ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় এদিনীয়া কেতিয়া ? জানক মেচৰ সবিশেষ

ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় এদিনীয়া কেতিয়া ? জানক মেচৰ সবিশেষ

ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় এদিনীয়া কেতিয়া ? দুখন মেচৰ টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকাই টিম ইণ্ডিয়াক ক্লীন ছুইপ কৰিছিল যদিও এতিয়া এদিনীয়া শৃংখলাত ভাৰতীয় দলে উভতি ধৰিছে আলহী দলটোক । ভাৰতে জয়লাভেৰে এদিনীয়া শৃংখলাৰ আৰম্ভণি কৰিছে । তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল দেওবাৰে ৰাঁচীত অনুষ্ঠিত হয়

ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় এদিনীয়া কেতিয়া ?

দুখন মেচৰ টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকাই টিম ইণ্ডিয়াক ক্লীন ছুইপ কৰিছিল যদিও এতিয়া এদিনীয়া শৃংখলাত ভাৰতীয় দলে উভতি ধৰিছে আলহী দলটোক । ভাৰতে জয়লাভেৰে এদিনীয়া শৃংখলাৰ আৰম্ভণি কৰিছে । তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল দেওবাৰে ৰাঁচীত অনুষ্ঠিত হয় । এই মেচখনত ভাৰতে ১৭ ৰাণত জয়লাভ কৰে । অৱশ্যে দুয়োটা দলে ৩০০ৰো অধিক ৰান সংগ্ৰহ কৰে ।

এই খেলখনত দুয়োটা দলে মুঠ ৬৮১ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ বিৰাট কোহলীয়ে শতক অৰ্জন কৰে । একে সময়তে কুলদীপ যাদৱে ৪টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ।

৩ ডিচেম্বৰ বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন এদিনীয়া মেচ । এই খেলখনৰ টছ দিনৰ ১ বজাত হ’ব । দিনৰ ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন । ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ চেনেলত টিভিৰ জৰিয়তে এই খেলখন চাব পাৰিব । একে সময়তে মোবাইলত দৰ্শকে জিঅ’হটষ্টাৰত এই মেচখন লাইভ চাব পাৰিব ।

পৰিৱৰ্তন হ’ব পাৰে দক্ষিণ আফ্ৰিকাৰ দলত-

দক্ষিণ আফ্ৰিকাৰ নিয়মীয়া অধিনায়ক টেম্বা বাভুমাই ৰাঁচীত প্ৰথমখন এদিনীয়াত খেলা নাছিল । বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া মেচখনত তেওঁ দললৈ ঘূৰি আহিব পাৰে । যদি টেম্বা দললৈ ঘূৰি আহে, তেন্তে ৰিয়ান ৰিকলটন বাহিৰ হ’ব পাৰে । এনেদৰে এইডেন মাৰ্ক্ৰাম আৰু কুইণ্টন ডি ককে দ্বিতীয়খন এদিনীয়াত অ’পেনিং কৰিব পাৰে । অধিনায়ক টেম্বা বাভুমাক তিনি নম্বৰত দেখা যাব পাৰে । প্ৰথমখন এদিনীয়াত ট্ৰিষ্টান ষ্টাবছে খেলা নাছিল যদিও দ্বিতীয়খন মেচতো তেওঁৰ মূল একাদশত স্থান লাভ কঠিন ।

কোনো পৰিৱৰ্তন নোহোৱাকৈ নামিব পাৰে টিম ইণ্ডিয়া-

প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ভাৰতে । এতিয়া টিম ইণ্ডিয়াই বিশাখাপট্টনমত খেলিব এই শৃংখলাৰ দ্বিতীয়খন মেচ । এই ছিৰিজত টিম ইণ্ডিয়াৰ অধিনায়ক কে এল ৰাহুল । দ্বিতীয় এদিনীয়াত মূল একাদশত কোনো ধৰণৰ পৰিৱৰ্তন নকৰাকৈয়ে খেলপথাৰত নামিব পাৰে ভাৰতীয় দল । এনে পৰিস্থিতিত ঋষভ পন্ট আৰু তিলক বাৰ্মা পুনৰ এবাৰ বঞ্চিত হ’ব পাৰে ।

লগতে পঢ়ক : টেষ্ট ক্ৰিকেটলৈ ঘূৰি অহাৰ উৰাবাতৰিক লৈ মুখ খুলিলে বিৰাট কোহলীয়ে

শেহতীয়া প্ৰৱন্ধসমূহ