পুনৰ টেষ্ট ক্ৰিকেটলৈ আহিব নেকি বিৰাট কোহলী? BCCI এ দিলে উত্তৰ

পুনৰ টেষ্ট ক্ৰিকেটলৈ আহিব নেকি বিৰাট কোহলী? BCCI এ দিলে উত্তৰ

পুনৰ টেষ্ট ক্ৰিকেটলৈ আহিব নেকি বিৰাট কোহলী? দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে০-২ ত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । টেষ্ট শৃংখলাত এই পৰাজয়ৰ পিছত এইটো বাতৰি ওলাইছে যে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড(BCCI )এ বিৰাট কোহলীক টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিবলৈ আলোচনা কৰিব পাৰে।

পুনৰ টেষ্ট ক্ৰিকেটলৈ আহিব নেকি বিৰাট কোহলী?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে০-২ ত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

টেষ্ট শৃংখলাত এই পৰাজয়ৰ পিছত এইটো বাতৰি ওলাইছে যে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড(BCCI )এ বিৰাট কোহলীক টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিবলৈ আলোচনা কৰিব পাৰে। চলিত বৰ্ষৰ ১২ মে’ত কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল।

এতিয়া টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক লৈ এটা ডাঙৰ বক্তব্য দিছে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই।

তেওঁ কয় যে, বিৰাটৰ বিষয়ে যিবোৰ কথা ওলাই আছে,সেইবাৰ সকলো উৰাবাতৰি। এই সন্দৰ্ভত কোহলীৰ লগত কোনো আলোচনা হোৱা নাই।উৰাবাতৰিৰ ওপৰত নিৰ্ভৰ নকৰিব। এনেকুৱা একো হোৱা নাই।

বিৰাট কোহলীয়ে ২০১১ চনৰ জুন মাহত কিংষ্টনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটিছিল।প্ৰথম ইনিংছত ৪ ৰান আৰু দ্বিতীয় ইনিংছত ১৫ ৰান সংগ্ৰহ কৰিছিল।

প্ৰাৰম্ভিক বিফলতাৰ পিছত কোহলীয়ে টেষ্টত যিদৰে নিজকে প্ৰতিষ্ঠা কৰিলে, সেইটো ভাৰতীয় ক্ৰিকেটৰ ইতিহাসৰ অন্যতম ডাঙৰ কাহিনী হৈ পৰিল।

লগতে পঢ়ক: ঘোষণা কৰা হ’ল WPL ৰ সূচী; উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছ-ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত সংঘৰ্ষ