আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত টি-২০ বিশ্বকাপৰ ফাইনেলত ৯৬ ৰানত জয়লাভ কৰে টিম ইণ্ডিয়াই।এই মহান বিজয়ৰ জৰিয়তে টিম ইণ্ডিয়াই একেৰাহে তৃতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে।
আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ খিতাপ দখল কৰিলে টিম ইণ্ডিয়াই। দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত ভাৰতে ৯৬ ৰানত জয়লাভ কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰে।এই মেচখনত টছত জয়ী হোৱাৰ পাছত নিউজিলেণ্ডৰ দলটোৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিউজিলেণ্ডৰ দলটোৱে ১৫৯ ৰান সংগ্ৰহ কৰি পতন ঘটায়।
ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। লগতে প্ৰথমবাৰৰ বাবে আয়োজক দলে টি-২০ বিশ্বকাপৰ ট্ৰফী লাভ কৰিছে।একে সময়তে নিউজিলেণ্ডৰ দলটোৱে পুনৰবাৰ খিতাপ জয়ৰ পৰা বঞ্চিত হৈছে।
লগতে পঢ়ক: ঘোষণা হ’ল আই পি এল২০২৬ৰ উদ্বোধনী মেচ; এইটো দিনৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতা









