দ্বিতীয়খন টেষ্ট মেছৰ পূৰ্বে টীম ইণ্ডিয়াৰ বিপৰ্যয়; বাহিৰ হ’ল অধিনায়ক শুভমান গিল

দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ বিপৰ্যয়; বাহিৰ হ’ল অধিনায়ক শুভমান গিল

দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ বিপৰ্যয় ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাত আৰম্ভ হ’ব।কিন্তু ইয়াৰ পূৰ্বে এটা ডাঙৰ খবৰ ওলাইছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচৰ পৰা বাহিৰ হ’ল টিম ইণ্ডিয়াৰ অধিনায়ক শুভমান গিল।তেওঁৰ ঠাইত বিচিচিআই এ

দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ বিপৰ্যয়

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাত আৰম্ভ হ’ব।কিন্তু ইয়াৰ পূৰ্বে এটা ডাঙৰ খবৰ ওলাইছে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচৰ পৰা বাহিৰ হ’ল টিম ইণ্ডিয়াৰ অধিনায়ক শুভমান গিল।তেওঁৰ ঠাইত বিচিচিআই এ নতুন অধিনায়ক শীঘ্ৰে ঘোষণা কৰিব পাৰে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল টিম ইণ্ডিয়াৰ অধিনায়ক শুভমান গিল।ডিঙিত আঘাত পাইছিল খেলুৱৈ গৰাকীয়ে।এই কাৰণেই তেওঁ দ্বিতীয় ইনিংছত বেটিং কৰিবও পৰা নাছিল।

ইতিমধ্যে গিলে দ্বিতীয় টেষ্ট খেলিব নোৱাৰিব বুলি আশংকা কৰা হৈছিল যদিও এই কথা নিশ্চিত হোৱা নাই। কিন্তু খবৰ ওলাইছে যে বৃহস্পতিবাৰে বাকী ভাৰতীয় খেলুৱৈসকলে অনুশীলনৰ বাবে খেলপথাৰলৈ আহিছিল যদিও গিলে অনুশীলন কৰা নাছিল।তেতিয়াই স্পষ্ট হৈ পৰিল যে এতিয়া গিলৰ বাবে খেলাটো প্ৰায় অসম্ভৱ।

খেলুৱৈ গৰাকীয়ে দ্বিতীয়খন টেষ্ট খেলিব নোৱাৰাই নহয়, দলৰ পৰাও ৰিলিজ কৰি দিয়া হৈছে।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টৰ এদিন আগতে নিশ্চিত হৈছিল যে তেওঁ আৰু খেলিব নোৱাৰিব,সেইবাবেই তেওঁক যাবলৈ কোৱা হৈছে।

এতিয়া খেলুৱৈ গৰাকীয়ে যিমান সোনকালে পাৰে চিকিৎসকক লগ কৰি নিজৰ চিকিৎসা কৰিব।ইফালে বিচিচিআইয়ে নতুন অধিনায়ককো শীঘ্ৰে ঘোষণা কৰিব ।

ঋষভ পণ্টে পৰৱৰ্তী মেচত দলৰ অধিনায়ক হিচাপে কাম কৰাৰ সম্ভাৱনা আছে, কিয়নো তেওঁ বৰ্তমান ভাইচ অধিনায়ক হিচাপে আছে।

লগতে পঢ়ক: এদিনীয়া শৃংখলাত টিম ইণ্ডিয়াই কৰিব পাৰে ডাঙৰ পৰিৱৰ্তন; বাহিৰ হ’ব পাৰে হাৰ্দিক-বুমৰাহ