ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় এদিনীয়া কেতিয়া ? জানক মেচৰ সবিশেষ

ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় এদিনীয়া কেতিয়া ?

দুখন মেচৰ টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকাই টিম ইণ্ডিয়াক ক্লীন ছুইপ কৰিছিল যদিও এতিয়া এদিনীয়া শৃংখলাত ভাৰতীয় দলে উভতি ধৰিছে আলহী দলটোক । ভাৰতে জয়লাভেৰে এদিনীয়া শৃংখলাৰ আৰম্ভণি কৰিছে । তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল দেওবাৰে ৰাঁচীত অনুষ্ঠিত হয় । এই মেচখনত ভাৰতে ১৭ ৰাণত জয়লাভ কৰে । অৱশ্যে দুয়োটা দলে ৩০০ৰো অধিক ৰান সংগ্ৰহ কৰে ।

এই খেলখনত দুয়োটা দলে মুঠ ৬৮১ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ বিৰাট কোহলীয়ে শতক অৰ্জন কৰে । একে সময়তে কুলদীপ যাদৱে ৪টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ।

৩ ডিচেম্বৰ বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন এদিনীয়া মেচ । এই খেলখনৰ টছ দিনৰ ১ বজাত হ’ব । দিনৰ ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন । ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ চেনেলত টিভিৰ জৰিয়তে এই খেলখন চাব পাৰিব । একে সময়তে মোবাইলত দৰ্শকে জিঅ’হটষ্টাৰত এই মেচখন লাইভ চাব পাৰিব ।

পৰিৱৰ্তন হ’ব পাৰে দক্ষিণ আফ্ৰিকাৰ দলত-

দক্ষিণ আফ্ৰিকাৰ নিয়মীয়া অধিনায়ক টেম্বা বাভুমাই ৰাঁচীত প্ৰথমখন এদিনীয়াত খেলা নাছিল । বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া মেচখনত তেওঁ দললৈ ঘূৰি আহিব পাৰে । যদি টেম্বা দললৈ ঘূৰি আহে, তেন্তে ৰিয়ান ৰিকলটন বাহিৰ হ’ব পাৰে । এনেদৰে এইডেন মাৰ্ক্ৰাম আৰু কুইণ্টন ডি ককে দ্বিতীয়খন এদিনীয়াত অ’পেনিং কৰিব পাৰে । অধিনায়ক টেম্বা বাভুমাক তিনি নম্বৰত দেখা যাব পাৰে । প্ৰথমখন এদিনীয়াত ট্ৰিষ্টান ষ্টাবছে খেলা নাছিল যদিও দ্বিতীয়খন মেচতো তেওঁৰ মূল একাদশত স্থান লাভ কঠিন ।

কোনো পৰিৱৰ্তন নোহোৱাকৈ নামিব পাৰে টিম ইণ্ডিয়া-

প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ভাৰতে । এতিয়া টিম ইণ্ডিয়াই বিশাখাপট্টনমত খেলিব এই শৃংখলাৰ দ্বিতীয়খন মেচ । এই ছিৰিজত টিম ইণ্ডিয়াৰ অধিনায়ক কে এল ৰাহুল । দ্বিতীয় এদিনীয়াত মূল একাদশত কোনো ধৰণৰ পৰিৱৰ্তন নকৰাকৈয়ে খেলপথাৰত নামিব পাৰে ভাৰতীয় দল । এনে পৰিস্থিতিত ঋষভ পন্ট আৰু তিলক বাৰ্মা পুনৰ এবাৰ বঞ্চিত হ’ব পাৰে ।

লগতে পঢ়ক : টেষ্ট ক্ৰিকেটলৈ ঘূৰি অহাৰ উৰাবাতৰিক লৈ মুখ খুলিলে বিৰাট কোহলীয়ে

দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ বিপৰ্যয়; বাহিৰ হ’ল অধিনায়ক শুভমান গিল

দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ বিপৰ্যয়

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাত আৰম্ভ হ’ব।কিন্তু ইয়াৰ পূৰ্বে এটা ডাঙৰ খবৰ ওলাইছে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচৰ পৰা বাহিৰ হ’ল টিম ইণ্ডিয়াৰ অধিনায়ক শুভমান গিল।তেওঁৰ ঠাইত বিচিচিআই এ নতুন অধিনায়ক শীঘ্ৰে ঘোষণা কৰিব পাৰে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল টিম ইণ্ডিয়াৰ অধিনায়ক শুভমান গিল।ডিঙিত আঘাত পাইছিল খেলুৱৈ গৰাকীয়ে।এই কাৰণেই তেওঁ দ্বিতীয় ইনিংছত বেটিং কৰিবও পৰা নাছিল।

ইতিমধ্যে গিলে দ্বিতীয় টেষ্ট খেলিব নোৱাৰিব বুলি আশংকা কৰা হৈছিল যদিও এই কথা নিশ্চিত হোৱা নাই। কিন্তু খবৰ ওলাইছে যে বৃহস্পতিবাৰে বাকী ভাৰতীয় খেলুৱৈসকলে অনুশীলনৰ বাবে খেলপথাৰলৈ আহিছিল যদিও গিলে অনুশীলন কৰা নাছিল।তেতিয়াই স্পষ্ট হৈ পৰিল যে এতিয়া গিলৰ বাবে খেলাটো প্ৰায় অসম্ভৱ।

খেলুৱৈ গৰাকীয়ে দ্বিতীয়খন টেষ্ট খেলিব নোৱাৰাই নহয়, দলৰ পৰাও ৰিলিজ কৰি দিয়া হৈছে।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টৰ এদিন আগতে নিশ্চিত হৈছিল যে তেওঁ আৰু খেলিব নোৱাৰিব,সেইবাবেই তেওঁক যাবলৈ কোৱা হৈছে।

এতিয়া খেলুৱৈ গৰাকীয়ে যিমান সোনকালে পাৰে চিকিৎসকক লগ কৰি নিজৰ চিকিৎসা কৰিব।ইফালে বিচিচিআইয়ে নতুন অধিনায়ককো শীঘ্ৰে ঘোষণা কৰিব ।

ঋষভ পণ্টে পৰৱৰ্তী মেচত দলৰ অধিনায়ক হিচাপে কাম কৰাৰ সম্ভাৱনা আছে, কিয়নো তেওঁ বৰ্তমান ভাইচ অধিনায়ক হিচাপে আছে।

লগতে পঢ়ক: এদিনীয়া শৃংখলাত টিম ইণ্ডিয়াই কৰিব পাৰে ডাঙৰ পৰিৱৰ্তন; বাহিৰ হ’ব পাৰে হাৰ্দিক-বুমৰাহ

গুৱাহাটীত প্ৰথমবাৰলৈ টেষ্ট মেচ; উপস্থিত টীম ইণ্ডিয়া

গুৱাহাটীত প্ৰথমবাৰলৈ টেষ্ট মেচ

বুধবাৰে গুৱাহাটীত উপস্থিত হয় টীম ইণ্ডিয়া। বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয় টীমটোক।২২ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত অৱত্তীৰ্ণ হ’ব ঘৰুৱা দলটো।

টীম ইণ্ডিয়াৰ লগতে গুৱাহাটীত দক্ষিণ আফ্ৰিকাৰ দলটোও উপস্থিত হয়। আজি বিশেষ বিমানযোগে উপস্থিত হয় টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীলসহ তাৰকা খেলুৱৈসকল।

বিমানবন্দৰত জাদেজা, গীলক চাবলৈ অনুৰাগীয়ে ভীৰ কৰা দেখিবলৈ পোৱা গৈছে।উল্লেখ্য যে, ২২ নৱেম্বৰৰ পৰা গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব টেষ্ট মেচ।

লগতে পঢ়ক: গুৱাহাটী ভ্ৰমণ নিশ্চিত শুভমন গীলৰ… কিন্তু দ্বিতীয় টেষ্টত অংশগ্ৰহণত অনিশ্চয়তা

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা দখল টীম ইণ্ডিয়াৰ; জানক ডব্লিউ টি চি ৰেংকিঙৰ শেহতীয়া অৱস্থান

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা দখল টীম ইণ্ডিয়াৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা ২-০ ব্যৱধানত জয়লাভ কৰিছে টীম ইণ্ডিয়াই । দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত শুভমন গীল বাহিনীয়ে আলহী দলটোক ৭ উইকেটত পৰাস্ত কৰে । ইয়াৰ পূৰ্বে আহমেদাবাদত ভাৰতে ৱেষ্ট ইণ্ডিজক এক ইনিংছ আৰু ১৪০ ৰানত পৰাস্ত কৰিছিল । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২০২৭ চক্ৰত ভাৰতৰ এয়া প্ৰথমটো জয় ।

শীৰ্ষ দুটা স্থানত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা-

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে ডব্লিউ টি চি ২০২৫-২৭ চক্ৰত তিনিখন টেষ্ট খেলি তিনিওখন টেষ্টতে জয়লাভ কৰিছে । ৩৬ পইণ্ট আৰু ১০০ শতাংশ জয়েৰে অষ্ট্ৰেলিয়াই পইণ্ট তালিকাত আগবাঢ়ি আছে । দুখন টেষ্ট খেলা শ্ৰীলংকাই এখনত জয়ী আৰু এখন ড্ৰ’ হৈছে । শ্ৰীলংকাৰ ১৬ পইণ্ট যদিও জয়ৰ শতাংশ ৬৬.৬৭ । শ্ৰীলংকাৰ জয়ৰ শতাংশ অধিক হোৱাৰ বাবে ভাৰতৰ আগত আছে দলটো ।

তৃতীয় স্থানত টিম ইণ্ডিয়া-

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত তৃতীয় স্থানত আছে টীম ইণ্ডিয়া । এই চক্ৰত ভাৰতে ৭খন মেচ খেলিছে । চাৰিখনত জয়লাভ কৰাৰ বিপৰীতে দুখনত পৰাজয়ৰ সন্মুখীন হৈছে দলটো । এখন মেচ (ইংলেণ্ডৰ বিৰুদ্ধে) ড্ৰ’ হৈছিল । ৫২ পইণ্ট আৰু জয়ৰ শতাংশ ৬১.৯০ লাভ কৰি পইণ্ট তালিকাত তৃতীয় স্থানত আছে টীম ইণ্ডিয়া ।

ভাৰতৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলা ২-২ ব্যৱধানত ড্ৰ’ত সমাপ্ত কৰা ইংলেণ্ড চতুৰ্থ স্থানত আছে । ইংলেণ্ডে দুখনত জয়, দুখনত পৰাজয় আৰু এখনত ড্ৰ’ কৰিছে । ২৬ পইণ্ট আৰু জয়ৰ শতাংশ ৪৩.৩৩ৰ সৈতে ইংলেণ্ড চতুৰ্থ স্থানত আছে ।

ভাৰতৰ পৰৱৰ্তী টেষ্ট শৃংখলা-

নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব টিম ইণ্ডিয়াৰ পৰৱৰ্তী টেষ্ট শৃংখলা । দক্ষিণ আফ্ৰিকাই ভাৰত ভ্ৰমণ কৰি দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ খেলিব । ১৪ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগা প্ৰথমখন টেষ্টৰ জৰিয়তে টেষ্ট শৃংখলা আৰম্ভ হ’ব । ২২ নৱেম্বৰত অসমৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট ।

লগতে পঢ়ক : টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজক হোৱাইট ৱাশ্ব ভাৰতীয় দলৰ; দ্বিতীয় টেষ্টতো জয়লাভ

‘কোহলী অবিহনে টিম ইণ্ডিয়া গুলীবিহীন বন্দুকৰ দৰে’; অলি পোপেৰ ইতিকিং

অলি পোপেৰ ইতিকিং টীম ইণ্ডিয়াক

ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখন টেষ্টৰ ডাঙৰ শৃংখলা ২০২৫ চনৰ ২০ জুনৰ পৰা লিডছত আৰম্ভ হ’ব। মেচখনৰ পূর্বে ইংলেণ্ডৰ ভাইচ অধিনায়ক অলি পোপে ভাৰতীয় দলটোক মানসিক চাপ প্রদান কৰিবলৈ আৰম্ভ কৰিছে৷

তেওঁ কয় যে ভাৰতীয় দলত নিশ্চিতভাৱে যুৱ প্ৰতিভা আছে, কিন্তু এইবাৰ বিৰাট কোহলীৰ অনুপস্থিতিয়ে দলটোৰ আত্মবিশ্বাস আৰু খেলপথাৰত আক্ৰমণাত্মক শৈলী সীমিত কৰিব পাৰে।

শচীন-এণ্ডাৰছন ছিৰিজৰ পূৰ্বে অলি পোপে এক সাক্ষাৎকাৰত কৈছিল, ‘বৰ্তমানৰ ভাৰতীয় দলটো যুৱক আৰু তেওঁলোকৰ মাজত প্ৰতিভাৰ অভাৱ নাই।

তেওঁলোকৰ ডাঙৰ খেলুৱৈ আছে আৰু শুভমান গীল এজন ডাঙৰ অধিনায়ক, কিন্তু তেওঁ নিশ্চিতভাৱে বিৰাট কোহলী অনুপস্থিতি অনুভৱ কৰিব। স্লিপত থিয় হৈ কোহলীয়ে নিজৰ আক্ৰমণাত্মক আৰু হাস্যৰসময়ী শৈলীৰে এক বেলেগ পৰিৱেশৰ সৃষ্টি কৰে।

টেষ্ট ক্ৰিকেটত ইংৰাজী বেটিং শক্তিশালী কৰা পোপেও এই কথা কয় ভাৰতীয় দলটোত যদিও যুৱ প্ৰতিভাৰ অন্ত নাই আৰু খেলুৱৈসকল আত্মবিশ্বাসেৰে ভৰি আছে, কিন্তু ইংলেণ্ড দলৰ খেলুৱৈসকলো এই প্ৰত্যাহ্বানৰ বাবে সম্পূৰ্ণ সাজু।

সাক্ষাৎকাৰটোত আৰু অধিক কথা কোৱা অলি পোপে এই ধাৰাবাহিকখনক আগন্তুক এছেছৰ বাবে ইংলেণ্ডৰ প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি অভিহিত কৰে।

তেওঁ লগতে কয় যে, ‘ভাৰতৰ বিৰুদ্ধে এই টেষ্ট শৃংখলা খেলিবলৈ আমাৰ বাবে এটা সুন্দৰ সময়। যোৱা বছৰ আমি ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে মেচ খেলিছিলো, কিন্তু ভাৰতৰ দৰে দলৰ বিৰুদ্ধে খেলিলে আমাৰ প্ৰস্তুতি আৰু অধিক শক্তিশালী হ’ব।

এশেজও আহি আছে আৰু তাৰ আগতে এইটো এটা ডাঙৰ পৰীক্ষা হ’ব। ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতে নিৰ্বাচিত কৰিছে এটা যুৱ দল। ভাৰতৰ প্ৰবীণ খেলুৱৈ বিৰাট আৰু ৰোহিত শৰ্মা এইবাৰ দলৰ অংশ নহয়।

লগতে পঢ়ক: আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নাবাচিল এজনো যাত্ৰী; ৫ জন মেডিকেলৰ ছাত্ৰৰো মৃত্যু

ৰোহিত শৰ্মাৰ ওচৰত আছে ইতিহাস পুনৰাবৃত্তিৰ সুযোগ; ঘূৰি আহিব নেকি ২০১১ চনৰ কৃতিত্ব ?

ভাৰতীয় দলৰ বাবে এটা ভাল খবৰ আছে। প্ৰথমতে, টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত জয় লাভ কৰিছে। আনহাতে, অধিনায়ক ৰোহিত শৰ্মা ফৰ্মলৈ ঘূৰি আহিছে।

কটকত খেলা দ্বিতীয়খন এদিনীয়া খেলত ৰোহিত শৰ্মাই শতক অৰ্জন কৰি অসামান্য বেটিং প্ৰদৰ্শন আগবঢ়ায়। ইফালে, ইংলেণ্ডৰ বিৰুদ্ধে যোৱা এদিনীয়াত ৰোহিত শৰ্মাই ইতিহাসৰ পুনৰাবৃত্তি কৰাৰ সুযোগ পাইছে।

২০০৮ চনত আৰু পুনৰ ২০১১ চনত যি ঘটিছিল সেয়া ৰোহিত শৰ্মাই পুনৰ কৰিব পাৰে। কিন্তু তাৰ বাবে, বুধবাৰে সন্ধিয়া লৈ অপেক্ষা কৰিব লাগিব।
ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাৰ দুখন মেচ জিকিছে। চূড়ান্ত খেলখন ১২ ফেব্ৰুৱাৰীত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

যদি টীম ইণ্ডিয়াই এই মেচখন জিকিবলৈ সক্ষম হয়, তেন্তে ৰোহিত শৰ্মাই ২০১১ চনত এম এছ ধোনীৰ দলে যি কৰিছিল সেয়া প্ৰাপ্ত কৰিব পাৰিব। ২০১১ চনত, ভাৰতে পাঁচখন এদিনীয়া শৃংখলাত ঘৰুৱা খেলত ইংলিছ দলটোক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল।
ইয়াৰ পিছত, ভাৰত আৰু ইংলেণ্ডৰ মাজত ভাৰতত কেইবাখনো এদিনীয়া শৃংখলা অনুষ্ঠিত হৈছিল, কিন্তু ইংলেণ্ড কেতিয়াও সম্পূৰ্ণৰূপে পৰাজিত হোৱা নাছিল।

২০১১ চনত এক পৰাজয়ৰ পিছত, যেতিয়া ২০১৩ চনত ইংলেণ্ডৰ দলটো পুনৰ ভাৰতলৈ আহিছিল আৰু  ভাৰতে পাঁচখন এদিনীয়া শৃংখলা ৩-২ত জয় কৰিছিল।

২০১৭ চনত, যেতিয়া ভাৰত আৰু ইংলেণ্ডৰ মাজত পুনৰ তিনিখন এদিনীয়া খেলৰ শৃংখলা অনুষ্ঠিত হৈছিল।  তাত ভাৰতে দুখন মেচ জিকি শৃংখলাটো দখল কৰিছিল, কিন্তু ইংলেণ্ডে এখন মেচ জিকিছিল।

২০২১ চনত, ভাৰত আৰু ইংলেণ্ডৰ মাজত ভাৰতত তিনিখন এদিনীয়া খেলৰ এটা শৃংখলাও খেলা হৈছিল, য'ত ভাৰতে দুখন মেচ জিকিছিল আৰু ইংলেণ্ডে এখনত জিকিছিল।
এতিয়া টীম ইণ্ডিয়াই ইতিমধ্যে দুখন মেচ জিকি শৃংখলাটো জিকিছে, কিন্তু ইংৰাজসকল সম্পূৰ্ণৰূপে পৰাজিত হ'ব নে নহয় সেয়া আহমেদাবাদত নিৰ্ণয় কৰা হ'ব।

সাধাৰণতে, দলবোৰে শৃংখলাটো জয়কৰাৰ পিছত পৰীক্ষা কৰে, কিন্তু এইবাৰ এইটো যথেষ্ট কঠিন।প্ৰথম কথাটো হ'ল ৰোহিত শৰ্মাৰ ২০১১ চনৰ ইতিহাস পুনৰাবৃত্তি কৰাৰ সুযোগ আছে, আৰু দ্বিতীয় কথাটো হ'ল চেম্পিয়নছ ট্ৰফীৰ আগৰ এইখন অন্তিম খন খেল।

টীম ইণ্ডিয়াই বৰ্ধিত মনোবলৰ সৈতে আইচিচি টুৰ্ণামেণ্টত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব। আহমেদাবাদত কি হয় সেয়া চাবলৈ আকৰ্ষণীয় হ'ব।

টীম ইণ্ডিয়াৰ অনুৰাৰ বাবে বেয়া খবৰ; খেলৰ মাজতে হাস্পতাল পালেগৈ বুমৰাহ

টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট মেচ খেলি আছে। এই শৃংখলাৰ পঞ্চমখন টেষ্ট মেচখনৰ মাজতে ভাৰতীয় দল আৰু অনুৰাগীসকলৰ বাবে এটা বেয়া খবৰ আহিছে।

খেলখনত টীম ইণ্ডিয়াৰ শক্তিশালী স্থিতিত সময়তে হঠাতে খেলপথাৰ এৰিলে যশপ্ৰীত বুমৰাহে। তেওঁক খেলপথাৰৰ পৰা ওলাই যোৱা দেখি, প্ৰতিজন অনুৰাগীৰ হৃদস্পন্দন বাঢ়ি গৈছিল।

যশপ্ৰীত বুমৰাহ এই শৃংখলাটোৰ সময়ত টীম ইণ্ডিয়াৰ বাবে আটাইতকৈ সফল বলাৰ আছিল। বুমৰাহে খেলপথাৰ এৰি যোৱাৰ কিছুসময় পিছতে তেওঁক টীম ইণ্ডিয়াৰ চিকিৎসা কৰ্মীৰ সৈতে স্কেনৰ বাবে ষ্টেডিয়ামৰ বাহিৰলৈ যোৱা দেখা গৈছিল। ইয়াৰ এটা ভিডিঅ’ বাইৰেল হৈছে য’ত তেওঁক গাড়ীত বহি ওলাই যোৱা দেখা গৈছিল।

ভাৰতীয় তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ এই শৃংখলাটোৰ সময়ত উৎকৃষ্ট ফৰ্মত আছে। তেওঁৰ অধিনায়কত্বৰ পৰা বলিংলৈকে, দুয়োটাই চমৎকাৰ আছিল।

টীম ইণ্ডিয়াক এই সময়ত বুমৰাহৰ প্ৰয়োজন। এই শৃংখলাটোত বুমৰাহৰ প্ৰদৰ্শন আন সকলো খেলুৱৈতকৈ বহুত ভাল আছিল।তেওঁ এই শৃংখলাটোত মুঠ ৩২ টা উইকেট দখল কৰিছে। যিটো আটাইতকৈ বেছি।

কোনো অষ্ট্ৰেলিয়ান বলাৰে এনেধৰণৰ প্ৰদৰ্শন কৰা নাই। ইয়াৰ উপৰিও, বুমৰাহ এই খেলখনত টীম ইণ্ডিয়াৰ অধিনায়ক। এনে পৰিস্থিতিত, ই টীম ইণ্ডিয়াৰ বাবে ই এক মোক্ষম আঘাত।

মেলবৰ্ণ টেষ্টৰ মাজত আহিল দুখৰ খবৰ! হাতত ক’লা বেজ পৰিধান কৰি খেলপথাৰলৈ নামিল খেলুৱৈসকল

মেলবৰ্ণ টেষ্টৰ মাজতেই আহিছিল এটা বেয়া খবৰ।প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

তাৰ পিছতেই ভাৰতীয় ক্ৰিকেট দলটোৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ বক্সিং ডে টেষ্টৰ দ্বিতীয় দিনা টীম ইণ্ডিয়াৰ খেলুৱৈসকলে ক’লা বেজ পৰিধান কৰে।   

মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চতুৰ্থ টেষ্টৰ দ্বিতীয় দিনা টীম ইণ্ডিয়াই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবেই এই ক’লা বেজ পৰিধান কৰে খেলুৱৈ সকলে।

ড০ মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ একেৰাহে দুটা কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। বিচিচিআইয়ে এক বিবৃতিত কয়, “টীম ইণ্ডিয়াৰ খেলুৱৈসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্মৃতিত শোকৰ চিহ্ন হিচাপে হাতত ক’লা বেজ পৰিধান কৰিছে।

প্ৰখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙক ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ নেতৃত্ব দিয়াৰ বাবে কৃতিত্ব দিয়া হয়। ড০ মনমোহন সিঙৰ নীতিয়ে অৰ্থনৈতিক উদাৰীকৰণৰ সূচনা কৰে, যি পৰৱৰ্তী দশকবোৰত ভাৰতৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ ভেটি স্থাপন কৰে।

গাব্বা টেষ্টঃ ৮৯ ৰানত দ্বিতীয় ইনিংছ ঘোষণা অষ্ট্ৰেলিয়াৰ,  ভাৰতৰ সন্মুখত ২৭৫ ৰানৰ লক্ষ্য

আকৰ্ষণীয় হৈ পৰিছে ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টেষ্ট । গাব্বা টেষ্টৰ অন্তিম তথা পঞ্চমটো দিনত অষ্ট্ৰেলিয়াই ৭ উইকেটত ৮৯ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে । ইয়াৰ লগে লগে ৫৪ অভাৰত ২৭৫ ৰানৰ লক্ষ্য লাভ কৰিছে ভাৰতে । অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ভাৰতৰ যশপ্ৰীত বুমৰাহে বিধ্বংসী বলিঙেৰে ৩টা উইকেট দখল কৰাত সফল হয় । আকাশ দীপ আৰু মহম্মদ ছিৰাজেও শক্তিশালী বলিঙেৰে কংগেৰু বাহিনীৰ ২টাকৈ উইকেট দখল কৰে । অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্সে সৰ্বাধিক ২২ ৰান সংগ্ৰহ কৰে । গাব্বা টেষ্ট মেচত বুমৰাহে দুয়োটা ইনিংছতে মুঠ ৯টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ।

টছ হেৰুৱাই প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ভাৰতৰ প্ৰথম ইনিংছ ২৬০ ৰানত সমাপ্ত হয় । ইতিমধ্যে মেচখন ৰোমাঞ্চকৰ হৈ পৰিছে । আজি খেলৰ প্ৰায় ৫৬ অভাৰ বাকী আছে আৰু ভাৰতে জয়লাভ কৰিবলৈ ২৭৫ ৰান সংগ্ৰহ কৰিব লাগিব । এনে পৰিস্থিতিত টিম ইণ্ডিয়াৰ লক্ষ্য অনুসৰণ আকৰ্ষণীয় হ’ব । অৱশ্যে বৰষুণে খেলখনত বিঘিনি ঘটাব পাৰে । আজি মুষলধাৰ বৰষুণৰ আগজাননী দিয়া হৈছে ।

ভাৰতৰ দ্বিতীয় ইনিংছ আৰম্ভ-

ইতিমধ্যে ভাৰতৰ দ্বিতীয় ইনিংছ আৰম্ভ হৈছে । বৰ্তমান যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল ক্ৰীজত আছে । অষ্ট্ৰেলিয়াৰ হৈ বলিঙৰ আৰম্ভণি কৰে মিচেল ষ্টাৰ্কে । অষ্ট্ৰেলিয়াত মাত্ৰ তিনিজন বেগী বলাৰ আছে । ষ্টাৰ্ক আৰু কামিন্সৰ উপৰিও দলটোত আছে মিচেল মাৰ্ছ । ইতিমধ্যে আঘাতৰ বাবে এই টেষ্টৰ পৰা বাহিৰ হৈছে হেজলউড । ইতিমধ্যে চাহ বিৰতিৰ সময়লৈকে ভাৰতে ২.১ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ  ৮ ৰাণ সংগ্ৰহ কৰিছে । কে এল ৰাহুল আৰু যশস্বী জয়ছোৱাল দুয়োজনেই ৪ ৰানকৈ সংগ্ৰহ কৰি ক্ৰীজত অপৰাজিত হৈ আছে ।