিছত শুভমন গিলে ৩৮ টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে। আনফালে ঈশান কিষাণেও ৫২ টা বলত হাফ-চেঞ্চুৰী সম্পূৰ্ণ কৰে। ক্ৰীজত টিকি থকা শুভমন গিলে ৭৭ টা বলত শতক অৰ্জন কৰে। এদিনীয়াত গিলৰ এইটো নৱম শতক আছিল। শুভমনৰ পিছত ঈশানেও ৭১ টা বলত নিজৰ শতক সম্পূৰ্ণ কৰে। ঈশানৰ এদিনীয়া কেৰিয়াৰৰ এইটো দ্বিতীয়টো শতক আছিল। ঈশান কিষাণে ৭৯ টা বলত ১২৫ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি নাংগেয়ালিয়া খাৰোটিৰ বলত কেচ আউট হয়। তেওঁৰ ইনিংছত ১৪ টা চাৰি আৰু ৭ টা ছিক্সাৰ অন্তৰ্ভুক্ত আছিল।

আফগানিস্তানৰ স্পিনাৰ নাংগেয়ালিয়া খাৰোটিয়ে মাত্ৰ কেইটামান অভাৰতে খেলৰ গতি সলনি কৰাৰ চেষ্টা চলায়। ৪২.৩ অভাৰত তেওঁ সুন্দৰ বেটিং কৰি থকা শুভমন গিলক ১৫৪ ৰানত আউট কৰে। গিলে ৰিভাৰ্ছ চুইপ খেলিবলৈ গৈ ডিপ কভাৰত কেচ দিয়ে। ইয়াৰ পিছৰ বলতে কে এল ৰাহুলে খাতা নোখোলাকৈয়ে লং অনত কেচ আউট হয়।

লগতে পঢ়ক: ODI ত শুভমান গিলৰ বেটেৰে ধুমুহা; ১৫৪ ৰান সংগ্ৰহ কৰি ইতিহাস সৃষ্টি

হাৰ্দিক পাণ্ডিয়া OUT; আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা নোৱাৰিব খেলিব

১৩ জুনত আৰম্ভ হ’বলগীয়া ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ পূর্বে টীম ইণ্ডিয়া এটা ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ বাহিৰ হ’ল তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া।

ভাৰত আৰু আফগানিস্তানৰ মাজত ১৩ জুনৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ পূৰ্বে টীম ইণ্ডিয়া এক ডাঙৰ বিপৰ্যয়ৰ সন্মুখিন হৈছে। তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আঘাতৰ বাবে সমগ্ৰ শৃংখলাটোৰ পৰা বাহিৰ হৈছে।

বিচিচিআইৰ চিকিৎসা আপডেট অনুসৰি, হাৰ্দিকৰ ‘ল’ -গ্ৰেড কুৱাড্ৰিচেপ্স ষ্ট্ৰেইন’ (low-grade quadriceps strain) হৈছে। এইটো উৰুৰ সন্মুখৰ ফালৰ মাংসপেশী টান খোৱা এবিধ আঘাত। চিকিৎসা কৰ্মচাৰীসকলে তেওঁ সুস্থ হ’বলৈ প্ৰায় তিনি সপ্তাহ সময় লাগিব বুলি জনাইছে। এনে পৰিস্থিতিত তেওঁ আফগানিস্তানৰ বিৰুদ্ধে হ’বলগীয়া তিনিওখন এদিনীয়া মেচতে উপলব্ধ নাথাকিব।

হাৰ্দিকৰ অনুপস্থিতি ভাৰতীয় দলৰ ভাৰসাম্যৰ বাবে এক ডাঙৰ মোক্ষম আঘাত হিচাপে গণ্য কৰা হৈছে। তেওঁ কেৱল মধ্যক্ৰমত বিস্ফোৰক বেটিং কৰাই নহয়, বৰঞ্চ নতুন বল আৰু মিডল অভাৰত উপযোগী দ্ৰুত বলিং কৰাৰ বিকল্পও প্ৰদান কৰে। তেওঁৰ অনুপস্থিতিত দল পৰিচালনা সমিতিয়ে অলৰাউণ্ডাৰ বিভাগত নতুন সংমিশ্ৰণৰ কথা চিন্তা কৰিবলগীয়া হ’ব পাৰে।

শুভমন গিলৰ অধিনায়কত্বত ভাৰতীয় দলে আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব। দলটোত ৰোহিত শৰ্মা, যশস্বী জয়ছৱাল, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল আৰু ইশান কিষাণৰ দৰে বেটছমেন অন্তৰ্ভুক্ত হৈ আছে। অলৰাউণ্ডাৰ বিভাগত নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষ ডুবেৰ ওপৰত অতিৰিক্ত দায়িত্ব আহিব পাৰে।

ভাৰত আৰু আফগানিস্তানৰ মাজত প্ৰথমখন এদিনীয়া মেচ ১৩ জুনত ধৰ্মশালাত খেলা হ’ব। ইয়াৰ পিছত দ্বিতীয়খন মেচ ১৭ জুনত লক্ষ্ণৌ আৰু তৃতীয় তথা অন্তিমখন এদিনীয়া মেচ ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব।

আহিবলগীয়া আন্তঃৰাষ্ট্ৰীয় খেলসমূহৰ প্ৰস্তুতিৰ দিশৰ পৰা আফগানিস্তান শৃংখলাটো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এনে অৱস্থাত হাৰ্দিক পাণ্ডিয়া দলৰ পৰা বাহিৰ হোৱাটো দল পৰিচালনা সমিতিৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।

লগতে পঢ়ক: ঋতুৰাজৰ বিস্ফোৰক শতক, ৰোমাঞ্চকৰ মেচত শ্ৰীলংকাক ধূলিস্যাৎ কৰিলে ভাৰতে

টিম ইণ্ডিয়াক আতিথ্য দিবলৈ অধীৰ বাংলাদেশ, অনিশ্চিত ২০২৭ৰ বিশ্বকাপৰ টিকট

ভাৰতীয় দলটোৱে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিব নে নকৰে সেয়া নিশ্চিত নহয়

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত হ’বলগীয়া আয়াৰলেণ্ড ভ্ৰমণ পিছুৱাই দিছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে । এই সময়ছোৱাত ভাৰতীয় ক্ৰিকেট দলটোক আতিথ্য দিয়াৰ পৰিকল্পনা কৰিছে ব’ৰ্ডে । বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ এজন বিষয়াৰ মতে, যেতিয়া ভাৰতৰ সৈতে শৃংখলা ২০২৫ চনৰ পৰা ২০২৬ চনৰ ছেপ্টেম্বৰলৈ স্থানান্তৰিত কৰা হৈছিল, তেতিয়া ক্ৰিকেট আয়াৰলেণ্ডক নতুন তাৰিখ দিবলৈ অনুৰোধ কৰা হৈছিল । আয়াৰলেণ্ড ক্ৰিকেট ব’ৰ্ডে ভ্ৰমণৰ সময়সীমা ২০২৬ লৈ পুনৰ নিৰ্ধাৰণ কৰাত অক্ষমতা প্ৰকাশ কৰে । ইয়াৰ পিছত দুয়োখন ব’ৰ্ডে পাৰস্পৰিকভাৱে শৃংখলাটো পিছুৱাই দিবলৈ সন্মত হয় । ২০২৭ চনৰ কোনোবা এটা সময়ত বাংলাদেশৰ আয়াৰলেণ্ড ভ্ৰমণ অনুষ্ঠিত হ’ব পাৰে ।

পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি ভাৰতীয় ক্ৰিকেট দলটোৱে চলিত বৰ্ষৰ ২৮ আগষ্টত বাংলাদেশত উপস্থিত হ’ব ! দলটোৱে ধাৰাবাহিকভাৱে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলিব । ১, ৩, আৰু ৬ ছেপ্টেম্বৰত এদিনীয়া মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৯, ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব টি-২০ মেচ ।

শেহতীয়াকৈ বাংলাদেশে ঘৰুৱা মাটিত এদিনীয়া শৃংখলাত পাকিস্তানক ২-১ ব্যৱধানত পৰাস্ত কৰিছিল । শৃংখলা জয়ৰ পাছতে বাংলাদেশে আই চি চিৰ এদিনীয়া ৰেংকিঙত নৱম স্থানলৈ উন্নীত হৈছে । দলটোৱে ৭৯ ৰেটিং পইণ্ট লাভ কৰি দশম স্থানত থকা ৱেষ্ট ইণ্ডিজতকৈ আগবাঢ়ি আছে । বাংলাদেশে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাত মনোনিৱেশ কৰিছে । পোনপটীয়াকৈ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ হ’লে বাংলাদেশে ২০২৭ চনৰ ৩১ মাৰ্চৰ ভিতৰত শীৰ্ষ আঠৰ ভিতৰত স্থান দখল কৰিব লাগিব । যদি দলটোৱে এই স্থান দখল কৰিব নোৱাৰে তেন্তে যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত খেলিব লাগিব ।

আয়াৰলেণ্ড ভ্ৰমণ পিছুৱাই দিয়াৰ পিছত বাংলাদেশে নিউজীলেণ্ড, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ লগতে দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱে ভ্ৰমণত খেলিব । বিগত দিনসমূহত বাংলাদেশ আৰু ভাৰতৰ মাজত সম্পর্কত কিছু জটিলতাই দেখা দিছে ৷ বাংলাদেশে ২০২৬ চনৰ টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ অহা নাছিল আৰু বিশ্বকাপ বৰ্জন কৰিছিল ।

অৱশ্যে ভাৰতীয় দলটোৱে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিব নে নকৰে সেয়া নিশ্চিত নহয় । যদি কোনো কাৰণত ভাৰতৰ ভ্ৰমণ পিছুৱাই দিয়া হয় তেন্তে অৰ্হতাৰ সময়সীমাৰ পূৰ্বে বাংলাদেশে সীমিত সংখ্যক এদিনীয়া মেচহে খেলিব, যাৰ ফলত বাংলাদেশৰ প্ৰত্যক্ষ বিশ্বকাপত প্ৰৱেশত বাধাৰ সৃষ্টি হ’ব পাৰে ।

লগতে পঢ়ক : বৰ্ষাপাৰাত আই পি এলৰ মহাৰণ, ৩০ মাৰ্চত ৰাজস্থান বমান চেন্নাইক লৈ ব্যাপক উৎসাহ

হাতত বিশ্বকাপৰ ট্ৰফী; জয় শ্বাহসহ খোজকাঢ়ি হনুমান মন্দিৰ পালেগৈ টীম ইণ্ডিয়া…

টি-২০ বিশ্বকাপ ২০২৬ জয় কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে অধিনায়ক সূৰ্য্যকুমাৰ যাদৱ, প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু আই চি চিৰ অধ্যক্ষ জয় শ্বাহে ট্ৰফী লৈ আহমেদাবাদৰ হনুমান টেকৰি মন্দিৰত উপস্থিত হয়।

আহমেদাবাদত ইতিহাস ৰচনা কৰি আই চি চি পুৰুষ টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰাৰ কিছু ঘণ্টাৰ পিছত ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু আই চি চিৰ অধ্যক্ষ জয় শ্বাহে হাতত ট্ৰফী লৈ আহমেদাবাদৰ হনুমান টেকৰি মন্দিৰত উপস্থিত হয়।

ইয়াত তেওঁলোকে হনুমানজীক দৰ্শন কৰি দলৰ ঐতিহাসিক জয়ৰ বাবে আশীৰ্বাদ বিচাৰে।ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে। দলটোৰ আটাইকেইজন সদস্যই খোজ কাঢ়ি গৈ হনুমান জীৰ আশিৰ্বাদ লয়।

ভাৰতীয় দলটোৱে ৮ মাৰ্চ দেওবাৰে ফাইনেলত নিউজিলেণ্ডক ৯৬ ৰানৰ বিপুল ব্যৱধানত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে।এই জয়ৰ লগতে ভাৰতে কেৱল খিতাপ অক্ষুণ্ণ ৰখাই নহয়, আয়োজক দেশ হিচাপে টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।

লগতে পঢ়ক: ইতিহাস সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰত;  পুনৰ খিতাপ জয়ৰ পৰা বঞ্চিত কিৱি বাহিনী

তৃতীয়বাৰৰ বাবে খিতাপ দখলৰ লক্ষ্য টিম ইণ্ডিয়াৰ, হেঙাৰ হ’ব পাৰে এই তিনিগৰাকী কিৱি তাৰকা

টিম ইণ্ডিয়া আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগা ফাইনেলৰ যুঁজৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট প্ৰেমীয়ে

আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচৰ বাবে সাজু ক্ৰিকেট অনুৰাগী । দেওবাৰে টিম ইণ্ডিয়া আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগা এই মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট প্ৰেমীয়ে । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব এই হাই ভল্টেজ মেচখন । ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে নিউজীলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

উল্লেখ্য যে, ২০২৩ চনৰ ১৯ ​​নৱেম্বৰত অষ্ট্ৰেলিয়াই এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰি, ঠিক এই মাটিতে  লাখ লাখ ভাৰতীয় অনুৰাগীৰ হৃদয় ভাঙিছিল । সেইদিনা অধিনায়ক ৰোহিত শৰ্মা আৰু সমগ্ৰ ভাৰতীয় দলটো গভীৰ হতাশ হৈ পৰিছিল আৰু প্ৰায় ৯৩ হাজাৰ দৰ্শকেৰে ভৰি থকা ষ্টেডিয়ামখন নিস্তব্ধ হৈ পৰিছিল । কিন্তু ভাৰতে ২০২৪ চনত টি-২০ বিশ্বকাপ জয় কৰি সেই যন্ত্ৰণা কিছু পৰিমাণে লাঘৱ কৰিছিল ।

এতিয়া সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টিম ইণ্ডিয়াই ইতিহাস ৰচনা কৰাৰ সুযোগ লাভ কৰিছে । এই ফাইনেলত যদি ভাৰতে জয়লাভ কৰে তেন্তে টি-২০ বিশ্বকাপৰ খিতাপ সফলতাৰে ৰক্ষা কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হ’ব । তদুপৰি যদি এই মেচত জয়লাভ কৰে তেন্তে ভাৰতে তৃতীয়বাৰৰ বাবে এই ট্ৰফী লাভ কৰিব । উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০০৭ আৰু ২০২৪ চনত ভাৰতে টি-২০ বিশ্বকাপ জয় কৰিছিল ।

ইফালে ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি নিউজীলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে । কিৱি দলত ফিন এলেন, গ্লেন ফিলিপছ, অধিনায়ক ছেণ্টনাৰৰ দৰে বিপদজনক খেলুৱৈ আছে, যিয়ে যিকোনো সময়তে মেচৰ গতিপথ সলনি কৰিব পাৰে ।

আনহাতে এই মেচখনত ভাৰতৰ সৰ্ববৃহৎ সম্পদ হ’ব পাৰে বেগী বলাৰ যশপ্ৰীত বুমৰাহ । তেওঁৰ চাৰিটা অভাৰে ফাইনেলৰ ফলাফল নিৰ্ণয় কৰিব পাৰে । ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধেও বুমৰাহে নিয়ন্ত্ৰিত বলিঙেৰে দলটোৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে অভিষেক শৰ্মা উৎকৃষ্ট ফৰ্মত আছিল যদিও বিশ্বকাপত তেওঁৰ প্ৰদৰ্শন আশানুৰূপ হোৱা নাই । যদিহে তেওঁ ফাইনেলত সুযোগ পায় তেন্তে নিউজীলেণ্ডৰ অফ স্পীনাৰ ক’ল মেককনচিয়ে তেওঁৰ বিৰুদ্ধে সোনকালে বলিং কৰিব পাৰে ।

আনহাতে ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়েও শেহতীয়া মেচসমূহত আশাপ্ৰদ প্ৰদৰ্শনত ব্যৰ্থ হৈছে । তেওঁৰ মিষ্ট্ৰী স্পীনে এতিয়া বেটছমেনসকলক শলঠেকত পেলাব পৰা নাই । গতিকে ফাইনেলত তেওঁৰ ঠাইত ভাৰতে কুলদীপ যাদৱক অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : আজি টি-২০ বিশ্বকাপৰ ফাইনেলৰ মহাৰণ, ইতিহাস সৃষ্টিৰ লক্ষ্যৰে কিৱিৰ বিৰুদ্ধে নামিব সূৰ্য বাহিনী

ধৰমশালাত আজি টীম ইণ্ডিয়া–দক্ষিণ আফ্রিকাৰ তৃতীয় টি–২০

আজি টীম ইণ্ডিয়া–দক্ষিণ আফ্রিকাৰ তৃতীয়খন টি-২০ মেচ । ধৰমশালাত শৃংখলাত প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে যুঁজিব সূৰ্য ব্ৰিগেডে ।

সম্প্রতি কঠিন সময় পাৰ কৰিছে ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলটোৰ অধিনায়ক শুভমন গিলে ৷ আলহী দল দক্ষিণ আফ্রিকাৰে খেলি থকা ৫খনীয়া টি–২০ মেচৰ শৃংখলাটোৰ ইতিমধ্যে হৈ যোৱা প্রথম দুখন মেচত সম্পূর্ণৰূপে ব্যর্থ হৈছে শুভমন গিল ৷ গিলৰ সমান্তৰালকৈ ব্যর্থ হৈছে টি–২০ দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱো ৷ দুয়োগৰাকী তাৰকা খেলুৱৈয়ে দীর্ঘদিন ধৰি অর্ধশতকৰ মুখ দেখা নাই ৷

শৃংখলাৰ আজি ধৰমশালাত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূর্ণ মেচখনত গিলৰ লগতে সূর্যকুমাৰ যাদৱেও নিজৰ ছন্দ ওভতাই পাব বুলি আত্মবিশ্বাসী দলীয় মেনেজমেণ্ট ৷ টি–২০ বিশ্বকাপলৈ দুমাহৰো কম সময় বাকী থকা অৱস্থাত গিল আৰু সূর্যকুমাৰৰ দুর্বল প্রদর্শনত চিন্তিত হৈ পৰিছে বিচিচিআই ৷ আজিৰ মেচখন দুয়োজন খেলুৱৈৰ বাবে অগ্নিপৰীক্ষাস্বৰূপ হৈ পৰিছে ৷ যদি আজি ধৰমশালাত উন্নত বেটিং প্রদর্শন দাঙি ধৰিব নোৱাৰে তেতিয়াহ’লে শৃংখলাৰ পৰৱর্তী মেচকেইখনত টীম ইণ্ডিয়াৰ মূল একাদশৰ পৰাও বাদ পৰাৰ সম্ভাৱনা আছে গিল আৰু সূর্যকুমাৰ ৷

ইপিনে, টীম ইণ্ডিয়াৰ বেটিং ক্রমৰ তিনি নম্বৰ স্থানটোক লৈ এতিয়াও সমস্যা আঁতৰা নাই ৷ ইতিমধ্যে কেইবাখনো মেচত তিনি নম্বৰ স্থানটোক লৈ পৰীক্ষা–নিৰীক্ষা চলাই থকা হৈছে যদিও এতিয়ালৈকে সুফল লাভ কৰা নাই ৷ নিউ চণ্ডীগড়ত সদ্য সমাপ্ত মেচখনত অক্ষৰ পেটেলক তৃতীয় স্থানত বেটিং কৰোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে দলীয় মেনেজমেণ্ট ৷ আনহাতে, গিল সম্পূর্ণৰূপে ব্যর্থ হোৱাৰ পিছতো সঞ্জু ছেমছনক মূল একাদশত অন্তর্ভুক্ত নকৰাক লৈও সমালোচনাৰ সন্মুখীন হৈছে নির্বাচক মণ্ডলী ৷ যদি আজিৰ মেচত গিলে আকর্ষণীয় ইনিংছ খেলিব নোৱাৰে তেতিয়াহ’লে পৰৱর্তী মেচত গিলৰ স্থানত সঞ্জু ছেমছনক ভাৰতীয় দলটোৰ মূল একাদশত অন্তর্ভুক্ত কৰাৰ পূর্ণ সম্ভাৱনা আছে ৷

আজিৰ মেচত জয়লাভ কৰি শৃংখলাটোত ২–১ত অগ্রগতি লোৱাৰ লক্ষ্য লৈছে ঘৰুৱা দল টীম ইণ্ডিয়াই ৷ আজিৰ মেচখন সন্দর্ভত ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰে কয় যে দ্বিতীয়খন মেচত আমি আশানুৰূপ প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছিলোঁ ৷ মোৰ লগতে দলটোৰ কেইবাগৰাকীও আগশাৰীৰ বেটাৰে নিজৰ ছন্দ অনুসাৰে খেলাত ব্যর্থ হৈছিল ৷ আশা ৰাখিছোঁ, এইখন মেচত মোৰ লগতে সতীর্থসকলেও উন্নত বেটিং প্রদর্শন দাঙি ধৰিব পাৰিব আৰু দলৰ জয়ত মুখ্য ভূমিকা ল’ব পাৰিব ৷ খেলৰ সময় : নিশা ৭ বজা ।

লগতে পঢ়ক : কোন হ’ব আই চি চিৰ ২০২৫ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ ? এইসকল খেলুৱৈৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন বিৰাট কোহলী

৪ বেটছমেন, ৩ অল-ৰাউণ্ডাৰ… দক্ষিণ আফ্ৰিকা টি-২০ ছিৰিজৰ বাবে টিম ইণ্ডিয়াৰ কম্বিনেচন কিমান শক্তিশালী ?

দক্ষিণ আফ্ৰিকা টি-২০ ছিৰিজৰ বাবে ঘোষণা হল টিম ইণ্ডিয়া । ৪ বেটছমেন, ৩ অল-ৰাউণ্ডাৰ আৰু দুজন স্পীনাৰক অন্তৰ্ভূক্ত কৰা হৈছে দলত ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । ৯ ডিচেম্বৰত কটকত আৰম্ভ হ’ব এই শৃংখলাৰ প্ৰথমখন মেচ ।

এছিয়া কাপৰ সময়ত আঘাতপ্ৰাপ্ত হাৰ্দিক পাণ্ডিয়া পুনৰ দললৈ ঘূৰি আহিছে । টিম ইণ্ডিয়াৰ সহ-অধিনায়ক শুভমন গিলো এই দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে । কলকাতা টেষ্টৰ সময়ত ডিঙিত পোৱা আঘাতৰ বাবে শুভমন সমগ্ৰ শৃংখলাৰ পৰা বাহিৰ হয় ।

বুধবাৰে (৩ ডিচেম্বৰ) ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰে টিম ইণ্ডিয়া । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলা খেলা টিম ইণ্ডিয়াৰ অংশস্বৰূপ নীতিশ কুমাৰ ৰেড্ডী আৰু ৰিংকু সিঙ দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে নিৰ্বাচিত নহ’ল ।

অৱশ্যে মন কৰিবলগীয়া যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত দলটোত ১৬ জন সদস্য আছিল । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে ১৪ জন সদস্যক নিৰ্বাচিত কৰা হৈছে । সামগ্ৰিকভাৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ দলৰ পৰা কেৱল ৰিংকু সিং আৰু নীতিশ ৰেড্ডীক বাহিৰ কৰা হৈছে ।

শুভমন গীল নিশ্চিতভাৱে দলটোত থাকিলেও তেওঁৰ অংশগ্ৰহণ বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা ফিটনেছ ক্লিয়াৰেন্সৰ ওপৰত নিৰ্ভৰশীল । গতিকে ফিটনেছ ক্লিয়াৰ হ’লেহে তেওঁ দলত খেলিব ।

দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ বাবে ঘোষিত টীম ইণ্ডিয়াত আছে চাৰিজন বেটছমেন, তিনিজন অল-ৰাউণ্ডাৰ, তিনিজন পেচাৰ, দুজন উইকেটকীপাৰ আৰু দুজন স্পীনাৰ । যদি গীলে ফিটনেছ প্ৰমাণত ব্যৰ্থ হয় তেন্তে অভিষেক শৰ্মাৰ সৈতে পুনৰবাৰ সঞ্জু চেমছনক অ’পেনিং কৰাৰ সুযোগ দিয়া হ’ব পাৰে ।

ইফালে ঋষভ পন্টো এই শৃংখলাৰ বাবে বিবেচিত নহ’ল । গতিকে অনুমান কৰিব পাৰি যে তেওঁ ২০২৬ চনৰ টি-২০ বিশ্বকাপত নাথাকিব । টি-২০ বিশ্বকাপৰ পূৰ্বে টিম ইণ্ডিয়াই বহু শৃংখলা খেলিব নোৱাৰিব । টি-২০ত পণ্টৰ দুৰ্বল অভিলেখৰ বাবেই তেওঁক বাদ পৰাৰ কাৰণ বুলি চৰ্চা চলিছে । যথেষ্ট দিন ধৰি পণ্ট টি-২০ চেটআপৰ অংশ হোৱা নাই । ২০২৪ চনৰ জুলাই মাহত শ্ৰীলংকাৰ বিৰুদ্ধে শেষবাৰৰ বাবে টি-২০ খেলিছিল তেওঁ । পণ্টে ৭৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত গড়ে ২৩.২৫ত ১২০৯ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ উপৰিও তেওঁৰ নামত ৪০টা কেচ আৰু ১১টা ষ্টাম্পিং আছে ।

দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ভাৰতীয় টি-২০ দলৰ সংমিশ্ৰণ-

৪ বেটছমেন : সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গীল (উপ-অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা ।

৩ অল-ৰাউণ্ডাৰঃ হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ ।

২ উইকেটকীপাৰঃ জিতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ)।

২ স্পীনাৰ : বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ ।

৩ পেচাৰ : হৰ্ষিত ৰানা, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে টীম ইণ্ডিয়া : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গীল (উপ-অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ), যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, ৱাশ্বিংটন সুন্দৰ ।

লগতে পঢ়ক : সূৰ্য ব্ৰিগেডৰ পৰা বাহিৰ হ’ল ৰিংকু সিং, নীতিশ; দক্ষিণ আফ্ৰিকা টি-২০ ছিৰিজৰ বাবে দল ঘোষণা

ৰায়পুৰত আজি দ্বিতীয় এদিনীয়া; শৃংখলা দখলৰ লক্ষ্যৰে নামিব আত্মবিশ্বাসী টীম ইণ্ডিয়া

তিনিখন মেচৰ শৃংখলা দখলৰ লক্ষ্যৰে আজি ৰায়পুৰত নামিব আত্মবিশ্বাসী টীম ইণ্ডিয়া

আজি ৰায়পুৰত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ শৃংখলাৰ দ্বিতীয়খন এদিনীয়া । ইতিমধ্যে ৰাঁচীত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত জয়লাভ কৰি শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰা আত্মবিশ্বাসী টীম ইণ্ডিয়াই শৃংখলা দখলৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব । অৱশ্যে ৰায়পুৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচৰ পূৰ্বে কেইবাটাও প্ৰশ্ন ৰৈ গৈছে । কোহলীৰ শতক আৰু ৰোহিত শৰ্মাৰ আগ্ৰাসী ৫৭ ৰানেৰে প্ৰথম এদিনীয়াত ভাৰতৰ জয় নিশ্চিত হ’ল যদিও দলৰ সংমিশ্ৰণক লৈ কিছু উদ্বেগ অব্যাহত আছে ।

ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব এই দ্বিতীয় এদিনীয়া । এই ষ্টেডিয়ামত মাত্ৰ এখন এদিনীয়া খেল অনুষ্ঠিত হৈছে । ২০২৩ চনৰ জানুৱাৰী মাহত নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈছিল এই মেচ । খেলখনত মহম্মদ ছামি আৰু ছিৰাজে প্ৰচণ্ড ছুইং আৰু ছিম মুভমেণ্টৰ সুযোগ লৈ কিৱি দলক ১০৮ ৰানত অল আউট কৰিছিল । ইয়াৰ পিছতে ৩০ অভাৰ বাকী থকা অৱস্থাত ভাৰতে ৮ উইকেটত জয়লাভ কৰে । ইয়াত শেষৰখন আন্তঃৰাষ্ট্ৰীয় মেচ ২০২৩ চনৰ ডিচেম্বৰ মাহত টি-২০ ফৰ্মেটত অনুষ্ঠিত হৈছিল, য’ত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক ২০ ৰাণত পৰাস্ত কৰিছিল ।

ইফালে আজিৰ দ্বিতীয়খন এদিনীয়াত ঋষভ পন্টৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনাক লৈ উৎফুল্লিত হৈ আছে অনুৰাগী । বৰ্তমান সময়ত দল পৰিচালনাই তেওঁক লৈ খৰখেদা কৰা নাই । অৱশ্যে আজি পন্টৰ প্ৰত্যাৱৰ্তনত সন্দেহৰো সৃষ্টি হৈছে ।

কি হ’ব ভাৰতৰ সাম্ভাব্য মূল একাদশ ?

প্ৰথমখন মেচত জয়লাভৰ পিছতো টীম ইণ্ডিয়াত এটা বা দুটা পৰিৱৰ্তন দেখা যাব পাৰে । আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ৰুতুৰাজ গাইকোৱাদ । তেওঁক চাৰি নম্বৰত বেটিঙৰ বাবে পঠোৱা হৈছিল যদিও সহজ নাছিল । ৱাশ্বিংটন সুন্দৰো বেটিং ক্ৰমৰ সঘনাই পৰিৱৰ্তনৰ সন্মুখীন হৈছে । প্ৰথমখন মেচত পাঁচ নম্বৰত আহিছিল যদিও দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হয় সুন্দৰ । লগতে তেওঁ মাত্ৰ তিনি অভাৰহে বলিং কৰে ।

ইয়াৰ বিপৰীতে কুলদীপ যাদৱে ৬৮ ৰান দি চাৰিটা উইকেট দখল কৰিছিল যদিও তেওঁৰ ভেৰাইটি ভাৰতৰ বাবে প্লাছ পইণ্ট । বেগী বলাৰসকলৰ ভিতৰত হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ আৰু অৰ্শদ্বীপ সিঙে খেলাটো প্ৰায় নিশ্চিত ।

ভাৰতৰ সম্ভাৱ্য মূল একাদশ-

ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, ৰুতুৰাজ গাইকোৱাদ, কে এল ৰাহুল (অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ, অৰ্শদীপ সিং ।

লগতে পঢ়ক : বিশ্ব চেম্পিয়ন ৩ মহিলা ক্ৰিকেটাৰলৈ ৰে’লৱেৰ বিশেষ উপহাৰ; লাভ কৰিব এইসমূহ সুবিধা