টি-২০ বিশ্বকাপ ২০২৬ জয় কৰাৰ পিছত হাৰ্দিক পাণ্ডিয়াই কয় তেওঁ আৰু ১০টা খিতাপ জয় কৰাৰ লক্ষ্য লৈছে। যেতিয়াৰ পৰা প্ৰেমিকা মাহিকা তেওঁৰ জীৱনলৈ আহিছে তেতিয়াৰ পৰা সকলোবোৰ সহজ হৈ পৰিছে।
টি-২০ বিশ্বকাপ ২০২৬ জয় কৰাৰ পিছত ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই কয় যে তেওঁ নিজৰ কেৰিয়াৰত আৰু ১০টা ট্ৰফী লাভ কৰিব বিচাৰিছে।
হাৰ্দিকে কয় যে তেওঁ এতিয়ালৈকে তিনিটা আইচিচি ট্ৰফী লাভ কৰিছে আৰু অহা ১০ বছৰত আইচিচি আৰু আইপিএল দুয়োটাকে ধৰি আৰু ১০টা খিতাপ জয় কৰাৰ লক্ষ্য লৈছে।ইয়াৰ মাজতে তেওঁ প্ৰেমিকা মাহিকাৰ কথাও উল্লেখ কৰে।

দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত জয়লাভ কৰাৰ পিছত ভাৰতীয় দলৰ এই অল-ৰাউণ্ডাৰজনে কয় যে তেওঁৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য হৈছে ট্ৰফী জয় কৰা।
খেলুৱৈ গৰাকীয়ে কয় যে,’এইটোৱেই সেইটো জয় যাৰ বাবে মই সদায় জীয়াই আহিছো।এই কাৰণেই মই ক্ৰিকেট খেলো।মই ট্ৰফী জিকিব বিচাৰো।যিমান ট্ৰফী জয় কৰিব পাৰো, সিমানেই ভাল।আনকি ২০২৪ চনতো মই কৈছিলোঁ যে মই যি ট্ৰফীৰ বাবে খেলিম, আৰু তাত জয় হমেই।আৰু তাৰ বাবে মোৰ বিশ্বাস আছে।এই ট্ৰফীটোৱেই তাৰ নিশ্চয়তা।’

হাৰ্দিক পাণ্ডিয়াই আৰু কয়- সফলতা কেৱল শব্দৰেই নহয় কঠোৰ পৰিশ্ৰমৰ কৰিব লাগিব।কঠোৰ পৰিশ্ৰম কৰক, শান্ত হৈ থাকক আৰু এজন ভাল মানুহ হওক।যেতিয়াৰ পৰা মাহিকা মোৰ জীৱনলৈ আহিছে,তেতিয়াৰে পৰা মই কেৱল জয় কৰি আছো। মাহিকা অহাৰ পিছত মোৰ জীৱনৰ কথাবোৰ সহজ হৈ পৰিছে।তাই মোক বহুত সমৰ্থন কৰে আৰু মোক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে।
হাৰ্দিক পাণ্ডিয়াই লগতে কয় যে, এতিয়া যদিও মই ছিনিয়ৰ, যদিও এইটো শুনি ভাল লাগে কিন্তু মই মোৰ নিজৰ কেৰিয়াৰ মাত্ৰ আধা অংশ হে খেলিছো বাকী এতিয়াও ১০ বছৰ ক্ৰিকেট বাকী আছে।
লগতে পঢ়ক: ‘ধুৰন্ধৰ ২’ৰ বাবে অপেক্ষা কৰিছে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবে; কৰিলে প্ৰশংসা









