টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিব নেকি বিৰাট কোহলী ?
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচীৰ এদিনীয়া খেলত বিৰাট কোহলীৰ বেটে দুৰ্দান্ত প্ৰদৰ্শন কৰে।কোহলীয়ে ১১টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ১২০টা বলত ১৩৫ ৰান সংগ্ৰহ কৰে।
কোহলীৰ শতক বলত ভাৰতীয় দলটোৱে ৮ উইকেটত ৩৪৯ ৰান সংগ্ৰহ কৰে।ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৩৩২ ৰান সংগ্ৰহ কৰি থমকি ৰয় আৰু ১৭ ৰানত টিম ইণ্ডিয়াই জয়লাভ কৰে।
বিৰাট কোহলীয়ে মেচৰ পিছত সেই উৰাবাতৰিৰ অন্ত পেলাইছে,য’ত দাবী কৰা হৈছিল যে তেওঁ পুনৰ টেষ্ট ক্ৰিকেট খেলিব।
শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে ০-২ ত ক্লিন ছুইপৰ সন্মুখীন হ’বলগীয়া হৈছিল,ইয়াৰ পিছত এই আলোচনা তীব্ৰতৰ হৈ পৰিল।
কোহলীয়ে দৃঢ়তাৰে কয় যে তেওঁ ভাৰতৰ হৈ মাত্ৰ এটা ফৰ্মেটত খেলি আছে।কোহলীয়ে লগতে কয় যে যেতিয়াই তেওঁ খেলে তেতিয়াই তেওঁ নিজৰ সাধ্য অনুসৰি দিবলৈ চেষ্টা কৰে।
উপস্থাপন অনুষ্ঠানৰ সময়ত কোহলীয়ে কয়, ‘আজি এনেদৰে খেলখনত আহি মোৰ বৰ ভাল লাগিল।আৰম্ভণিতে ২০-২৫ অভাৰৰ বাবে খেলপথাৰখন যথেষ্ট ভাল আছিল,ইয়াৰ পিছত অলপ লেহেমীয়া হ’ল’।
‘মই ভাবিলোঁ খেলপথাৰলৈ গৈ বলটো মাৰিব লাগে,আন কথাবোৰ বেছিকৈ চিন্তা কৰা উচিত নহয়। বলটো মোৰ ফালে আহি আছিল আৰু মই খেলখন উপভোগ কৰি আছিলো’।
‘যেতিয়া আপুনি আৰম্ভণি পায় আৰু আপুনি ছেট হয়,তেতিয়া জানিব পাৰে যে ইমান বছৰে আপুনি কি কৰিলে। বহু বছৰৰ অভিজ্ঞতা কামত আহে আৰু পৰিস্থিতি বুজি আপোনাৰ ইনিংছ আগুৱাই লৈ যায়।’
ক্ৰিকেটাৰ গৰাকীয়ে লগতে কয় যে,’মই বেছি অনুশীলন কৰাত বিশ্বাস নকৰো।মোৰ খেল সদায় মানসিক।মই প্ৰতিদিনে শাৰীৰিকভাৱে কঠোৰ পৰিশ্ৰম কৰো।যিটো এতিয়া মোৰ ক্ৰিকেটতকৈ বেছি জীৱনশৈলী হৈ পৰিছে’।
‘যেতিয়ালৈকে মোৰ ফিটনেছ, মানসিক তীক্ষ্ণতা আৰু খেলৰ আনন্দ থাকিব,মই জানো মই সাজু হৈছো।যেতিয়া আপুনি খেলখন কল্পনা কৰিব পাৰিব,আপুনি নিজকে কঠোৰভাৱে দৌৰি থকা আৰু বলৰ প্ৰতি দ্ৰুত প্ৰতিক্ৰিয়া কৰা দেখিব পাৰে, গতিকে আপুনি জানে সকলো ঠিকেই আছে।মানে যিদিনা খেল আৰম্ভ হ’ব আৰু আপুনি আৰম্ভণি পাব, সেইদিনা আপুনি কিছু ৰান কৰিব পাৰিব।’
লগতে পঢ়ক: পুনৰ টেষ্ট ক্ৰিকেটলৈ আহিব নেকি বিৰাট কোহলী? BCCI এ দিলে উত্তৰ









