শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়দানৰ প্ৰভাৱ ? ভাৰত-বাংলাদেশ শৃংখলাক লৈ বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত !

শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়দানৰ প্ৰভাৱ ? ভাৰত-বাংলাদেশ শৃংখলাক লৈ বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত !

শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়দানৰ প্ৰভাৱ! অহা মাহৰ ভাৰত বনাম বাংলাদেশৰ শৃংখলা পিছুৱাই দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে । প্ৰকাশিত এক বাতৰি অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই শৃংখলাৰ সময় পুনৰ নিৰ্ধাৰণ কৰাৰ চেষ্টা চলাইছে । ভাৰত আৰু বাংলাদেশৰ ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে এই শৃংখলা

শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়দানৰ প্ৰভাৱ!

অহা মাহৰ ভাৰত বনাম বাংলাদেশৰ শৃংখলা পিছুৱাই দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে । প্ৰকাশিত এক বাতৰি অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই শৃংখলাৰ সময় পুনৰ নিৰ্ধাৰণ কৰাৰ চেষ্টা চলাইছে । ভাৰত আৰু বাংলাদেশৰ ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে এই শৃংখলা পিছুৱাই দিয়া হৈছে বুলি কোৱা হৈছে । যোৱা সোমবাৰে আদালতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে । খবৰ ওলাইছে যে এই শাস্তি প্ৰদানৰ সিদ্ধান্তই ভাৰত-বাংলাদেশ শৃংখলাতো প্ৰভাৱ পেলাব পাৰে ।

আইচিচিৰ ফিউচাৰ্ছ ট্যুৰছ প্ৰগ্ৰেমৰ অংশ হিচাপে ভাৰত আৰু বাংলাদেশৰ মহিলা ক্ৰিকেট দলে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলাৰ কথা আছিল । কলকাতা আৰু কটকত অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছিল এই মেচ ।

শে্হতীয়াকৈ জানিব পৰা মতে  ডিচেম্বৰ মাহত বিকল্প ধাৰাবাহিক আয়োজন কৰাৰ চেষ্টা কৰিব পাৰে বিচিচিআইয়ে । বাংলাদেশৰ বিৰুদ্ধে এই শৃংখলাটো ২০২৫ চনৰ মহিলা বিশ্বকাপ জয় কৰাৰ পাছত ভাৰতৰ প্ৰথমখন শৃংখলা হোৱাৰ কথা আছিল ।

ভাৰত আৰু বাংলাদেশৰ ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাৰ বাবেই এই শৃংখলা পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বুলি অনুমান কৰা হৈছে । অৱশ্যে এতিয়ালৈকে এই কথা নিশ্চিত হোৱা নাই । উল্লেখ্য যে শ্বেখ হাছিনা অপসাৰিত হোৱাৰ পাছত বাংলাদেশ এৰি ভাৰতত আশ্ৰয় লৈ আছে ।

উল্লেখ্য যে এইবাৰ বিচিচিআইয়ে বাংলাদেশৰ সৈতে পুৰুষ দলৰ শৃংখলা ২০২৬ চনৰ ছেপ্টেম্বৰলৈ পিছুৱাই দিছিল ।

লগতে পঢ়ক : গুৱাহাটীলৈ নাহে শুভমন গীল! দ্বিতীয় টেষ্টত খেলাক লৈ সংশয়