গুৱাহাটী ভ্ৰমণ নিশ্চিত শুভমন গীলৰ
টিম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীলৰ গুৱাহাটী ভ্ৰমণ নিশ্চিত হৈছে । এই তথ্য প্ৰকাশ পাইছে বিচিচিআইৰ শেহতীয়া আপডেটত । অৱশ্যে ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনত তেওঁ খেলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কলকাতা টেষ্টৰ দ্বিতীয় দিনা ডিঙিত আঘাত পোৱাত গীলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁক চিকিৎসাক কৰি পৰ্যবেক্ষণত ৰখা হৈছিল আৰু পিছদিনা তেওঁক ডিচচাৰ্জ দিয়া হৈছিল ।
বিচিচিআইৰ চিকিৎসা দলৰ মতে, শুভমন গীলে চিকিৎসাৰ ক্ষেত্ৰত ভাল সঁহাৰি দিছে । ১৯ নৱেম্বৰত গীল দলৰ সৈতে গুৱাহাটীলৈ আহিব বুলি সিদ্ধান্ত লোৱা হৈছে । কিন্তু তেওঁৰ আঘাতৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰা হ’ব আৰু চিকিৎসা দলৰ প্ৰতিবেদনৰ ভিত্তিত দ্বিতীয়খন টেষ্টত অংশগ্ৰহণৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ।
এতিয়া যদি গীল গুৱাহাটী টেষ্টৰ বাবে ফিট নহয়, তেন্তে তেওঁৰ ঠাইত দায়িত্ব ল’ব ঋষভ পণ্টে । গীলৰ ৪ নং স্থানত খেলিব পাৰে ছাই সুদৰ্শন বা দেৱদত্ত পাডিক্কালে । ইফালে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই শৃংখলা জয়ৰ বাবে অন্ততঃ ড্ৰ’ৰ ওপৰত চকু ৰাখিব ।
লগতে পঢ়ক : শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়দানৰ প্ৰভাৱ ? ভাৰত-বাংলাদেশ শৃংখলাক লৈ বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত !









